পৰী (ইউৰোপীয় লোককথা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পৰী (ইংৰাজী: fairy, fay, fae, fey, fair folk, বা faerie বুলিও কোৱা হয়) হৈছে ইউৰোপীয় সংস্কৃতিৰ লোককথাত বৰ্ণিত এক প্ৰকাৰৰ পৌৰাণিক সত্তা বা কিংবদন্তিমূলক জীৱ। এই পৰীক প্ৰায়ে আধ্যাত্মিক, অতিপ্ৰাকৃতিক বা অপ্ৰাকৃতিক গুণ বিশিষ্ট নৃগোষ্ঠীয় আত্মাৰ এটা ৰূপ বুলি বৰ্ণনা কৰা হয়।

পৰীৰ কথা আৰু উৎপত্তি সম্পৰ্কীয় কোনো একক উৎস নাই, বৰঞ্চ ই পৃথক পৃথক উৎসৰ পৰা পোৱা লোকবিশ্বাসৰ সংকলন। পৰীৰ উৎপত্তিৰ বিষয়ে বিভিন্ন লোক তত্ত্বৰ ভিতৰত আছে খ্ৰীষ্টান পৰম্পৰাৰ পদচ্যুত দেৱ-দূত বা দানৱ হিচাপে, পৌত্তলিকতাবাদৰ বিশ্বাসত দেৱতা হিচাপে, মৃতকৰ আত্মা, মানুহৰ প্ৰাগঐতিহাসিক পূৰ্বসূৰী বা প্ৰকৃতিৰ আত্মা হিচাপে বৰ্ণনা কৰা হয়।

কেতিয়াবা যাদুকৰী শক্তি আৰু কৌশলৰ থকা কেৱল মানুহৰ দৰে মুখাৱয়বৰ নিৰ্দিষ্ট যাদুকৰী জীৱৰ ক্ষেত্ৰতহে পৰী শব্দটো প্ৰযোজ্য হৈ আহিছে। আনহাতে কেতিয়াবা গবলিন আৰু গ্নোমৰ দৰে যিকোনো যাদুকৰী জীৱৰ বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। পৰীক কেতিয়াবা বিশেষণ হিচাপেও ব্যৱহাৰ কৰা হয়, যাৰ অৰ্থ "যাদুকৰী"ৰ সমতুল্য। এই সত্তাবোৰৰ উৎপত্তি স্থানক পৰীৰ দেশৰ বুলি কোৱা হয়।

পৰী সম্পৰ্কে থকা এটা কিংবদন্তিৰ মতে সুৰক্ষামূলক ব্যৱস্থাৰ দ্বাৰা পৰীক আঁতৰাই ৰখাৰ প্ৰয়োজনীয়তাৰ কথা কোৱা হয়। এনে কিছুমান ব্যৱস্থা হৈছে গীৰ্জাৰ ঘণ্টা, ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই কাপোৰ পিন্ধা আৰু খাদ্য আদি। পৰীবোৰে কেতিয়াবা কিছুমান নিৰ্দিষ্ট স্থানত আক্ৰমণ কৰে আৰু ধনগুলৈ (will-o'-the-wisps) ব্যৱহাৰ কৰি ভ্ৰমণকাৰীক বিপথে পৰিচালিত কৰে বুলিও ভবা হৈছিল। আধুনিক চিকিৎসা বিজ্ঞানৰ আবিৰ্ভাৱৰ আগতে অসুস্থতা, বিশেষকৈ যক্ষ্মা আৰু জন্মগত বিকৃতিৰ বাবে প্ৰায়ে পৰীক দোষাৰোপ কৰা হৈছিল।

লোককথাৰ উৎপত্তিৰ উপৰিও পৰী নবজাগৰণ যুগৰ সাহিত্য আৰু ৰোমাণ্টিক শিল্পৰ এটা সাধাৰণ বৈশিষ্ট্য আছিল আৰু ভিক্টোৰিয়ান আৰু এডৱাৰ্ডিয়ান যুগত যুক্তৰাজ্যত বিশেষভাৱে জনপ্ৰিয় আছিল। কেলটিক পুনৰুজ্জীৱনত (Celtic Revival) পৰীকো কেলটিক সাংস্কৃতিক ঐতিহ্যৰ এক নীতিগত অংশ হিচাপে প্ৰতিষ্ঠা কৰা দেখা গৈছিল।

ব্যুৎপত্তি[সম্পাদনা কৰক]

পৰীৰ ইংৰাজী ফে’ৰী (fairy) শব্দটো উৎপত্তি হৈছে প্ৰাক-আধুনিক ইংৰাজী faerie শব্দৰ পৰা, যাৰ অৰ্থ হৈছে 'পৰীৰ ৰাজ্য'। অন্যহাতে Faerie শব্দটো faie শব্দৰ লগত -erie প্ৰত্যয় যোগ হৈ সৃষ্টি হোৱা পুৰণি ফৰাচী faierie শব্দৰ পৰা উদ্ভৱ হৈছে।

পুৰণি ফৰাচী ৰোমাণ্টিকতাবাদ মতে ফেই বা ফি হৈছে যাদু বিদ্যাত পাকৈত মহিলা, আৰু যিয়ে শব্দ, শিল আৰু বনৌষধিৰ শক্তি আৰু গুণ জানিছিল।[1]

“এটা ভ্ৰম বা মোহ; পৰীৰ দেশ; সামূহিকভাৱে সেই দেশৰ বাসিন্দাসকল; ফেয়াৰী নাইটৰ দৰে কোনো ব্যক্তি” আদিক প্ৰতিনিধিত্ব কৰিবলৈ Fairy ব্যৱহাৰ কৰা হৈছিল।[1] Faie শব্দটো পৰিবৰ্তিত হৈ আধুনিক ইংৰাজী fay হৈ পৰিল আৰু faierie শব্দই fairy ৰূপ ল’লে। ‘পৰী বাস কৰা ভূ-খণ্ড’ক বুজাবলৈ এতিয়াও faery আৰু faerie শব্দ দুটা ব্যৱহাৰ কৰা হয়।

বিভিন্ন লোককথাৰ পৰম্পৰাত fairies শব্দই wee folk, good folk, people of peace, fair folk আদি বুজাবলৈ ব্যৱহাৰ কৰা হয়।[2]

বিৱৰণ[সম্পাদনা কৰক]

পখিলা সদৃশ পাখি থকা এজনী পৰী

পৰীক সাধাৰণতে দেখাত মানুহৰ আৰু যাদুকৰী শক্তি থাকে বুলি বৰ্ণনা কৰা হয়। যুগ যুগ ধৰি অতি ক্ষুদ্ৰৰ পৰা মানুহৰ সমানলৈকে বিভিন্ন আকাৰৰ পৰীৰ বিৱৰণ পোৱা গৈছে।[3] এই সৰু আকাৰৰ পৰীবোৰ স্থিৰ নহয়, যাদুকৰীভাৱে অনুমানহে কৰিব পাৰি।[4] কিছুমান সৰু পৰীয়ে নিজৰ আকৃতি বৃদ্ধি কৰিব পাৰিছিল।[5] অৰ্কনেই দ্বীপৰ (Orkney Islands) পৰীবোৰ চাপৰ, গাঢ় ধূসৰ ৰঙৰ সাজ-পোছাক পিন্ধা আৰু কেতিয়াবা কৱচ পিন্ধা বুলি বৰ্ণনা কৰা হৈছিল।[6] কিছুমান লোককথাত পৰীবোৰৰ চকু সেউজীয়া। কিছুমান পৰীৰ চিত্ৰণত জোতা পিন্ধি দেখা গৈছে, আন কিছুমানত খালী ভৰিৰে দেখা গৈছে। ভিক্টোৰিয়ান আৰু পিছৰ শিল্পকৰ্মত ডেউকা সাধাৰণতে দেখা যায় যদিও লোককথাত ডেউকা বিৰল; পৰীবোৰে যাদুৰ দ্বাৰা উৰিছিল, কেতিয়াবা ৰেগৱৰ্ট (ragwort) নামৰ এবিধ উদ্ভিদৰ কাণ্ডত বা চৰাইৰ পিঠিত বহিছিল।[7] আধুনিক চিত্ৰকল্পত দেখা পোৱা পৰীবোৰৰ প্ৰায়ে জিঞা বা পখিলাৰ দৰে পাখি থকা দেখা যায়।[8]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Kready, Laura (1916). A Study of Fairy Tales. প্ৰকাশক Boston: Houghton Mifflin Company. http://www.sacred-texts.com/etc/sft/sft07.htm. 
  2. Briggs, Katharine Mary (1976). "Euphemistic names for fairies". An Encyclopedia of Fairies. প্ৰকাশক New York: Pantheon Books. পৃষ্ঠা. 127. ISBN 0-394-73467-X. https://archive.org/details/encyclopediaoffa00brig. 
  3. Briggs (1976) p. 98.
  4. Yeats (1988) p. 2.
  5. William Godwin (1876). "Lives of the Necromancers". পৃষ্ঠা: 20. https://archive.org/details/livesnecromance04godwgoog. 
  6. "Orkneyjar – Descriptions of the Fairy Folk". http://www.orkneyjar.com/folklore/fairicks/f3.htm. 
  7. Briggs (1976) p. 148.
  8. Briggs (1976), The Fairies in English Tradition and Literature, p. 249.