উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ
চমু  নাম নেছাক
নীতিবাক্য মানৱজাতিৰ সেৱাত মহাকাশ প্ৰযুক্তি
প্ৰতিষ্ঠা ৫ ছেপ্টেম্বৰ ২০০০ (2000-09-05) (২৩ বছৰ পূৰ্বে)
প্ৰধান  কাৰ্যালয় উমিয়াম, মেঘালয়, ভাৰত
Administrator ড° এছ পি আগৰৱাল, সঞ্চালক
ৱেবছাইট www.nesac.gov.in

উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ হৈছে ভাৰত চৰকাৰৰ মহাকাশ বিভাগ আৰু উত্তৰ-পূব পৰিষদৰ যৌথ উদ্যোগত ২০০০ চনৰ ছেপ্টেম্বৰ মাহত মেঘালয়ৰ উমিয়ামত স্থাপন কৰা এটা আঞ্চলিক মহাকাশ কেন্দ্ৰ। উত্তৰ-পূবৰ ৰাজ্যসমূহত উন্মোচিত প্ৰাকৃতিক খনিজ পদাৰ্থসমূহ আৱিষ্কাৰৰ বাবে দূৰ সংবেদন প্ৰযুক্তিৰ ব্যৱহাৰ ক্ষিপ্ৰ কৰিবলৈ, আৰু মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সামগ্ৰিক বিকাশৰ বাবে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে।[1]

ইতিহাস[সম্পাদনা কৰক]

মহাকাশ বিভাগ আৰু উত্তৰ পূব পৰিষদৰ যৌথ উদ্যোগত ২০০০ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ মেঘালয় ৰাজ্যৰ শ্বিলঙত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ স্থাপন কৰা হৈছিল। ৰাজ্য চৰকাৰে এই কেন্দ্ৰটোক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে।[2]

লক্ষ্য[সম্পাদনা কৰক]

নেছাকৰ উদ্দেশ্য হৈছে দূৰ সংবেদন প্ৰযুক্তি ব্যৱহাৰ কৰি অঞ্চলটোত থকা প্ৰাকৃতিক সম্পদসমূহৰ সন্ধান আৰু ব্যৱহাৰ কৰা, উত্তৰ-পূবৰ ৰাজ্যসমূহক উপগ্ৰহ সেৱাৰ সুবিধা প্ৰদান কৰা, আৰু অঞ্চলটোৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা কৰি অঞ্চলটোৰ মহাকাশ প্ৰযুক্তিৰ গৱেষণাক প্ৰসাৰ কৰা।[3][4]

কাৰ্যক্ৰম[সম্পাদনা কৰক]

বৰ্তমান এই কেন্দ্ৰটোৱে দূৰ সংবেদন আৰু ভৌগোলিক তথ্য ব্যৱস্থা, এটা উপগ্ৰহ যোগাযোগ কাৰ্যসূচী আৰু মহাকাশ বিজ্ঞান গৱেষণা কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

আঁচনি[সম্পাদনা কৰক]

কেন্দ্ৰটোৱে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ ভূমিৰ মানচিত্ৰ নিৰ্মাণৰ বাবে ১:৫০,০০০ স্কেলত প্ৰকল্প গ্ৰহণ কৰিছে, আৰু বন্যভূমি আৰু জলাশয়ৰ নিৰীক্ষণৰ কাম হাতত লৈছে। ই বানপানীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা অঞ্চলসমূহৰ বাবে "বানপানীৰ আগতীয়া সতৰ্কবাণী ব্যৱস্থা" (বা চমুকৈ FLEWS) প্ৰস্তুত কৰিছিল।[5] ইয়াৰ উপৰিও নেছাকে মেঘালয় আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহৰ বিষয়ে তথ্য আগবঢ়াবলৈ স্পৰ্শ ইনপুট ভিত্তিক তথ্য প্ৰদৰ্শনী ডিছপ্লে' বিকাশ কৰিছিল।[6][7]

সা-সুবিধা[সম্পাদনা কৰক]

এই কেন্দ্ৰটোত এৰডাছ, জিঅ’মেটিকা, ই কগনিচন, ই এছ আৰ আই আৰ্ক জিআইএছ, আদি আধুনিক জি আই এছ চফটৱেৰ আছে। ইয়াৰ সঁজুলিসমূহৰ ভিতৰত আছে:

  • ডিজিটেল ফটোগ্ৰামেট্ৰি ৱৰ্ক ষ্টেচন
  • A0 আকাৰৰ ৰঙীন স্কেনাৰ
  • উচ্চমানৰ প্ৰিন্টাৰ আৰু প্লটাৰ
  • লেইকা ডিফাৰেন্সিয়েল গ্লোবেল পজিচনিং চিষ্টেম (DGPS)
  • দৃশ্যমান ব্যাখ্যাৰ সুবিধা
  • স্পেক্ট্ৰ'ৰেডিঅ'মিটাৰ
  • অতিবেঙুনীয়া ৰশ্মি-দৃশ্যমান স্পেক্ট্ৰ’-ফ’ট’মিটাৰ, ফ্লেম ফটোমিটাৰ
  • ইকো-চাউণ্ডাৰ
  • প্লেণ্ট কেন'পি ইমেজাৰ[8]

বিত্ত[সম্পাদনা কৰক]

কেন্দ্ৰটোৰ বাবে যোগান ধৰা পুঁজি ভাৰত চৰকাৰ আৰু উত্তৰ-পূব পৰিষদৰ মাজত ৫০:৫০ অনুপাতত ভাগ কৰা হৈছে। ২০১২–১৩ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৮ কোটি টকা আবন্টন কৰিছিল।[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "North East Space Applications Centre". SP News Agency. 2012-12-20. http://spnewsagency.com/north-east-space-applications-centre/। আহৰণ কৰা হৈছে: 2013-02-14. 
  2. "Meghalaya Government Declares North Eastern Space Application Centre Permanent Complex, Umiam As 'Protected Area'". US Fed News Service – via HighBeam Research (গ্ৰাহকভুক্তি প্ৰয়োজনীয়) . Archived from the original on 2016-03-01. https://web.archive.org/web/20160301113937/https://www.highbeam.com/doc/1P3-2052337871.html। আহৰণ কৰা হৈছে: 2013-02-05. 
  3. "Establishment of North Eastern Space Application Centre (NE-SAC)". North-Eastern Council. Archived from the original on 10 April 2009. https://web.archive.org/web/20090410023511/http://necouncil.nic.in/index3.asp?sslid=72&subsublinkid=153। আহৰণ কৰা হৈছে: 2017-10-17. 
  4. "Ushering In Ne Development Through Space Technology". Hindustan Times – via HighBeam Research (গ্ৰাহকভুক্তি প্ৰয়োজনীয়) . Archived from the original on 2016-04-09. https://web.archive.org/web/20160409233826/https://www.highbeam.com/doc/1P3-1016805131.html। আহৰণ কৰা হৈছে: 2013-02-05. 
  5. "North Eastern-Space Applications Centre (NE-SAC)". isro.org. Archived from the original on 21 January 2012. https://web.archive.org/web/20120121060646/http://www.isro.gov.in/newsletters/contents/spaceindia/oct2010-mar2011/article6.htm। আহৰণ কৰা হৈছে: 2017-10-17. 
  6. "DoNER Minister launches Space Based Information Kiosk on North Eastern Region, India". Kangla Online. http://kanglaonline.com/2012/06/doner-minister-launches-space-based-information-kiosk-north-eastern-region-india/। আহৰণ কৰা হৈছে: 2013-02-05. 
  7. "Mizoram Remote Sensing Application Centre oganises workshop on SIS-DP". mizonews.net. http://www.mizonews.net/mizoramnews/mizoram-remote-sensing-application-centre-oganises-workshop-on-sis-dp/। আহৰণ কৰা হৈছে: 2013-02-05. 
  8. "RS & GIS Facilities at NESAC". nesac.gov.in. http://www.nesac.gov.in/RSGIS_Lab.htm। আহৰণ কৰা হৈছে: 2013-02-04. 
  9. "North East Space Applications Centre". Press Information Bureau. 2012-12-06. http://pib.nic.in/newsite/PrintRelease.aspx?relid=90067। আহৰণ কৰা হৈছে: 2013-02-14.