কমিক্‌ছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কমিক্‌চ বা কমিক্‌ছ (ইংৰাজী: Comics; মূল গ্ৰীক ভাষা κωμικός, kōmikos "কমেডিৰ লগত জড়িত", মূল শব্দ κῶμος - kōmos "revel, komos",[1] via the Latin cōmicus) মূলত: ছবি আৰু লেখাৰ এটা সংকৰ মাধ্যম। এই ছবিবোৰ এটা ক্ৰমত সজোৱা হয় যাতে ই ক'বলগীয়াখিনি পাঠকৰ আগত উপস্থাপন কৰিব পাৰে। ছবিয়েই কমিক্‌চৰ মূল উপাদান। লিখিত উপাদান অবিহনেও কমিক্‌চ হ'ব পাৰে। সাধাৰণতে লিখিত অংশই ছবিৰ কথাক প্ৰাঞ্জলকৈ ডাঙি ধৰে। কেতিয়াবা অৱশ্যে লিখিত অংশই নতুন মন্তব্যও দাঙি ধৰিব পাৰে। [2] প্ৰথম অৱস্থাত ঘাইকৈ এই মাধ্যমত ঘাইলৈ ধেমেলীয়া কথা উপস্থাপন কৰা হৈছিল বাবেই ইয়াক কমিক্‌চ বোলা হৈছিল। সেই সময়ত ইয়াৰ বাহিৰেও আন ধেমেলীয়া ক্ষেত্ৰতো কমিক্‌চ শব্দটো ব্যৱহাৰ কৰা হৈছিল। কমিক্‌চ মূলত: ক্ৰমাগত ভাৱে সজ্জিত ছবি। ছবি আৰু লিখা দু্য়োটাই থাকিলেও ছবিৰ প্ৰাধান্য লিখা অংশতকৈ বেছি। ছবি থকা কিতাপ (Picture Book) আৰু কমিক্‌চৰ মাজত পাৰ্থক্য মূলত: ছবিৰ ক্ৰমৰ বিন্যাসত। কিছুমানৰ মতে কমিক্‌চৰ সংজ্ঞা তাৰ সামাজিক দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে।[3].

ইতিহাস[সম্পাদনা কৰক]

চালুকীয়া অৱস্থা[সম্পাদনা কৰক]

ট্ৰাজান স্তম্ভত ক্ৰমত সজোৱা ছবি
In Lucas Cranach the Elder's "Adam and Eve" একেখন ছবিতে বাইবেলৰ বিভিন্ন কাহিনীৰ প্ৰকাশ: সম্মুখত, প্ৰথম দম্পতীক পাপৰ বাবে ভগৱাবে তিৰস্কাৰ কৰিছে; পাছফালে, আডামৰ ৰাজহাড়ৰপৰা ঈভক সজা হৈছে আৰু তেওঁলোকক নিষিদ্ধ ফল খাবলৈ প্ৰৰোচিত কৰাৰ দৃশ্য; বাওঁফালে স্বৰ্গৰপৰা বহিষ্কাৰৰ দৃশ্য।

এটা কলা মাধ্যম হিচাবে কমিক্‌চে পৰিপূৰ্ণতা লাভ কৰে উনৈছ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত। চলচ্চিত্ৰ আৰু এনিমেছন-ৰ লগত কমিক্‌চৰ বিকাশ হয়। এই তিনিওটা মাধ্যমেই দৃশ্য আৰু লেখন/শব্দ-ৰ সংকৰ। আৰু তিনিওটা মাধ্যমৰ বিকাশ প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগত জড়িত। বাতৰিকাকত আৰু আলোচনী-ৰ বহুল প্ৰচাৰ হোৱাৰ পাছতহে কমিক্‌চে জনপ্ৰিয়তা লাভ কৰে যদিও ছবিক এটা ক্ৰমত সজ্জিত কৰি কাহিনী কোৱাৰ প্ৰচেষ্টা বহু আগৰপৰাই কৰি থকা হৈছে।

ৰোমান আমোলৰ (১১৩ খ্ৰীষ্টাব্দ) ট্ৰাজান স্তম্ভত ক্ৰমাগত ছবি দেখা যায়। ইয়াৰ বাহিৰেই মিছৰীয় হিয়েৰ'গ্লিফ, মধ্যযুগৰ দীঘল ছবি আৰু কিছুমান ছপা গ্ৰন্থতো এই প্ৰচেষ্টা লোৱা দেখা যায়। মধ্য যুগৰ কিছুমান ছবিটো একখন পটতে কেবাটাও ঘটনাৰ চিত্ৰণ দেখা যায়। (কাষৰ ছবি চাওক)

