ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)/Archive/7

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এই পৃষ্ঠাখন হৈছে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত হোৱা আলোচনাৰ সংৰক্ষিত পাঠ। অনুগ্ৰহ কৰি এই পৃষ্ঠাত একো নিলিখিব।
পূৰ্বৱতী পাঠ পৰৱৰ্তী পাঠ

অসমীয়া ৱিকিমিডিয়ানসকলৰ প্ৰীতিমেল আৰু কৰ্মশালা[সম্পাদনা কৰক]

অসমীয়া ৱিকিমিডিয়ানসকলৰ প্ৰীতিমেল আৰু কৰ্মশালাখনি ২/১/২০২২ তাৰিখে কামৰূপ (মহানগৰ)ভৰলুমুখস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ সভাগৃহত সুকলমে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ২৩ গৰাকী প্ৰবীণ-নবীন সদস্য আৰু শুভাকাংক্ষীয়ে অংশগ্ৰহণ কৰে। সদস্য ভাস্কৰ ভূঞাই আঁত ধৰা এই অনুষ্ঠানটি দিনৰ প্ৰায় ১১ বজাত বন্তি প্ৰজ্বলনৰে আৰম্ভ হয়। বন্তি প্ৰজ্বলন কাৰ্যসূচীত আগভাগ লয় ৱিকিপিডিয়াৰ নবীন সদস্যা কৃষ্ণা সোণোৱাল, নীলাক্ষী ডেকা আৰু প্ৰবীণ সদস্য বাবুল বৈশ্যই। ২০০২ চনত নিজা ডমেইন লাভ কৰা অসমীয়া ৱিকিপিডিয়াৰ প্ৰাৰম্ভিক সময়ৰ সদস্যসকলৰ অৱদানক স্মৰণ কৰাৰ উপৰি অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীক তেখেতৰ মৃত্যু-দিৱসত সুঁৱৰি এই বন্তিভাগ প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছৰ কাৰ্যসূচীসমূহ এনেধৰণৰঃ

(১) উপস্থিত ৱিকিপিডিয়ানসকলৰ পৰিচয়-পৰ্ব, ১১:১৫-১১:৩০
(২) ৱিকি-উদ্ধৃতিৰ পৰিচয় আৰু প্ৰায়োগিক ব্যাখ্যা আগবঢ়ায় ৱিকিপিডিয়ান চন্দন চিৰিং ফুকনে, ১১:৩৫- ১২:৩০
(৩) চাহ-বিৰতি,১২:৩০-১:০০
(৪) ৱিকিপিডিয়াৰ পৰিচয় আৰু প্ৰায়োগিক ব্যাখ্যা আগবঢ়ায় প্ৰশাসক ডাঃ গীতাৰ্থ বৰদলৈয়ে, ১:০৫-২:০০
(৫) ৱিকিডাটাৰ পৰিচয়সহ প্ৰায়োগিক ব্যাখ্যা আগবঢ়ায় সদস্য বাবুল বৈশ্যই, ২:০৫-২:৪৫,
(৬) অসমীয়া ৱিকিউৎস তথা অটিআৰএছ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায় সদস্য মৃদুল কুমাৰ শৰ্মাই, ২:৫০-৩:১৫
(৭) সদস্যা প্ৰণামিকা অধিকাৰীৰ দুখন গ্ৰন্থ যথাক্ৰমে 'ভটিয়নী সোঁতত ওভতনি যাত্ৰা' আৰু 'সুখ আৰু দুখৰ মালিতা'ৰ পৰিচয় আৰু উন্মোচন। উন্মোচকদ্বয়ঃ বাবুল বৈশ্য আৰু ৰুমী বৰা। ৩:২০- ৩:৪০
(৮) শলাগৰ শৰাই আগবঢ়ায় সদস্য নয়ন জ্যোতি নাথে। মহাবিদ্যালয় কৰ্তৃপক্ষলৈ বিশেষ কৃতজ্ঞতা আগবঢ়োৱা হয়। ৩:৪২-৩:৫০
(৯) জাতীয় সংগীত পৰিৱেশন আৰু সভাভংগ, ৩:৫১-৩:৫৩
(১০) আহাৰ গ্ৰহণ, ৩:৫৫-৪:২০

অনুষ্ঠানৰ দাতাসকল
১/ চাহ, দুপৰীয়াৰ আহাৰ আৰু সভা গৃহৰ খৰচ: প্ৰণামিকা অধিকাৰী
২/ বেনাৰ: চন্দন চিৰিং ফুকন
৩/ কমলা: ৰুমী বৰা
৪/ বিস্কুট: জোনালী বৰুৱা
৫/ পানী বটল: ঈশান জ্যোতি বৰা
৬/বন্তি প্ৰজ্বলনৰ সামগ্ৰী: নয়ন জ্যোতি নাথ

