সৌন্দৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা


১৭ শতিকাত স্পেইনৰ মহিলাসকলে এই পেইণ্টংখনত দেখুওৱা মহিলাগৰাকীক সৌন্দৰ্যৰ মাপকাথি বুলি ভাবিছিল।

সৌন্দৰ্য (ইংৰাজী: Beauty) হ'ল কোনো ব্যক্তি, জীৱ, স্থান বা বুদ্ধিৰ এনে এক বৈশিষ্ঠ যাৰ ফলত আনন্দ, অৰ্থ বা সন্তুষ্টিৰ অনুভৱ হয়। সৌন্দৰ্যক সৌন্দৰ্যতত্ত্ব, সমাজ বিদ্যা, সমাজ মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সাংস্কৃতিক ভাবে সৌন্দাৰ্যক বিশদ ভাবে বাণিজ্যিকৰণ কৰা হৈছে। বুদ্ধিৰ সৌন্দৰ্য হৈছে নিখুততাৰ কাৰণে সংস্কৃতি বিশেষে গ্ৰহণ কৰা কৌশল। সৌন্দৰ্যক প্ৰায়ে প্ৰকৃতিৰ লগত সুষমতা আৰু সমন্বয়ৰ প্ৰতীক হিচাপে ব্যাখ্যা কৰা হয় যি আকৰ্ষণ আৰু আবেগ সৃষ্টি কৰে। যিহেতু সৌন্দৰ্য বক্তাৰ অনুভৱ সেয়ে প্ৰায়ে কোৱা হয় "সৌন্দৰ্য হ'ল দেখোঁতা জনৰ চকু"। সৌন্দৰ্য হ'ল নিজ অস্তিত্বৰ অৰ্থ সম্পৰ্কে জাগি উঠা এক প্ৰত্যয়জনক শক্তিশালী অনুভৱ। সৌন্দৰ্য এনে এক অনুভূতি যি ব্যক্তিগত অৰ্থবোৰৰ ঝংকাৰ সৃষ্টি কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]