থানেশ্বৰ গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
থানেশ্বৰ গগৈ
জন্ম ১৯১৬ চন
মৃত্যু ৬ ডিচেম্বৰ ২০০০ চন
সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন

থানেশ্বৰ গগৈ (ইংৰাজী: Thaneswar Gogoi)এগৰাকী ভাৰতৰ স্বাধীনতা যুঁজৰ যুঁজাৰু আছিল৷ ১৯১৬ চনৰ ভাদ মাহৰ শুক্লা অষ্টমী তিথিত জন্ম গ্ৰহণ কৰা এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে ১৯৩৫ চনত প্ৰথম বিভাগত এণ্ট্ৰেন্স পাছ কৰি উচ্চশিক্ষাৰ অভিলাষ বাদ দি মহাত্মাৰ অনুগামী হৈ লক্ষীমপুৰ জিলাত এটি সেৱাদল গঠন কৰি স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে৷ ১৯৩৭ চনত ভাৰতৰ জননেতা পণ্ডিত জৱাহৰলাল নেহৰু লক্ষীমপুৰলৈ অহাৰ সময়ত লক্ষীমপুৰ “সেৱাদল’’ৰ সৰ্বাধিনায়ক হিচাবে তেওঁ সমাজৰ সচেতন ব্যক্তি সকলক জাগ্ৰত কৰিবলৈ গাঁৱে-ভূঁঞে দিন-ৰাতি একাকাৰ কৰি ভ্ৰমি ফুৰিছিল। ১৯৪০ চনত থানেশ্বৰ গগৈয়ে ব্যক্তিগত সত্যাগ্ৰহত যোগ দি প্ৰথম বাৰ গ্ৰেপ্তাৰ হৈ লক্ষীমপুৰ আৰু যোৰহাটৰ কাৰাগাৰত সম্পুৰ্ণ এবছৰ কাৰাবাস খাটে। ১৯৪২চনৰ ছেপ্তেম্বৰত ভাৰত ত্যাগ আন্দোলনত অংশ লৈ তেওঁ দ্বিতীয় বাৰ গ্ৰেপ্তাৰ হৈ ২ বছৰ ৬ মাহ কাল তেজপুৰ কাৰাগাৰত বন্দী হৈ থাকিব লগা হৈছিল। ১৯৪৪ চনত তেজপুৰ কাৰাগাৰৰ পৰা মুক্ত হৈ এবছৰ কাল গৃহবন্দী হৈ থাকে। ১৯৪৫ চনত তেওঁ লক্ষীমপুৰ জিলাৰ লোকেলবৰ্ডৰ সদস্য নিৰ্বাচিত হয়। ১৯৫৮চনত ভাৰতবৰ্ষত আৰম্ভ হোৱা পঞ্চায়তীৰাজ ব্যৱস্থাৰ অৰ্ন্তভুক্ত হৈ আমৃত্যু সমাজসেৱাত ব্ৰতী হয়। ১৯৭২ চনৰ ১৫ আগষ্টত থানেশ্বৰ গগৈয়ে মুক্তিযোদ্ধাৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰৰ পৰা “তাম্ৰ ফলি’’ লাভ কৰে। ২০০০ চনৰ ৬ ডিচেম্বৰত তেখেতৰ মৃত্যু হয়৷[1][2][3],[4]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. মুক্তিযোদ্ধা থানেশ্বৰ গগৈদেৱৰ জীৱনৰ কিছু কথা, যোগানন্দ গগৈ
  2. মুক্তি, গান্দী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ, ২ অক্টোবৰ, ২০১৭, সম্পাদক: জগত গগৈ
  3. নাৰায়ণপুৰৰ ইতিবৃত্ত, লুইতপৰীয়া শাখা সাহিত্য সভা, ১৮ জানুৱাৰী, ২০০৮, সম্পাদক: জগত গগৈ
  4. স্বৰ্ণজ্যোতি, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থ, সম্পাদক: চন্দ্ৰ হাজৰিকা