অনাভেদী যৌনক্ৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সমকামীৰ আঙুলি সঞ্চালন

অনাভেদী যৌনক্ৰিয়া হৈছে অন্তৰ্ভেদী যৌন সংগমৰ বিপৰীত, অৰ্থাৎ এনেকুৱা যৌন সম্পৰ্কত কোনো শিশ্ন বা লিংগ প্ৰৱেশ কৰোৱা নহয়। এনে যৌন কাৰ্য্যৰ ভিতৰত আছে চুমা, মৰ্দন বা লেহন আদি। অনাভেদী যৌন সম্পৰ্ক শৃংগাৰৰ দৰে হ'লেও মূলতঃ সেয়া নহয়। [1] [2] [3] বহুতে হয়তো ইয়াক মৌলিক যৌন কাৰ্য্য হিচাপে বা কেৱল প্ৰেমৰ প্ৰকাশ হিচাপে ব্যৱহাৰ কৰিব পাৰে। [4] [5] [6]

আধুনিক যুগত এই অবিভাজিত বা অনাভেদী যৌন কাৰ্য্যই মূলসুঁতিৰ যৌনতাত প্ৰৱেশ কৰিছে আৰু ইয়াক ‘যৌন সম্পৰ্ক’ৰ এক প্ৰকাৰ বুলি গণ্য কৰা হয়।

সংজ্ঞা আৰু চৰ্চা[সম্পাদনা কৰক]

সাধাৰণ[সম্পাদনা কৰক]

যদিওবা অনাভেদী যৌন সম্পৰ্কৰ সংজ্ঞাৰ পৰা বুজা যায় যে এনে কাৰ্য্যত কোনো ধৰণৰ যৌন প্ৰৱেশক্ৰিয়া জড়িত নহয়, তথাপিও কিছুমান বিশেষ পদাৰ্থৰ দ্বাৰা প্ৰৱেশ বা মৌখিক যৌন সম্পৰ্কক যৌন সম্পৰ্কৰ অংশ বুলি গণ্য কৰা হয়। [1] [2] [3] [4] [5]

ঘৰ্ষণ বা ঘৰ্ষকাম[সম্পাদনা কৰক]

যৌন উত্তেজনা বৃদ্ধি কৰিবলৈ দুজন পুৰুষৰ মাজত যৌন সম্পৰ্ক ( ফ্ৰট )

সাধাৰণতে ঘৰ্ষকাম বুলিলে ব্যক্তিৰ শৰীৰৰ যিকোনো অংশ (যেনে নিতম্ব, স্তন, পেট, উৰু বা হাত আৰু যৌনাংগ ) আন ব্যক্তিৰ যৌনাংগত স্পৰ্শ বা ঘঁহি দিয়া বুলি কোৱা হয়; সংগী অবিহনে ৰাজহুৱা স্থানত অভিনয় কৰাটো যেনেকৈ যৌন বিকৃতি বুলি গণ্য কৰা হয়, তেনেদৰে সংগীৰ সৈতে অন্তৰংগ মুহূৰ্তত কৰা অভিনয় যৌনতাৰ বৃহত্তৰ ৰঙ্গমঞ্চৰ এটা অংশ মাথোঁ। এই ক্ৰিয়াক "শুষ্ক সংগম" বুলিও কোৱা হয়। [7]

পাৰস্পৰিক হস্তমৈথুন[সম্পাদনা কৰক]

জোহান নেপমাকে পাৰস্পৰিক হস্তমৈথুনক চিত্ৰায়িত কৰিছে, ১৮৪০

পাৰস্পৰিক হস্তমৈথুনত সাধাৰণতে দুজন বা তাতকৈ অধিক লোকে ইজনে সিজনৰ যৌনাংগ হাতেৰে স্পৰ্শ কৰি উত্তেজিত কৰে। [8] [9]

সম্পূৰ্ণ অবিভাজিত যৌন সম্পৰ্ক[সম্পাদনা কৰক]

স্তন সংগম, পুৰুষ আৰু মহিলাৰ মাজত হোৱা এক প্ৰকাৰৰ অবিভাজিত যৌন সম্পৰ্কৰ এটা ৰূপ।

তলত দিয়া কাৰ্য্যসমূহ হৈছে এনেধৰণৰ যৌন কাৰ্য্য:

