৩০ আগষ্ট (ইংৰাজী: 30 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪২তম (অধিবৰ্ষত ২৪৩তম) দিন। বছৰ শেষ হ'বলৈ ১২৩ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৭৯৭ চনৰ এই দিনটোতে ইংৰাজ কবি শ্বেলীৰ পত্নী মেৰী ৱলষ্টনেক্ৰফট গডউিন শ্বেলীৰ জন্ম হয়। তেওঁৰ প্ৰসিদ্ধ ৰচনা ফ্ৰেংকেনষ্টাইন।
১৮৫২ চনৰ এই দিনটোতে নেদাৰলেণ্ডৰ প্ৰখ্যাত বিজ্ঞানী যাকোবুছ হেনৰীৰ জন্ম হয়। তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰে ১৯০১ চনত। তেওঁই নোবেল বঁটা লাভ কৰা প্ৰথম বিজ্ঞানী।