লক্ষহীৰা দাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড° লক্ষহীৰা দাস
জন্ম ১৩ ফেব্ৰুৱাৰী, ১৯৩১ (৯৩ বছৰ)
শুৱালকুছি
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা কবি, গীতিকাৰ, গায়িকা, শিক্ষাবিদ

ড° লক্ষহীৰা দাস অসমৰ এগৰাকী কবি, গীতিকাৰ, গায়িকা আৰু শিক্ষাবিদ।[1] ১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত তেখেতে জন্মগ্ৰহণ কৰে। পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা।[2] গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ। প্ৰকাশিত পুথি- প্ৰথমা, গীতাৰ্ঘ্য, লক্ষহীৰাৰ গীত, প্ৰাণৰ মুক্তিধাৰা, অস্কাৰ ৱাইল্ডৰ গল্প (অনূদিত), তপসী, প্ৰাণগংঘা, সূৰ্য আৰু সাগৰৰ সাধু আদি। বহুসংখ্যক পাঠ্যপুথিৰ প্ৰণেতা। সৰাপাত আৰু লাচিত বৰফুকন চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। ১৯৬৮ চনত লাচিত বৰফুকন ছবিৰ বাবে শ্ৰেষ্ঠা নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰে। ভূপেন হাজৰিকা বঁটা প্ৰাপ্ত সুদক্ষ গায়িকা।

অন্যান্য বঁটা-সন্মা: অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনৰ কবি সন্মিলনৰ সভানেত্ৰী (১৯৭৯), অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা (১৯৯৫), সংগীতাচাৰ্য উপাধি (১৯৯৫), অসম চৰকাৰৰ শিল্পী বঁটা (২০০৩), প্ৰবীণা শ‌ইকীয়া বঁটা (২০০৯), শৈলধৰ ৰাজখোৱা বঁটা (২০১১), হাউলী বঁটা (২০১৫), ভূপেন হাজৰিকা বঁটা (২০১৯)[3] আদি। পৰিবেশ্য কলাত সামগ্ৰিক অৱদানৰ কাৰণে ড° লক্ষ্যহীৰা দাসে সংগীত নাটক একাডেমী বঁটা (২০২২) লাভ কৰে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. বৰুৱা, শান্তনু কৌশিক (২০২০). অসম ইয়েৰ বুক ২০২০. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৮৯৭. 
  2. "The Lyrical Journey of Lakshyaheera Das". Enajori.com. Archived from the original on 6 April 2020. https://web.archive.org/web/20200406144058/http://www.enajori.com/?p=652। আহৰণ কৰা হৈছে: 26 February 2020. 
  3. "Lakhya Hira Das conferred with Bhupen Hazarika award at Beltola Bohagi Utsav". The Sentinel. 20 April 2019. https://www.sentinelassam.com/guwahati-city/lakhya-hira-das-conferred-with-bhupen-hazarika-award-at-beltola-bohagi-utsav/। আহৰণ কৰা হৈছে: 26 February 2020.