  • Armpit fetishism: [10] [11] [12]
  • একেলগে শুই থকা:
  • কামমূলক অঙ্গমৰ্দন: এই কাৰ্য্য দুজন বা তাতকৈ অধিক লোকৰ মাজত হ’ব পাৰে। এই ক্ৰিয়াত তেল ব্যৱহাৰ কৰি শৰীৰত তাপ বিয়পাই দিব পাৰি বা কেৱল হাতেৰে শৰীৰ মালিচ কৰিব পাৰি। [13] [14]
  • ভৰি মৈথুন: যেতিয়া সংগীয়ে ভৰিৰে আন সংগীৰ লিংগক উদ্দীপিত কৰে।
  • ঘৰ্ষণ বা ঘৰ্ষকাম: লিংগৰ সৈতে লিংগৰ সংস্পৰ্শ
  • হস্তমৈথুন:
  • ঊৰুমৈথুন:
  • অভেদী পায়ুমৈথুন: ইয়াত লিংগই নিতম্ব স্পৰ্শ কৰে, কিন্তু লিংগটোৱে নিতম্বৰ ভিতৰত সোমাই নাযায়। এইখিনিতেই পায়ু সংগমৰ সৈতে ইয়াৰ পাৰ্থক্য। নিতম্বৰ ওপৰত ৰক্ত সঞ্চালনৰ জৰিয়তে লিংগৰ উদ্দীপনা সৃষ্টি হয়। এয়া এক প্ৰকাৰৰ পাৰস্পৰিক হস্তমৈথুন। [15]
  • চুমা বা চুম্বন: দুজন মানুহৰ মাজত ওঁঠ স্পৰ্শ, বিশেষকৈ গভীৰ চুমাক যৌন কাৰ্য্য বুলি ধৰিব পাৰি। এই ধৰণৰ কাৰ্য্যত এজন ব্যক্তিৰ জিভা আন এজনৰ মুখত প্ৰৱেশ কৰাটো জড়িত হৈ থাকে। কেৱল ওঁঠতে নহয়, সংগীৰ শৰীৰৰ যিকোনো অংশত চুমা সংগঠিত কৰিব পাৰি আৰু চুমা কামকেলিৰ এক সাধাৰণ অংশ। [16]
  • স্তন সংগম: স্তনত লিংগটো ৰাখি ওপৰলৈ তললৈ লৰচৰ কৰি লিংগক উদ্দীপিত কৰা। [17]
  • স্তন উদ্দীপনা: যেতিয়া এজন সংগীয়ে আনজন সংগীৰ স্তনত (হাত বা মুখেৰে) মৰম কৰে।
  • ট্ৰিবাডিজিম : এইটো সমকামী মহিলাৰ যৌন কাৰ্য্যকলাপৰ এটা প্ৰকাৰভেদ। [18] [19]

লিংগৰ দ্বাৰা অভেদ্য কিন্তু অন্যভাৱে ভেদ কৰিব পৰা[সম্পাদনা কৰক]

  • আঙুলি সঞ্চালন:
  • মুখমৈথুন: যদি মহিলাৰ যৌনাংগত মুখৰ সংগম কৰা হয়, তেন্তে ইয়াক যোনিলেহন বোলা হয়। [20] যদি মৌখিক সংগম মলদ্বাৰৰ সৈতে কৰা হয় তেন্তে ইয়াক পায়ুলেহন বুলি কোৱা হয়। [21]
  • ভাইব্ৰেটৰ বা কম্পযন্ত্ৰ ব্যৱহাৰ কৰি উদ্দীপনা সৃষ্টি: [22]

