ৰিচাৰ্ড উইলিয়াম টিম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড॰ ফাদাৰ
ৰিচাৰ্ড উইলিয়াম টিম
জন্ম ২ মাৰ্চ, ১৯২৩
মিচিগান ছিটি, ইণ্ডিয়ানা, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ১১ ছেপ্টেম্বৰ, ২০২০ (৯৭ বছৰ)
ছাউথ বেণ্ড, ইণ্ডিয়ানা, আমেৰিকা যুক্তৰাষ্ট্ৰ
শিক্ষানুষ্ঠান
পেচা খ্ৰীষ্টান যাজক, শিক্ষাবিদ, জীৱবিজ্ঞানী, গৱেষক আৰু সমাজকৰ্মী
সংস্থা
বঁটা, সন্মান, পুৰস্কাৰ আদি ৰমন মেগছেছে বঁটা

ড॰ ৰিচাৰ্ড উইলিয়াম টিম (ইংৰাজী: Richard William Timm; ২ মাৰ্চ ১৯২৩ – ১১ ছেপ্টেম্বৰ ২০২০) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, খ্ৰীষ্টান যাজক, শিক্ষাবিদ, গৱেষক আৰু সমাজকৰ্মী আছিল। তেওঁ নটৰ ডেম কলেজৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তদুপৰি ১৯৭০ চনৰ পৰা ১৯৭১ চনলৈ কলেজৰ অধ্যক্ষৰ আসন শুৱনি কৰিছিল। তেওঁ ২৫০ৰো অধিক জীৱ প্ৰজাতি আৱিষ্কাৰ কৰিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯২৩ চনৰ ২ মাৰ্চ তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা ৰাজ্যৰ ছাউথ বেণ্ডত ৰিচাৰ্ড উইলিয়াম টিমৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জোছেফ আৰু মাতৃ জোছেফিন অটেন। তেওঁ চাৰজন সন্তানৰ ভিতৰত দ্বিতীয় সন্তান আছিল। তেওঁৰ বড় ভাই বব দ্বিতীয় বিশ্বযুদ্ধত মৃত্যুবৰণ কৰে। টিমৰ পিতৃ জোছেফ পুলম্যান কোম্পানীৰ এজন পে-মাষ্টাৰ আছিল।[1]

শিক্ষা জীৱন[সম্পাদনা কৰক]

টিম ছেইণ্ট মে'ৰিজ গ্ৰেড স্কুলত শিক্ষা আৰম্ভ কৰে। তাৰপিছত তেওঁ হলি ক্ৰছ সন্ন্যাস সংঘ পৰিচালিত ছেইণ্ট মে'ৰিজ হাই স্কুলত নাম ভৰ্তি কৰে।[1]

স্কুলীয়া শিক্ষা শেষ কৰি তেওঁ নটৰ ডেম বিশ্ববিদ্যালয়দৰ্শন অধ্যয়ন কৰে। ১৯৪৫ চনত তেওঁ স্নাতক ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত তেওঁ কেথলিক ইউনিভাৰ্ছিটী অৱ আমেৰিকাত নাম ভৰ্তি কৰে। এইদৰেই ১৯৫১ চনত জীৱবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৯৫২ চনত প্যাৰাছাইটোল'জী বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰে।[2]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

টিম তেওঁৰ কৰ্মৰ বাবে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। তাৰে ভিতৰত উল্লেখযোগ্য সমূহ হল:

  • ৰমন মেগছেছে বঁটা (শান্তি আৰু আন্তৰ্জাতিক বুজাপৰা)– ১৯৮৭[1]
  • আবু ছাইদ চৌধুৰী বঁটা– ১৯৮৭
  • মুক্তিযুদ্ধ মৈত্ৰী বঁটা (বাংলাদেশ চৰকাৰ)– ২০১২[3][4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]