প্ৰিয়া শেঠ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিয়া শেঠ
জন্ম ১৯৭৫
অমৃতসৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা ৱেলহেম ছোৱালী বিদ্যালয়
ছেইণ্ট জেভিয়াৰ্ছ মহাবিদ্যালয়, মুম্বাই
নিউ ইয়ৰ্ক ইউনিভাৰ্ছিটী টিছ স্কুল অৱ দ্য আৰ্টছ
পেচা চিত্ৰগ্ৰহণকাৰী (Cinematographer)
সক্ৰিয় হৈ থকা সময় ১৯৯৬–বৰ্তমান
সংস্থা নাৰী চিত্ৰগ্ৰহণকাৰীৰ আন্তঃৰাষ্ট্ৰীয় সমূদায়
পশ্চিম ভাৰতীয় চিত্ৰগ্ৰহণকাৰী সন্থা
ভাৰতীয় মহিলা চিত্ৰগ্ৰহণকাৰী সমূদায়
জনা যায় 'এয়াৰলিফ্ট', 'ছেফ', 'বাৰা আনা'
ৱেবছাইট
priyaseth.com

প্ৰিয়া শেঠ (ইংৰাজী: Priya Seth, জন্ম: ১৯৭৫) হৈছে এগৰাকী ভাৰতীয় চিত্ৰগ্ৰহণকাৰী। পূৰ্ণদৈৰ্ঘ্যৰ ছবি, বিজ্ঞাপন, পানীৰ তলৰ দৃশ্যগ্ৰহণ আৰু ফটোগ্ৰাফীৰ বাবে তেখেত সততে পৰিচিত।[1][2] ভাৰতীয় মূলসুঁতিৰ ছিনেমাত কৰ্মৰত এমুঠিমান চিত্ৰগ্ৰহণকাৰীৰ ভিতৰত প্ৰিয়া শেঠৰ নামটো তৰ্কাতীতভাৱে ল'ব পাৰি।[3][4][5]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ভাৰতৰ অমৃতসৰত প্ৰিয়া শেঠৰ জন্ম হয়। কেথেড্ৰেল এণ্ডজন কেনন স্কুল আৰু ৱেলহেম ছোৱালী স্কুলৰ পৰা তেখেতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰে। ৱেলহেম হৈছে ডেহৰাদুনত থকা এখন বৰ্ডিং স্কুল। বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পাছত তেখেতে মুম্বাইৰ ছেইণ্ট জেভিয়াৰ্ছ মহাবিদ্যালয়ৰ পৰা অৰ্থনীতিত এটা ডিগ্ৰী অৰ্জন কৰে। আৰু ইয়াৰ পিছত নিউ ইউৰ্ক ইউনিভাৰ্ছিটি টিচ স্কুল অৱ দ্য আৰ্টছৰ পৰা এটা ছমহীয়া ছবি-নিৰ্মাণৰ পাঠ্যক্ৰম গ্ৰহণ কৰে।[6]

কৰ্মজীৱন[সম্পাদনা কৰক]

প্ৰাৰম্ভিক কেৰিয়াৰ[সম্পাদনা কৰক]

স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পাছত প্ৰিয়া শেঠে 'ক্লেপাৰ' আৰু 'ফ'কাছ পুলাৰ (সহকাৰী কেমেৰামেন)'ক প্ৰথম কাম হিচাপে গ্ৰহণ কৰে। ১৯৯৮ চনত দীপা মেহতাই নিৰ্মাণ কৰা 'আৰ্থ' ছবিত প্ৰিয়া শেঠে এই দুটা কামত জড়িত হৈছিল। ইয়াৰ পিছত তেখেতে জেন কেমপিয়নৰ 'হলি স্মোক'ত কাম কৰে। ১৯৯৯ চনত এইখন ছবিৰ আংশিকভাৱে দৃশ্যগ্ৰহণ ভাৰতত সম্পন্ন হৈছিল।[7]

