সমললৈ যাওক

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী
স্থাপিত ১২ জানুৱাৰী ২০২১
ধৰণ ৰাজহুৱা
সভাপতি চিত্ৰা চৰকাৰ
সঞ্চালক অশোক পুৰাণিক
স্নাতক শিক্ষাৰ্থী ১০০
স্থান চাংচাৰি, অসম, ভাৰত
26°15′08″N 91°41′44″E / 26.2523°N 91.6956°E / 26.2523; 91.6956স্থানাংক: 26°15′08″N 91°41′44″E / 26.2523°N 91.6956°E / 26.2523; 91.6956
ৱেবছাইট aiimsguwahati.ac.in

অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, গুৱাহাটী বা চমুকৈ এইম্‌ছ গুৱাহাটী অসমকামৰূপ জিলাৰ চাংচাৰিত অৱস্থিত এখন ৰাজহুৱা চিকিৎসা প্ৰতিষ্ঠান। ২০১৭ চনৰ ২৬ মে’ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল।[1] ২০২১ চনৰ ১২ জানুৱাৰী তাৰিখে ভাৰতীয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধনে ভিডিঅ’ কন্‌ফাৰেঞ্চৰ যোগেৰে এইম্‌ছ গুৱাহাটীৰ পাঠদানৰ উদ্বোধন কৰে।[2] প্ৰথম পৰ্যায়ত ইয়াত চিকিৎসা-বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ ১০০ খন আসনৰ ব্যৱস্থা আছে। ভঙাগড়ত অৱস্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অস্থায়ী চৌহদৰ পৰা ইয়াৰ কাম-কাজ আৰম্ভ কৰা হৈছিল। উৰিষ্যাৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, ভুৱনেশ্বৰ বা চমুকৈ এইম্‌ছ ভুৱনেশ্বৰ হৈছে এইম্‌ছ গুৱাহাটীৰ মেণ্টৰ।

২০২১ চনৰ ১২ জানুৱাৰীত তদানীন্তন কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড॰ হৰ্ষ বৰ্ধনে শিক্ষাৰ্থীসকলৰ প্ৰথম দলৰ বাবে শৈক্ষিক কাৰ্যসূচী উদ্বোধন কৰিছিল। ২০২০-২১ শিক্ষাবৰ্ষত কাৰ্যকৰী হোৱা চাৰিখন এইম্‌ছৰ ভিতৰত ৫০ গৰাকী এম.বি.বি.এছ. শিক্ষাৰ্থীৰ সৈতে প্ৰতিষ্ঠানখনে শিক্ষাবৰ্ষ আৰম্ভ কৰে।[2] ২০২২ চনৰ মাৰ্চ মাহত প্ৰতিষ্ঠানটো চাংচাৰিত অৱস্থিত স্থায়ী চৌহদলৈ স্থানান্তৰিত হৈছে। ২০২৩ চনৰ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইমছ, গুৱাহাটী আৰু অসমৰ আন তিনিখন চৰকাৰী চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে।[3]

সেৱাসমূহ

[সম্পাদনা কৰক]

প্ৰতিষ্ঠানটোত ২৫টাতকৈ অধিক বিশেষত্ব আৰু ছুপাৰ-স্পেচিয়েলিটী বিভাগৰ সৈতে বহিৰ্বিভাগৰ সেৱা আৰু ৰোগ-নিৰ্ণয় সেৱাৰ বাহিৰে ৭৫০খন বিছনাযুক্ত চিকিৎসালয় থাকিব। আয়ুষৰ অধীনত সেৱা প্ৰদানৰ বাবে এক পৃথক সুবিধাও উপলব্ধ হ’ব।

তথ্য উৎস

[সম্পাদনা কৰক]