কম্পিউটাৰ ভাইৰাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কম্পিউটাৰ ভাইৰাছ (Computer Virus) এটা কম্পিউটাৰ প্ৰ’গ্ৰাম যি নিজে নিজৰ প্ৰতিলিপি তৈয়াৰ কৰিব পাৰে৷ ভাইৰাছবোৰক মেলৱেৰ (Malware) বা এডৱেৰ (Adware) বা স্পাইৱেৰৰ (Spyware) লগত একে বুলি ভবা হয় যদিও, এইবোৰৰ নিজৰ প্ৰতিলিপি তৈয়াৰ কৰাৰ ক্ষমতা নাথাকে৷ সঁচা অৰ্থত ক’বলৈ গ’লে ভাইৰাছবোৰে এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ বিভিন্ন মাধ্যমেৰে বিয়পি পৰে৷ ই সহজে চিডি, ডিভিডি, য়ু এছ বি ড্ৰাইভ বা ইন্টাৰনেটৰ মাধ্যমেৰে বিয়পি পৰে৷ ভাইৰাছবোৰে বিভিন্ন ফাইলত আক্ৰান্ত কৰি ইন্টাৰনেটৰ মাধ্যমেৰে ইয়াৰ বংশ বিস্তাৰ কৰে৷ বিভিন্ন ধৰণৰ প্ৰ’গ্ৰাম যেনে ট্ৰ’জান হৰ্চ (Trozan Horse), ৱৰ্ম (Worm), ৰুটকিত (Root-kit), স্পাইৱেৰ, এডৱেৰ আদিবোৰ মালৱেৰৰ অন্তৰ্গত হয়৷ ট্ৰ’জান হৰ্চ, ৱৰ্ম আদিক কেতিয়াবা ভাইৰাছৰ লগত তুলনা কৰা হয় যদিও ইয়াত প্ৰযুক্তিগত পাৰ্থক্য আছে৷ ৱৰ্মবোৰে প্ৰতিৰক্ষা ভেদ কৰি নেটৱৰ্কৰ মাধ্যমেৰে নিজক বিস্তাৰ কৰে৷ ট্ৰ’জান হৰ্চবোৰে বিশেষ ক্ষতি নকৰে কিন্তু কম্পিউটাৰৰ কিছুমান কাৰ্যপ্ৰণালী লুকুৱাই ৰাখে৷ ৱৰ্ম আৰু ট্ৰ’জান হৰ্চবোৰে কম্পিউটাৰডেইটা (data) প্ৰণালীৰ ক্ষতি সাধন কৰিব পাৰে৷ কিছুমান ভাইৰাছে মাত্ৰ নিজৰ প্ৰতিলিপি তৈয়াৰ কৰাতে ক্ষান্ত থাকে৷

ইতিহাস[সম্পাদনা কৰক]

পোন প্ৰথমবাৰৰ বাবে জন ভ’ন নিউমেনে (John von Neumann) ১৯৪৯ চনত ইলিনয় বিশ্ববিদ্যালয়ত (Illinois University) "Theory and Organization of Complicated Automata" শীৰ্ষক এক বক্তৃতা দিছিল৷ তেওঁ কৈছিল যে কিছুমান কম্পিউটাৰ প্ৰ’গ্ৰামে নিজৰ প্ৰতিলিপি তৈয়াৰ কৰি ল’ব পাৰে৷[1]

ভাইৰাছ প্ৰ'গ্ৰাম এটা লিখা প্ৰথম গৰাকী ব্যক্তি আছিল জন কনৱে (John Conway)। ১৯৬০ চনত, গেম অৱ লাইফ(Game of Life) নামৰ 'প্ৰাণ-অনুকৰণ প্ৰ'গ্ৰাম' (Life Emulation Program) এটাত তেওঁ নিজে নিজে প্ৰতিলিপি তৈয়াত কৰিব পৰা প্ৰ'গ্ৰাম লিখিছিল।[2]

কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) পৰীক্ষাৰ বাবে ১৯৭০ চনত প্ৰথমে নিজৰ প্ৰতিলিপি প্ৰস্তুত কৰিব পৰা প্ৰ'গ্ৰাম লিখা হৈছিল। এইবোৰক 'জীৱ' (Organism) বোলা হৈছিল।[2]

১৯৭২ চনত ভেইথ ৰিচাকে তেওঁৰ প্ৰৱন্ধ "Selbstreproduzierende Automaten mit minimaler Informationsübertragung" (Self-reproducing automata with minimal information exchange) ত বৰ্ণনা কৰিছিল যে SIEMENS 4004/35 কম্পিউটাৰ প্ৰণালীৰ বাবে এছেম্বলাৰ ভাষাভাইৰাছৰ সৃষ্টি কৰা হৈছিল৷

১৯৮০ চনত জুৰ্গান ক্ৰৱাচে তেওঁৰ গৱেষণা পত্ৰ "Selbstreproduktion bei Programmen" (Self-reproduction of programs) ত উল্লেখ কৰিছিল যে কেতিয়াবা কম্পিউটাৰ ভাইৰাছবোৰে জৈৱিক ভাইৰাছৰ দৰে লক্ষণ দেখুৱাই৷ ১৯৮৩ চনত প্ৰথম বাৰৰ বাবে এনে প্ৰ'গ্ৰামক 'ভাইৰাছ' বুলি উল্লেখ কৰিছিল ফ্ৰেডৰিক কোহেন (Frederick Cohen) আৰু লেন এদলমেন-এ (Len Adleman)। [2]

ভাইৰাছৰ প্ৰয়োগেৰে কম্পিউটাৰৰ ব্যৱস্থা বিঘ্ন কৰাৰ প্ৰথম ঘটনা সংঘটিত হৈছিল, ১৯৮৬ চনত। এই ভাইৰাছক পাকীস্তানী ব্ৰেইন ভাইৰাছ (Pakistani Brain Virus) বুলি জনা যায়। এই ভাইৰাছ প্ৰগ্ৰামটোৰ লেখক আছিল পাকিস্তানলাহোৰ চহৰৰ দুই ভাতৃ বছিত আৰু আমজাদ ফাৰুক আলভি (Basit and Amjad Farooq Alvi)।[2]

তথ্য-সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 von Neumann, J. (1949), Theory and Organization of Complicated Automata, in Burks (1966), pp. 29-87 (Part One). Based on transcripts of lectures delivered at the University of Illinois, in December 1949. Edited for publication by A.W. Burks.
  2. 2.0 2.1 2.2 2.3 http://www.scientificamerican.com/article.cfm?id=when-did-the-term-compute আহৰণ কৰা তাৰিখ, ১৮ আগষ্ট, ২০১১

তথ্য সমল[সম্পাদনা কৰক]

  • von Neumann, J. (1949), Theory and Organization of Complicated Automata, in Burks (1966), pp. 29-87 (Part One). Based on transcripts of lectures delivered at the University of Illinois, in December 1949. Edited for publication by A.W. Burks.
  • http://www.scientificamerican.com/article.cfm?id=when-did-the-term-compute আহৰণ কৰা তাৰিখ, ১৮ আগষ্ট, ২০১১