ভূগোল
ভূগোল (গ্ৰীক ভাষাৰ γεωγραφία - geographiaৰ পৰা, যাৰ অৰ্থ "পৃথিৱীৰ পৃষ্ঠভাগৰ বৰ্ণনা"[1]) হৈছে ভূমি, ইয়াৰ বৈশিষ্ট, বাসিন্দাসকল, আৰু পৃথিৱীৰ পৰিঘটনাসমূহৰ অধ্যয়ন কৰা বিজ্ঞানৰ ভাগ[2]। ইংৰাজী শব্দটোৰ পোনপটীয়া অৰ্থ হ'ব "পৃথিৱীৰ বিষয়ে লিখা বা বৰ্ণনা কৰা"। "geography" শব্দটো ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন আছিল ইৰেট'স্থেনিছ (খ্ৰীষ্টপূৰ্ব ২৭৬-১৯৪)। ভূগোলৰ গৱেষণাৰ চাৰিটা পৰম্পৰাগত ভাগ হৈছে প্ৰকৃতি আৰু মানৱ পৰিঘটনাৰ বিশ্লেষণ, ভূমি অধ্যয়ন (স্থান), মানুহ-ভূমিৰ সম্পৰ্কৰ অধ্যয়ন, আৰু ভূ বিজ্ঞানৰ গৱেষণা[3]। আধুনিক ভূগোলে বিভিন্ন বিষয় সামৰি লৈ পৃথিৱী আৰু ইয়াৰ বাসিন্দা বা প্ৰকৃতিৰ জটিলতাক বুজিবলৈ চেষ্টা কৰে- কেৱল বস্তুটো কি সেয়াই নহয় কিন্তু সালসলনিৰ মাজেৰে কিদৰে আজিৰ ৰূপ পালে সেই সকলো। ভূগোলক "বিশ্বৰ বিষয়" আৰু "মানুহ আৰু ভৌতিক বিজ্ঞানৰ মাজৰ সেঁতু" বুলিও অভিহিত কৰা হৈছে। ভূগোলক মানৱ ভূগোল আৰু ভৌতিক ভূগোল এই দুটা বহল ভাগত ভগোৱা হৈছে[4][5][6]।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ "Online Etymology Dictionary". Etymonline.com. http://www.etymonline.com/index.php?term=geography. Retrieved 2009-04-17.
- ↑ "Geography". The American Heritage Dictionary/ of the English Language, Fourth Edition. Houghton Mifflin Company. http://dictionary.reference.com/browse/geography. Retrieved October 9, 2006.
- ↑ Pattison, W.D. (1990). "The Four Traditions of Geography". Journal of Geography 89 (5): 202–6. doi:10.1080/00221349008979196. ISSN 0022-1341. http://www.geog.ucsb.edu/~kclarke/G200B/four_20traditions_20of_20geography.pdf. Reprint of a 1964 article.
- ↑ http://web.clas.ufl.edu/users/morgans/lecture_2.prn.pdf
- ↑ "1(b). Elements of Geography". Physicalgeography.net. http://www.physicalgeography.net/fundamentals/1b.html. Retrieved 2009-04-17.
- ↑ Bonnett, Alastair What is Geography? London, Sage, 2008