লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুনঃনিৰ্দেশিত)
লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ শৈক্ষিক আৰু প্ৰশাসনীয় ভৱন
মূলমন্ত্ৰ सर्वे सन्तु निरामयाः
স্থাপিত ১ অক্টোবৰ ২০২১
(২ বছৰ আগত)
 (2021-10-01)
ধৰণ চিকিৎসা মহাবিদ্যালয়
অধ্যক্ষ অধ্যাপক (ড°) অনুপ কুমাৰ দাস[1]
স্নাতক শিক্ষাৰ্থী ১০০
স্থান চৌখাম, চাবতি, উত্তৰ লখিমপুৰ, অসম, ভাৰত
চৌহদ উপ-চহৰীয়া
ভুক্তি শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ
ৱেবছাইট www.lmchassam.org

লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Lakhimpur Medical College and Hospital) অসমলখিমপুৰ জিলাউত্তৰ লখিমপুৰত অৱস্থিত এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়।[2] ২০২১ চনৰ ১ অক্টোবৰ তাৰিখৰ পৰা ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈছিল।[3] এইখন অসমৰ অষ্টম চিকিৎসা মহাবিদ্যালয়।[2] অসমৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু অসম চিকিৎসা সঞ্চালকালয়ে মহাবিদ্যালয়খন পৰিচালনা কৰে। চিকিৎসা মহাবিদ্যালয়খন ৰাষ্ট্ৰীয় আয়ুৰ্বিজ্ঞান আয়োগৰ স্বীকৃতি প্ৰাপ্ত আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[4] মহাবিদ্যালয়খনে ২০২১-২২ শিক্ষাবৰ্ষৰ বাবে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ অনুমতি লাভ কৰিছে।[5]

অধ্যাপক (ড°) অনুপ কুমাৰ দাস চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম গৰাকী অধ্যক্ষ আৰু মুখ্য পৰিদৰ্শক।

অৱস্থান আৰু পৰিবহণ[সম্পাদনা কৰক]

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় অসমলখিমপুৰ জিলাৰ সদৰ উত্তৰ লখিমপুৰৰ চাবতি অঞ্চলৰ চৌখাম গাঁৱত অৱস্থিত। ই লখিমপুৰ বাছ আস্থান আৰু লখিমপুৰ ৰে'ল ষ্টেচনৰ পৰা প্ৰায় ৩ কিঃমিঃ নিলগত অৱস্থিত। লগতে নিকটৱৰ্তী লীলাবাৰী বিমানবন্দৰৰ পৰা প্ৰায় ৪ কিঃমিঃ নিলগত অৱস্থিত।

তথ্য উৎস[সম্পাদনা কৰক]