উপস্থিত সদস্য আৰু শুভাকাংক্ষীসকলৰ স্বাক্ষৰঃ

  1. চন্দন চিৰিং ফুকন
  2. ঈশান জ্যোতি বৰা
  3. ভাস্কৰ ভূঞা
  4. প্ৰিয়াংকুশ ডেকা
  5. ৰুমী বৰা
  6. জোনালী বৰুৱা
  7. বাবুল বৈশ্য
  8. কৃষ্ণা সোণোৱাল
  9. নয়ন জ্যোতি নাথ
  10. প্ৰণামিকা অধিকাৰী
  11. বিশ্বজিৎ বৈশ্য
  12. ৰাজদ্বীপ ৰাজবংশী
  13. গীতাৰ্থ বৰদলৈ
  14. মৃদুল কুমাৰ শৰ্মা
  15. পল্লবী দত্ত বৰুৱা
  16. নীলাক্ষী ডেকা
  17. অৰ্থৱ কৌশিক
  18. ঋতিক শইকীয়া
  19. দীপক জ্যোতি মহন্ত
  20. ধ্ৰুপদ ডেকা
  21. কালিন্দ্ৰ দাস
  22. পূৰবী চৌধুৰী
  23. অভিজিৎ দত্ত

ৱিকিকমন্সত অনুষ্ঠানৰ আলোকছবিসমূহ চাবলৈ- ৱিকিমিডিয়ানৰ প্ৰীতিমেল আৰু কৰ্মশালাৰ ছবি

নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২[সম্পাদনা কৰক]

অন্য ভাষাৰ ৱিকিৰ সৈতে সংগতি ৰাখি বিগত বৰ্ষসমূহৰ দৰে এই বছৰো অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথনৰ আয়োজন কৰা হৈছে। ই হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি আৰু লোকগাথাত মহিলা বিষয়ক সমল বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৱিকিপিডিয়াত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই উদ্দেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া এডিটাথন ২০২২ প্ৰকল্প পৃষ্ঠাখন সাজি উলিওৱা হৈছে। এই বছৰ প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২২-ৰ পৰা ৩১ মাৰ্চ ২০২২-লৈ চলিব। এই বছৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনে ৱিকিপিডিয়াত ৱিকি লাভ্‌ছ ফকল’ৰ প্ৰকল্পৰ লোক-সংস্কৃতিৰ বিষয়ৰ সৈতে সংগতি ৰাখি লিংগ ব্যৱধান কম কৰাৰ উদ্দেশ্যেৰে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিংগ-কেন্দ্ৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিব। এইবাৰৰ প্ৰতিযোগিতাখন সুচাৰুৰূপে চলাই নিবৰ বাবে বিচাৰক হিচাপে অভিজ্ঞ ৱিকিপিডিয়ান দিব্য দত্ত আৰু ঈশান জ্যোতি বৰাৰ নাম প্ৰস্তাৱ কৰিলোঁ। আশাকৰোঁ‌ সকলোৱে এই বিষয়ত মতামত আগবঢ়াব।---Chandan Chiring Phukon Chat 14:31, 12 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ধন্যবাদ। বিচাৰকৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিম। ঈশান জ্যোতি বৰা (বাৰ্তা) 14:58, 12 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয়[সম্পাদনা কৰক]

  1.  সমৰ্থনচাণক্য (বাৰ্তা) 14:40, 12 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2.  সমৰ্থনবাবুল বৈশ্য (বাৰ্তা) 14:51, 12 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.  সমৰ্থনঅনামিকা(চুমু) বড়া (বাৰ্তা) 15:30, 12 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4.  সমৰ্থন- অজয়  কথা-বতৰা 15:33, 12 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5.  সমৰ্থনৰাজদ্বীপ ৰাজবংশী (বাৰ্তা) 23:54, 12 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6.  সমৰ্থন৷ —-𝕂𝕦𝕝𝕕𝕙𝕒𝕣 ℝ𝕒𝕓𝕙𝕒𝕋𝕒𝕝𝕜- 13:07, 13 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7.  সমৰ্থনদীপকজ্যোতি মহন্ত (বাৰ্তা) 17:41, 21 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নহয়[সম্পাদনা কৰক]

মন্তব্য[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ প্ৰসাৰ[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ বিকাশ দিনে দিনে বৃদ্ধি হৈছে সেয়া দেখা পাইছোঁ আৰু ন ন প্ৰবন্ধ অন্তৰ্ভুক্ত হৈ গৈ আছে । কিন্তু বৰ্তমান সময়ছোৱাত আৰু অধিক প্ৰবন্ধ ৱিকিপিডিয়াত সংলগ্ন হোৱাটো প্ৰয়োজনীয় আছিল । বহুতো বিষয়ৰ গুৰুত্বপূৰ্ণ , প্ৰাসংগিক আৰু প্ৰয়োজনীয় লেখা অসমীয়া ৱিকিপিডিয়াত বিচাৰি পোৱা নাযায় । লগতে বহুতো প্ৰবন্ধ সম্পাদনা কৰাৰো প্ৰয়োজনীয়তা আছে বুলি ভাবো । হয়তো সক্ৰিয় সদস্যৰ সংখ্যা কম বাবেই এনে হৈছে । বহুতো লোকে ৱিকিপিডিয়াত প্ৰবন্ধ সন্ধান কৰে কিন্তু ৱিকিপিডিয়াত যে লেখা সম্পাদনা তথা সৃষ্টি কৰিব পাৰি সেই সম্পৰ্কে জ্ঞাত নহয় । সেই হেতুকে ৱিকিপিডিয়াৰ প্ৰসাৰ তথা ইয়াক মুক্তবিশ্বকোষ হিচাপে সবল ৰূপত প্ৰতিষ্ঠাৰ বাবে ৱিকিপিডিয়াক শিক্ষিত জনগণৰ মাজলৈ লৈ যোৱাটো আৰু তেওঁলোকক অৱগত কৰাটো ভাল হব । ই ৱিকিপিডিয়াক শক্তিশালী কৰিব বুলি ভাবো । বিজ্ঞ সকলৰ মতামত আৰু তেওঁলোকে কিবা ব্যবস্থা, পৰিকল্পনা লৈছে নেকি , এই সম্পৰ্কে জানিব বিচাৰিছোঁ । —  Baruah ranuj (বাৰ্তাবৰঙনিসমূহ) এই স্বাক্ষৰ বিহীন মন্তব্যটো যোগ কৰিছিল।

কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া এডিটাথন ২০২২[সম্পাদনা কৰক]

অন্য ভাষাৰ ৱিকিপিডিয়াত সেই অঞ্চলৰ পুৰোধা ব্যক্তিসকলৰ প্ৰবন্ধ পঢ়িলে অনুভৱ কৰিব পাৰি যে অসমীয়া ৱিকিপিডিয়াত অসমৰ অগ্ৰণী ব্যক্তিসকলৰ বিষয়ে থকা সৰহভাগ প্ৰবন্ধ তেনেই নিশকতীয়া৷ সেইবাবে এনে কিছু প্ৰবন্ধৰ উন্নীতকৰণৰ উদ্দেশ্যেৰে ২০ জুনৰ পৰা এক এডিটাথন বা অনলাইন সম্পাদনা মাৰাথনৰ আয়োজন কৰা হৈছে৷ ’গৰিয়সী’ আলোচনীৰ ২০০০ চনৰ জানুৱাৰী সংখ্যাত বিংশ শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া আৰু আন কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ তালিকা প্ৰকাশ পাইছিল। এই বিছদিনীয়া সম্পাদনা মাৰাথনত এইসকল ব্যক্তিৰ বিষয়ে থকা প্ৰবন্ধ উন্নত কৰি পাছত ইংৰাজী ৱিকিতো সংযোগ কৰা হ’ব। অধিক জানিবলৈ ৱিকিপিডিয়া:কুৰি শতিকাৰ শ্ৰেষ্ঠ অসমীয়া এডিটাথন ২০২২ পৃষ্ঠালৈ যাওক আৰু যোগদান কৰক৷ এই সম্পৰ্কীয় এখন চাইট জাননীও সংযোগ কৰা হৈছে৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 15:08, 17 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকি লাভ্ছ লিটাৰেছাৰ ২০২২[সম্পাদনা কৰক]

ৱিকি লাভ্ছ লিটাৰেছাৰ ২০২২ হৈছে ৱিকিপিডিয়া সম্প্ৰদায়ৰ এক অনলাইন সম্পাদনামেলা। এই প্ৰকল্প প্ৰথমবাৰৰ বাবে ২০২১ চনৰ পাঞ্জাবী ৱিকিপিডিয়াত পাঞ্জাবী ৱিকি সম্প্ৰদায়ে কৰিছিল। এই প্ৰকল্পত সাহিত্য আৰু পাঞ্জাবী লেখকৰ সৈতে জড়িত প্ৰবন্ধসমূহত গুৰুত্বপূৰ্ণ তথ্য, উৎস, ছবিৰে অৱদান আগবঢ়োৱা হৈছিল। এই অভিযান এতিয়া অন্য ৱিকি সম্প্ৰদায়সমূহলৈ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। আন ৱিকি সম্প্ৰদায়ৰসমূহৰ দৰে অসমীয়াতো এইবাৰ এই সম্পাদনামেলা আয়োজন কৰা হৈছে। এই সম্পাদনামেলা ১ জুলাই ২০২২-ৰ পৰা ৩১ জুলাই ২০২২লৈ চলিব। বিশেষকৈ ভাষা, সাহিত্য, সাহিত্যিক আৰু সাহিত্য সম্বন্ধীয় অনুষ্ঠান-প্ৰতিষ্ঠান সম্বন্ধীয় এই সম্পাদনামেলা মোৰ বোধেৰে এই এডিটাথনৰ জৰিয়তে তেনে সমল বৃদ্ধি কৰাৰ এয়া এক সোণালী সুযোগ। ইতিমধ্যে প্ৰকল্প পৃষ্ঠাৰ খচৰা প্ৰস্তুত কৰা হৈছে। প্ৰতিযোগিতাৰ নীতি-নিৰ্দেশনাকে ধৰি অন্যান্য দিশসম্বলিত মূল পৃষ্ঠাখন অতি সোনকালে ৰাজহুৱা কৰা হ'ব। প্ৰতিযোগিতাখনত জমা দিবলগীয়া প্ৰবন্ধসমূহৰ যথোচিত মূল্যায়ন কৰিবলৈ মই অসমীয়া ৱিকিপিডিয়াৰ ঈশান জ্যোতি বৰা আৰু নয়ন জ্যোতি নামৰ নাম মনোনীত কৰিলোঁ। @ঈশান জ্যোতি বৰা: আৰু @Nayan j Nath: ডাঙৰীয়া, আশা কৰিছোঁ, প্ৰতিযোগিতাখন নিয়াৰিকৈ চলাই নিয়াত আপোনালোক দুয়োজনে পাৰ্যমানে সহায় কৰিব। এই আলোচনাত অসমীয়া ৱিকিসমাজৰ মাননীয় সদস্যসকলৰ মতামত আশা কৰিলোঁ। - -  অজয়  কথা-বতৰা 05:16, 26 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মন্তব্য[সম্পাদনা কৰক]

