এনাফাইলেক্সিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এনফাইলেক্সিছ
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

এলাৰ্জেনৰ প্ৰতিক্ৰিয়াৰ ফলত ল'ৰাজনে চকুদুটা মেলিব নোৱাৰা হোৱা এক অৱস্থা
আই.চি.ডি.-10 T78.2
আই.চি.ডি.-9 995.0
ডিজিজেছ ডে'টাবে'ছ 29153
মেডলাইন প্লাছ 000844
ইমেডিচিন med/128
MeSH D000707

এনাফাইলেক্সিছ (ইংৰাজী: Anaphylaxis) এক গুৰুতৰ এলাৰ্জিৰ প্ৰতিক্ৰিয়া যি হঠাতে আৰম্ভ হৈ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। ইয়াৰ ফলত অনেক লক্ষণ যেনে হাত-ভৰি, মুখমণ্ডল ফুলি উঠা, ছালৰ খজুৱতি, শ্বাস-প্ৰশ্বাস কষ্টকৰ হৈ উঠা, ৰক্ত চাপ কমি যোৱা আদি দেখা দিয়ে। সাধাৰণতে কোনো পোক-পতংগৰ দংশন/কামোৰ, খাদ্য বা ঔষধৰ প্ৰতিক্ৰিয়াৰ ফলত এই ৰোগৰ সৃষ্টি হয়।

চিকিৎসাৰ ক্ষেত্ৰত উদ্ভৱ হ'ব পৰা বিভিন্ন সংকটজনক পৰিস্থিতিৰ ভিতৰত এনাফাইলেক্সিছ বা অতিসংবেদনশীলতা অন্যতম। আমাৰ শৰীৰৰ বাবে আচহুৱা কিবা দ্ৰব্য বা পৰিস্থিতিৰ সংস্পৰ্শলৈ আহিলে শৰীৰৰ প্ৰতিৰোধ তন্ত্ৰই (immune system) একপ্ৰকাৰৰ প্ৰতিৰোধী প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। বিছাই ডাকিলে বা বৰলে কামুৰিলে ছাল উখহি ৰঙা পৰি ডবলা-ডবল হোৱা এই প্ৰতিক্ৰিয়াৰে চিনাকি উদাহৰণ। বিভিন্ন বস্তুৰ প্ৰতি ব্যাক্তিবিশেষৰ এলাৰ্জি থকাটোও এই প্ৰতিক্ৰিয়াৰে উদাহৰণ। এনাফাইলেক্সিছ হৈছে এনেধৰণৰ প্ৰতিৰোধী প্ৰক্ৰিয়াৰ চৰম পৰ্যায়।

গোটেই পৃথিৱীত ০.০৫-২% লোক জীৱনৰ কোনো সময়ত এনাফাইলেক্সিছৰ দ্বাৰা আক্ৰান্ত হয়। আৰু এই সংখাটো ক্ৰমাগত ভাৱে বৃদ্ধি পাই আহিছে। এই শব্দটো গ্ৰীক শব্দ ἀνά এনা বিৰুদ্ধে আৰু φύλαξις ফাইলেক্সিছ সুৰক্ষাৰ পৰা আহিছে।

কাৰণ[সম্পাদনা কৰক]

যিকোনো মানুহৰে কোনো বস্তুলৈ এলাৰ্জি থাকিব পাৰে যদিও কিছুমান মানুহৰ এলাৰ্জি প্ৰৱণতা বেছি আৰু সোনকালে আক্ৰান্ত হয়। এলাৰ্জিৰ কাৰণো অসংখ্য। ফুলৰ ৰেণুৰ দৰে প্ৰাকৃতিক দ্ৰব্যৰ পৰা আৰম্ভ কৰি জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়ালৈ এলাৰ্জিৰ কাৰণ হ'ব পাৰে। এই ধৰণৰ কাৰকবোৰক এলাৰ্জেন (allergen) বোলা হয়।

