ৰামেশ্বৰ তেলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰামেশ্বৰ তেলী
খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩১ মে' ২০১৯
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী সাধৱী নিৰঞ্জন জ্যোতি
ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৬ মে ২০১৪
পূৰ্বসূৰী পৱন সিং ঘাটোৱাৰ
সমষ্টি ডিব্ৰুগড়
অসম বিধানসভাৰ বিধায়ক
কাৰ্যকাল
২০০১ – ২০১১
পূৰ্বসূৰী অমিয়া গগৈ
উত্তৰসূৰী অমিয়া গগৈ
সমষ্টি দুলীয়াজান
ব্যক্তিগত তথ্য
জন্ম ১৪ আগষ্ট, ১৯৭০ (৫৩ বছৰ)
দুলীয়াজান, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী
পিতৃ-মাতৃ বুধু তেলী[1]
বাসস্থান দুলীয়াজান, অসম

ৰামেশ্বৰ তেলী (ইংৰাজী: Rameswar Teli) এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ ডিব্ৰুগড় জিলাৰ দুলীয়াজানত বাস কৰে। তেওঁ বৰ্তমান ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ। ২০১৪ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ টিকটত তেওঁ সাংসদ নিৰ্বাচিত হয়। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেওঁ দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ১৭তম লোকভালৈ নিৰ্বাচিত হয় আৰু মোদী কেবিনেটত খাদ্য সংসাধন উদ্যোগৰ ৰাজ্যিক মন্ত্ৰীৰ পদৱী লাভ কৰে।

কৰ্মজীৱন[সম্পাদনা কৰক]

ৰামেশ্বৰ তেলীৰ জন্ম দুলীয়াজানত হয়। তেওঁৰ পিতৃৰ নাম বুধু তেলী। তেওঁ ২০০১ চনত অনুষ্ঠিত অসম বিধানসভা নিৰ্বাচনত দুলীয়াজান সমষ্টিৰ পৰা জয়ী হয়। আকৌ ২০০৬ চনৰ নিৰ্বাচনত জয়ী হয়।[2] ২০১১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ তেওঁৰ প্ৰতিদ্বন্দ্বী অমিয়া গগৈৰ হাতত প্ৰায় ৩০০০ ভোটত পৰাস্ত হয়।[3] ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। তেওঁ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়।

তথ্য উৎস[সম্পাদনা কৰক]