অমৰ মিত্ৰ
অমৰ মিত্ৰ | |
---|---|
জন্ম | ৩০ আগষ্ট, ১৯৫১ |
বংশদ্ভূত | বাঙালী |
জনা যায় | বাঙালী লেখক |
বঁটা, সন্মান, পুৰস্কাৰ আদি | সাহিত্য অকাডেমি পুৰস্কাৰ |
অমৰ মিত্ৰ (জন্ম : ৩০ আগষ্ট ১৯৫১) এজন ভাৰতীয় বাঙালী সাহিত্যিক। তেওঁ আছিল বিজ্ঞানৰ ছাত্ৰ। পশ্চিমবঙ্গ ৰাজ্য চৰকাৰৰ এটি কাৰ্যালয়ত তেওঁ তেওঁৰ কৰ্মজীৱন অতিবাহিত কৰে। ২০০৬ চনত ধ্ৰুৱপুত্ৰ উপন্যাসৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰে। [1] ২০০১ চনত অশ্বচৰিত উপন্যাসৰ বাবে পশ্চিমবঙ্গ চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ তৰফৰ পৰা আগ বঢে়াৱা বঙ্কিম পুৰস্কাৰ লাভ কৰে। ইয়াৰ উপৰিও ২০০৪ চনত (ভাগলপুৰ) শৰৎ পুৰস্কাৰ, ১৯৯৮ চনত স্বদেশযাত্ৰা গল্পৰ বাবে সৰ্বভাৰতীয় কথা পুৰস্কাৰ লাভ কৰে। ২০১০ চনত গজেন্দ্ৰকুমাৰ মিত্ৰ পুৰস্কাৰ লাভ কৰে। ২০১৭ চনত তেওঁ জীৱনজোৰা সাহিত্য সাধনাৰ বাবে যুগশঙ্খ পুৰস্কাৰ, ২০১৮ চনত কলকাতাৰ শৰৎ সমিতিয়ে প্ৰদান কৰা ৰূপৰ পদক আৰু গতি আলোচনীয়ে আগ বঢে়াৱা সংৱৰ্ধনা লাভ কৰে। প্ৰখ্যাত অভিনেতা তথা নাট্যকাৰ মনোজ মিত্ৰ তেওঁৰ জ্যেষ্ঠ ভ্ৰাতৃ।
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৫১ চনৰ ৩০ আগষ্টত পশ্চিমবঙ্গৰ উত্তৰ ২৪ পৰগনাৰ বছিৰহাটত তেওঁৰ জন্ম। বৰ্তমান তেওঁ কলকাতাৰ বাসিন্দা।
সাহিত্যিক জীৱন
[সম্পাদনা কৰক]১৯৭৪ চনত মেলা দিকে ঘৰ গল্পৰে বাংলা সাহিত্যত তেওঁৰ আত্মপ্ৰকাশ কৰি লাহে লাহে নিজকে বিকশিত কৰিলে। ১৯৭৮ চনত অমৃত আলোচনীত প্ৰথম উপন্যাস নদীৰ মানুষ প্ৰকাশিত হয়। ১৯৭৮ চনত প্ৰথম গল্পৰ কিতাপ মাঠ ভাঙে কালপুৰুষ প্ৰকাশিত হয়। তেওঁ ৭ বছৰ ধৰি ৰচনা কৰিছিল ধ্ৰুৱপুত্ৰ। এই উপন্যাসখনৰ বিষয়বস্তু খৰাংপীড়িত প্ৰাচীন নগৰ উজ্জয়িনী। ইয়াৰ কাহিনীভাগৰ সকলোখিনি লেখক-সৃষ্ট। কবিৰ নিৰ্বাসনত নগৰৰ পৰা নিৰ্বাসনলৈ যায় জ্ঞান। ডাৱৰে তাৰ যাত্ৰাপথ সলনি কৰে। প্ৰকৃতিৰ এই পৰিৱৰ্তনৰ ফলত নগৰলৈ বিপৰ্যয় নামি আহে। দীৰ্ঘ এই কাহিনী শেষলৈ শূদ্ৰ জাতিৰ উত্থান আৰু কবিৰ প্ৰত্যাৱৰ্তনত উপনীত হৈছেগৈ। এই কাহিনী যেন কবি কালিদাসৰ মেঘদূত কাব্যৰ বিপৰীত এক নিৰ্মাণ। খৰাং, পানীৰ অভাৱত আমাৰ দেশ নিৰন্তৰ দগ্ধ হয়। সেই কাহিনী ইয়াত ৰূপক হিচাপে উত্থাপিত হৈছে। ডাৱৰৰ অভাৱ জ্ঞানৰ অভাৱ। সৃজন কাল বন্ধ্যা হৈ থাকে। দেশ তাৰ ভিতৰত পুৰে। ক্ষমতাই নিৰন্তৰ মানুহক অন্ধকাৰলৈ ঠেলে, এই উপন্যাসখনে