অৱশ্যে এনে ছবি দৰ্শক বা পঢ়ুৱৈৰ হাতত গৈ পৰা নাছিল। ছপাশাল প্ৰযুক্তিৰ বিকাশৰ পাছতহে এই মাধ্যমৰ বহুল প্ৰচলন হোৱাটো সম্ভৱ হৈছিল৷[4][5] [6]

১৫-দশ শতিকা আৰু ১৮-দশ শতিকাৰ ছপা-প্ৰযুক্তিৰ বিকাশ[সম্পাদনা কৰক]

Last image in উইলিয়াম হ'গাৰ্থA Rake's Progress

ছপাশাল উদ্ভাৱনৰ পাছতো ছবি ছপা কৰা প্ৰযুক্তিৰ বিকাশ হ'বলৈ কিছু সময় লাগিছিল। কাৰণ আখৰ আৰু ছবি দুয়োটাক বেলেগ বেলেগ পদ্ধতিৰে ছপা কৰা হৈছিল। প্ৰথমৰ ছবিবোৰ ঘাইকৈ আছিল ধৰ্মৰ লগত জড়িত। পাছলৈ ১৭ আৰু ১৮ শতিকাত ৰাজনৈতিক আৰু সামাজিক অৱস্থাৰ কথা লৈ ছবি ছপা কৰা হৈছিল। বহুল প্ৰচাৰিত এই ছবিবোৰ আছিল হাস্য ৰস উদ্ৰককাৰী প্ৰহসনমূলক। এই সময়তে ছবিৰ লগত কথাৰ গোলক (speech bubble) দিয়াও আৰম্ভ হয়।

উলিয়াম হ'গাৰ্থক কমিক্‌চ শিল্পৰ লগত জড়িত প্ৰথম ব্যক্তি বুলি জনা যায়। তেখেতে প্ৰনয়ন কৰা A Rake's Progress, আঠখন কেনভাছৰ এটা ক্ৰমত এটা এটা কাহিনী কোৱা হৈছিল। প্ৰতিখন কেনভাছেই বেলেগে বেলেগে ছপা কৰি উলিওৱা হৈছিল। ছপা-প্ৰযুক্তিৰ বহুত বিকাশৰ ফলত বাতৰি-কাকত আৰু আলোচনীৰ প্ৰসাৰ বাঢ়ে। এই বিলাকত ৰাজনৈতিক আৰু সামাজিক অৱস্থা বৰ্ণনা কৰিবলৈ এনে ছবিৰ প্ৰয়োগ কৰা হৈছিল। ১৮৪০ চনত এনে ছবিক কাৰ্টুন বুলি কোৱা হয়। পাছলৈ শিল্পীসকলে এটা ক্ৰমৰ কেইবাখনো ছবি আঁকি এটা কাহিনী ব্যক্ত কৰাৰ নতুন নতুন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে।

French Liberty. British Slavery, জেমছ গিলৰে প্ৰণিত ১৭৯২ চনৰ ফঁৰাছী বিপ্লৱক ভেঙুচালি কৰি অঁকা কেৰিকেঁচাৰ, কথা গোলকৰ (speech balloon) প্ৰয়োগ লক্ষণীয়।

কথা গোলকৰ (Speech Balloon) ব্যৱহাৰো এই সময়ৰ পৰাই আৰম্ভ হয়। আগৰচোৱাত ছবিৰ তলত বা ওপৰত চৰিত্ৰৰ নাম বা উদ্দেশ্য লেবেল হিচাপে লিখি দিয়া হৈছিল। যাক phylacter বোলা হৈছিল। পাছলৈ কথা গোলক ব্যৱহাৰ কৰি ছবিৰ মাজলৈ অনা হ'ল। অৱশ্যে এতিয়াও ইয়াক কাহিনী বৰ্ণনা কৰাৰ বাবেই ব্যৱহাৰ কৰা হৈছিল। সোনকালেই ছবিৰ মাজত কথা গোলক দিয়াটো বন্ধ কৰি শিল্পীয়ে কাহিনীটো এটা পেনেলৰ তলত বৰ্ণনা কৰাটোৱেই বেছি পছন্দ কৰা হ'ল। সংলাপৰ বাবে কথা-গোলকৰ ব্যৱহাৰ পুনৰাই আৰম্ভ কৰে ৰিচাৰ্ড এফ. আউটকাল্ট-এ। পিছে চৰিত্ৰটো চিনাকি কৰি দিয়াতকৈ চৰিত্ৰৰ মুখৰ সংলাপ দিয়া হৈছিল।[7]

