চেনী

Wikipedia -ৰ পৰা

চেনী হ’ল স্ফটিকাকাৰ প্রধানতঃ চুক্র’জ (sucrose), লেক্ট’জ (lactose) আৰু ফ্রুক্ট’জ (fructose)ৰ দ্বাৰা গঠিত এবিধ খাব পৰা পদার্থ । মানুহৰ জীভাই ইয়াক মিঠা সোৱাদেৰে অনুভূতি কৰে । চেনী মূলতঃ হ’ল খাদ্য বস্তুত থকা কার্ব’হাইড্রেট (carbohydrate) যি কুঁহিয়াৰত প্রচুৰ পৰিমাণে পোৱা যায় । অৱশ্যে ফলমূল, মৌ-জোল আদিতো এই উপাদান যথেষ্ট পৰিমাণে পোৱা যায় । মৰটন জাতীয় খাদ্যত চেনী হৈছে মূল উপাদান । যথেষ্ট বেছি পৰিমাণে চেনী গ্রহণ কৰিলে মানুহৰ উচ্চ মধুমেহ, দৃষ্টি শক্তি কমা, দাঁত ক্ষয় আদিৰ দৰে ৰোগ হ’ব পাৰে ।

বৈজ্ঞানৰ ভাষাত চেনী হৈছে যিকোনো মন’চেকাৰাইড বা ডিচেকাৰাইড (monosaccharide or disaccharide) । মন’চেকাৰাইড যেনে গ্লুক’জ (glucose) যাৰ সঞ্চিত ৰাসায়নিক শক্তি জীৱৰ কোষে আন শক্তিলৈ ৰূপান্তৰিত কৰে । গ্লুক’জৰ ৰাসায়নিক সূত্র হ’ল C6H12O6