ভূপেন্দ্ৰ নাথ বসু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভূপেন্দ্ৰ নাথ বসু

মোহন বাগান এচিৰ প্ৰথম সভাপতি
কলকাতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, বি.এন.বসু এণ্ড কোম্পানী (ল ফাৰ্ম) (প্ৰতিষ্ঠাতা)
ব্যক্তিগত তথ্য
জন্ম ১৩ জানুৱাৰী, ১৮৫৯
ৰাধানগৰ, হুগলি, পশ্চিমবঙ্গ
মৃত্যু ১৩ ছেপ্টেম্বৰ, ১৯২৪ (৬৫ বছৰ)
ৰাজনৈতিক দল ১৯১৪ চনত মাদ্ৰাজ অধিৱেশনৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি

ভূপেন্দ্ৰ নাথ বসু (ইংৰাজী: Bhupendra Nath Bose; ১৩ জানুৱাৰী ১৮৫৯ - ১৩ ছেপ্টেম্বৰ ১৯২৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ১৯১৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

ভূপেন্দ্ৰনাথ বসু ১৮৫৯ চনত পশ্চিমবঙ্গৰ খানাকুলৰ ৰাধানগৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেওঁ ১৮৭৫ চনত খানাকুলৰ কৃষ্ণনগৰ স্কুলত ভৰ্তি হয়। তাৰপিছত তেওঁ ১৮৮০ চনত কলকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা স্নাতক ডিগ্ৰী অৰ্জন কৰে। তেওঁ ১৮৮১ চনত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৮৮৩ চনত আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ আইন প্ৰতিষ্ঠান বি.এন. বসু এণ্ড কোম্পানী প্ৰতিষ্ঠা কৰিছিল, যাৰ কাৰ্যালয় বৰ্তমান কলকতাৰ টেম্পল চেম্বাৰত অৱস্থিত।

কৰ্মজীৱন[সম্পাদনা কৰক]

ভূপেন্দ্ৰনাথ বসু ১৯০৪ চনৰ পৰা ১৯১০ চনলৈকে বেঙ্গল বিধানমণ্ডলীৰ সদস্য আছিল। সেই সময়তে তেওঁ জাতীয়তাবাদী আন্দোলনৰ সৈতে জড়িত হৈ পৰিছিল। ১৯০৫ চনত তেওঁ ময়মনসিংহত অনুষ্ঠিত হোৱা বেঙ্গল প্ৰাদেশিক সন্মিলনৰ সভাপতিত্ব গ্ৰহণ কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]