  1. সমৰ্থন জনালোঁ - দিব্য দত্ত (বাৰ্তা) 06:33, 26 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2.  সমৰ্থন জনালোঁ। -Chandan Chiring Phukon Chat 07:05, 26 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. সমৰ্থন - Drnayanjyoti (বাৰ্তা) 09:18, 26 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. সমৰ্থন জনালোঁ৷ 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 16:17, 26 June 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ৱিকি লাভ্ছ লিটাৰেছাৰৰ পইণ্ট ব্যৱস্থাৰ সাল-সলনি[সম্পাদনা কৰক]

ৱিকি লাভ্ছ লিটাৰেছাৰৰ নিয়মাৱলী কেন্দ্ৰীয় মেটা পৃষ্ঠাৰ নিয়মাৱলীৰ পৰা অনুবাদ কৰি সৃষ্টি কৰা হৈছিল। কিন্তু পইণ্ট ব্যৱস্থাত বিসংগতি আৰু নিয়মাৱলীত কিছু ভুল পৰিলক্ষিত হোৱাত মই সমন্বয়ৰক্ষক হিচাপে কেন্দ্ৰীয় আয়োজক সমিতিক এই বিষয়ে অৱগত কৰিছিলোঁ। তেওঁলোকে ৱিকি উৎসত পাঁচখন পৃষ্ঠা প্ৰুফৰিড আৰু ভেলিডেট কৰাৰ বাবে ১ পইণ্ট ধাৰ্য কৰাৰ পৰামৰ্শ আগবঢ়ায়। লগতে মেটা পৃষ্ঠাৰ নিয়মাৱলীৰ ভুল হৈ থকা ৮ নং নিয়মটো আপডেট কৰাৰ কথাও উল্লেখ কৰে। কিন্তু এতিয়ালৈকে তেওঁলোকে মেটা পৃষ্ঠা আপডেট কৰা নাই। স্থানীয়ভাৱে আমি এই নিয়ম মানি চলিব পৰোঁ, যিহেতু প্ৰতিযোগিতা শেষ হ'বলৈ বেছি দিন নাই। পিছলৈ নিয়ম সলনি কৰিলে বিতৰ্কৰ সূত্ৰপাত হোৱাৰ থল আছে। সেয়ে ৰাইজৰ মতামত বিচাৰিলোঁ। নতুন নিযম অনুসৰি ৱিকিউৎসত পাঁচখন পৃষ্ঠা প্ৰুফৰিড আৰু ভেলিডেট কৰিলে ১ পইণ্ট লাভ কৰিব। বাকী আগৰ নিয়ম সমূহ একেই থাকিব। - অজয়  কথা-বতৰা 10:42, 25 July 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সমৰ্থন[সম্পাদনা কৰক]

  1.  সমৰ্থন জনালোঁ। -Chandan Chiring Phukon Chat 14:53, 25 July 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2.  সমৰ্থন জনালোঁ। ঈশান জ্যোতি বৰা (বাৰ্তা) 06:18, 26 July 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.  সমৰ্থন -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 13:59, 27 July 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মতামত[সম্পাদনা কৰক]

আনুষ্ঠানিক শিক্ষাত প্ৰয়োজনীয় সমলৰ অসমীয়া ৱিকিপিডিয়াত অন্তৰ্ভুক্তিৰ বাবে প্ৰকল্প[সম্পাদনা কৰক]

অসমীয়া ৱিকিপিডিয়াৰ দুই মুখ্য উদ্দেশ্য হৈছে সকলোৰে বাবে মুক্ত জ্ঞানৰ আয়োজন কৰা, আৰু আন্তৰ্জালত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰা। এই কথাৰ সৈতে হয়টো সকলোৱে সন্মত হ'ব যে এনে কৰোঁতে কিছু বিষয়ক আন বিষয়তকৈ অধিক প্ৰাধান্য দিয়া উচিত, ব্যৱহাৰিক কাৰণত। বৰ্তমানৰ প্ৰস্তাৱত দাবী কৰিব বিচাৰোঁ যে অসমীয়া ৱিকিপিডিয়াৰ ব্যৱহাৰ মূল্য বৃদ্ধি আৰু সমাজত বৃহত্তম প্ৰভাৱৰ বাবে আনুষ্ঠানিক শিক্ষাত প্ৰয়োজনীয় বিষয়সমূহক গুৰুত্ব প্ৰদান কৰা বাঞ্চনীয়। ইয়াৰ সমৰ্থনত তিনিটা তৰ্ক আগবঢ়াইছোঁ:

