কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়।[1] অসমৰ স্থানবিশেষে আকাশ বন্তি পদূলিমুৰতো লগোৱা হয়। ইকৰা, নল, বা কুমলীয়া বাঁহৰ সৰু পাবেৰে আকাশ বন্তি সাজিব পাৰি। ছটুকুৰা সৰু ইকৰা বা নলৰ পাব লৈ ৰছীৰে সিঁ এটা পিৰামিড আকৃতিৰ গঠন সাজি লোৱা হয়। এই গঠনৰ তলৰফালে ওলোটা পিৰামিড আকৃতিৰ আন এক গঠন সজা হয়। ঔটেঙাৰ বখল বা মাটি চাকি দুয়োটা পিৰামিডৰ মাজৰ সমতল অংশত বা তলৰ ওলোটা পিৰামিডৰ শংকু অঞ্চলত ৰাখিব পাৰি। সাধাৰণতে এইদৰেই এই আকাশবন্তি সজা হয় আৰু ইয়াক পদূলিমূৰত ওখকৈ আঁৰি দিয়া হয়। মাজুলীৰ আউনীআটী সত্ৰত কাতিমাহত সমগ্ৰ মাহ ধৰি আকাশ বন্তি প্ৰজ্বলন কৰা হয়।
| আউনীআটী সত্ৰত আকাশ বন্তি প্ৰজ্বলনৰ বাবে সাজি লোৱা বিশেষ ব্যৱস্থা
|
| কাতি বিহুৰ দিনা ঘৰৰ পদূলিমুৰত লগোৱা আকাশ বন্তি
|
| সাজি ৰখা আকাশ বন্তি
|
|