ৰাংকুকুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাংকুকুৰ[1]
জীৱাশ্ম কাল: Post-Pleistocene-Recent
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
পৰিয়াল: Canidae
উপপৰিয়াল: Caninae
গণ: Cuon
Hodgson, 1838
প্ৰজাতি: C. alpinus
বৈজ্ঞানিক নাম
Cuon alpinus
(Pallas, 1811)
ৰাংকুকুৰৰ বিস্তৃতি

ৰাংকুকুৰ হ'ল এচিয়া মহাদেশৰ ৰঙা-মুগা বনৰীয়া কুকুৰ৷ ঘৰচীয়া কুকুৰ বা কুকুৰনেচিয়া বাঘতকৈ ইয়াৰ ঠেং কেইটা তুলনামূলকভাৱে চুটি ,নেগুৰ জোপোহা ধৰণৰ আৰু ঘন ঘন দাঁতৰ পাৰি৷ ইয়াক Asiatic Wild Dog বুলিও জনা যায়৷ ইয়াৰ পোৱালীবোৰ জন্ম হওঁতে ধোঁৱাবৰণীয়া হয় আৰু প্ৰায় তিনি মাহৰ ভিতৰত ইটাগুৰীয়া বৰণৰ হৈ পৰে৷ ৰাংকুকুৰৰ জোমবোৰ ঋতু অনুযায়ী কম বেচি হয়৷

নামাকৰণ[সম্পাদনা কৰক]

  • Dhole(Hindi),
  • Ramkum(Kashmiri),
  • Kolsun(Marathi),
  • Kutra(Gujarati),
  • Kadu nai(Kannada),
  • Resu Kukka(Tetegu),
  • Chen nai(Malayalam/Tamil),
  • Ram kutta(Bengali),
  • Rang kukur(assamese),
  • Balia kukura(Oriyaq),
  • Farra(Ladakhi),
  • Huithou(Manipuri)

দৈহিক বিৱৰণ[সম্পাদনা কৰক]

শৰীৰৰ দৈৰ্ঘতা-90CM, ওজন ২২--18 KG.

আচৰণ[সম্পাদনা কৰক]

ৰাংকুকুৰে ছয় সাতটাকৈ জোম বান্ধি চিকাৰ কৰে আৰু চিকাৰটোৰ মৃত্যুৰ পূৰ্বেই তাৰ মাংস ভক্ষণত লাগি যায় তথা কেইঘণ্টামানৰ ভিতৰতে খাই হাড় উলিয়াই দিয়ে৷ সিহঁতে চিকাৰ কৰোঁতে চিঁচিকৈ উকিয়াই,হিঁহিয়াই আৰু খেং খেং, কেঁউ কেঁউ কৰে৷

বসবাস[সম্পাদনা কৰক]

ইফালে সিফালে ঘাহঁনি পথাৰ থকা মুক্ত হাবিত বা কাঠনিত থাকি ৰাংকুকুৰে ভাল পায়৷ Bandipur আৰু Nagerahole (Karnataka) ৰাষ্ট্ৰীয় উদ্যানত ৰাংকুকুৰ দেখা যায়৷

সংৰক্ষণ[সম্পাদনা কৰক]

বহুতো কাৰণত ৰাংকুকুৰৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাবুকিয়ে দেখা দিছে৷ তাৰ ভিতৰত বাসস্থান ধ্বংস, চিকাৰৰ অভাৱ আৰু মানৱ-পশুৰ মাজৰ সংঘাত প্ৰধান৷


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

Vivek Menonৰ Field Guide to Indian Mammals নামৰ প্ৰন্থ পৃষ্ঠা নং 79

  1. সাঁচ:MSW3 Wozencraft
  2. Durbin, L.S., Hedges, S., Duckworth, J.W., Tyson, M., Lyenga, A. & Venkataraman, A. (IUCN SSC Canid Specialist Group – Dhole Working Group) (2008). Cuon alpinus. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 22 March 2009. Database entry includes justification for why this species is endangered

বহিঃ সংযোগ[সম্পাদনা কৰক]