টিহু-দেখাটা
|
|
এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
টিহু-দেখাটা (ইংৰাজী: Tihu-dekhata) হৈছে ইতিহাসৰ পাতত নাম নথকা ঐতিহ্যমণ্ডিত এখনি সৰু গাঁও । এই গাঁওখন বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত সৰিহ মৌজাৰ দক্ষিণ দিশত অৱস্থিত । গাঁওখনৰ আন এটা নাম হৈছে হেলনা, যিটো নামেৰে গাঁওখন জনাজাত; টিহু-দেখাটা গাঁওখনৰ বিভাগীয় নাম । টিহু-দেখাটা নামটো প্ৰকৃততে বড়োমূলীয় ভাষাৰ পৰা অহা । টিহু-দেখাটা > দিহু-দেই-খাট, ’দিহু’ মানে ’জলাহ’, ’দেই’ মানে ’পানী’ আৰু ’খাট’ মানে ’জমা হৈ থকা’ অৰ্থাৎ গাঁওখন পানী জমা হৈ থকা দ জলাহ ঠাই আছিল । গাঁওখনৰ মাজেৰে বৈ যোৱা কালদিয়া নৈৰ বানে ইয়াক কিছুপৰিমানে পুতি বসবাসৰ উপযোগী কৰি তোলে । গাঁওখনৰ মাটি দক্ষিণ দিশলৈ ক্ৰমে হেলনীয়া । হেলনা নামটোৰ ক্ষেত্ৰত বহুতৰ মতে কালদিয়া নৈখন উত্তৰ পূব পিনৰ পৰা দক্ষিণ পিনে মাগুৰী আৰু পানাৰা বিললৈ এই অঞ্চলটো ক্ৰমে হেলনীয়া হোৱা বাবে গাঁওখনৰ নাম হেলনা হোৱা বুলি কোৱা হয় । কিন্তু নামটোৰ কেতিয়া সৃষ্টি হৈছিল সঠিককৈ কোৱা টান ।
সূচী |
[সম্পাদনা কৰক] চাৰিসীমা
গাঁওখনৰ উত্তৰ দিশত বৰভালুকী গাঁওৰ একাংশ আৰু জালিখাটা গাঁওৰ একাংশ ।পূবে কোছদিগা আৰু বৰভালুকী গাঁওৰ একাংশ ।দক্ষিণে মাগুৰী আৰু বৰগাণ্ডুৱী গাঁও আৰু পশ্চিমে উপৰনৈ আৰু জালিখাটা গাঁওৰ একাংশ অৱস্থিত । মাটিকালি হিচাপত গাঁওখন প্ৰায় ডেৰ বৰ্গকিল’মিটাৰ ।
হেলনা গাঁওখন মুঠ পাঁচটা চুবুৰীৰে গঠিত -
- গাঁওখনৰ উত্তৰ মধ্যদিশৰ চুবুৰীটো হেলনা ।
- পূৱ দিশৰ চুবুৰীটো "হেলনা ঠাকুৰীয়াপাৰা" (পূৱ হেলনা) ।
- দক্ষিণ হেলনা বা বড়ো চুবা ।
- পশ্চিম হেলনা বা নলবাৰী চুবা ।
- কালদিয়া নৈৰ পশ্চিম পাৰৰ ঘোঁৰামাৰা চুবা ।