যেতিয়া কোনো এলাৰ্জেন শৰীৰত প্ৰৱেশ কৰে বা তেনে ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পৰা দ্ৰব্য শৰীৰত সুমুৱাই দিয়া হয়, তেতিয়া সেই দ্ৰৱ্য বিধে শৰীৰত থকা প্ৰটিনৰ লগত লগ হৈ এবিধ দ্ৰৱ্য-প্ৰ্টিন যৌগৰ সৃষ্টি কৰে। এই যৌগটোৱে শৰীৰৰ প্ৰতিৰোধী তন্ত্ৰক সংবেদিত কৰি এক শৃংখলাবদ্ধ প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটায়। এই প্ৰতিক্ৰিয়াৰ পৰিণতিত শৰীৰৰ বিভিন্ন স্থানত থকা বেছ'ফিল (basophil) আৰু মাষ্ট ছেল (mast cell) নামৰ কোষবোৰ উত্তেজিত কৰে। সময়ত এই কোষবোৰ ভাঙি-ছিঙি গৈ তাত থকা হিষ্টামিন (histamine), প্ৰ্ষ্টাগ্লেনডিন (prostaglandin), লিউকট্ৰিন (leukotrine), আদি দ্ৰৱ্য বোৰ নিসৃত হয়। এই দ্ৰৱ্যবোৰৰ ভিতৰত হিষ্টামিনেই হৈছে এনাফাইলেক্সিছৰ মূল পৰিঘটক। মাষ্ট কোষবোৰ সমগ্ৰ শৰীৰতে সিঁচৰতি হৈ থাকে আৰু প্ৰতিক্ৰিয়া শৰীৰৰ কোনো বিশেষ স্থানত হৈছেনে গোটেই শৰীৰত হৈছে তাক শৰীৰৰ উত্তেজিত হোৱা অংশই নিৰ্ণয় কৰে। যদি কোনো বিশেষ স্থানত হৈছে (যেনে ছালৰ খজুৱতি), তেন্তে তাক সহজে নিয়ন্ত্ৰণ কৰিব পাৰি, যদি গোটেই শৰীৰ ব্যাপি হয়, তেন্তে পৰিণাম অত্যন্ত ভয়াবহ হ'ব পাৰে গোটেই শৰীৰ ব্যাপি হ'লে ইয়াক তন্ত্ৰ এনাফাইলেক্সিছ (systematic anaphylaxis) বোলে।

লক্ষণ আৰু প্ৰতিক্ৰিয়া[সম্পাদনা কৰক]

মাষ্ট কোষবোৰ ধ্বংসৰ ফলত নিসৃত বিভিন্ন জৈৱ ৰাসায়নিক দ্ৰৱ্যবোৰ শৰীৰৰ বিভিন্ন অংশত বিভিন্ন ধৰণে ক্ৰিয়া কৰে: ৰক্তবাহী নলিকাবোৰৰ নিঃসৰণ গুণ (permeability) বৃদ্ধি পায় আৰু সেইবোৰ ফুলি উঠে, শৰীৰত পানী বেছিকৈ জমা হৈ যায়। ফলস্বৰূপে ভৰি-হাত, মুখমণ্ডল আদি ফুলি উঠে আৰু ছালৰ খজুঅৱতি হয়। তদুপৰি স্বৰতন্ত্ৰতো (larynx) তেনে ধৰণে পানী জমা হৈ মাত ভাঙি যায়, স্বৰতন্ত্ৰৰ মাজেৰে হাওঁফাওঁলৈ বায়ু চলাচলত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি উশাহ লোৱাত কষ্টৰ সৃষ্টি কৰে। শৰীৰৰ বিভিন্ন স্থানৰ সূক্ষ্ম মাংসপেশীবোৰো (smooth muscles) এই জৈৱ ৰাসায়নিক দ্ৰৱ্যবোৰৰ প্ৰভাৱত সংকুচিত হৈ পৰে আৰু পৰিণতিত বিভিন্ন উপসৰ্গৰ প্ৰতিফলন ঘটে: শ্বাসনলীবোৰ সংকুচিত হৈ শ্বাস-প্ৰশ্বাস কষ্টকৰ হৈ উঠে; খাদ্যতন্ত্ৰত ক্ৰিয়া কৰি বমিভাৱ, বমি, পেটৰ কামোৰণি আদিৰ উদ্ভৱ কৰে; তদুপৰি শৰীৰৰ ৰক্তচাপ কমি আহিবলৈ লয়; হৃদস্পন্দন দুৰ্বল হৈ পৰে আৰু অৱস্থা অতি বেয়ালৈ গ'লে লাহে লাহে হাওঁফাওঁ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়াই অচল হৈ পৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • প্ৰান্তিক, ১-১৫ জুন, ২০১৪ সংখ্যাত প্ৰকাশিত ডা° অৰ্চনা ডেকাৰ এনাছথেছিয়া আৰু এনাফাইলেক্সিছ প্ৰবন্ধ। পৃষ্ঠা ৩৬।