১৯ শতিকা: এটা মাধ্যমৰ উপস্থাপন[সম্পাদনা কৰক]

ৰুড'ল্ফ টফাৰ,ৰদ্বাৰা অংকিত এটা পৃষ্ঠা।

ৰুড'ল্ফ টফাৰ, ছুইজাৰলেণ্ডৰ এজন ফঁৰাছী শিল্পীয়ে ১৯ শতিকাত কমিক্‌চ শিল্পক এটা স্বকীয় ৰূপ দিয়ে। টফাৰৰ ছবিতো কথা-গোলক নাছিল যদিও তেখেতে কাহিনীটো কবলৈ ব্যৱহাৰ কৰিছিল ছবিৰ লানিৰ তলৰ ঠাইখিনি। টফাৰৰ ছবি সমগ্ৰ ইউৰোপ আৰু আমেৰিকাত প্ৰচাৰ হৈছিল। স্বত্ব আইনৰ অনুপস্থিতিৰ বাবে তেওঁৰ ছবিবোৰ বিভিন্ন দেশলৈ বিয়পি যোৱাৰ উপৰিও সেইবোৰৰ অনুবাদো কৰা হৈছিল। [8]

১৮৪৩ চনত টফাৰৰ ৰচিত "চৰিত্ৰ বিচাৰৰ ৰচনা"(Essay on Physiognomics) গ্ৰন্থত প্ৰথম বাৰৰ বাবে "ছবি-কাহিনী"ৰ (picture story) সম্পৰ্কে কয় যে "ছবি-কাহিনী এখন ৰচনা কৰা মানে এইটো নুবুজায় যে আপুনি ছবি অঁকাৰ ক্ষেত্ৰত অতি পাৰ্গত হৈ প্ৰতিটো খুঁটি-নাটিকে বিতংকৈ আঁকিব পাৰিব লাগিব। এইটোও নহ'ব যে আপুনি খুব সুন্দৰকৈ এখন হাঁহি উঠা ছবি আঁকি থ'ব, বা এটা সৰু বাক্যাংশক হাঁহি উঠা ৰূপ দিলেও সি এটা ছবি-কাহিনী হৈ উঠে। ছবি-কাহিনীৰ বাবে আপোনাক লাগিব এখন নিটোল পূৰ্ণাংগ নাটক। সেইখন অদ্ভুত বা ধেমেলীয়া বা গহীন যিকোনো বিধৰ হ'ব পাৰে, কিন্তু মূলতে সি হ'ব লাগিব এখন সম্পূৰ্ণ কিতাপ। "[9][10][11]

১৮৪৫ চনত সম্পাদকীয় লেখাৰ লগত প্ৰকাশিত প্ৰহসনধৰ্মী ছবিবোৰক কাৰ্টুন নাম দিয়া হয়। ছবি অঁকাৰ প্ৰণালীত ৰঙ সনাৰ আগতে পেঞ্চিল বা এঙাৰেৰে আঁকি লোৱা চানেকী চিত্ৰক (sketch) কাৰ্টুন বোলা হয়। ১৮৪১ চনৰপৰা ব্ৰিটেইনৰপৰা প্ৰকাশিত পাঞ্চ (Punch) আলোচনীয়ে এই কাৰ্টুন শব্দটোৰ প্ৰচলন ঘটায়। [12] একে ধৰণৰ আলোচনী আছিল ইউৰোপত প্ৰকাশিত Fliegende Blätter আৰু Le Charivari, আৰু আমেৰিকাত প্ৰকাশিত Judge আৰু Puck[13]

১৮৬৫ চনত জাৰ্মানীৰ এখন বাতৰিকাকতত প্ৰকাশিত হয় উইলহেল্ম বুশ্‌খৰ (Wilhelm Busch) মেক্স আৰু মৰিজ (Max and Moritz). এই কমিক্‌চতেই পএচলিত কেবাটাও আংগিকক প্ৰথম প্ৰয়োগ কৰা হয়। তেখেতৰ দ্বাৰা অনুপ্ৰাণীত হৈ ১৮৯৭ চনত ৰুড'ল্ফ ডিৰ্কছ-এ (Rudolph Dirks) ৰচনা কৰে দ্যা কেটেনজেমাৰ কিড্‌ছ (The Katzenjammer Kids)।[14]

ইয়েল' কিড (Yellow Kid), স্ৰষ্টা ৰিচাৰ্ড এফ. আউটকাল্ট (Richard F. Outcault).

