ৱাল্ট ডিজনী

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
ৱাল্ট ডিজনী

১৯৫৪ চনত ৱাল্ট ডিজনী
জন্ম ৱাল্টাৰ এলিয়াচ ডিজনী
৫ ডিচেম্বৰ, ১৯০১[1]
হাৰ্ম'চা, চিকাগ', ইলিনইচ, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ১৫ ডিচেম্বৰ, ১৯৬৬ (৬৫ বছৰ)
বাৰ্বেঙ্ক, কেলিফ'ৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ সমাধি: ফৰেষ্ট লন মেমৰিয়েল পাৰ্ক, গ্লেনডেল, কেলিফৰ্নিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা চলচ্চিত্ৰ প্ৰযোজক,
ৱাল্ট ডিজনী কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক, পূৰ্বতে ৱাল্ট ডিজনী প্ৰডাকচন্‌চ বুলি জনাজাত
সক্ৰিয় হৈ থকা সময় ১৯২০-১৯৬৬
ৰাজনৈতিক দল ৰিপাব্লিকান
ধৰ্ম খ্ৰীষ্টান
দাম্পত্যসঙ্গী লিলিয়ান বাউণ্ডছ (১৯২৫-১৯৬৬)
সন্তান ডায়েনা মেৰী ডিজনী
শ্বেৰন মে' ডিজনী
পিতৃ-মাতৃ এলিয়াচ ডিজনী
ফ্ল'ৰা কল ডিজনী
আত্মীয়-স্বজন হাৰ্বাৰ্ট আৰ্থাৰ ডিজনী (ভ্ৰাতৃ)
ৰে'মণ্ড আৰ্নল্ড ডিজনী (ভ্ৰাতৃ)
ৰয় অলিভাৰ ডিজনী (ভ্ৰাতৃ)
ৰুথ ফ্ল'ৰা ডিজনী (ভগ্নী)
ৰনাল্ড ৱিলিয়াম মিলাৰ (জোঁৱাই)
ৰবাৰ্ট বৰ্জফেল্ট ব্ৰাউন (জোঁৱাই)
ৰয় এডৱাৰ্ড ডিজনী (ভতিজা)
স্বাক্ষৰ

ৱাল্টাৰ এলিয়াচ "ৱাল্ট" ডিজনী (৫ ডিচেম্বৰ ১৯০১, ১৫ ডিচেম্বৰ ১৯৬৬) আছিল এজন আমেৰিকান চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, চিত্ৰনাট্যকাৰ, কণ্ঠ অভিনেতা, এনিমেটৰ, উদ্যোগী, সাংস্কৃতিক প্ৰতীক [2] আৰু মানৱতাবাদী পুৰুষ । এনিমেছন ছবিৰ নিৰ্মান আৰু আৰু এনিমেছন কলাৰ বিকাশত তেখেতৰ অৱদান অতি বিশেষ বুলি কোৱা হয়। বিংশ শতিকাত মনোৰঞ্জনৰ জগতত তেওঁৰ প্ৰভাৱ লেখত ল'বলগীয়া । ভ্ৰাতৃ ৰয় অলিভাৰ ডিজনীৰ লগত মিলি তেওঁ ৱাল্ট ডিজনী প্ৰডাকচন্‌চ প্ৰতিষ্ঠা কৰে যি পিছলৈ বিশ্বৰ অন্যতম বোলছবি প্ৰযোজনা সংস্থা হৈ পৰে । সংস্থাটোক এতিয়া ৱাল্ট ডিজনী কোম্পানী বুলি জনা যায়, ইয়াৰ বছৰি লাভালাভ আজিৰ তাৰিখত প্ৰায় ৩৫ বিলিয়ন ডলাৰ ।

এজন চলচ্চিত্ৰ প্ৰযোজক হিছাপে আৰু এনিমেছন তথা থীম পাৰ্কৰ ৰূপাঙ্কনৰ বাবে ডিজনী বিশেষভাৱে জনাজাত আছিল । তেওঁ আৰু তেওঁৰ কৰ্মচাৰীসকলে মিলি বিশ্বৰ কিছুমান বিখ্যাত কাল্পনিক চৰিত্ৰৰ জন্ম দিয়ে, ইয়াৰে মিকী মাউছৰ চৰিত্ৰত ডিজনীয়ে নিজেই কণ্ঠ দান কৰিছিল । জীৱনকালত তেওঁ চাৰিটা সন্মানজনক একাডেমী বঁটা লাভ কৰে আৰু মুঠ উনপঞ্চাশটা মনোনয়নৰ মাজত এবছৰত চাৰিটাকে ধৰি বাইশটা একাডেমী বঁটা লাভ কৰে [3]। একাডেমী বঁটাৰ ইতিহাসত আন কোনো ব্যক্তিতকৈ এয়া আছিল বেছি । তেওঁ সাতটা এম্মী বঁটাও লাভ কৰিছিল । তাৰোপৰি তেওঁ নিজৰ নামটো আমেৰিকাৰ ডিজনীলেণ্ড আৰু ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্টৰ বাহিৰেও আন্তৰ্জাতিক টকিয়' ডিজনী, ডিজনীলেণ্ড পেৰিছ আৰু ডিজনীলেণ্ড হংকংক দান কৰে ।

১৫ ডিচেম্বৰ, ১৯৬৬ চনত বাৰ্বেঙ্ক, কেলিফ'ৰ্নিয়াত হাওঁফাওঁৰ কৰ্কট ৰোগত ভুগি তেওঁৰ মৃত্যু হোৱাৰ পিছৰ বছৰ ফ্ল'ৰিডাত ৱাল্ট ডিজনী ৱৰ্ল্ড ৰিজ'ৰ্ট স্থাপনৰ কাম আৰম্ভ হয় । তেওঁৰ ভ্ৰাতৃ ৰয় ডিজনীয়ে ১ অক্টোবৰ, ১৯৭১ চনত মেজিক কিংডম উদ্বোধন কৰে ।

[সম্পাদনা কৰক] তথ্যসূত্ৰ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত