নিউ বঙাইগাঁও জংচন ৰেল ষ্টেচন
নিউ বঙাইগাঁও ভাৰতীয় ৰেলৰ জংচন ষ্টেচন | |
---|---|
নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ নিশাৰ দৃশ্য | |
ষ্টেচনৰ তথ্য | |
ঠিকনা | বালাজী মন্দিৰ ৰোড, বঙাইগাঁও, অসম ভাৰত |
স্থানাংক | 26°28′33″N 90°32′10″E / 26.4757°N 90.5360°E |
উচ্চতা | ৫৮ মিটাৰ (190 ফুট) |
লাইন | বাৰাউনী - গুৱাহাটী পথ নিউ বঙাইগাঁও -যোগীঘোপা-কামাখ্যা শাখা নিউ বঙাইগাঁও -আলিপুৰ দুৱাৰ-শিলিগুৰি পথ |
গঠনৰ প্ৰকাৰ | সাধাৰণ মাটিত |
প্লে'টফৰ্ম | ৫ |
পাৰ্কিং | আছে |
চাইকেলৰ সুবিধা | আছে |
Baggage check | আছে |
আন তথ্য | |
মুকলি | ১৯৬৫ |
ষ্টেচন ক'ড | NBQ |
ডিভিজন | ৰঙিয়া |
অধিকাৰিত্ব | ভাৰতীয় ৰেল |
অ'পাৰেটৰ | উত্তৰ-পূব সীমান্ত ৰেলৱে |
ষ্টেচন স্থিতি | কাৰ্যক্ষম |
অৱস্থান | |
নিউ বঙাইগাঁও ৰেল জংচন বঙাইগাঁও নগৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহত আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।
ইতিহাস
[সম্পাদনা কৰক]১৯৬৩ৰ পৰা ১৯৬৫ৰ ভিতৰত নিৰ্মাণ কৰা ২৬৫ কিঃমিঃ দীঘল নিউ জলপাইগুৰি-যোগীঘোপা লাইনৰে অসমত ব্ৰডগ'জ ৰেলপথৰ সূচনা কৰা হৈছিল। বঙাইগাঁও ৰেল ষ্টেচনটো এই পথৰ বাহিৰত পৰা বাবে নিউ বঙাইগাঁও ৰেল ষ্টেচন স্থাপন কৰা হৈছিল।[1] নিউ বঙাইগাঁওৰ পৰা গুৱাহাটীলৈ নিৰ্মাণ কৰা ব্ৰডগ'জ পথ ১৯৮৪ত মুকলি কৰা হৈছিল।[2] মূলতঃ মিটাৰগ'জ ৰেলপথৰ বাবে নিৰ্মাণ কৰা শৰাইঘাট দলং ১৯৬২ত মুকলি কৰা হৈছিল। পিছলৈ এই মিটাৰগ'জ পথটো ব্ৰডগ'জলৈ সলনি কৰা হৈছিল।[3]
দ্বৈত ৰেলপথ
[সম্পাদনা কৰক]নিউ বঙাইগাঁওৰ পৰা ৰঙিয়া হৈ কামাখ্যালৈ দ্বৈত ৰেলপথ নিৰ্মাণৰ বাবে ২০১৩-১৪ বৰ্ষৰ ৰেল বাজেটত ধন অনুমোদন কৰা হৈছে।[4] শামুকতলা ৰোড আৰু নিউ বঙাইগাঁও ষ্টেচনৰ মাজত ইতিমধ্যে দ্বৈত পথ নিৰ্মাণ কৰা হৈছে।[5]
সা-সুবিধা
[সম্পাদনা কৰক]এইটো ষ্টেচনত দুটা দুখন বিচনাযুক্ত ৰিটায়াৰিং কোঠা আছে।[6]
কাৰখানা
[সম্পাদনা কৰক]নিউ বঙাইগাঁও ষ্টেচনৰ পৰা ২ কিঃমিঃ পশ্চিমে ইঞ্জিন আৰু ডবা কাৰখানা অৱস্থিত। এইটো ষাঠিৰ দশকতে স্থাপিত এই কাৰখানাত মেৰামতিৰ উপৰিও উত্পাদনৰো সুবিধা আছে।[7]
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Moonis Raza & Yash Aggarwal. "Transport Geography of India: Commodity Flow and the Regional Structure of Indian Economy". page 60. Concept Publishing Company, A-15/16 Commercial Block, Mohan Garden, New Delhi - 110059. ISBN 81-7022-089-0. http://books.google.co.in/books?id=v21-4YYgocUC&pg=PA60&lpg=PA60&dq=Muri-Chandrapura+line&source=bl&ots=2lfbxydpeo&sig=k1wlrhY-A8FVApK4K4u1NYGqLGY&hl=en&sa=X&ei=nx9yUca-D4iErQeVn4G4CA&ved=0CDgQ6AEwAjge#v=onepage&q=Muri-Chandrapura%20line&f=false। আহৰণ কৰা হৈছে: 12 May 2013.
- ↑ "IR History: Part V (1970-19950". IRFCA. http://www.irfca.org/faq/faq-history5.html। আহৰণ কৰা হৈছে: 12 May 2013.
- ↑ "50 years of Saraighat bridge". The Times of India, 7 November 2012. Archived from the original on 3 January 2013. https://archive.today/20130103140000/http://articles.timesofindia.indiatimes.com/2012-11-07/guwahati/34971728_1_bridge-stretches-assam-governor-brahmaputra। আহৰণ কৰা হৈছে: 12 May 2013.
- ↑ "Rail budget 2013: Wait for electric trains in India’s North-East gets longer". First post economy. http://www.firstpost.com/economy/rail-budget-2013-wait-for-electric-trains-in-indias-north-east-gets-longer-640672.html। আহৰণ কৰা হৈছে: 12 May 2013.
- ↑ "Rajya Sabha unstarred question no. 1677 to be answered on 7 December 2012". Ministry of Railways. http://164.100.47.5:8080/members/website/quest.asp?qref=185965। আহৰণ কৰা হৈছে: 12 May 2013.
- ↑ "Retiring rooms in Northeast Frontier Railway". Indian Railways. http://www.indianrailways.gov.in/railwayboard/uploads/retiring/retnefr1.jsp। আহৰণ কৰা হৈছে: 12 May 2013.
- ↑ "C&W Workshop, New Bongaigaon". C&W Workshop. Archived from the original on 3 November 2014. https://web.archive.org/web/20141103040547/http://cwmnbq.com/Wc48bc1ce2faa3.htm। আহৰণ কৰা হৈছে: 12 May 2013.