সমললৈ যাওক

অলিম্পিকত পাকিস্তান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পাকিস্তানৰ পতাকা
পাকিস্তানৰ পতাকা

পাকিস্তানে ১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। দেশখনত ১৯৪৮ চনত পাকিস্তান অলিম্পিক এছ’চিয়েচন গঠন হোৱাৰ বিপৰীতে ১৯৬২ চনত পাকিস্তান স্প’ৰ্টছ ব’ৰ্ড গঠন কৰা হয়।

১৯৪৮ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিক গেমছত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল পাকিস্তানে, আৰু তেতিয়াৰ পৰাই ১৯৮০ চনত ছোভিয়েট ইউনিয়নত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিক বৰ্জনৰ বাহিৰে প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলৈ খেলুৱৈ পঠিয়াইছে। ২০১০ চনৰ ভেংকুৱাৰ শীতকালীন অলিম্পিকৰ পিছত ই প্ৰতিখন শীতকালীন অলিম্পিক গেমছত অংশগ্ৰহণ কৰি আহিছে। আলপাইন স্কিয়ৰ মহম্মদ আব্বাছে শীতকালীন অলিম্পিকৰ ইভেণ্টৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমজন পাকিস্তানী খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।

অলিম্পিকৰ চিহ্ন
অলিম্পিকৰ চিহ্ন

পাকিস্তানী খেলুৱৈসকলে বৰ্তমানলৈকে ৪টা সোণৰ পদককে ধি মুঠ ১১টা পদক লাভ কৰিছে। এই সকলোবোৰ পদক গ্ৰীষ্মকালীন অলিম্পিকত লাভ কৰিছে। ১৯৫৬ চনৰ পৰা ১৯৯২ চনৰ ভিতৰত পাকিস্তানৰ পুৰুষৰ ফিল্ড হকী দলে অংশগ্ৰহণ কৰা ৯খন খেলত ৮টা পদক লাভ কৰে। ইয়াৰ ভিতৰত ১৯৫৬ চনৰ পৰা ১৯৭২ চনৰ ভিতৰত একেৰাহে ৫টা ফাইনেলত দৌৰাটোও আছিল, য’ত হকী দলটোৱে দ্ৰুত একেৰাহে ২টা সোণ আৰু ৩টা ৰূপৰ পদক লাভ কৰিছিল।

আৰ্ছাদ নাদীম হৈছে একমাত্ৰ পাকিস্তানী খেলুৱৈ যিয়ে ব্যক্তিগত অলিম্পিক স্বৰ্ণ পদক লাভ কৰি অলিম্পিকৰ অভিলেখ গঢ়িছে।[1]

পাকিস্তানৰ পদকৰ তালিকা

[সম্পাদনা কৰক]

গ্ৰীষ্ম অলিম্পিকত লাভ কৰা পদকৰ তালিকা

[সম্পাদনা কৰক]
অলিম্পিক খেলুৱৈ খেল অনুযায়ী খেলুৱৈৰ সংখ্যা পদক মুঠ স্থান
Athletics Badminton Boxing Cycling Field Hockey Judo Sailing Shooting Swimming Table tennis Weightlifting Wrestling
1900–1936 ভাৰতৰ অংশহিচাপে
সংযুক্ত যুক্তৰাজ্য ১৯৪৮ লণ্ডন৩৯-১৯---- ---0
ফিনলেণ্ড ১৯৫২ হেলচিঙ্কী৪৪১৬-১৮--- ---0
অষ্ট্ৰেলিয়া ১৯৫৬ মেলবৰ্ণ৬২১৯-১৮--- --৩১
ইটালী ১৯৬০ ৰোম৪৯১২-১৮---- -২০
জাপান ১৯৬৪ টকিঅ'৪১-১৮---- --৩০
মেক্সিকো ১৯৬৮ মেক্সিকো চিটি২০----১৮------ --২৯
পশ্চিম জাৰ্মানী ১৯৭২ মিউনিখ২৫--১৮----- --৩৩
কানাডা ১৯৭৬ মণ্ট্ৰিয়েল২৪--১৬----- --1৩৭
ছ'ভিয়েট সংঘ ১৯৮০ মস্কোঅংশগ্ৰহণ কৰা নাছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৮৪ লছ এঞ্জেলছ--১৬-6---- --২৫
দক্ষিণ কোৰিয়া ১৯৮৮ ছিউল৩১--১৬---- --৪৬
স্পেইন ১৯৯২ বাৰ্চিলোনা২৭--১৬----- --৫৪
আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৯৬ আটলাণ্টা২৪--১৬----- ---0
অষ্ট্ৰেলিয়া ২০০০ চিডনী২৭--১৬-------0
গ্ৰীচ ২০০৪ এথেন্স২৬--১৬--------0
গণচীন ২০০৮ বেইজিং২১---১৬--------0
সংযুক্ত যুক্তৰাজ্য ২০১২ লণ্ডন২১---১৬--------0
ব্ৰাজিল ২০১৬ ৰিঅ' ডি জেনেৰিঅ'-----------0
জাপান ২০২০ টকিঅ'১০---------0
ফ্ৰান্স ২০২৪ পেৰিছ-----------৬২
আমেৰিকা যুক্তৰাষ্ট্ৰ ২০২৮ লছ এঞ্জেলছআগন্তুক অলিম্পিক
অষ্ট্ৰেলিয়া ২০৩২ ব্ৰিচবেন
মুঠ১১৭৮

শীতকালীন অলিম্পিকত লাভ কৰা পদক তালিকাঃ

খেল অনুযায়ী পদকৰ তালিকা
খেল Gold সোণ Silver ৰূপ Bronze ব্ৰঞ্জ মুঠ স্থান
 ফিল্ড হকী 8
 এথলেটিকছ 00৭৪
 মুষ্টিযুদ্ধ 00৭৪
 মল্লযুঁজ 00৬৫
Total১১৭৮

তথ্য়সূত্ৰ

[সম্পাদনা কৰক]
  1. "Arshad Nadeem throws his way into history for Pakistan with javelin gold". The Guardian. 8 August 2024. https://www.theguardian.com/sport/article/2024/aug/08/arshad-nadeem-neeraj-chopra-pakistan-india-javelin-throw-athletics-2024-paris-olympic-games.