নাটো
নাটো (North Atlantic Treaty Organisation) হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬ খন দেশৰ এক সন্ধি ৷১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ৰেট ব্ৰিটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়৷ এই চুক্তি অনুসৰিয়েই নৰ্থ আটলাণ্টিক ট্ৰিয়েটি অৰ্গেনাইজেছন, সংক্ষেপে নাটো গঠন কৰা হয়৷ ১৯৯৯ চনত পোলেণ্ড, হাংগেৰী আৰু চেক গণৰাজ্যই নটোত যোগদান দিয়াত ইয়াৰ সদস্যৰ সংখ্যা ১৯-লৈ বৃদ্ধি পায়৷ ২০০৪ চনত আৰু কেইখনমান ৰাষ্ট্ৰই নাটোত যোগদান দিয়ে৷
[সম্পাদনা কৰক] নােটাৰ সদস্য েদশসমূহ
বেলজিয়াম, বুলগেৰিয়া, কানাডা, চেক গণৰাজ্য, ডেনমাৰ্ক, এষ্টোনিয়া, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগেৰী, আইচলেণ্ড, ইটালী, লাটভিয়া, লিথুৱানিয়া, লাক্সেমবাৰ্গ, নেদাৰলেণ্ডছ, নৰৱে, পোলেণ্ড, পৰ্টুগাল, ৰোমানিয়া, শ্লোভাকিয়া, শ্লোভেনিয়া, স্পেইন, তুৰ্কী, গ্ৰেট, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ।
এই েদশসমূহৰ মাজত সন্ধি চুক্তি অনুযায়ী ৰাজনৈতিক আৰু সামৰিক সহযোগিতাৰে নাটো চুক্তিৰ অন্তৰ্ভুক্ত দেশসমূহৰ স্বাধীনতা আৰু নিৰাপত্তা সুনিশ্চিত কৰাই হৈছে নাটোৰ মূল উদ্দেশ্য৷ সকলো সদস্যই সেনা আৰু অস্ত্ৰৰ যোগান ধৰাত বৰঙণি যোগাই আহিছে যিয়ে একেলগে নাটোৰ সামৰিক গঠন সুদৃঢ় কৰি তুলিছে৷ এই সেনাবাহিনী আৰু সম্পদ জাতীয় আদেশ আৰু নিয়ন্ত্ৰণৰ অধীনত থাকে আৰু প্ৰয়োজন অনুযায়ী (ৰাজনৈতিক জটিলতা বা বিবাদ, শান্তিৰক্ষা)নাটোক এই সেনাবাহিনীৰ আৱশ্যক হয়৷ নাটোৰ কাৰ্য্যালয়ৰ ভাষা দুটা হৈছে ইংৰাজী আৰু ফ্ৰেন্স৷ ইয়াৰ মুখ্য কাৰ্য্যালয় বেলজিয়ামৰ ব্ৰুছেলছত৷