বৰ্হি সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 Sexual Health Concerns: Interviewing and History Taking for Health Practitioners. University of Michigan. 2000. পৃষ্ঠা. 45. ISBN 0803606680. https://archive.org/details/sexualhealthconc0000ross. 
  2. 2.0 2.1 See 272 and page 301 for two different definitions of outercourse (first of the pages for no-penetration definition; second of the pages for no-penile-penetration definition). Rosenthal, Martha (2012). Human Sexuality: From Cells to Society, 1st ed. Cengage Learning. পৃষ্ঠা. 576 pages. ISBN 0618755713. https://books.google.com/books?id=d58z5hgQ2gsC&printsec=frontcover। আহৰণ কৰা হৈছে: September 17, 2012. 
  3. 3.0 3.1 New Dimensions In Women's Health. Jones & Bartlett Learning. 2009. পৃষ্ঠা. 91. ISBN 0763765929. https://books.google.com/books?id=2X03PXd4JSoC&pg=PA91। আহৰণ কৰা হৈছে: August 31, 2013. 
  4. 4.0 4.1 Odyssey of the Heart: Close Relationships in the 21st Century. Psychology Press. 2001. পৃষ্ঠা. 70. ISBN 1410604055. https://books.google.com/books?id=AY0BUUg-WkQC&pg=PA70। আহৰণ কৰা হৈছে: August 30, 2013. 
  5. 5.0 5.1 Ann O'Leary (2002). Beyond Condoms: Alternative Approaches to HIV Prevention. Springer. পৃষ্ঠা. 155. ISBN 0306467313. https://books.google.com/books?id=J3NT39hW474C&pg=PA155&dq=&hl=en&sa=X&ei=tC8VUongB6fP2wWDmYHQDg&ved=0CEoQ6AEwBTgU#v=onepage&q=&f=false। আহৰণ কৰা হৈছে: August 21, 2013. 
  6. Robert Crooks; Karla Baur (2010). Our Sexuality. Cengage Learning. পৃষ্ঠা. 286–289. ISBN 0495812943. https://books.google.com/?id=MpRnPtmdRVwC&pg=PA286&lpg=PA286। আহৰণ কৰা হৈছে: August 30, 2012. 
  7. M., Hodge; Evelyn Blackwood (2000). The Evolution of Human Homosexual Behavior. 41. pp. 385–413. PMID 10768881. https://archive.org/details/sim_current-anthropology_2000-06_41_3/page/385. 
  8. Fulbright, Yvonne K. (2010). The Better Sex Guide to Extraordinary Lovemaking. Quiver. পৃষ্ঠা. 141. ISBN 9781592333523. https://books.google.com/books?id=mPVEEWaKK1UC&pg=PA141. 
  9. Richters, J.; Song, A. (1999). Australian university students agree with Clinton's definition of sex. 318. p. 1011. 
  10. Morton, Mark Steven (2003). The Lover's Tongue: A Merry Romp Through the Language of Love and Sex. Insomniac Press. পৃষ্ঠা. 186. ISBN 1894663519. https://books.google.com/books?id=tnwAlLgWEhAC&pg=PA186&dq=%22Axillary+intercourse%22. 
  11. axillary intercourse - Dictionary of sexual terms
  12. Knaapila, A., Tuorila, H., Vuoksimaa, E., Keskitalo-Vuokko, K., Rose, R. J., Kaprio, J., & Silventoinen, K. (2011). Pleasantness of the Odor of Androstenone as a Function of Sexual Intercourse Experience in Women and Men. Archives of Sexual Behavior, 1-6.
  13. "What Is Sensual Massage? | LIVESTRONG.COM". livestrong.com. http://www.livestrong.com/article/69306-sensual-massage/। আহৰণ কৰা হৈছে: September 23, 2014. 
  14. Phillips, N. A. (2000). Female sexual dysfunction: evaluation and treatment. 62. pp. 127–148. 
  15. "Completeorgasmguide.com". completeorgasmguide.com. Archived from the original on সেপ্টেম্বৰ ১২, ২০১৪. https://web.archive.org/web/20140912182312/http://www.completeorgasmguide.com/intergluteal-sex/। আহৰণ কৰা হৈছে: September 23, 2014. 
  16. Hans, J. D.; Kimberly, C. (2011). Abstinence, Sex, and Virginity: Do They Mean What We Think They Mean?.. 6. pp. 329–342. 
  17. Citation O'Barr, W. M. (2011). Sex and Advertising. 12. p. 2. 
  18. Jerrold S. Greenberg; Clint E. Bruess (2007). Exploring the Dimensions of Human Sexuality. Jones & Bartlett Learning. পৃষ্ঠা. 429. ISBN 0-7637-4148-5. https://books.google.com/books?id=ZdYh_iFZvbkC&pg=PA429&dq=Lesbians+and+tribadism#v=onepage&q=Lesbians%20and%20tribadism&f=false। আহৰণ কৰা হৈছে: December 19, 2010. 
  19. Janell L. Carroll (2009). Sexuality Now: Embracing Diversity. Cengage Learning. পৃষ্ঠা. 272. ISBN 0-495-60274-4. https://books.google.com/books?id=5f8mQx7ULs4C&pg=PA272&dq=Lesbians+and+tribadism#v=onepage&q=Lesbians%20and%20tribadism&f=false। আহৰণ কৰা হৈছে: December 19, 2010. 
  20. Edwards, S.; Carne, C. (1998). Oral sex and the transmission of viral STIs. 74. pp. 6–10. 
  21. Choices, N. H. S. (2012). What is oral sex?-Health questions-NHS Choices.
  22. McCarthy, B. W.; Ginsberg, R. L. (2006). Resilient sexual desire in heterosexual couples. 14. pp. 59–64. https://archive.org/details/sim_family-journal_2006-01_14_1/page/59.