প্ৰায় একে সময়তে চীন দেশত চীনা কমিক্‌চ, যাক মানহুৱা ( Manhua) বুলি জনা যায়, সূত্ৰপাত ঘটে। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে মানহুৱাৰ আকাৰ-পকৃতি সলনি হৈ ১৯২৭ চনত পূৰ্ণাংগ ৰূপ পায়।[15] লিথুগ্ৰাফী (lithographic) পদ্ধতিৰ আৱিষ্কাৰে চীনা কমিক্‌চৰ বিকাশত নতুন ৰূপ দিয়ে। প্ৰথম অৱস্থাত ঘাইকৈ ৰাজনৈতিক প্ৰহসনচিত্ৰৰে আৰ্ভ হ'লেও ১৯২০ চনৰপৰা সৰু আকাৰৰ পুথিৰ ৰূপত চীনা কমিক্‌চ প্ৰকাশ হ'বলৈ ধৰে। [16]

১৮৮৪ চনত প্ৰকাশিত এলি শ্ল'পাৰৰ আধা বন্ধ (Ally Sloper's Half Holiday) আলোচনীত প্ৰথমে একেটা চৰিত্ৰৰ বিভিন্ন কাহিনীৰে কমিক্‌চ প্ৰকাশ পাবলৈ ধৰে। ১৮৯০ চনত ব্ৰিটেইনত প্ৰকাশ পায় দুখন কমিক্‌চ আলোচনী--কমিক কাট্‌ছ (Comic Cuts) আৰু চিপ্‌ছ (Illustrated Chips), ইয়াতেই বিভিন্ন কমিক্‌চৰ সংগ্ৰহ একেলগে প্ৰকাশ পাবলৈ আৰম্ভ কৰে।[6]

আমেৰিকা যুক্তৰাষ্ট্ৰত ৰিচাৰ্ড এফ. আউটকাল্ট-এ (R.F. Outcault's) ছবিৰ লগতে কথ-গোলক সংল্গন কৰি কমিক্‌চক বৰ্তমানৰ ৰূপ দিয়ে। তেখেতৰ হোগান'ছ এলি (Hogan's Alley)-ত ভূমূকি মৰা দা ইয়েল' কিড (The Yellow Kid) আধুনিক কমিক্‌চৰ বাটকটীয়া বুলি কোৱা হয়।[17] অৱশ্যে কমিক্‌চ ইতিহাস খোঁচৰা সকলে বৰ্তমান একে আংগিকৰ অন্যান্য কমিক্‌চ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, যি ইয়েল' কিডতকৈ আগতকৈ প্ৰকাশ হৈছিল। কিন্তু ইয়েল' কিডৰ সাফল্যই হে কমিক্‌চক সন্মানীয় ৰূপ দি এই মাধ্যমৰ বহুল প্ৰসাৰ সম্ভৱ কৰি তোলে।[18][19]

বিংশ শতাব্দী আৰু কমিক্‌চৰ জয়যাত্ৰা[সম্পাদনা কৰক]

কণমানি ছেমী স্নিজ (Little Sammy Sneeze) (১৯০৪–০৬) স্ৰষ্টা ৱিনছ'ৰ মেক্‌কে (Winsor McCay)

