সমললৈ যাওক

অভিজিত শৰ্মা বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অভিজিত শৰ্মা বৰুৱা
জন্ম 1961
যোৰহাট,অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
বিষয় লেখক, অনুবাদক।
দাম্পত্যসংগী অনুশ্ৰী শৰ্মা বৰুৱা
সন্তান অভিজ্ঞান শৰ্মা বৰুৱা, অনুষ্ণা শৰ্মা বৰুৱা
আত্মীয়-স্বজন অৰুন্ধতি দেৱী , অনুৰাধা দেৱী
পিতৃ-মাতৃ পিতৃ-ত্ৰৈলোক্য নাথ শৰ্মা, মাতৃ- ৰাণু শৰ্মা

অভিজিত শৰ্মা বৰুৱা (ইংৰাজী: Abhijit Sarma Baruah) হৈছে অসমৰ এগৰাকী লেখক, অনুবাদক।

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৬১ চনৰ ৮ ডিচেম্বৰত যোৰহাটত অভিজিত শৰ্মা বৰুৱাৰ জন্ম হয়। তেওঁ ৪ নম্বৰ ৱাৰ্ড প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি বাল্য ভৱনৰ পৰা হাইস্কুলীয়া শিক্ষা, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা প্ৰাক স্নাতক আৰু যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ৰ পৰা বৈদ্যুতিক শাখাত ডিগ্ৰী অৰ্জন কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

কৰ্মজীৱন

[সম্পাদনা কৰক]

শৰ্মাই ১৯৮৬ চনৰ ২১ মাৰ্চত চালাকাটিৰ বঙাইগাঁও তাপ বিদ্যুৎ কেন্দ্ৰৰ সহকাৰী অভিযন্তা হিচাপে যোগদান কৰে। ২০২১ চনত তেওঁ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুখ্য মহাপ্ৰবন্ধক পদৰ পৰা অৱসৰ লয়। তাৰ পাছত সেই একেটা প্ৰতিষ্ঠানতে পৰামৰ্শদাতা হিচাপে কাম কৰে। বর্তমান তেওঁ অসম শক্তি উন্নয়ণ অভিকৰণৰ পৰামর্শদাতা।[উদ্ধৃতিৰ প্ৰয়োজন]

সাহিত্যিক-সামাজিক জীৱন

[সম্পাদনা কৰক]

ছাত্ৰাৱস্থাৰ পৰা নিৰালস্যভাবে সাহিত্য সাধনা কৰি অহা শ্ৰীশৰ্মা বৰুৱাই তেওঁৰ দ্বাৰা ৰচিত প্ৰথম উপন্যাস ‘প্ৰত্যাবৰ্তন’ৰ বাবে ১৯৮৭ চনত ‘দৈনিক অসম’ৰ শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা লাভ কৰিছিল। তেওঁ ছবছৰ কাল অসম বিজ্ঞান সমিতিৰ বিজ্ঞান আলোচনী ‘বিজ্ঞান জেউতি’ৰ সম্পাদক আছিল। ২০১৫ চনত শৰ্মা বৰুৱাই শিশুৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ২০২১ চনত তেওঁ অসম সাহিত্য সভাৰ ‘ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা' লাভ কৰিছিল আৰু একে চনতে অকণিৰ সাহিত্য সভাৰ শ্রেষ্ঠ শিশু সাহিত্যিকৰ বঁটা লাভ কৰে। তেওঁ এতিয়ালৈকে (২০২৫ চনৰ ৩১ ডিচেম্বৰ) ১০৮ খন কিতাপ ৰচনা কৰিছে আৰু তাৰ বেছি সংখ্যকেই মৌলিক শিশু সাহিত্য আৰু শিশু সাহিত্যৰ অনুবাদ। গল্প, উপন্যাস, প্ৰবন্ধ আদিৰ উপৰি  তেওঁ সাতখন টি.ভি. ধাৰাবাহিকৰ (তাৰে তিনিখন হিন্দী) বাবে কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছে আৰু কেইবাখনো বিজ্ঞানভিত্তিক ৰেডিঅ’ নাটকো লিখিছে।[উদ্ধৃতিৰ প্ৰয়োজন]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৯৩ চনৰ ১৯ জানুৱাৰীত অনুশ্ৰী শৰ্মা বৰুৱাৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। অনুশ্ৰী শৰ্মা বৰুৱা উত্তৰ কামপীঠ মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰবক্তা আছিল। তেওঁলোকৰ দুটি সন্তান - অভিজ্ঞান আৰু অনুষ্ণা। তেওঁলোকৰ বোৱাৰীৰ নাম অস্মিতা। তভিজ্ঞান আয়াৰলেণ্ডত অভিযন্তা হিচাপে কৰ্মৰত, অনুষ্ণাই উইপ্ৰ' কোম্পানীত চাকৰি কৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]