পৰৱৰ্তী সময়ত প্ৰিয়া শেঠে বহুকেইটা সংগীত আৰু এফএমচিজি কোম্পানীৰ বিজ্ঞাপনত কাম কৰে। ইয়াৰ পিছত তেখেতে ছবিৰ উদ্যোগটোলৈ উভতি আহে।[8] প্ৰিয়া শেঠ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত স্কুবা ড্ৰাইভাৰ। পানীৰ তলত দৃশ্যগ্ৰহণ কৰিবলগীয়া ছবি আৰু আলোকচিত্ৰৰ ক্ষেত্ৰত প্ৰিয়া পাৰদৰ্শী।[9] বলিউডৰ "ধোবী ঘাট" আৰু "মৰ্দানী ২"ত প্ৰিয়াই পানীৰ তলত চিত্ৰগ্ৰহণকাৰী হিচাপে কাম কৰিছে।[10]

পূৰ্ণদৈৰ্ঘ্যৰ ছবি[সম্পাদনা কৰক]

প্ৰিয়া শেঠে চিত্ৰগ্ৰহণকাৰী হিচাপে জড়িত হোৱা প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল 'বাৰা আনা'। ছবিখনৰ পৰিচালকা ছিল ৰাজা কৃষ্ণ মেনন আৰু মূল অভিনয়শিল্পী আছিল নাছিৰুদ্দিন শ্বাহ। ২০১৬ চনত একেগৰাকী পৰিচালকৰ লগত প্ৰিয়াই ইতিহাসমূলক ড্ৰামা ছবি 'এয়াৰলিফ্ট' নামৰ ছবিখনত কাম কৰে। এইখন ছবিত অভিনয় কৰিছিল অক্ষয় কুমাৰ আৰু নিম্ৰত কৌৰে। সাহসী, নিভাঁজ আৰু প্ৰভাৱশালী দৃশ্যগ্ৰহণৰ বাবে ছবিখনে বিশেষ চৰ্চা লাভ কৰে।[4][11][12] ২০১৭ চনত ছেয়ফ আলী খানৰ লগত প্ৰিয়া শেঠে 'চেফ' নামৰ ছবিখনত কাম কৰে। এইখন ছবি হৈছে ২০১৪ চনত মুক্তিলাভ কৰা 'চেফ' নামৰ হলিউডৰ ছবিখনৰ ৰিমেক।[13] ২০১৮ চনত প্ৰিয়া শেঠে জিফাইভত "কৰেনজিৎ কৌৰ-দ্য আনটল্ড ষ্টৰি অৱ ছানী লিয়নি"ৰ দ্বিতীয়টো ছিজনত কাম কৰে।

২০১৭ চনত প্ৰিয়া শেঠ 'ভাৰতীয় নাৰী চিত্ৰগ্ৰহণকাৰী সমূদায়' (IWCC)-ৰ প্ৰতিষ্ঠাপক সদস্য হৈ পৰে। তেখেতৰ সতীৰ্থ চিত্ৰগ্ৰহণকাৰী হৈছে ফাউজিয়া ফাটিমা আৰু সবিতা সিং।[14]

চলচ্চিত্ৰপুঞ্জী[সম্পাদনা কৰক]

পূৰ্ণাংগ ছবি[সম্পাদনা কৰক]

বৰ্ষ নাম ভাষা
২০০৯ 'বাৰা আনা' হিন্দী
২০১৬ 'এয়াৰলিফ্ট' হিন্দী
২০১৭ 'চেফ' হিন্দী

ৱেব ছিৰিজ[সম্পাদনা কৰক]

বৰ্ষ নাম ভাষা টোকা
২০১৮ 'কৰেনজিৎ কৌৰ – দ্য আনটল্ড ষ্টৰি অৱ ছানী লিয়নি' ইংৰাজী ছিজন ২, জি-ফাইভত মুক্তি পাইছিল