১৯২০ আৰু ৩০-ৰ দশকত কমিক্‌চ উদ্যোগ বহুল ভাৱে গঢ় লৈ উঠে। হাত-পুঠিৰ আকৃতিৰ প্ৰথম কমিক্‌চ কিতাপ 'লিয়ানহুৱানহুৱা' (Lianhuanhua) ৰ প্ৰচলন হয় চীনত।[16] আনহাতে ব্ৰিটেইনতো কমিক্‌চ সংগ্ৰহ প্ৰকাশ হ'বলৈ ধৰে। ব্ৰিটেইনৰ কমিক্‌ছ সম্ভাৰ মূলত: শিশুৰ বাবে প্ৰকাশ কৰা হৈছিল। The Dandy আৰু The Beano প্ৰথমে প্ৰচলিত দুখন কমিক্‌চ সংগ্ৰহ। বেলজিয়ামত হাৰ্জ-এ (Remi George-ৰ ছদ্মনাম Herge) সৃষ্টি কৰে এতিয়ালৈ জনপ্ৰিয় 'টিনটিনৰ অভিযান' (The Adventures of Tintin)। টিনটিন প্ৰথমে বাতৰিকাকতত এপাত এপাতকৈ প্ৰকাশিত হৈছিল আৰু পাছলৈ গোটেইখিনি এখন কিতাপ আকাৰে প্ৰকাশিত হয়। একেদৰেই আমেৰিকাতো বাতৰিকাকতত প্ৰকাশিত কমিক্‌ছ পৃষ্ঠাবোৰক সংযুক্ত ৰূপ দি কিতাপ আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰা হয়। ধেমেলীয়া গল্পৰে আৰম্ভ হ'লেও তেতিয়ালৈ ধেমালীৰ বাহিৰেও বীৰত্ব, ৰহস্য আদি বিভিন্ন ৰসৰ কমিক্‌ছ প্ৰকাশ কৰা হয়। ধীৰে ধীৰে বাতৰি কাকতত প্ৰকাশ নোহোৱাকৈয়ে কিছুমান নতুন কমিক্‌ছ কিতাপ আকাৰে প্ৰকাশ কৰিবলৈ আৰম্ভ কৰা হয়।

১৯৩৮ চনত আমেৰিকাত স্থাপন হয় 'ডিটেক্টিভ কমিক্‌ছ' (Detective Comics, চমুকৈ DC Comics)। এই কোম্পানীৰ প্ৰকাশিত 'একছন কমিক্‌ছ'-ৰ (Action Comics) প্ৰথম সংখ্যাত প্ৰকাশ পায় সৰ্বকালৰ জনপ্ৰিয় এটা কমিক্‌ছ চৰিত্ৰ--'ছুপাৰমেন' (Superman)। শিল্পী জো ছাচ্‌টাৰ (Joe Shuster) আৰু লেখক জেৰী ছিগেল-ৰ (Jerry Siegel) যুটীয়া সৃষ্টি আছিল এই ছুপাৰমেন। তেওঁলোকে ১৯৩২ চনতে এই চৰিত্ৰৰ সৃষ্টি কৰিছিল। ছুপাৰমেনৰ প্ৰগাঢ় জনপ্ৰিয়তাই আন বহুতো ছুপাৰহিৰো-ৰ (Superhero) জন্ম দিয়ে। এটা সময়ত ছুপাৰহিৰো কমিক্‌ছৰেই আন এটা নামৰ দৰেই হৈ উঠে। ছুপাৰহিৰো কমিক্‌ছৰ জনপ্ৰিয়তা কমি আহে ১৯৫০ৰ দশকত। কিন্তু সোনকালেই নতুন ধৰণৰ ছুপাৰহিৰো আহি নতুন জনপ্ৰিয়তা পাবলৈ সক্ষম হয়।

মাংগা[সম্পাদনা কৰক]

