অপৰাজিতা
| এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, প্ৰবন্ধটো বিস্তাৰ কৰি আপুনিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
| অপৰাজিতা (Clitoria ternatea) | |
|---|---|
| নীলা অপৰাজিতা | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| বিভাগ: | Magnoliophyta |
| শ্ৰেণী: | Magnoliopsida |
| বৰ্গ: | Fabales |
| পৰিয়াল: | Fabaceae |
| উপপৰিয়াল: | Faboideae |
| গোত্ৰ: | Cicereae |
| গণ: | Clitoria |
| প্ৰজাতি: | C. ternatea |
| বৈজ্ঞানিক নাম | |
| Clitoria ternatea L. | |
অপৰাজিতা (বৈজ্ঞানিক নাম: Clitoria ternatea) (সংস্কৃত: श्वेतां, विष्णूक्रांता, शंखपुष्पी)হৈছে Fabaceae প্ৰজাতিৰ এবিধ ফুল। গাঢ় নীলা ৰঙৰ ফুল, কিন্তু তলৰ ফালে (আৰু ভিতৰত) বগা, কেতিয়াবা কিছু হালধীয়া আভা যুক্ত হয়। বগা ৰঙৰ অপৰাজিতা ফুলো আছে।
প্ৰচলিত নাম
[সম্পাদনা কৰক]বিভিন্ন ভাষাত অপৰাজিতাৰ নামবোৰ হৈছে:
- ইংৰাজী: Butterfly pea, blue pea vine, mussel-shell climber, pigeon wings
- হিন্দী: অপৰাজিতা (अपराजिता)
- বাংলা ভাষা: অপৰাজিতা (অপব়াজিতা)
- কন্নড়: নাগৰ হেডি
- মালয় ভাষা: বুঙ্গা তেলাংগ (Bunga telang)
- মালয়ালম ভাষা: সঙ্খপুস্পম (ശംഖുപുഷ്പം)
- মাৰাঠী ভাষা: গোকৰ্ণী (गोकर्णी)
- দিভেহি ভাষা: কুলহাধিৰিমা (Kulhadhirimaa)
- পৰ্তুগীজ: ফুলা ক্ৰিকুৱা (Fula criqua)
- সংস্কৃত ভাষা: শংখপুষ্পী (शंखपुष्पी), অপৰাজিতা (अपराजिता), সুকৰ্ণিকা, অৰ্ধকৰ্ণী, গিৰিকৰ্ণিকা (गिरिकर्णिका), সুপুষ্পী (सुपुष्पी), মোহনাশিনী (मोह्नाशिनी), বিশদোষঘ্নী (विषदोषघ्नी), স্বেতনামা (श्वेतनामा)., বিষ্ণুক্ৰান্তা (विष्णुक्रांता), অশ্বখুৰা (अश्वखुरा)}
- তামিল ভাষা: সাঙ্গু পু (Sangu pu)
- থাই: ডক আঞ্চান (ดอกอัญขัญ)
বিৱৰণ
[সম্পাদনা কৰক]অপৰাজিতা এবিধ বহুবৰ্ষজীৱী তৃণজাতীয় উদ্ভিদ, ইয়াৰ পাতবোৰ উপবৃত্তাকাৰ আৰু অস্পষ্ট। ই লতা হিচাপে গজে, আৰ্দ্ৰ, নিৰপেক্ষ মাটিত ইয়াৰ বৃদ্ধি ভাল হয়। ইয়াৰ আটাইতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ’ল ইয়াৰ ফুলৰ ৰং, গভীৰ নীলা; অকলশৰীয়া, পাতল হালধীয়া ৰঙৰ চিন যুক্ত। প্ৰায় ৪ চে:মি: দীঘল আৰু ৩ চে:মি: বহল। কিছুমান জাতৰ ফুল বগা আৰু গোলাপী ৰঙৰো হয়। ইয়াৰ গুটিবোৰ ৫–৭ চে.মি. কোমল হ’লে খাব পৰা হয়।
ইয়াক অলংকাৰিক উদ্ভিদ হিচাপে আৰু পুনৰ বনানীকৰণ উদ্ভিদ প্ৰজাতি হিচাপে (যেনে, অষ্ট্ৰেলিয়াৰ কয়লা খনিত) খেতি কৰা হয়, খেতি কৰাৰ সময়ত ইয়াৰ বেছি যত্নৰ প্ৰয়োজন নহয়। মাহজাতীয় শস্য হিচাপে ইয়াৰ শিপাবোৰত ৰাইজ’বিয়াম নামেৰে জনাজাত এবিধ মাটিৰ বেক্টেৰিয়াৰ সৈতে সহজীৱী সম্পৰ্ক গঠন কৰে, যিয়ে বায়ুমণ্ডলীয় নাইট্ৰ’জেনক উদ্ভিদৰ ব্যৱহাৰযোগ্য ৰূপলৈ ৰূপান্তৰিত কৰে (এটা প্ৰক্ৰিয়াক নাইট্ৰজেন স্থায়ীকৰণ বুলি কোৱা হয়), সেয়েহে এই উদ্ভিদবিধক নাইট্ৰজেন সমৃদ্ধ উদ্ভিদ পদাৰ্থৰ পচনৰ জৰিয়তে মাটিৰ গুণাগুণ উন্নত কৰাৰ বাবেও ব্যৱহাৰ কৰা হয়।
ৰসায়ন বিদ্যা
[সম্পাদনা কৰক]অপৰাজিতাৰ পৰা বিভিন্ন ট্ৰাইটাৰ্পেন'ইড, ফ্লেভনল গ্লাইকোচাইড, এন্থ'চাইনিন আৰু ষ্টেৰইড আদি ৰাসায়নিক যৌগ পৃথক কৰা হয়। ক্লিঅ'টাইড নামেৰে জনাজাত চক্ৰীয় পেপটাইডো ইয়াৰ পৰা নিষ্কাশন কৰা হৈছে।[1] অপৰাজিতাৰ নীলা ৰং বিভিন্ন এন্থ'চাইনিনৰ বাবে সৃষ্টি হয় বিশেষকৈ ডেলফিনিডিন 3,3', 5'-ট্ৰাইগ্লুক'চাইড (Da-T)ৰ পলিএচিলেটেড ডেৰাইভেটিভ টাৰ্নেটিনৰ বাবে।[2][3][4]
ব্যুৎপত্তি
[সম্পাদনা কৰক]ক্লিট'ৰিয়া (Clitoria) গণৰ নামটো "ক্লিট'ৰিছ" (clitoris)ৰ পৰা উদ্ভৱ হৈছে, কাৰণ এই গণৰ অন্তৰ্গত ফুলবোৰৰ আকৃতি মানুহৰ ভগাংকুৰৰ আকৃতিৰ সৈতে সাদৃশ্য দেখা পোৱা যায়। ১৬৭৮ চনত পোলেণ্ডৰ এজন প্ৰকৃতিবিদ জেকব ব্ৰেইনে এই প্ৰজাতিটোৰ বিষয়ে প্ৰথম উল্লেখ কৰিছিল৷ তেওঁ ইয়াক Flos clitoridis ternatensibus অৰ্থাৎ 'ক্লিট'ৰিছৰ টেৰ্নেটিয়ান ফুল' বুলি বৰ্ণনা কৰিছিল।[5][6] উদ্ভিদবিদ কাৰ্ল লিনিয়াছে নমুনা আহৰণ কৰা দ্বীপটোৰ নামেৰে এই প্ৰজাতিৰ নামকৰণ কৰিছিল: মালুকু দ্বীপপুঞ্জৰ উত্তৰ অংশত অৱস্থিত টাৰ্নেট দ্বীপ (Ternate Island)।[7]
বিতৰণ
[সম্পাদনা কৰক]নয়নতৰা দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াকে ধৰি বিষুৱীয় এছিয়াৰ স্থানীয় উদ্ভিদ যদিও আফ্ৰিকা, অষ্ট্ৰেলিয়া আৰু আমেৰিকাতো পোৱা যায়।
কৃষি
[সম্পাদনা কৰক]নয়নতৰা কোনো ধৰণৰ গুৰুতৰ কীট-পতংগ বা ৰোগৰ আক্ৰান্ত নহয় বাবে সহজে খেতি কৰিব পাৰি।[8][9]
কীট-পতংগ
[সম্পাদনা কৰক]পলু,[8] বগা মাখি,[8][9][10] আৰু মকৰা দ্বাৰা খুব কমেইহে এই উদ্ভিদ আক্ৰান্ত হয়।[9][10]
ৰোগসমূহ
[সম্পাদনা কৰক]এন্থ্ৰেকন'জ আৰু বেক্টেৰিয়াৰ এই উদ্ভিদৰ পচন ৰোগ সৃষ্টি কৰে।[10] ভেঁকুৰৰ দ্বাৰা শিপাৰ পচনত খুব কমেইহে আক্ৰান্ত হয়।[9]
ব্যৱহাৰ
[সম্পাদনা কৰক]এই ফুল প্ৰাকৃতিক আঁহৰ ৰঞ্জক হিচাপে ব্যৱহাৰ কৰা হয় আৰু এছিয়াৰ পৰম্পৰাগত সমাজে ইয়াক ব্যৱহাৰ কৰে।
চিত্ৰসম্ভাৰ
[সম্পাদনা কৰক]বহিঃসংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত অপৰাজিতা সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- "Plant of the Week—Clitoria ternatea". ২১ এপ্ৰিল ২০১৯. Archived from the original on 2007-08-09. https://web.archive.org/web/20070809062953/http://www.plantoftheweek.org/week043.shtml। আহৰণ কৰা হৈছে: 2019-04-21.
