অসম শক্তি বিতৰণ কোম্পানী লিমিটেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড
ধৰণ ৰাজহুৱা খণ্ডৰ কোম্পানী
উদ্যোগ বিদ্যুতৰ বিতৰণ
স্থাপিত ২৩ অক্টোবৰ ২০০৯
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
দেশ/অঞ্চল অসম, ভাৰত
পণ্য বিদ্যুৎ শক্তি
ৱেবছাইট http://www.apdcl.org

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (ইংৰাজী: Assam Power Distribution Company Limited; চমুকৈ APDCL) হৈছে অসম চৰকাৰধীন ৰাজহুৱা খণ্ডৰ এটা লিমিটেড কোম্পানী। ২০০৯ চনৰ ২৩ অক্টোবৰত এই কোম্পানীটো গঠন কৰা হয় আৰু ভাৰতীয় কোম্পানী অধিনিয়ম, ১৯৫৬ৰ অধীনত পঞ্জীকৰণ কৰা হয়। বিদ্যুত শক্তিৰ বিতৰণ ব্যৱস্থাটো সঠিকভাৱে তদাৰক, নিয়ন্ত্ৰণ, আৰু পৰিচালনাৰ হেতু এই কোম্পানীটো গঠন কৰা হয়। পূৰ্বতে এই সমস্ত দায়িত্ব অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে (চমুকৈ ASEB) নিয়ন্ত্ৰণ কৰিছিল। বৰ্তমান কোম্পানীয়ে প্ৰায় ৩৩ লাখ বিদ্যুৎ গ্ৰাহকক সেৱা প্ৰদান কৰি আছে আৰু প্ৰত্যেক বছৰে এই সংখ্যা ক্ৰমাৎ বাঢ়ি আহিছে।[1]

লক্ষ্য[সম্পাদনা কৰক]

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ৱেবচাইটত তেওঁলোকে লিপিবদ্ধ কৰা লক্ষ্যটো হৈছে- "আমি অসমৰ সৰ্বাঙ্গীণ উন্নতিৰ উৎপ্ৰেৰক হিচাপে; কৃষি, উদ্যোগ আৰু ৰাইজক বিজু্লী শক্তিৰ যোগান ধৰিবলৈ আৰু অভ্যন্তৰীণ শক্তিৰ ফলপ্ৰসূ বিনিয়োগ কৰি প্ৰযুক্তিবিদ্যা আৰু বিদ্যুৎ প্ৰেৰণ পদ্ধতিৰ অৱৰিত উন্নতিৰ দ্বাৰা গ্ৰাহক সন্তুষ্টিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। " ("To be the catalyst for Holistic Growth of the State of Assam by powering Agriculture and Industry; lighting homes - rural and urban & generating internal resources for continually improving Technology & Delivery System to induce Customer Delight") [2]

আঁচনি[সম্পাদনা কৰক]

বৰ্তমানে কোম্পানীয়ে সৌভাগ্য(SAUBHAGYA), দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনাকে ধৰি কেইবাখনো আঁচনি অসমত কাৰ্যকৰীকৰণ কৰি আছে।[3]

বিশেষ পদাধিকাৰী[সম্পাদনা কৰক]

বৰ্তমান এপিডিচিএলৰ অধ্যক্ষ হৈছে বিনোদ কুমাৰ পিপাৰছেনিয়া। মুখ্য সচিব হৈছে নিৰজ বৰ্মা। পৰিচালন সঞ্চালক হৈছে ৰাকেশ আগৰৱাল।[4]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]