শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা | |
অৱস্থান | |
---|---|
নৱকাঠৰবাৰী, ঢকুৱাখনা লখিমপুৰ অসম ভাৰতবৰ্ষ ৭৮৭০৫৫ | |
প্ৰাথমিক তথ্যসমূহ | |
প্ৰকাৰ | উচ্চ মাধ্যমিক |
নীতি | স্বয়মেৱ মৃগেন্দ্ৰতা |
প্ৰতিষ্ঠাকাল | ১৯৯৭/০১/০৫ |
বিদ্যালয় সমিতি | ছেবা |
বিদ্যালয়ৰ বিভাগ | লখিমপুৰ |
অধ্যক্ষ | বনমালী সূত |
ফেকাল্টী | ২৭ |
শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা[1] ১৯৯৭ চনত বিদ্যা ভাৰতীৰ অধীনত মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনাত স্থাপিত হৈছিল আৰু পাছত ঢকুৱাখনাৰ নৱকাঠৰবাৰী গাঁৱলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল। এই বিদ্যালয়খনে ইতিমধ্যে ২০১৪ চনলৈকে একাধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০% উত্তীৰ্ণৰ হাৰ অটুট ৰখাৰ লগতে ২০০৯ চনত অষ্টম স্থান আৰু ২০১১ চনত একাদশ স্থান দখলেৰে ঢকুৱাখনাৰ ৬৫ বছৰীয়া ইতিহাস ভংগ কৰে।[2].
অৱস্থিতি
[সম্পাদনা কৰক]নৱকাঠৰবাৰী গাঁও, ঢকুৱাখনা, লখিমপুৰ অসম
শিক্ষক আৰু কৰ্মচাৰী
[সম্পাদনা কৰক]৩৫জন শিক্ষক, ৪জন সহায়ক, ৯০০ ৰো অধিক ছাত্ৰ ছাত্ৰী
শংকৰদেৱ শিশু কুঞ্জ
[সম্পাদনা কৰক]প্ৰাক প্ৰাথমিক শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিদ্যালয়খনত পৃথককৈ "শংকৰদেৱ শিশু কুঞ্জ" নামেৰে এটি চৌহদৰ ব্যৱস্থা আছে। এই চৌহদটি ২০১৪ চনৰ ১০ জানুৱাৰী তাৰিখে শুভ উদ্বোধন কৰা হৈছিল।[3]
সুবিধাসমূহ
[সম্পাদনা কৰক]ডিজিটেল শ্ৰেণীকোঠা, সাংগণনিক ব্যৱহাৰিক কোঠা, গ্ৰন্থাগাৰ, বিজ্ঞান ব্যৱহাৰিক কোঠা, প্ৰাক প্ৰাথমিক শাখাৰ বাবে সংগ্ৰহালয়, শিশু উদ্যান, VIPNET বিজ্ঞান সংঘ, বাৰ্ষিক মুখপত্ৰ "ভাৰতী"
ডিজিটেল শ্ৰেণীকোঠা
[সম্পাদনা কৰক]বিদ্যালয়খনত বিজ্ঞানৰ বিভিন্নধৰণৰ ভিডিঅ তথা বিশিষ্ট ব্যক্তিসকলৰ ভাষণ প্ৰদৰ্শন কৰিবলৈ এটি ডিজিটেল শ্ৰেণীকোঠাৰ সুব্যৱস্থা আছে।
গ্ৰন্থাগাৰ
[সম্পাদনা কৰক]কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতিত বিদ্যালয়খনত থকা পুথিভঁৰালটিত প্ৰায় ৪০০০ ৰো অধিক গ্ৰন্থ, সংবাদ পত্ৰ, হাতে লিখা আলোচনী উপলব্ধ।
Vipnet বিজ্ঞান সংঘ
[সম্পাদনা কৰক]বিদ্যালয়খনত Vipnet বিজ্ঞান সংঘ শীৰ্ষক এটি বিজ্ঞান সংঘ আছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ প্ৰকল্প, আলোচনা ইত্যাদি অনুষ্ঠিত কৰা হয়।[4]
বাৰ্ষিক মুখপত্ৰ ভাৰতী
[সম্পাদনা কৰক]বিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰখন হৈছে "ভাৰতী' যত ছাত্ৰ ছাত্ৰীসকলৰ চিন্তা প্ৰকাশ পায়। ইয়াৰোপৰিও প্ৰত্যেকটো শ্ৰেণীৰ পৰা প্ৰত্যেক বছৰে একোখনকৈ হাতেলিখা আলোচনী প্ৰকাশ পায় আৰু বছৰি দুবাৰকৈ প্ৰাচীৰ পত্ৰিকা " ঋক্ষ" প্ৰকাশ কৰা হয়।
ৱেবছাইট
[সম্পাদনা কৰক]শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাৰ ৱেবছাইট www.ssndk.com Archived 2017-01-09 at the Wayback Machine ২০১৪ চনৰ ১০ জানুৱাৰী তাৰিখে উন্মোচন কৰা হয়।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- বিদ্যালয়ৰ ৱেবছাইট Archived 2017-01-09 at the Wayback Machine
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Govt. of Assam permitted and registered institution Reg. No AS 07/HS/29 under Non-Govt. Education regulation and management Act – 2006
- ↑ "Lakhimpur Online: HSLC and AHM Toppers 2011". Archived from the original on 2016-03-05. https://web.archive.org/web/20160305202949/http://lakhipuronline.blogspot.in/2011/05/hslc-and-ahm-exams-toppers.html.
- ↑ "SSNDK News". Sankardev Shishhu Niketon Dhakuakhana. Archived from the original on 2016-02-04. https://web.archive.org/web/20160204151217/http://www.ssndk.com/2014/01/new-building-sankardev-shishu-niketon.html.
- ↑ http://www.vigyanprasar.gov.in/vipnet/vipnetnew/State.aspx?st=Assam