- "Clitoria ternatea". Tropical Forages. ২১ এপ্ৰিল ২০১৯. http://www.tropicalforages.info/key/Forages/Media/Html/Clitoria_ternatea.htm.
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Nguyen, GK; Zhang, S; Nguyen, NT; Nguyen, PQ; Chiu, MS; Hardjojo, A; Tam, JP. (Jul 2011). "Discovery and characterization of novel cyclotides originated from chimeric precursors consisting of albumin-1 chain a and cyclotide domains in the Fabaceae family". J Biol Chem খণ্ড 286 (27): 24275–87. doi:10.1074/jbc.m111.229922. PMID 21596752.
- ↑ Terahara, Norihiko; Saito, Norio; Honda, Toshio; Toki, Kenjiro; Osajima, Yutaka (1990-01-01). "Acylated anthocyanins of Clitoria ternatea flowers and their acyl moieties". Phytochemistry খণ্ড 29 (3): 949–953. doi:10.1016/0031-9422(90)80053-J. ISSN 0031-9422.
- ↑ Terahara, Norihiko; Oda, Masahiro; Matsui, Toshiro; Osajima, Yutaka; Saito, Norio; Toki, Kenjiro; Honda, Toshio (1996-01-01). "Five New Anthocyanins, Ternatins A3, B4, B3, B2, and D2, from Clitoria ternatea Flowers". Journal of Natural Products খণ্ড 59 (2): 139–144. doi:10.1021/np960050a. ISSN 0163-3864. PMID 8991946.
- ↑ Terahara, Norihiko; Saito, Norio; Honda, Toshio; Toki, Kenjiro; Osajima, Yutaka (1990-01-01). "Structure of ternatin A1, the largest ternatin in the major blue anthocyanins from clitoria ternatea flowers". Tetrahedron Letters খণ্ড 31 (20): 2921–2924. doi:10.1016/0040-4039(90)80185-O. ISSN 0040-4039.
- ↑ Fantz, Paul R. (2000). "Nomenclatural Notes on the Genus Clitoria for the Flora North American Project". Castanea খণ্ড 65 (2): 89–92.
- ↑ Breyne, Jakób (1678) (Latin ভাষাত). Exoticarum aliarumque minus cognitarum plantarum centuria prima. প্ৰকাশক Biblioteca Digital del Real Jardin Botanico de Madrid: David-Fridericus Rhetius. https://bibdigital.rjb.csic.es/viewer/10814/?offset=#page=144&viewer=picture&o=bookmark&n=0&q=.
- ↑ Oguis, Georgianna K.; Gilding, Edward K.; Jackson, Mark A.; Craik, David J. (28 May 2019). "Butterfly Pea (Clitoria ternatea), a Cyclotide-Bearing Plant with Applications in Agriculture and Medicine". Frontiers in Plant Science খণ্ড 10: 645. doi:10.3389/fpls.2019.00645. PMID 31191573.
- ↑ 8.0 8.1 8.2 "Clitoria ternatea (Pale Blue)". NParks Singapore. 2021-08-19. http://www.nparks.gov.sg/florafaunaweb/flora/1/3/1374। আহৰণ কৰা হৈছে: 2022-05-01.
- ↑ 9.0 9.1 9.2 9.3 Blackstone, Victoria Lee (2012-12-06). "How to Make Blue Pea Vines Bloom". SF Gate. http://homeguides.sfgate.com/make-blue-pea-vines-bloom-55943.html। আহৰণ কৰা হৈছে: 2022-05-01.
- ↑ 10.0 10.1 10.2 "Clitoria ternatea". Missouri Botanical GardenPlant Finder. http://www.missouribotanicalgarden.org/PlantFinder/PlantFinderDetails.aspx?taxonid=280445। আহৰণ কৰা হৈছে: 2022-05-01.