চন্দ্ৰগুপ্ত মৌৰ্য
চন্দ্ৰগুপ্ত মৌৰ্য | |
---|---|
চন্দ্ৰগুপ্ত মৌৰ্য,বিৰলা মন্দিৰ,দিল্লী | |
শাসন কাল | ৩২২খ্ৰীঃপূঃ-২৯৮খ্ৰীঃপূঃ |
শিৰোনাম | সম্ৰাট চক্ৰৱৰ্তী |
জন্ম | ৩৪০খ্ৰীঃপূঃ |
জন্ম ঠাই | পাটলিপুত্ৰ, বিহাৰ |
মৃত্যু | ২৯৮ খ্ৰী:পূ: |
মৃত্যু ঠাই | শ্ৰাবণবেলগোলা, কৰ্ণাটক,ভাৰত |
পূৰ্বসুৰী | ধনানন্দ |
উত্তৰসূৰী | বিন্দুসাৰ |
Offspring | বিন্দুসাৰ |
সাম্ৰাজ্য | মৌৰ্য সাম্ৰাজ্য |
পিতৃ | চন্দ্ৰৱৰ্ধন মৌৰ্য |
মাতৃ | মুৰা |
চন্দ্ৰগুপ্ত মৌৰ্য (৩৪০খ্ৰীঃপূঃ-২৯৮খ্ৰীঃপূঃ) আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা সম্ৰাট।[1][2][3] তেওঁ ভাৰতীয় উপমহাদেশৰ অধিকাংশ অঞ্চল জয় কৰিছিল। তেওঁক অবিভক্ত ভাৰতৰ প্ৰতিষ্ঠাতা তথা প্ৰথম সম্ৰাট বুলি ইতিহাসত স্থান দিয়া হয়। তেওঁৰ দ্বাৰা শাসিত অঞ্চল পূবে অসম আৰু বংগদেশৰ পৰা পশ্চিমে আফগানিস্তান, বেলুচিস্তানকে আদি কৰি পূব তথা দক্ষিণ-পূব ইৰানলৈ, উত্তৰে কাশ্মীৰৰ পৰা দক্ষিণে দাক্ষিনাত্য উপত্যকা পৰ্যন্ত বিস্তৃত আছিল। চন্দ্ৰগুপ্তৰ বংশ পৰিচয় সম্পৰ্কে মতান্তৰ আ্ছে। কিছুসংখ্যক বুৰঞ্জীবিদৰ মতে তেওঁ মগধৰ প্ৰতিৱেশী পিপলিবন ৰাজ্যৰ মৌৰ্য বংশৰ নৃপতি চন্দ্ৰৱৰ্ধন মৌৰ্য আৰু তেওঁৰ মহিষী মুৰাৰ সন্তান। আন কাৰোবাৰ মতে তেওঁ নেপালৰ প্ৰজাতন্ত্ৰৰ পৰা আহিছিল। আন কিছুমানে আকৌ তেওঁক গান্ধাৰ দেশৰ পৰা অহা বুলি কʼব খোজে। ঐতিহাসিক তথ্যৰ ভিত্তিত মৌৰ্য বংশৰ নামটো চন্দ্ৰৱৰ্ধন মৌৰ্যৰ নামটোৰ পৰা অহা বুলিয়েই ধাৰণা কৰা হৈছে। তক্ষশীলা বিশ্ববিদ্যালয়ৰ ক্ষুৰধাৰ বুদ্ধিসম্পন্ন বিদগ্ধ পণ্ডিত চাণক্যই তেওঁক সকলো ধৰণৰ শিক্ষা প্ৰদান কৰিছিল। মাত্ৰ বিশ বছৰ বয়সতে তেওঁ নন্দ সাম্ৰাজ্যৰ পতন ঘটাই দিগ্বিজয়ী আলেকজেণ্ডাৰৰ সেনাপতি তথা তৎকালীন মেচিডনিয়াৰ সম্ৰাট চেলুকচৰ সৈতে হোৱা এটা সন্ধিৰ ভিত্তিত সমগ্ৰ দক্ষিণ এছিয়াতে তেওঁৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ সমৰ্থ হৈছিল। এই সন্ধিৰ ভিত্তিত তেওঁ চেলুকচৰ জীয়েকক বিয়া কৰায় আৰু হেলেনীয়সকলৰ সৈতে এক মিত্ৰতাপূৰ্ণ নীতি স্থাপন কৰে যাৰ বাবে পশ্চিমীয় দেশবোৰৰ লগত ভাৰতৰ বাণিজ্যিক আদান-প্ৰদানৰ পথ মুকলি হয়। বিশেষকৈ এই ঘটনাৰ বাবে গ্ৰীক আৰু লেটিন ইতিহাসতো তেওঁৰ নাম উল্লেখ আছে। ভাৰতবৰ্ষক একত্ৰিত কৰাৰ পিছত তেওঁ তেওঁৰ মুখ্য উপদেষ্টা গুৰু চাণক্যৰ তত্ত্বাৱধানত ভালেমান অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ আগমন ঘটাইছিল। জৈনসকলৰ মতে চন্দ্ৰগুপ্তই ৪২ বছৰ বয়সত ৰাজভাৰ তেওঁৰ পুত্ৰ বিন্দুসাৰৰ হাতত অৰ্পণ কৰে আৰু ভদ্ৰবাহু নামৰ এজন জৈন সন্ন্যসীৰ প্ৰভাৱত পৰি জৈন ধৰ্ম গ্ৰহণ কৰে আৰু তেওঁৰে সৈতে দাক্ষিণাত্য যাত্ৰা কৰি অৱশেষত বৰ্তমান কৰ্ণাটকৰ শ্ৰাবণবেলগোলাত স্বেচ্ছাই উপবাসৰ দ্বাৰা দেহত্যাগ কৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Kulke, Hermann; Rothermund, Dietmar (1998) [1986]. A History of India (Third সম্পাদনা). প্ৰকাশক London: Routledge. পৃষ্ঠা. 59–64. ISBN 0-415-15481-2.
- ↑ Boesche, Roger (January 2003). "Kautilya's Arthaśāstra on War and Diplomacy in Ancient India". The Journal of Military History খণ্ড 67 (1): 9–37. doi:10.1353/jmh.2003.0006. ISSN 0899-3718. http://muse.jhu.edu/demo/journal_of_military_history/v067/67.1boesche.pdf.
- ↑ William Smith (lexicographer)|William Smith (ed), Dictionary of Greek and Roman Biography and Mythology', 1870, Vol 3 p. 705-6