ভলুকা বাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভলুকা বাঁহ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
গণ: Bambusa
প্ৰজাতি: balcooa

ভলুকা বাঁহ (বৈজ্ঞানিক নাম:Bambusa balcooa) এবিধ ডাঙৰ আকাৰৰ মজবুত বাঁহ। এই বাঁহ ভাৰত উপমহাদেশৰ থলুৱা বাঁহ যদিও বৰ্তমান অন্য দেশতো ঔদ্যোগিক ভাৱে এই বাঁহৰ খেতি কৰা হয়।

বিস্তৃতি[সম্পাদনা কৰক]

ভলুকা বাহঁ ইণ্ডোচাইনা আৰু ভাৰত উপমহাদেশৰ থলুৱা বাঁহৰ প্ৰজাতি।[1] ১৬০০ শতিকাত দক্ষিণ আফ্ৰিকাত এই বাঁহ ৰুবলৈ আৰম্ভ কৰে আৰু বৰ্তমান এই প্ৰজাতিয়ে দক্ষিণ আফ্ৰিকাত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে আৰু বহুলভাৱে এই বাঁহৰ খেতি আৰম্ভ হৈছে।

বিৱৰণ[সম্পাদনা কৰক]

অসমৰ হাবিত পোৱা এজোপা ভলুকা বাঁহ

ভলুকা বাঁহ ২৫ মিটাৰ ওখ আৰু ১৫ ছেমি পৰ্য্যন্ত ব্যাসৰ হ’ব পাৰে।[2] এই বাাঁহ অন্য বাঁহৰ প্ৰজাতিৰ তুলনাত যথেষ্ট ডাঠ হয় আৰু সেই অনুপাতে চুঙাৰ ফোঁপোলাবোৰ ঠেক আৰু সৰু হয়। ইয়াৰ গুৰত উৎপন্ন হোৱা গাঁঠিবোৰ ঘন হয়। গাঁঠিৰ বিকশিত হোৱা চেকনিবোৰো মজবুত হয়।[3]

ভলুকা বাঁহৰ গাঁজবোৰ ভোটোকা আৰু মঙহাল হয়। গাঁজৰ গাঁঠিয়ে গাঁঠিয়ে উৎপত্তি হোৱা বৌখাৰ উপৰিভাগত অসংখ্য শুঙৰ উৎপন্ন হয়।[3]

ভলুকা বাঁহে বৃষ্টিহীনতা সহিব পাৰে।

ব্যৱহাৰ[সম্পাদনা কৰক]

ভলুকা বাঁহৰ গুৰিভাগ বাঁহৰ ঘৰ নিৰ্মাণ কৰোঁতে খুঁটা হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি ৰভা-পৰলা, আচবাব আদিও নিৰ্মাণ কৰিবলৈ ভলুকা বাঁহ ব্যৱহাৰ হয়।[3]

ভলুকা বাঁহৰ গাজৰ পৰা খৰিচা তৈয়াৰ কৰা হয়।[3]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Kew World Checklist of Selected Plant Families
  2. Bambusa balcooa Archived 2007-08-29 at the Wayback Machine, OzBamboo; Retrieved: 2007-12-19
  3. 3.0 3.1 3.2 3.3 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