অকণ (সচিত্ৰ শিশু আলোচনী)
অকণ(সচিত্ৰ শিশু আলোচনী) অসমীয়া ভাষাৰ এখনি শিশু আলোচনী। হেমচন্দ্ৰ গোস্বামী সম্পাদিত[1] এই আলোচনীখন ১৯১৬ চনত কলকাতাৰ পৰা প্ৰকাশ হৈছিল। প্ৰকাশক লোহিত চন্দ্ৰ ভূঞা। আলোচনীখনৰ প্ৰকাশ ১৯১৯ চনত বন্ধ হৈছিল৷[2] অকণ সম্বন্ধে লক্ষ্মীনাথ ফুকনৰ মন্তব্য আছিল,
কেইবাখনো শিশু আলোচনী ’অকণ’ৰ পিছত ওলাল আৰু মৰিল; পিছে এখনেও ’অকণ’ক চেৰ পেলাব পৰা নাছিল, যদিও শ্ৰীহৰেন্দ্ৰনাথ শৰ্মাৰ “পখিলা’’ই একে ফুটতে উঠি “অকণ’’ক ছোওঁ ছোওঁ কৰিছিলগৈ। হাতীদঁতীয়া বগা মিহি কাগজ, ফটফটীয়া ছপা আখৰ আৰু দুই তিনিৰঙীয়া আকৰ্ষণীয় ছবিয়ে অকণৰ জেউতি বঢ়াইছিল। সেইবোৰৰ লগতে সোণত সুৱগা চৰাইছিল শিশু উপযোগী প্ৰবন্ধ, গল্প, কবিতা আদিয়ে। ’’[2]
উল্লেখযোগ্য, বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদনাত ১৯৩৫ চনত “অকণ’’ নামৰ আন এখন শিশু আলোচনী প্ৰকাশ পায়৷[1]
বিৰিঞ্চি কুমাৰ বৰুৱাৰ “অকণ’’
[সম্পাদনা কৰক]১৯৩৩ চনত (১৯৩৫ চন[1]) “অকণ’’ নামৰ আন এখন শিশু আলোচনী প্ৰকাশ পায়৷ সম্পাদক আছিল বিৰিঞ্চি কুমাৰ বৰুৱা৷ ই অসমীয়া ভাষাৰ পঞ্চমখন শিশু আলোচনী৷[2] প্ৰথম বৰ্ষত প্ৰথম আৰু দ্বিতীয় সংখ্যা দুটা একেলগে প্ৰকাশ পাইছিল৷ যতীন্দ্ৰনাথ দুৱৰাৰ “বিহু’’ নামৰ কবিতা, শ্ৰীকৃপাবৰ বৰবৰুৱাৰ “নাতি-নাতিনীৰ ভিতৰত বৰবৰুৱা’’, অতুল চন্দ্ৰ হাজৰিকাৰ “অৱন্তি কোঁৱৰ’’, ডা° চিৰাজুদ্দিন আহমদৰ “অপূৰ্ব্ব ত্যাগ’’, সচিত্ৰ “বাৰ্হুদ স্তূপ’’, ভোলানাথ ডেকাৰ “বান্দৰৰ মুৰুখালি’’, শ্ৰীকৃষ্ণ দত্ত হাজৰিকাৰ “সৌৰ জগত’’, ডা° শৰৎ চন্দ্ৰ বৰুৱাৰ “ওকণী’’, শ্ৰীৰামচন্দ্ৰ দাসৰ “হাঁহি-ধেমালি’’, কমলানন্দ ভট্টাচাৰ্যৰ গীত-(ৰৈ ৰৈ কেতেকী বিনাৱ...শীৰ্ষক), পৰাগধৰ চলিহা, যশোদা কুমাৰী গগৈৰ সাঁথৰ আদি প্ৰকাশ হৈছিল৷ এটা সংখ্যাত “শব্দ যোজনা’’ প্ৰকাশ পাইছিল৷ আলোচনীখন সাত বছৰ ধৰি প্ৰকাশ পাইছিল৷ আলোচনীখন নগাঁওৰ শেৱালি প্ৰেছত ক্ষীৰোদ কুমাৰ বৰুৱাৰ দ্বাৰা প্ৰকাশিত হৈছিল৷[2]