বিশ্বযুদ্ধৰ পাছত জাপানত কমিক্‌ছৰ প্ৰসাৰ বৃদ্ধি পায়। জাপানৰ পাৰম্পৰিক চিত্ৰকলাৰ লগত নতুনত্বৰ সংমিশ্ৰণ কৰি নতুন বিধৰ কমিক্‌ছৰ জন্ম দিয়া হয় আৰু বৰ্তমান বিশ্বব্যাপী জনপ্ৰিয়তাৰ ক্ষেত্ৰত জাপানৰ কমিক্‌ছৰ নিজস্ব স্থান বিদ্যমান। 'অ'ছামু টেজুকা'-ই (Osamu Tezuka) প্ৰথমতে দীঘল কমিক্‌চৰ প্ৰবৰ্তন কৰি মহাকাব্যিক ধাৰাৰ কমিক্‌ছৰ প্ৰচলন কৰে। তদুপৰি তেওঁ কমিক্‌ছত চলচ্চিত্ৰৰ নিচিনা দৃশ্যাংশ, গতিৰ অনূভূতি, জটিল কাহিনী আৰু চৰিত্ৰ নিৰ্মাণত গুৰুত্ব দি কমিক্‌ছক শিশু-উপযোগী এক চালুকীয়া কলাৰ সলনি এক নিসজস্ব শিল্পৰ মান দিবলৈ সক্ষম হয়। তেওঁৰ কমিক্‌ছ সমসাময়িক ডিজনী ছবি-ৰ দ্বাৰা প্ৰভাৱান্বিত আছিল। জাপানৰ কমিক্‌ছক 'মাংগা' বোলা হয়। 'মাংগা'-ই শিশুৰপৰা আৰম্ভ কৰি পূৰ্ণ বয়স্ক আনকি অকল প্ৰাপ্তবয়স্কৰ উপযোগী কাহিনীকো সামৰি লয়। কেইবা প্ৰকাৰৰ মাংগাৰ প্ৰচলন আছে। মাগা সাধাৰণতে কেবাখনো কমিক্‌ছৰ সংগ্ৰহ হিচাপে প্ৰকাশ কৰা হয়। 'মাংগা'ৰপৰাই উদ্ভূত জাপানী এনিমেছন ছবি 'এনিম'-তো (Anime) 'মাংগা'সদৃশ গাঁথনি আৰু ছবি লক্ষ্য কৰা যায়। এই বিশেষ ৰূপে 'এনিম' ছবিসমূহকো এক বিশেষ ৰূপ দি জাপানী এনিমেছন ছবিক এক বিশেষ মৰ্য্যদা প্ৰাদান কৰিছে।

এলান মূৰ (Alan Moore), কমিক্‌ছক জনপ্ৰিয়তা প্ৰদান কৰাত এখেতে বিশেষ ভূমিকা লৈছিল।

'কমিক্‌ছ' নে 'চিত্ৰ উপন্যাস'[সম্পাদনা কৰক]

কমিক্‌ছ (Comics) শব্দটোৱে কমিক্‌ছৰ শিল্পৰ পূৰ্ণ ৰূপক লঘু কৰে বুলি আপত্তি কৰি, ১৯৭০ চনৰপৰা 'চিত্ৰ উপন্যাস' (Graphic Novel) শব্দৰ প্ৰচলন কৰা হয়। কিছুমান আকৌ ইংৰাজী বানান comix ব্যৱহাৰ কৰে।[20]


কিছুমান জনপ্ৰিয় কমিক্‌ছ চৰিত্ৰ[সম্পাদনা কৰক]

বিদেশী কমিক্ছ চৰিত্ৰ

*চুপাৰমেন

*বেটমেন

*স্পাইডাৰমেন

*ৱণ্ডাৰ ৱমেন

*মিকি মাউচ

*ডনাল্ড ডাক

*লেডী ডেথ্

*ট্ৰান্সফৰ্মাছ

*টাৰ্জান

*ফেন্টম

* হি-মেন

*কেপ্তেইন আমেৰিকা

* আইৰন মেন

* ৰ'ব' কপ্

* অ'লভাৰিন

* হাক্

ভাৰতীয় কমিক্ছ চৰিত্ৰ

*চাচা চৌধৰী‌ ( ডায়মণ্ড কমিক্ছ)

*চাবু ( ডায়মণ্ড কমিক্ছ)

*মহাৱলী সাকা ( ডায়মণ্ড কমিক্ছ)

*ডিনামাইট ( ডায়মণ্ড কমিক্ছ)

*নাগৰাজ (ৰাজ কমিক্ছ)

*চুপৰ কমাণ্ডু ধ্ৰুৱ (ৰাজ কমিক্ছ)

*ড'গা (ৰাজ কমিক্ছ)

*কৌবি আৰু ভেড়ীয়া (ৰাজ কমিক্ছ)

*পৰমানু (ৰাজ কমিক্ছ)

*ইন্সপেক্টৰ ষ্টিল (ৰাজ কমিক্ছ)

*শক্তি (ৰাজ কমিক্ছ)

*গমৰাজ (ৰাজ কমিক্ছ)

*বাংকেলাল (ৰাজ কমিক্ছ)

*সুপন্দী (অমৰ চিত্ৰ কথা)

*সম্ভু নামৰ চিকাৰী (অমৰ চিত্ৰ কথা)

*ৰঘু (অমৰ চিত্ৰ কথা)

*কালীয়া নামৰ কাউৰী (অমৰ চিত্ৰ কথা)

