চাকৈ-চকোৱা
| চাকৈ-চকোৱা | |
|---|---|
| Pair | |
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Animalia |
| পর্ব: | Chordata |
| শ্ৰেণী: | Aves |
| বৰ্গ: | Anseriformes |
| পৰিয়াল: | Anatidae |
| উপপৰিয়াল: | Tadorninae |
| গণ: | Tadorna |
| প্ৰজাতি: | T. ferruginea |
| বৈজ্ঞানিক নাম | |
| Tadorna ferruginea (Pallas, 1764) |
|
| সমাৰ্থক | |
|
Casarca ferruginea |
|
চাকৈ-চকোৱা এটা হাঁহৰ প্ৰজাতি। সংস্কৃতত ইয়াক ব্ৰাহ্মণি হাঁহ বুলি কয।
সূচী |
[সম্পাদনা কৰক] বিচৰণ
চাকৈ-চকোৱা পশ্চিম আফ্ৰিকা আৰু ইথিঅপিয়াতো পোৱা যায়, কিন্তু, ইয়াৰ মুখ্য বসতিস্থল দক্ষিণপূব ইউৰোপৰ পৰা মুখ্য এচিয়া হৈ দক্ষিণপূব চীনলৈ বিস্তিত হৈ আছে। ই এবিধ পৰিভ্ৰমী চৰাই। শীত কালটো ই দক্ষিণপূব এচিয়াত পাৰ কৰে।দক্ষিণ পূব ইউৰোপ আৰু দক্ষিণ স্পেইনত এই চৰাই বিধ প্ৰায় বিলুপ্ত প্ৰায় হলেও, এচিয়াত এই চৰাই বিধ এতিয়াও দেখিবলৈ পোৱা যায়। উত্তৰ আমেৰিকাতো কেতিয়াবা এই চৰাই বিধ দেখিবলৈ পোৱা যায়।
[সম্পাদনা কৰক] বিৱৰণ
ই এবিধ মুক্ত বিচৰণ কৰা চৰাই। ই ওখ পাহাৰৰ ওপৰত, গছৰ ধোন্দত, মাটিৰ ফাঁকত, কণী পাৰি পোৱালি জগায়। ই এবাৰত ৬-১৬টা ওমনি দিয়ে। ইয়াৰ কণীবোৰ দেখিবলৈ বগা ক্ৰীমৰ ৰঙৰ দৰে। ইয়াৰ কণীবোৰ ওমনি লোৱাৰ পৰা কণী ফুটি পোৱালি ওলাবলৈ ৩০ দিন লাগে। এই চৰাই বিধ সদায় যোৰা পাতি থাকে নাইবা সৰু দলবান্ধি থাকে।ই কেতিয়াবাহে ডাঙৰ দল বান্ধে। কিন্তু কেতিয়াবা ডাঙৰ হ্ৰদত আৰু ধীৰস্ৰোতা নদীত শীত কালৰ সময়ত ইয়াক ডাঙৰ দলত দেখা যায়।এই চৰাই বিধ দেখিবলৈ আন চৰাইতকৈ বেলেগ। ই ৫৮-৭০ চেঃমিঃ দীঘল আৰু ইয়াৰ পাখি দুখিলা ১১০-১৩৫ চেঃমিঃ দীঘল। ইয়াৰ শৰীৰটো দেখিবলৈ কমলা-মুগা ৰঙৰ আৰু মুৰটো শেঁতা ৰঙৰ, পাখি দুখিলা বগা আৰু কলা ৰঙৰ। ই পানীত বৰ ভালকৈ সাঁতুৰিব পাৰে। ই উৰোঁতে দেখিবলৈ ৰাজহাঁহৰ নিচিনা লাগে। মতা-মাইকী দুয়োটা দেখিবলৈ প্ৰায় একে, কিন্তু, মতাটোৰ ডিঙিৰ তলত এটা কলা ৰঙৰ আঙুঠিৰ দেৰ চিন্হ আছে। মাইকীজনীৰ মুখত এটা বগা দাগ আছে।ই সহবাসৰ সময়ত বনৰীয়া হাঁহৰ নিচিনাকৈ ডাঙৰকৈ চিঞৰ মাৰে।
[সম্পাদনা কৰক] সংস্কৃতিত
চাকৈ-চকোৱা চৰাইবিধক বুদ্ধধৰ্মীসকলে পবিত্ৰ হিচাবে গণ্য কৰে।
[সম্পাদনা কৰক] ভাৰতীয় সংস্কৃতিত
সংস্কৃতত এই চৰাই বিধক চক্ৰৱাক বুলি কয়। ভাৰতীয় সংস্কৃতিত চাকৈ-চকোৱা প্ৰেমৰ প্ৰতীক। কবিসকলে বিবাহিতযুগলক বৰ্ণনা কৰোঁতে এই চৰাই বিধৰ নাম ব্যৱহাৰ কৰে। চাকৈ-চকোৱা যুগলটো ৰাতি ইটোৰ পৰা সিটো আঁতৰি থাকি কান্দে আৰু দিনত আকৌ লগ হয়। ৰাতিৰ সময়ত মতা আৰু মাইকী চৰাই দুয়োটিয়ে ইটোৱে সিটোক নদীৰ দুটি পাৰৰ পৰা মাতি থাকে। সিঁহতে সূৰ্যোদয় হোৱালৈ অপেক্ষা কৰি থাকে। সূৰ্য্যক চাকৈ-চকোৱাৰ বন্ধু বুলি গণ্য কৰা হয়।
[সম্পাদনা কৰক] স্থিতি
চাকৈ-চকোৱা Agreement on the Conservation of African-Eurasian Migratory Waterbirds (AEWA) ৰ অন্তৰ্ভুক্ত চৰাই।
[সম্পাদনা কৰক] চিত্ৰ-সম্ভাৰ
[সম্পাদনা কৰক] তথ্যসূত্ৰ
[সম্পাদনা কৰক] টোকা
Cite error: <ref> tag with name "narmada" defined in <references> is not used in prior text.
Cite error: <ref> tag with name "antya" defined in <references> is not used in prior text.
Cite error: <ref> tag with name "moral" defined in <references> is not used in prior text.
Cite error: <ref> tag with name "covill" defined in <references> is not used in prior text.
Cite error: <ref> tag with name "rks" defined in <references> is not used in prior text.
Cite error: <ref> tag with name "mw" defined in <references> is not used in prior text.
<ref> tag defined in <references> has group attribute "" which does not appear in prior text.[সম্পাদনা কৰক] সাধাৰণ তথ্যসূত্ৰ
- BirdLife International (2004). Tadorna ferruginea. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 11 May 2006. Database entry includes justification for why this species is of least concern
- Madge and Burn, Wildfowl ISBN 0-7470-2201-1
- Mullarney, Svensson, Zetterstrom and Grant, Collins Bird Guide ISBN 0-00-219728-6
- http://www.birding.in/birds/Anseriformes/Anatidae/ruddy_shelduck.htm
- chakai chakoa