ৰঙাফুটৰ ক'লীয়া পখিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঙাফুটৰ ক'লীয়া পখিলা (Spangle)
Female
Male
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Lepidoptera
পৰিয়াল: Papilionidae
গণ: Papilio
প্ৰজাতি: P. protenor
বৈজ্ঞানিক নাম
Papilio protenor
Cramer, 1775

ৰঙাফুটৰ ক'লীয়া পখিলা ভাৰতত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ চাতকনেজীয়া (Swallowtail butterfly) পখিলাৰ প্ৰজাতি৷

বিৱৰণ[সম্পাদনা কৰক]

Papilio protenor demetrius

ৰঙাফুটৰ ক'লীয়া পখিলাৰ মতা পখিলাৰ বৰণ গাঢ় বেঙুনীয়া বা ক'লা৷ ইয়াৰ আগফালৰ পাখি (Fore wing)ত পথালিকৈ আঁচ কিছুমান থাকে৷ পিছফালৰ পাখি ( Hind wing)ত শেঁতা হালধীয়া বা বগা দাগ থাকে৷ পাখিৰ তলৰ ফালে বৰণ ধূসৰ ক'লা৷ ইয়াৰ এন্টিনা ক'লা আৰু মূৰ, থ'ৰাক্স আৰু পেট অংশৰ বৰণ গাঢ় মটিয়া ক'লা হোৱা দেখা যায়৷

ৰঙাফুটৰ ক'লীয়া পখিলা প্ৰজননৰত অৱস্থাত

মাইকী পখিলাজনী দেখাত মতা ৰঙাফুটৰ ক'লীয়া পখিলাৰ দৰেই৷ ইয়াৰ পাখিৰ ওপৰফালটোৰ বৰণ গাঢ় মটিয়া ক'লা৷ তলৰ অংশটো মতা পখিলাৰ পাখিৰ তলৰ অংশটোৰ দৰেই৷ কেৱল আগফালৰ পাখিৰ আঁচবোৰ মাইকীজনীৰ অধিক বহল আৰু শেঁতা বৰণীয়া হয়৷ ইয়াৰ এন্টিনাও ক'লা আৰু মূৰ, থ'ৰাক্স আৰু পেট অংশৰ বৰণ গাঢ় মটিয়া ক'লা .[1]

বিস্তৃতি[সম্পাদনা কৰক]

Spangle mudpuddling with Red Helens.

ৰঙাফুটৰ ক'লীয়া পখিলা পাকিস্তান, জম্মু-কাশ্মীৰ,গড়ৱাল হিমালয়, ছিক্কিম, অসম, বাংলাদেশ, বাৰ্মা, চীন, উত্তৰ ভিয়েটনাম, লাওছ, টাইৱান, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া আৰু জাপান আদি দেশত বিস্তৃত হৈ আছে৷

জীৱন-চক্ৰ[সম্পাদনা কৰক]

ইয়াৰ পলুৰ বৰণ হালধীয়া-সেউজীয়া হয়৷ ই প্ৰধানকৈ ' Zanthoxylum alatum." নামৰ উদ্ভিদৰ অংশ খাই জীয়াই থাকে৷

ৰঙাফুটৰ ক'লীয়া পখিলাৰ লেটা সাধাৰণতে সেউজীয়া হোৱা দেখা যায়৷

স্থিতি[সম্পাদনা কৰক]

বৰ্তমানলৈকে ৰঙাফুটৰ ক'লীয়া পখিলা বিপদমুক্ত হৈ আছে [2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Bingham, C. T. (1905) Fauna of British India. Butterflies. Volume 1
  2. Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6