সেই কথাও অনুসন্ধান কৰি উলিয়াব বিচাৰিছে। ২০০৬ চনত এই উপন্যাসখনে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৯৮ চনত প্ৰকাশিত উপন্যাস অশ্বচৰিত তথাগত বুদ্ধৰ ঘোঁৰা কন্থক আৰু তাৰ সাৰথি ছন্দকৰ কাহিনী। তেওঁলোকে ডেৰ হাজাৰ বছৰ ধৰি ৰাজকুমাৰ উভতি অহাৰ বাবে অপেক্ষা কৰি আছে। ইমানদিনে এই পৃথিৱীখন হিংসাৰে পৰিপূৰ্ণ হৈছে। বংগোপসাগৰৰ পাৰৰ দীঘাৰ এখন সৰু হোটেলৰ সংগ্ৰাহক ভানুদাসে নিজকে নিজে ছন্দক বুলিছে। হোটেলৰ মালিকৰ টাট্টু ঘোঁৰাৰ পালক সেই ভানুদাসে ঘোঁৰাটোক কন্থক বুলিছে। ব'হাগৰ পূৰ্ণিমা ৰাতি ঘোঁৰাটো পলাই গ’ল। ভানুদাসে সেই ঘোঁৰাটো বিচাৰি চাৰিওফালৰ গাঁৱে গাঁৱে হাটে-বজাৰে ঘূৰিলে। ৰকেট উৎক্ষেপণ কেন্দ্ৰৰ পৰা আৰম্ভ কৰি ক'লৈকে বিচৰা নাই? এই উপন্যাসখনে বাৰেপতি সময়ৰ পৰা সময়ান্তৰলৈ যাত্ৰা কৰিছে। তথাগত বুদ্ধৰ সময়ৰ পৰাই হিংসাদীৰ্ণ এই সময়। সেই ঘোঁৰাটোও পলাই গৈ অৱশেষত হিৰোচিমাৰ ক’লা বৰষুণৰ মাজত পৰিল। লেখকে এই উপন্যাসখনত ভাৰতীয় পৰিৱেশত যাদুকৰী বাস্তৱবাদৰ ব্যৱহাৰ কৰিছে। প্ৰতি আহিনত ঘোঁৰাটো পলাই গৈছিল। এইবাৰ ব'হাগতে পলাল। প্ৰকৃতিৰ বুকুত একে দিনাই যেন দুটি ঋতু পাৰ হৈ গ'ল। এই উপন্যাসৰ যেন কোনো শেষ নাই। আগবাঢ়িয়েই যেন আছে। অশ্বচৰিত উপন্যাসখনে বাংলা উপন্যাসত এক সুকীয়া ধাৰাৰ জন্ম দিছিল। লেখকে হিংসা আৰু মৃত্যুৰ বিৰুদ্ধে জীৱনৰ কথা কৈছে। পাৰমাণৱিক অস্ত্ৰৰ বিৰুদ্ধে কথা কৈছে। ২০০১ চনত এই উপন্যাসখন বঙ্কিম পুৰস্কাৰেৰে পুৰস্কৃত হয়। কলিকতাৰ বিখ্যাত নাট্যদলে তেওঁৰ গল্প আৰু উপন্যাসৰ আধাৰত চাৰিখন নাটক প্ৰদৰ্শন কৰিছে। সেইবোৰ যথাক্ৰমে -
- পিঙ্কি বুলি ( গল্প বালিকা মঞ্জৰী ),
- দামিনী হে ( গল্প আকাল ও অন্য কয়েকটি তাৰই গল্প),
- পাছিং শ্ব' ( নভেলা পাছিং শ্ব' )
- পুনৰুত্থান ( একে নামেৰ উপন্যাস )
কল্যাণী নাট্যচৰ্চা কেন্দ্ৰই ধ্ৰুৱপুত্ৰ আৰু অশ্বচৰিত মঞ্চস্থ কৰিছে। আৰু পিছলৈ মালদা নাট্যসেনাই ধ্ৰুৱপুত্ৰ উপন্যাসৰ আধাৰত এখন নাটক মঞ্চস্থ কৰে। দুয়োটা দলৰ প্ৰডাকচন ভিন্ন আঙ্গিকৰ।
তেওঁ এখনেই নাটক লিখিছে, নাটকখনৰ নাম শেষ পাহাৰ অশ্ৰু নদী। কৰিমপুৰৰ এটি নাট্যদলে অশ্ৰুনদী নামেৰে ইয়াক পৰিৱেশন কৰিছিল। আৰু বেংগালুৰুৰ নাট্যদল স্মৰণিকে এইখন শেষ পাহাৰ নামেৰে মঞ্চায়ন কৰিছিল।