  • আনুষ্ঠানিক শিক্ষাত কোনো বিষয়ে স্থান পোৱাই এই কথাকে সূচায় যে সেই বিষয় শিক্ষাৰ্থীয়ে জনাটো গুৰুত্বপূৰ্ণ। সেয়েহে মুক্ত জ্ঞানৰ এক আন্দোলন হিচাপে ৱিকিপিডিয়াই শীঘ্ৰাতিশীঘ্ৰে তেনে সমল মুক্তভাৱে উপলব্ধ কৰোৱাটো আশা কৰা হয়।
  • ৱিকিপিডিয়া বাস্তৱত প্ৰায় মানুহে এনে তথ্যৰ বাবেই ব্যৱহাৰ কৰে যেন অনুভৱ হয়। ইংৰাজী ৱিকিপিডিয়াৰ ব্যৱহাৰো প্ৰায় স্কুল-কলেজত পঢ়োৱা বিষয় বিতংকৈ জানিবলৈ বা প্ৰজেক্ট আদিৰ বাবে অধ্যয়ন কৰিবলৈ কৰা হয়। ই অসমীয়া ৱিকিপিডিয়াৰ জনপ্ৰিয়তা বৃদ্ধিতো সহায় কৰিব।
  • কোনো ভাষা কেৱল ভাৱ প্ৰকাশৰ বাবেই নহয়। আধুনিক যুগত কাৰিকৰী জ্ঞান কোনো ভাষাত ভালকৈ উপলব্ধ নহ'লে সেই ভাষাৰ প্ৰাসংগিকতা নোহোৱা হয়, সেই ভাষা কোৱা লোকেই সেই ভাষা শিকিব নিবিচাৰে। কাৰিকৰী বিষয়ৰ প্ৰবন্ধৰ সুশৃংখলিত আৰু সহজলভ্য উপস্থাপন অসমীয়া ভাষাৰ বাবে এক অতিকৈ মহত্বপূৰ্ণ অৱদান হ'ব যেন অনুভৱ হয়। তাতে ব্যক্তিগত বা চৰকাৰী প্ৰচেষ্টাৰে নহয়, অসমীয়া ৱিকিপিডিয়াৰ দৰে মঞ্চত, ৰাইজে লগ লাগি ৰাজহুৱা প্ৰচেষ্টাৰে তেনে পদক্ষেপ লোৱাটো নিশ্চয়েই যিকোনো ভাষা-গোটৰ বাবেই গৌৰৱৰ বিষয় হ'ব। ই সেই ভাষা-গোষ্ঠীৰ উমৈহতীয়া মূল্যক দৰ্শাব।

সেয়েহে এই প্ৰস্তাৱৰ উদ্দেশ্য হ'ল:

  • অসমীয়া ৱিকিপিডিয়াত প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈকে পাঠ্যক্ৰমত থকা বিষয়সমূহ উচ্চ মানৰ সৈতে সন্নিৱিষ্ট কৰাৰ এক সুশৃংখলিত, বিস্তৃত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা তৈয়াৰ কৰা।
  • এই সমল কিদৰে ভালকৈ সজাব পৰা যায়, যাতে এটা প্ৰবন্ধ আনটোৰ সৈতে ভালকৈ লিংক হওক, তাক আলোচনা কৰা।
  • সমল তৈয়াৰ কৰাৰ পাছত কিদৰে এই সমল ৰাইজৰ মাজলৈ লৈ যোৱা হ'ব, সেই কথা আলোচনা কৰা।

সেয়ে তলত দিয়া প্ৰস্তাৱ আগবঢ়ালোঁ:

  • আৰম্ভণিতে স্কুলৰ পাঠ্যক্ৰমত থকা সকলো টপিকৰ এক তালিকা প্ৰস্তুত কৰা হওক, প্ৰত্যেক শ্ৰেণী আৰু প্ৰত্যেক বিষয়ৰ বাবে। যেনে, পঞ্চম শ্ৰেণীৰ গণিতত এইকেইটা বিষয় আছে, পঞ্চম শ্ৰেণীৰ ভূগোলত এইকেইটা বিষয় আছে, সপ্তম শ্ৰেণীৰ অৰ্থনীতিত এইকেইটা বিষয় আছে ইত্যাদি ইত্যাদি। এনে কৰিবলৈ সম্ভৱতঃ ষ্টে'ট ব'ৰ্ড, চি বি এছ ই বা আই চি এছ ইৰ পাঠ্যক্ৰমৰ সহায় ল'ব পৰা যাব।
  • ৱিকিপ্ৰকল্প আনুষ্ঠানিক শিক্ষা নামৰ এটি প্ৰকল্পৰ সৃষ্টি কৰিব পৰা যায় অসমীয়া ৱিকিপিডিয়াত, যাৰ ভিতৰত উপ-প্ৰকল্প থাকিব পাৰে এনে ধৰণৰ, ৱিকিপ্ৰকল্প প্ৰাথমিক শিক্ষা, ৱিকিপ্ৰকল্প মাধ্যমিক শিক্ষা আদি (ৱিকিপ্ৰকল্প প্ৰথম শ্ৰেণী, ৱিকিপ্ৰকল্প দ্বিতীয় শ্ৰেণী আদি নাম ৰখাৰ কথাও ভাবিব পৰা যায়, কিন্তু এনে কৰাতো হয়টো ৱিকিপিডিয়াৰ ষ্টাইলৰ সৈতে খাপ নাখাব, যিহেতু ৱিকিপিডিয়া বিশ্বকোষহে, এনে নাম সম্ভৱতঃ ভগ্নী প্ৰকল্প ৱিকিবিশ্ববিদ্যালয়ৰ সৈতেহে অধিক খাপ খাব, কিন্তু অসমীয়াত সেই প্ৰকল্প উপলব্ধ নহয়)। ৱিকিপিডিয়াৰ ভিতৰত ভিন ভিন বিষয়ৰ প্ৰকল্প থকাৰ এই ব্যৱস্থা ইংৰাজী ৱিকিপিডিয়াত দেখা যায়, যেনে WikiProject Economics, WikiProject Physics আদি। বৰ্তমানৰ এই প্ৰস্তাৱত কিন্তু ইংৰাজী ৱিকিপিডিয়াৰ Wikiproject সমূহতকৈ অধিক শৃংখলতা বজাই ৰখাৰ কথা কোৱা হৈছে, কাৰণ বৰ্তমানৰ প্ৰস্তাৱৰ বিপৰীতে ইংৰাজী ৱিকিপিডিয়াৰ WikiProjectসমূহত পূৰ্বনিৰ্ধাৰিত তালিকা সাধাৰণতে নাথাকে। আন এক পাৰ্থক্য হ'ল, ইংৰাজী ৱিকিপিডিয়াত কেৱল বিষয় লৈ প্ৰকল্প তৈয়াৰ কৰা হৈছে, কিন্তু বৰ্তমানৰ প্ৰস্তাৱত বিষয় আৰু শিক্ষাৰ মান দুয়োৰে আধাৰত উপ-প্ৰকল্পসমূহ তৈয়াৰ কৰা হ'ব।
  • তালিকাসমূহৰ যি যি বিষয় অসমীয়া ৱিকিপিডিয়াত নাই, সেই বিষয় সদস্যসমূহে নিজৰ সুবিধা অনুযায়ী লিখিব পাৰে। ঠিক তেনেদৰে বৰ্তমানে উপলব্ধ প্ৰবন্ধসমূহো বহলাব পাৰে। লিখন কাৰ্যত উৎসাহ যোগাবলৈ এডিটাথন, পদকৰ ব্যৱস্থা, সাময়িক লক্ষ্যৰ ৰাজহুৱা ঘোষণা আদি কৰিব পৰা যায়।
  • প্ৰকল্পসমূহৰ ভিতৰত বিভিন্ন প্ৰবন্ধৰ গুৰুত্ব আলোচনাৰ মাজেৰে নিৰ্ধাৰিত কৰিব পৰা যায়, আৰু খুব সম্ভৱ সেই ক্ৰমতেই প্ৰবন্ধ লিখিব পৰা যায়। এনে "Importance scale" ইংৰাজী ৱিকিপিডিয়াতো দেখা যায়। উদাহৰণস্বৰূপে Rational Choice Theory প্ৰবন্ধটো WikiProject Economicsত High Importance আৰু WikiProject Politicsত Mid Importance বুলি চিহ্নিত কৰা হৈছে।
  • প্ৰকল্পসমূহৰ পৃষ্ঠা আৰু সাঁচ তৈয়াৰ কৰি, সেই প্ৰকল্পৰ আন প্ৰবন্ধৰ সৈতে দিয়া হোৱা প্ৰবন্ধৰ সম্বন্ধ দৰ্শাব পৰা যায়, যিদৰে বৰ্তমানেও কৰা হৈয়েই আছে বিভিন্ন প্ৰবন্ধ শৃংখলত।
  • স্কুলৰ পাঠ্যক্ৰমৰ সন্তোষজনক মান থকা সকলো প্ৰবন্ধৰ অন্তৰ্ভুক্তিৰ পাছত লাহে লাহে উচ্চ শিক্ষাৰ দিশে আগবাঢ়িব পৰা যায়। সেই স্তৰ অহালৈ নিশ্চয় কিছু সময় আছে, আৰু আলোচনা কৰাৰ সুবিধাও আছে।
  • ৱিকিপিডিয়াৰ এই সমল টাৰ্গেট অডিয়েঞ্চৰ ওচৰলৈ কেনেকৈ লৈ যাব পৰা যায়, সেই কথাৰ বিষয়ে বৰ্তমানে ইয়াত লিখাৰ অৱস্থাত মই নাই। ঠিক তেনেদৰেই শিক্ষাগুৰু আৰু অন্যান্য অংশীদাৰক কিদৰে জড়িত কৰিব পৰা যায়, সেই কথাও মই ইয়াত আলোচনা কৰিব পৰা অৱস্থাত নাই। আন সদস্যসকলে ভাল পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ।

এই প্ৰস্তাৱৰ কিছু সীমাবদ্ধতা আৰম্ভণিতেই মনলৈ আহে:

  • ৱিকিপিডিয়াত প্ৰবন্ধসমূহ লিখাৰ ধৰণ স্কুলৰ কিতাপৰ পাঠত লিখাৰ ধৰণতকৈ বহু বেলেগ। কাৰণ ৱিকিপিডিয়া এখন বিশ্বকোষহে, পাঠ্যপুথি নহয়। ৱিকিপিডিয়াৰ উদ্দেশ্য expositionহে, pedagogy নহয়। তৎস্বত্তেও ইংৰাজী আদি ভাষাৰ ৱিকিপিডিয়া শিক্ষাৰ্থীয়ে বহুলভাৱে ব্যৱহাৰ কৰে। অসমীয়া ৱিকিপিডিয়াক অন্ততঃ তেনে ব্যৱহাৰৰ বাবেই তৈয়াৰ কৰিব পৰা যায়। ৱিকিপিডিয়াৰ বৰ্তমানৰ বিশ্বকোষীয় লিখনশৈলী সলোৱাৰ কোনো প্ৰশ্নই নুঠে, ৱিকিপিডিয়া প্ৰথমে আৰু সম্পূৰ্ণৰূপে এখন বিশ্বকোষহে।
  • স্কুলীয়া শিক্ষাত প্ৰায় একে বিষয়কে গভীৰতাৰ ভিন্ন স্তৰত ভিন ভিন শ্ৰেণীত উপস্থাপন কৰা হয়। উদাহৰণস্বৰূপে, দশম শ্ৰেণীৰ পদাৰ্থ বিজ্ঞানত যি বস্তু সৰল কৰি সাধাৰণ বীজগণিতেৰে বুজোৱা হয়, সেই বিষয় একাদশ শ্ৰেণীত কেলকুলাছৰ সহায়ত বুজোৱা হয়। ৱিকিপিডিয়াত সধাৰণতে এটি বিষয়ৰ বাবে এটাই মাথো প্ৰবন্ধ ৰখা হয়। কিছু ব্যতিক্ৰম আছে, যেনে ইংৰাজী ৱিকিপিডিয়াত কোৱাণ্টাম বলবিজ্ঞানৰ বাবে দুটা প্ৰবন্ধ আছে, এটা সৰল, আৰু এটা জটিল। অসমীয়া ৱিকিপিডিয়াতো যেতিয়া অপৰিহাৰ্য হয়, হয়টো তেনে কৰিব পৰা যাব। কিন্তু এনেদৰে সঘনাই কৰিলে বিশৃংখলতাৰহে সৃষ্টি হ'ব যেন ভাৱ হয়।

এই সীমাবদ্ধতাকেইটা হয়টো আঁতৰাব পৰা নাযাব। তথাপিও এই প্ৰকল্পই জৰুৰী কাৰিকৰী জ্ঞান সুসংগঠিতভাৱে অসমীয়া পাঠকলৈ আগবঢ়াব পাৰিব বুলি বিশ্বাসী।

সুদূৰ ভৱিষ্যত:

এই প্ৰকল্প ভালদৰে আগুৱাই গ'লে আগলৈ ওপৰত উল্লিখিত সমস্যা সমাধান কৰিব পৰা যাব বুলি বিশ্বাস কৰোঁ। তদুপৰি এই পৰিকল্পনা বিস্তাৰো কৰিব পৰা যাব।

ৱিকিপিডিয়াতে আৰম্ভ কৰি, পাছলৈ যেতিয়া প্ৰায়বোৰ সমল উপলব্ধ হ'ব (আৰু বৰ্তমানে চলি থকা ৱিকিউদ্ধৃতিৰ প্ৰাৰম্ভিক কাম শেষ হৈ যেতিয়া ই ৱিকিপিডিয়া আৰু ৱিকিউৎসৰ দৰে এক নিজা ডমেইন থকা সুস্থিৰ প্ৰকল্প হৈ পৰিব), ভগ্নী প্ৰকল্প ৱিকিগ্ৰন্থত সঠিকভাৱে পাঠ্যপুথিৰ আকাৰত এই সমল তুলি ধৰিব পৰা যাব, যি হ'ব পাৰিব বিভিন্ন স্তৰৰ, বিভিন্ন দৃষ্টিভংগীৰ আৰু ভিন ভিন কামত ব্যৱহাৰ কৰিব পৰা। তদুপৰি, এই মুক্ত পাঠ্যপুথিসমূহ ৱিকিবিশ্ববিদ্যালয়ত ভালদৰে সজাই, তাৰ লগতে অনুশীলনী, প্ৰজেক্ট আদি যোগ কৰি, ৱিকিপিডিয়াত কৰাৰ দৰেই প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈকে এক comprehensive ব্যৱস্থা তৈয়াৰ কৰি, এক উচ্চ মানৰ, মুক্ত শিক্ষাৰ সমল অসমৰ ৰাইজলৈ আগবঢ়াব পৰা যায়।

সামৰণি

এই পৰিকল্পনাৰ বিষয়ে আপোনালোক সকলোৱে নিজৰ মত, পৰামৰ্শ, আশংকা আদি আগবঢ়াব বুলি আশা ৰাখিলোঁ। IKHazarika (বাৰ্তা) 13:08, 2 October 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মতামত[সম্পাদনা কৰক]

  1. গুৰুত্বপূৰ্ণ প্ৰস্তাৱ। অনামিকা(চুমু) বড়া (বাৰ্তা) 13:22, 2 October 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. খুব সুন্দৰ প্ৰস্তাৱ। ৱিকিপ্ৰকল্প গণিত/প্ৰাথমিক, ৱিকিপ্ৰকল্প গণিত/মাধ্যমিক এনেদৰে কৰিলে ভাল হ’ব। যেনে-
  1. প্ৰস্তাৱটোলৈ আদৰণি জনাইছোঁ। -Chandan Chiring Phukon Chat 15:14, 2 October 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. খুব সুন্দৰ প্ৰস্তাৱ। দিব্যদাৰ পৰামৰ্শ ভাল লাগিছে। ≈ MS Sakib  «কওক...» 10:40, 25 November 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩[সম্পাদনা কৰক]

অন্য ভাষাৰ ৱিকিৰ সৈতে সংগতি ৰাখি বিগত বৰ্ষসমূহৰ দৰে এই বছৰো অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথা এডিটাথনৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছোঁ। ই হৈছে ৱিকিপিডিয়াত বিশ্বৰ বিভিন্ন অঞ্চলৰ লোক-সংস্কৃতি আৰু লোকগাথাত মহিলা বিষয়ক সমল বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ৱিকিপিডিয়াত আয়োজিত এক আন্তঃৰাষ্ট্ৰীয় অনলাইন প্ৰবন্ধ ৰচনা প্ৰতিযোগিতা। এই উদ্দেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ প্ৰকল্প পৃষ্ঠাখন সাজি উলিওৱা হৈছে। এই বছৰৰ প্ৰস্তাৱিত প্ৰতিযোগিতাখন ১ ফেব্ৰুৱাৰী ২০২৩-ৰ পৰা ৩১ মাৰ্চ ২০২৩-লৈ চলিব। এই বছৰ নাৰীবাদ আৰু লোকগাথা এডিটাথনে ৱিকিপিডিয়াত ৱিকি লাভ্‌ছ ফকল’ৰ প্ৰকল্পৰ লোক-সংস্কৃতিৰ বিষয়ৰ সৈতে সংগতি ৰাখি লিংগ ব্যৱধান কম কৰাৰ উদ্দেশ্যেৰে নাৰীবাদ, নাৰীৰ জীৱনী আৰু লিংগ-কেন্দ্ৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিব। এইবাৰৰ প্ৰতিযোগিতাখন সুচাৰুৰূপে চলাই নিবৰ বাবে বিচাৰক হিচাপে অভিজ্ঞ ৱিকিপিডিয়ান দিব্য দত্ত, প্ৰণামিকা অধিকাৰী আৰু বাবুল বৈশ্যৰ নাম প্ৰস্তাৱ কৰিলোঁ। আশাকৰোঁ‌ সকলোৱে এই বিষয়ত মতামত আৰু পৰামৰ্শ আগবঢ়াব। এই বিষয়ে বহুমতত উপনীত হ'লে ফাউণ্টেন টুলটো সাজিব পৰা যাব।-Chandan Chiring Phukon Chat 18:08, 24 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সমৰ্থন[সম্পাদনা কৰক]

  1.  সমৰ্থনচাণক্য (বাৰ্তা) 18:16, 24 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2.  সমৰ্থন অনামিকা(চুমু) বড়া (বাৰ্তা) 18:22, 24 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3.  সমৰ্থন Pranamikaadhikary (বাৰ্তা) 18:37, 24 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4.  সমৰ্থন ঈশান জ্যোতি বৰা (বাৰ্তা) 19:41, 24 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5.  সমৰ্থন -Nayan j Nath (বাৰ্তা) 01:18, 25 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 03:28, 25 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিৰোধ[সম্পাদনা কৰক]

মন্তব্য[সম্পাদনা কৰক]

সন্মানীয় সদস্য, মই নিজকে ইয়াৰ বাবে যোগ্য বিবেচনা নকৰোঁ৷ অনুগ্ৰহ কৰি মোক অধিক শিকিবলৈ সুযোগ দিয়ক৷ Pranamikaadhikary (বাৰ্তা) 18:20, 24 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Pranamikaadhikary আপোনাৰ মতামতৰ প্ৰতি সন্মান জনাই কুলধৰ ৰাভাৰ নামটো তৃতীয়গৰাকী বিচাৰক হিচাপে প্ৰস্তাৱ কৰিলোঁ। আশাকৰোঁ সমৰ্থন জনাব।-Chandan Chiring Phukon Chat 18:26, 24 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ধন্যবাদ৷ Pranamikaadhikary (বাৰ্তা) 18:33, 24 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সন্মানীয় সতীৰ্থবৃন্দ, অস. ৱিকিপিডিয়াত কিছু সক্ৰিয় হৈ আছোঁ যদিও বিচাৰকৰ গুৰুদায়িত্বভাৰ ল’ব পৰাকৈ মই এতিয়া অপাৰগ। —𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 03:28, 25 December 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মাননীয় সদস্যসকলৰ ভোটদান আৰু কুলধৰৰ মতামতৰ প্ৰতি সন্মান জনাই বাবুল দা আৰু দিব্য দাৰ নাম বিচাৰকৰ বাবে চূড়ান্ত কৰা হ'ল। ---Chandan Chiring Phukon Chat 16:20, 11 January 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]