বীমা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
|
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্রয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই বা য'তে প্রয়োজন দেখে {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্রবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্রত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে । |
আইন আৰু অৰ্থনীতিৰ সংজ্ঞামতে বীমা (Insurance) হ’ল এক দুৰ্যোগ ব্যৱস্থাপনা যাৰ সহায়ত সম্ভাব্য আৰ্থিক ক্ষতিৰ ক্ষতিপুৰণ দিবলৈ প্ৰয়াস কৰা হয় । বীমাৰ সংজ্ঞা হ’ল নিৰূপিত দেয়ৰ বিনিময়ত একপক্ষৰ সাম্ভাব্য ক্ষতিৰ বাবে আনপক্ষই ক্ষতি পূৰণ দিয়াৰ ব্যবস্থা । ইয়াক নিশ্চিত ক্ষুদ্ৰ ক্ষতিৰ বিনিময়ত অনিশ্চিত বৃহত্ ক্ষতিৰ পৰা ৰক্ষণা-বেক্ষণ বুলি ক’ব পাৰি ।
যি ব্যক্তিয়ে বীমা বিক্ৰী কৰা সংস্থাৰ পৰা বীমা চুক্তি ক্ৰয় কৰে তেওঁক বীমা ধাৰক বোলে । নিৰূপিত দেয় ধন(Premium) হ’ল ক্ষতিপূৰণৰ বাবত বীমা সংস্থাই দিব লগীয়া নিশ্চিত ধনৰাশিৰ ওপৰত আৰোপিত দৰ ।