২০১৯ চনৰ ৪ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে কাজাখস্তানৰ ৰাজধানী নুৰ-চুলতান চহৰত অনুষ্ঠিত প্ৰথম এছিয়ান লেখক সন্মিলনলৈ (The First Forum Of Asian Countries' Writers) তেওঁক একমাত্ৰ ভাৰতীয় লেখক হিচাপে আমন্ত্ৰণ জনোৱা হয়। কাজাখস্তানৰ ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত কংগ্ৰেছ হলত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত তেওঁ ' মিথিকাল লাইফ' বিষয়ত লিখিত প্ৰতিৱেদন পাঠ কৰ। উদ্বোধনী অনুষ্ঠানলৈ এছিয়া মহাদেশৰ পাঁচগৰাকী লেখকক আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ সেইসকলৰ মাজৰ এজন অন্যতম লেখক।
গ্ৰন্থতালিকা
[সম্পাদনা কৰক]- অমৰ মিত্ৰেৰ শ্ৰেষ্ঠ গল্প
- অৰ্ধেক ৰাত্ৰি
- ডানা নেই উড়ে যায়
- ধুলোগ্ৰাম
- অশ্বচৰিত ( বঙ্কিম পুৰস্কাৰ-২০০১ )
- আগুনেৰ গাড়ি
- ধ্ৰুৱপুত্ৰ( সাহিত্য অকাদেমি-২০০৬)
- নদীবসত
- কৃষ্ণগহ্বৰ
- আসনবনি
- পাঁচটি উপন্যাস
- নিস্তব্দ নগৰ
- প্ৰান্তৰেৰ অন্ধকাৰ
- ভি আই পি ৰোড
- শ্যাম মিস্ত্ৰী কেমন ছিলেন
- গজেন ভূঁইয়াৰ ফেৰা
- জনসমুদ্ৰ
- সবুজ ৰঙেৰ শহৰ
- নয় পাহাড়েৰ উপাখ্যান
- সাৰিঘৰ
- শূন্যেৰ ঘৰ শূন্যেৰ বাড়ি
- সোণাই ছিলো নদীৰ নাম
- হাঁসপাহাড়ি
- পুনৰুত্থান
- বহ্নিলতা
- কুমাৰী মেঘেৰ দেশ চাই
- কন্যাডিহি
- ধনপতিৰ চৰ
- সেৰা ৫০টি গল্প
- একান্নটি গল্প
- প্ৰিয় পঞ্চাশটি গল্প
- নিসৰ্গেৰ শোকগাথা
- ভুবনডাঙা
- মালতী মাধৱ
- কুসুমকুমাৰী ও মধুবালা
- বাতাসবাড়ি জ্যোৎস্নাবাড়ি
- শেষ পাহাড় অশ্ৰুনদী, কলেজপাড়া পাবলিশাৰ্স
- সূৰ্যাস্তেৰ পথে সূৰ্যাস্তেৰ দেশে ( ভ্ৰমণ কাহিনি )
- ভালো মানুষ মন্দ মানুষ ( অভিজ্ঞতাৰ নিৰ্যাস )
- হাৰানো দেশ হাৰানো মানুষ ( দেশভাগ বিষয়ক আখ্যান)
- একটি গ্ৰাম একটি নদী
- দশমী দিৱসে
- নিৰুদ্দিষ্টেৰ উপাখ্যান ও অন্যান্য কাহিনি
- মোমেনশাহী উপাখ্যান
- ২১টি গল্প
- সতত তোমাৰ কথা ভাবি এ বিৰলে ( জীবন বিষয়ক ৰচনাদি )
- কিশোৰ গ্ৰন্থঃ
- চাঁদু গায়েনেৰ ডাকাত ধৰা
- পালিয়ে গেল গৰম সিং
- ষ্টিফেন হকিঙেৰ চিঠি
- ভূতুড়ে কথা
- জামাই ষষ্টীৰ ভূত
- ৰয়াল চাৰ্কাচেৰ গণেশ দাদা
- দশটি দশ ৰকম
- নৰেন হৰেন সাধু মানুষ
আৰু চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "আউটলুক ইণ্ডিয়া". Archived from the original on ২৬ ফেব্ৰুয়াৰি ২০০৮. https://web.archive.org/web/20080226025901/http://www.outlookindia.com/pti_news.asp?id=438969#। আহৰণ কৰা হৈছে: ৩০ সেপ্টেম্বৰ ২০০৭.