*তন্ত্ৰী নামৰ মন্ত্ৰী (অমৰ চিত্ৰ কথা)

ভাৰতীয় কমিক্‌ছ[সম্পাদনা কৰক]


অমৰ চিত্ৰ কথা[সম্পাদনা কৰক]

ডায়মণ্ড কমিক্‌ছ[সম্পাদনা কৰক]

ৰাজ কমিক্‌ছ[সম্পাদনা কৰক]

মনোজ কমিক্‌ছ[সম্পাদনা কৰক]

তুলসী কমিক্‌ছ[সম্পাদনা কৰক]

টিংকল[সম্পাদনা কৰক]

গ্ৰাফিক্ছ ইণ্ডিয়া[সম্পাদনা কৰক]

চান্দামামা[সম্পাদনা কৰক]

ইন্দ্ৰজাল[সম্পাদনা কৰক]

অসমীয়া কমিক্‌চ[সম্পাদনা কৰক]

অসমীয়া কমিক্‌চৰ ইতিহাস বিশেষ দীঘল নহয়। 'ইণ্ডিয়া বুক হাউচ'ৰ দ্বাৰা প্ৰকাশিত আৰু 'আংকল পেই'ৰ দ্বাৰা সম্পদিত 'অমৰ চিত্ৰ কথা'ই কেবাখনো কমিক্‌চৰ অসমীয়া সংস্কৰণ উলিয়াইছিল। ১৯৮০-ৰ দশকত প্ৰকাশিত এই কমিক্‌চবোৰ ইংৰাজী আৰু কেবাটাও ভাৰতীয় ভাষাত প্ৰকাশিত হৈছিল। একে প্ৰকাশনৰে প্ৰথমে মাহেকীয়া আৰু পাছলৈ পষেকীয়া 'টিংকল' নামৰ কমিক্‌চ আলোচনীখনো অসমীয়াত প্ৰকাশ পাইছিল। (সংগতি দিয়া হোৱা নাই) অমৰ চিত্ৰ কথাই এতিয়া আকৌ প্ৰকাশন আৰম্ভ কৰিছে যদিও, বৰ্তমান অসমীয়া ভাষাত তেওঁলোকে কমিক্‌চ প্ৰকাশ কৰা নাই।

৮০-ৰ দশকতে কেইটামান অসমীয়া প্ৰকাশন গোষ্ঠীয়ে অসমীয়া কমিক্‌চ প্ৰকাশ কৰিবলৈ লয়। তেওঁলোকৰ ভিতৰত 'মনু চিত্ৰ কথা'ই পৌৰাণিক কাহিনীভিত্তিক কেইবাখনো কমিক্‌চ প্ৰকাশ কৰে। মনুু চিত্ৰ কথাৰ প্ৰকাশক আছিল 'পকেট বুক চেণ্টাৰ, পল্টন বজাৰ' । মূল প্ৰকাশকৰ দায়িত্বত আছিল শ্ৰী ৰনবীৰ ভাটিয়া দেৱ আৰু সম্পাদনাৰ দ্বায়িত্বত আছিল শ্ৰী ৰঞ্জু হাজৰিকা দেৱ।

একে সময়তে অসমীয়া ভাষাৰ মাহেকীয়া কমিক্‌চ আলোচনী কেইখন ওলায়। কিন্তু প্ৰায়খিনিয়েই কেইদিনমান চলিয়েই বন্ধ হৈ যায়।

বৰ্তমান প্ৰকাশিত হৈ থকা 'ৰংমন' এখন অসমীয়া কমিক্‌চ আলোচনী। ২০০৫ চনৰ ফেব্ৰুৱাৰী মাহৰপৰা শিশু উপযোগী এই ৰঙীন কমিক্‌চ আলোচনীখন প্ৰকাশিত হৈ আহিছে। 'প্ৰণয় মামা' ৰংমনৰ সম্পাদক।

ইয়াৰ বাহিৰেও কেবাখনো শিশু আলোচনীৰ পাতত কমিক্‌চ প্ৰকাশ কৰা হৈছে। 'সঁফুৰা', 'মৌচাক', 'কিশোৰ' আদিত বিভিন্ন কমিক্‌চ প্ৰকাশ কৰা হৈ আহিছে।