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Gopalakrishnan, Aswathy (2017-10-08). "'There Is No Handwriting Of Mine That Goes Over All My Work': Interview With 'Chef' Cinematographer Priya Seth –". Silverscreen.in. https://silverscreen.in/movies/features/interviews/cinematographer-priya-seth-interview-no-handwriting-mine-goes-work/। আহৰণ কৰা হৈছে: 2020-03-29. 
  2. "'We are image makers at the end of the day'". The Hindu. 2016-03-07. https://www.thehindu.com/features/metroplus/priya-seth-cinematographer-airlift/article8323660.ece। আহৰণ কৰা হৈছে: 2020-03-29. 
  3. Uday Bhatia. "Women cinematographers: Through a more equal lens". Livemint.com. https://www.livemint.com/Leisure/atnBD2X92I66T54UTQvxQL/Women-cinematographers-Through-a-more-equal-lens.html। আহৰণ কৰা হৈছে: 2020-03-29. 
  4. 4.0 4.1 Lata Jha. "Priya Seth's camera work stands out in 'Airlift'". Livemint.com. https://www.livemint.com/Leisure/aWZMmlz7bYFPb0LctAsC7N/Priya-Seths-camera-work-stands-out-in-Airlift.html। আহৰণ কৰা হৈছে: 2020-03-29. 
  5. "100 years of ARRI - Interactive Timeline and Interviews". 100.arri.com. https://100.arri.com/interviews/event/5a02f2273ebd4d34d1a4cfb5। আহৰণ কৰা হৈছে: 2020-03-29. 
  6. Nandini Ramnath (2019-12-09). "Women cinematographers on how the mainstream ignores them: 'On the periphery'". https://scroll.in/reel/945835/women-cinematographers-speak-up-the-mainstream-is-hostile-diverse-pool-is-simply-not-available। আহৰণ কৰা হৈছে: 2020-03-29. 
  7. Film Companion (2019-12-09). "6 Women On Their First Break In Films". Archived from the original on 2020-03-29. https://web.archive.org/web/20200329190439/https://www.filmcompanion.in/6-women-on-their-first-break-in-films-rasika-dugal-deepa-mehta। আহৰণ কৰা হৈছে: 2020-03-29. 
  8. "Five Female Bollywood Cinematographers We Should Know". shethepeople.tv. https://www.shethepeople.tv/news/five-female-bollywood-cinematographers-know। আহৰণ কৰা হৈছে: 2020-12-20. 
  9. "All set for take one". The Hindu. https://www.thehindu.com/features/metroplus/all-set-for-take-one/article6986216.ece। আহৰণ কৰা হৈছে: 2020-03-29. 
  10. "www.digitalstudioindia.com/production/4158-priya-seth-on-life-and-underwater-cinematography-part-ii". digitalstudioindia.com. https://www.digitalstudioindia.com/production/4158-priya-seth-on-life-and-underwater-cinematography-part-ii। আহৰণ কৰা হৈছে: 2020-12-20. 
  11. "Why this reviewer's comment on Airlift's cinematographer is sexist". The News Minute. 2016-01-24. Archived from the original on 2021-03-04. https://web.archive.org/web/20210304191720/https://www.thenewsminute.com/article/why-reviewer%E2%80%99s-comment-airlift%E2%80%99s-cinematographer-sexist-38090। আহৰণ কৰা হৈছে: 2020-03-29. 
  12. "There's No Film a Man Can Shoot & I Can't: Airlift DOP Priya Seth". thequint.com. https://www.thequint.com/entertainment/theres-no-film-a-man-can-shoot-and-i-cant-airlift-dop-priya-seth। আহৰণ কৰা হৈছে: 2020-12-20. 
  13. "span.state.gov/achievers/priya-seth/20180303". span.state.gov. Archived from the original on 2020-03-29. https://web.archive.org/web/20200329200452/https://span.state.gov/achievers/priya-seth/20180303। আহৰণ কৰা হৈছে: 2020-12-20. 
  14. "Lights, Camera, Action: Indian female cinematographers come together to form a collective - Lifestyle News". Indiatoday.in. 2017-03-09. https://www.indiatoday.in/lifestyle/people/story/indian-female-cinematographers-collective-iwcc-fowzia-fathima-deepti-gupta-priya-seth-archana-borhade-preetha-jayaraman-lifest-964763-2017-03-09। আহৰণ কৰা হৈছে: 2020-03-29.