অষ্টভুজ মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


অষ্টভুজ মহন্ত
জন্ম ?
মৃত্যু ১৭৭০
ৰাষ্ট্ৰীয়তা ভাৰতীয়

অষ্টভুজ মহন্ত (? - ১৭৭০) মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ আছিল। এখেতৰ দিনতে অসম বুৰঞ্জীপ্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। অষ্টভূজ মহন্তৰ পিতৃ আছিল চতুৰ্ভূজদেৱ। চতুৰ্ভূজ দেৱৰ মৃত্যুৰ পাছত ১৭৮৪ চনত এখেত মায়ামৰা সত্ৰৰ অধিকাৰ হৈছিল। প্ৰথমে স্বৰ্গদেৱ ৰাজেশ্বৰ সিংহৰ লগত সদ্ভাৱ ৰাখি চলিছিল। কিন্তু বিভিন্ন কাৰণত আহোম ৰজা আৰু বৈষ্ণৱ মহন্তসকলৰ মাজত প্ৰভেদ বাঢ়ি আহিবলৈ ধৰে। কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মায়ামৰীয়া মহন্তৰ বিৰুদ্ধে অপবাদ উলিয়ায়, আৰু অষ্টভুজ মহন্তৰ পুত্ৰ গাগিনী ডেকা মহন্তক অপমান কৰে। ইয়াৰ লগে লগে ৰজাৰ লগত মতভেদ তীব্ৰ হৈ উঠে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাছত কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মায়ামৰীয়া শিষ্য নাহৰ খোৰা শইকীয়া আৰু ৰাঘৱ মৰাণক অপমান কৰাক লৈ অস্ত্ৰধাৰী বিদ্ৰোহৰ আৰম্ভণি হয়।[1] অষ্টভুজ মহন্তয়ো ৰাজেশ্বৰ সিংহৰ মৃত্যুৰ পাছত বিদ্ৰোহৰ বাবে অনুমতি দিয়ে। মোৱামৰীয়া বিদ্ৰোহীয়ে আহোমৰ ৰাজধানী আক্ৰমণ কৰি ৰজা লক্ষ্মী সিংহ স্বৰ্গদেৱক বন্দী কৰে। লক্ষ্মী সিংহই ৰাজপাট ঘুৰাই পোৱাৰ পিছত ৰজাঘৰীয়া সৈন্যই খুতিয়াপোতালৈ গৈ পুত্ৰসহ অষ্টভুজক ৰংপুৰলৈ ধৰি আনে আৰু হত্যা কৰে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড. নিৰোদ বৰুৱা, ড. সুৰজিত বৰুৱা (২০০৭), স্নাতক মহলাৰ অসমৰ ইতিহাস, কে. এম. পাব্‌লিছিং, দ্বিতীয় প্ৰকাশ. পৃষ্ঠা: ৩৫৭-৩৫৯
  2. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী