অম্বুবাচী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(অম্বুবাচী মেলাৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
অম্বুবাচী
{{{holiday_name}}}
কামাখ্যা মন্দিৰত অম্বুবাচী মেলা
সম্পুৰ্ণ নাম অম্বুবাচী
অন্য নাম সাথ, আমতি/আমেতি (অসম)
পালন কৰে হিন্দুসকলে
প্ৰকাৰ হিন্দুধৰ্মৰ ধাৰ্মিক উৎসৱ
আৰম্ভ হয় আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ চতুৰ্ধ পাদ
শেষ হয় আহাৰ মাহত আদ্যা নক্ষত্ৰৰ প্ৰথম পাদ
তাৰিখ আহাৰ মাহ (অসমীয়া), জুলাইৰ মাজভাগত
উদযাপন অম্বুবাচী
মানিবলগা ধাৰ্মিক কাৰ্য্য ব্ৰত, শুদ্ধি
সম্পৰ্কিত তান্ত্ৰিক, শক্তি, প্ৰজনন

অম্বুবাচী হিন্দুধৰ্মৰ এক বছেৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰপৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই সময়ত সেয়ে হিন্দুসকলে অম্বুবাচী পালন কৰে।


অম্বুবাচীৰ নিয়ম[সম্পাদনা কৰক]

অম্বুবাচীৰ প্ৰথম তিনিদিন চুৱা, চতুৰ্থদিনা শুদ্ধি বুলি কোৱা হয় ৷ অম্বুবাচী সমগ্ৰ উত্তৰ-পূব ভাৰততে পালন কৰা হয়৷ অম্বুবাচীৰ সময়ছোৱাত হাল বোৱা, কোনো ধৰণৰ মাংগলিক কাৰ্য সম্পন্ন কৰা নহয় ৷ এই সময়ছোৱাত মঠ-মন্দিৰৰ দুৱাৰসমূহ বন্ধ থাকে ৷ ঘৰুৱা নীতি নিয়মৰ ক্ষেত্ৰত, মাটিত কোনোধৰণৰ আচাৰ বা টেঙাজাতীয় সামগ্ৰী, লগতে লোহাৰ সামগ্ৰী ৰখা নহয় ৷

অম্বুবাচী মেলা[সম্পাদনা কৰক]

অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মৰ লোকসকলে অম্বুবাচীৰ সময়ত সংগতি ৰাখি শক্তিপূজাৰ স্থান সমূহ আদিত আয়োজন কৰা এক উৎসৱ। অসমগুৱাহাটীকামাখ্যা মন্দিৰত যথেষ্ট আড়ম্বৰপূৰ্ণভাবে অম্বুবাচীৰ সময়ত অম্বুবাচী মেলাৰ আয়োজন কৰা হয়।

কামাখ্যা ধামৰ অম্বুবাচী মেলা[সম্পাদনা কৰক]

Ambubachi Mela by Vikramjit Kakati.jpg

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয় ৷ ফলস্বৰূপে, সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ ৷ চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে ৷ পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে ৷ চুৱাৰ কেইদিন সৰ্প ভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে ৷ ইঘৰে-সিঘৰলৈ ফল-মূল আগবঢ়ায়, প্ৰবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়৷ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা (আজিকালি বিদেশৰ পৰাও আহে)লাখ লাখ ভক্তই তিনিওদিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম-কীৰ্তন কৰে৷ মন্দিৰৰ বাহিৰতে ধূপ-দীপ জ্বলাই দেৱীক প্ৰণাম জনায় ৷ অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্ৰ ৷ দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰৱল ৷ সেইবাবে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁহাত বা ডিঙিত ধাৰণ কৰে ৷ এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা কুব্জিকা তন্ত্ৰৰ সপ্তম পটলত বৰ্ণিত হৈছে ৷ এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ ৷ কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে ।