খনিজ পদাৰ্থ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

খনিজ পদার্থ হৈছে প্রাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদার্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদার্থৰ সংজ্ঞা সম্পর্কে ৰাসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায়। সেই বৈশিষ্ট কেইটা হৈছে -

  1. ই প্রাকৃতিক ভাৱে উপলব্ধ ।
  2. কক্ষ তাপমাত্রাত(২৫0 চেলচিয়াচ) ই সুস্থিৰ ।
  3. ই কঠিন ।
  4. শৃংখলাবদ্ধ পাৰমাণৱিক বিন্যাস ।
  5. ইয়াক এক নির্দিষ্ট ৰাসায়নিক সূত্রেৰে বুজাব পাৰি ।
  6. সাধাৰণতে অজৈৱ ।

অৱস্থিতি[সম্পাদনা কৰক]

খনিজ পদার্থসমূহ পৃথিৱীমাটি, পানী আৰু বায়ুমণ্ডলত সকলোতে অৱস্থিত। সাধাৰণতে খনিজ পদার্থ অজৈৱ হয় যদিওঁ, জৈৱিক খনিজ পদার্থওঁ আছে আৰু জৈৱিক খনিজ পদার্থসমূহ আমাৰ শৰীৰৰ বাবে আতিকৈ দৰকাৰী । সেয়েহে, আমাৰ দৈনন্দিন খাদ্যবস্তুৰ লগত কম বেছি পৰিমানে জৈৱিক খনিজ পদার্থ মিহলি হৈ থকাটো বাঞ্চনীয়।

ভৌতিক আৰু ৰাসায়নিক গুণসমূহ[সম্পাদনা কৰক]

যিকেইটা প্রধান ভৌতিক গুণৰ ওপৰত ভিত্তি কৰি খনিজ পদার্থসমূহ বিভিন্ন শ্রেণীত বিভক্ত কৰা হয়, সেইকেইটা হ’ল, ভৌত ষ্ফটিক গঠন, কঠোৰতা, দিপ্তী, বৰণ ঘনত্ব ইত্যাদি। খনিজ পদার্থৰ ৰাসায়নিক গুণসমূহ নিৰূপণ কৰিবলৈ ইয়াক প্ৰথমতে পাতল অম্ল দ্রৱৰ সৈতে বিক্রিয়া কৰিবলৈ দিয়া হয়। সেই বিক্রিয়াৰ ফলাফলৰ ওপৰত ভিত্তি কৰি ইয়াৰ ৰাসায়নিক গুণসমূহ শ্রেণীভুক্তকৰণ কৰা হয়।

খনিজ পদার্থৰ প্রকাৰসমূহ[সম্পাদনা কৰক]

পৃথিৱীৰ খোলাটোৰ গঠন আৰু ৰচনা চিলিকন(silicon) আৰু অক্সিজেন(oxygen)ৰ দ্বাৰা প্রভাৱিত হয় । গতিকে, চিলিকেট(silicate) উপাদানসমূহ শিলা গঠন আৰু বৈচিত্রৰ ফালৰপৰা সকলোতকৈ গুৰুত্বপূর্ণ শ্রেণীৰ খনিজ পদার্থ । অনা-চিলিকেট(non-silicate) খনিজ পদার্থসমূহো অর্থনৈতিক দিশৰপৰা খুবেই দৰকাৰী । অনা-চিলিকেট খনিজ পদার্থসমূহক সিহতৰ প্ৰধান ৰাসায়নিক ধর্মৰ ওপৰত ভিত্তি কৰি কেইটামান শ্রেণীত উপ-বিভাজিত কৰা হৈছে । সেই শ্রেণীসমূহ হৈছে, চালফাইড, হেলাইড, ওক্সাইড, হাইদ্র’ক্সাইড, কার্বনেট, নাইট্রেট, ব’ৰেট, চালফেট, ফচফেট আৰু জৈৱ যৌগ । সৰহসংখ্যক প্ৰজাতিৰ অনা-চিলিকেট খনিজ পদার্থই অত্যন্ত বিৰল । আন কিছুমান আকৌ অতি সহজভাৱে উপলব্ধ, যেনে, কেলচাইট, পাইৰাইট, মেগনেটাইট, হেমেটাইট ইত্যাদি ।