আকাংক্ষা অসম
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
প্ৰতিষ্ঠাপক | অৰূপ ঠাকুৰীয়া |
---|---|
প্ৰকাৰ | ধৰ্মাৰ্থ ন্যাস (Charitable trust) |
প্ৰতিষ্ঠা | ২০১৬ |
স্থান | মিৰ্জা, গুৱাহাটী, ভাৰত |
মুখ্য ব্যক্তি | যুগল দাস |
পৰিবেশনৰ ঠাই | অসম |
লক্ষ্য | শিশু অধিকাৰ |
পদ্ধতি | শিক্ষা |
ম'ট' | এক আশাৰ কিৰণ |
আকাংক্ষা অসম শিশুৰ অধিকাৰৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। ২০১৬ চনত পোন প্ৰথমে গুৱাহাটীৰ মিৰ্জাত কেইজনমান যুৱক-যুৱতীয়ে শিশুৰ অধিকাৰৰ বাবে কাম কৰিবলৈ স্থাপন কৰিছিল। শিশুসকলৰ লগত সংঘটিত বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিষ্ঠানটোৱে কাম কৰি আহিছে । শিশু শ্ৰমিক, শিশুৰ স্বাস্থ্য, আৰু শিশুৰ শিক্ষা এই প্ৰতিষ্ঠানটোৰ প্ৰথম উদ্দেশ্য।
বৰ্তমান সময়ত শিশু উত্পীড়ন শিশুসকলৰ অধিকাৰ খৰ্ব কৰাৰ আন এক ব্যাধি৷ বিশেষকৈ শিশুসকল শাৰীৰিক, মানসিক, যৌন উৎপীড়ন, অৱহেলা, শোষণ আদিৰ সন্মুখীন হ’ব লগা হয়। এই শিশুসকলৰ প্ৰাথমিক শিক্ষা, সুস্বাস্থ্য আৰু আন শিশুসকলৰ সমঅধিকাৰৰ হকে আকাংক্ষা অসমে কাম কৰি আছে।