'বিস্ময়'ৰ পাতত বহুত আগৰেপৰাই 'ফেণ্টম' কমিক্‌চৰ অসমীয়া ৰূপ প্ৰকাশ কৰা হৈ আহিছে। ইয়াৰ বাহিৰেও বাতৰিকাকতৰ শিশু শিতানত 'স্পাইডাৰমেন', 'ফেণ্টম'ৰ অসমীয়া অনুবাদ প্ৰকাশ কৰা হৈছে। জনপ্ৰিয় আলোচনী 'প্ৰান্তিক'ৰ পাতত ভাৰতীয় কমিক্‌চ 'বিক্ৰম'ৰ অসমীয়া ৰূপ প্ৰকাশ হৈ আহিছে।

অৱশ্যে সমগ্ৰ বিশ্বতে কমিক্‌চক লৈ চলা পৰীক্ষা-নিৰীক্ষা অসমীয়া কমিক্‌চত এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। এতিয়ালৈকে অসমীয়াত গধূৰ বিষয়ৰ 'চিত্ৰ উপন্যাস' প্ৰকাশিত হোৱা নাই।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "comic adjective" The Oxford Dictionary of English (revised edition). Ed. Catherine Soanes and Angus Stevenson. Oxford University Press, 2005. Oxford Reference Online. Oxford University Press. Surrey Libraries. 21 April 2008 <http://www.oxfordreference.com/views/ENTRY.html?subview=Main&entry=t140.e15358>
  2. Teresa Grainger (2004). "Art, Narrative and Childhood" Literacy 38 (1), 66–67. doi:10.1111/j.0034-0472.2004.03801011_2.x
  3. "Inventing Comics: Scott McCloud’s Definition of Comics (first published in the Comics Journal #234, June 2001) Chapter 5". Hicksville.co.nz. http://www.hicksville.co.nz/Inventing%20Comics%205.htm। আহৰণ কৰা হৈছে: 2009-11-23. 
  4. Perry & Aldridge, 1989. p.11
  5. McCloud, 1993. pp.11-14
  6. 6.0 6.1 Sabin, 1993. pp.13-14 উদ্ধৃতি ত্ৰুটি: Invalid <ref> tag; name "ref25" defined multiple times with different content
  7. Smolderen, Thierry (Summer, 2006) "Of Labels, Loops, and Bubbles: Solving the Historical Puzzle of the Speech Balloon". Comic Art 8. pp.90-112
  8. Beerbohm, Robert (2003) "The Adventures of Obadiah Oldbuck Part III". The Search For Töpffer In America. Archived from the original on March 14, 2007. https://web.archive.org/web/20070314101239/http://scoop.diamondgalleries.com/scoop_article.asp?ai=2808&si=124। আহৰণ কৰা হৈছে: May 30, 2005. 
  9. Translated by Weiss, E. in Enter: The Comics, University of Nebraska Press, Lincoln, pp.4. (1969)
  10. Original French, extract
  11. Original French, extract
  12. Varnum & Gibbons, 2001. pp.77-78
  13. Gordon, Ian (2002). "Comics". St James Encyclopedia of pop culture (2002). http://www.findarticles.com/p/articles/mi_g1epc/is_tov/ai_2419100313। আহৰণ কৰা হৈছে: May 30, 2005. 
  14. "comic strip". The Columbia Encyclopedia, Sixth Edition. 2001. http://www.bartleby.com/65/co/comicstr.html। আহৰণ কৰা হৈছে: June 22, 2005. 
  15. Wong, Wendy Siuyi (2002). Hong Kong Comics: A History of Manhua. Princeton Architectural Press. ISBN 1-56898-269-0. 
  16. 16.0 16.1 Lent, John A. [2001] (2001) Illustrating Asia: Comics, Humor Magazines, and Picture Books. University of Hawaii Press. ISBN 0-8248-2471-7
  17. Sabin, 1993. pp.133-134
  18. Marschall, Richard (February, 1989). "Oh You Kid". The Comics Journal 127, p. 72-7
  19. Walker, Brian (2004) the comics: Before 1945. Harry N. Abrams, Inc. (United States). ISBN 978-0-8109-4970-6
  20. Var. (2003-4) "The history of the term 'graphic novel' ...". As Archived At http://www.geocities.com/rucervine/. Archived from the original on 2008-03-23. http://www.geocities.com/rucervine/। আহৰণ কৰা হৈছে: June 26, 2005. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

আৰু পঢ়িব পাৰে[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]