অংক

অসমীয়া ৱিকিপিডিয়াৰ পৰা


অংক (ইংৰাজী: Digit) সংখ্যাবোধক চিন। অংক ১০ টা:- ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮ আৰু ৯। ইহঁতৰ যিকোনো পাৰ্থিৱ অথবা অপাৰ্থিৱ ৱস্তু আদিৰ অস্তিত্ব বুজাব পৰা ক্ষমতা আছে। সংখ্যাবোধক নহয় অথচ নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিব পৰা চিহ্ন '০' ৰ সৈতে লগ লাগি অংকবোৰে অন্য সংখ্যাবোৰৰ সৃষ্টি কৰে। অংকবোৰক প্ৰাথমিক সংখ্যা বুলিব পাৰি। সাধাৰণ অৰ্থত হিচাপ সম্পৰ্কীয় সংখ্যাৰ সমাধান বিচৰা পদ্ধতিক অংক বোলে।