অসমত সোণৰ উৎপাদন
অসমৰ মাটিত এসময়ত মূল্যবান ধাতু সোণৰ উৎপাদন (ইংৰাজী: Gold Production in Assam) হৈছিল৷ আহোম ৰাজত্বকালত সোণৰ উৎপাদন বা কমোৱা এক গুৰুত্বপূৰ্ণ কৰ্ম হিচাপে বিবেচিত হৈছিল৷[1] ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ প্ৰায়বোৰ নদীত সোণ পোৱা গৈছিল আৰু সোণ আহৰণ, সোণৰ অলংকাৰ শিল্প আদিৰ লগত জড়িত হৈ বহু মানুহে জীৱন নিৰ্বাহ কৰিছিল৷ নদীসমূহৰ উৎসস্থানত সোণৰ খনি আছে বুলি বহুদিন ধৰি কিছু ভ্ৰান্ত কাহিনীৰো প্ৰচলন আছিল যদিও পৰৱৰ্তীকালত সেইবোৰ ভ্ৰান্তি আঁতৰি যায়৷
সোণৰ উৎস সন্ধান
[সম্পাদনা কৰক]প্ৰাচীন কালৰে পৰা অসমৰ বহুকেইখন নদীৰ বালিত সোণৰ চেঁকুৰা পোৱা গৈছিল বাবে বহুতে নদীৰ উৎসস্থানত সোণৰ খনি আছে বুলি কল্পনা কৰিছিল আৰু ইয়াৰ সন্ধানত বহু অভিযানো কৰা হৈছিল যদিও কোনো খনি আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷ অসমৰ নদীত পোৱা সোণৰ ৰহস্য ভেদ হৈছিল ১৯৬৮ চনত অসম সন্তান ড° প্ৰণৱজ্যোতি ডেকাৰ অনুসন্ধানত৷ অৱশ্যে এই গৱেষণা বিভিন্ন কাৰণত স্বীকৃত নহ’ল৷[2] ড° ডেকাৰ অনুসন্ধান আৰু গৱেষণাত প্ৰমাণ হৈছিল যে, অসমৰ নৈৰ বালিত পোৱা সোণৰ কণিকা প্ৰকৃততে ক্ৰ’মাইট আৰু মেগনেটাইট নামৰ অতি ক্ষাৰকীয় লাভাৰ মাজত থকা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা৷ ১৩ কৌটি বছৰ আগতে ক্ৰিটেচিয়াছ ভূতাত্বিক সময়ত আগ্নেয়গিৰি উদ্গীৰণৰ সময়ত এই ক্ৰ’মাইট আৰু মেগনেটাইটযুক্ত লাভাসমূহ ভাৰত-ম্যানমাৰৰ সীমান্তত পাটকাই হৈ সমগ্ৰ নিম্ন হিমালয় অঞ্চলত সিঁচৰতি হৈ পৰিছিল৷ পিছত যিবোৰ নদী এই অতিক্ষাৰকীয় লাভাৰ ওপৰেদি বৈ গৈছিল সেইবোৰে লাভাসমূহৰ ক্ষয়ীভৱন ঘটাই সোণৰ কণিকাবোৰ ভৈয়ামলৈ কঢ়িয়াই আনিছিল৷ অতিক্ষাৰকীয় শিলত যে সোণ থাকিব পাৰে, সেই কথা ড° ডেকাই প্ৰমাণ কৰিছিল৷ অৱশ্যে তেওঁৰ প্ৰমাণে তেতিয়া বিশ্ব স্বীকৃতি নাপালে৷[3]
সোণোৱাল
[সম্পাদনা কৰক]অসমত সোণ আহৰণৰ সৈতে জড়িত লোকসকলক সোণোৱাল বোলা হয়৷ আহোম শাসন ব্যৱস্থাত খেল আৰু পাইক ব্যৱস্থাৰ প্ৰচলন আছিল৷ সোণোৱাল খেলত কছাৰী, বিহিয়া (চুতীয়া জনগোষ্ঠীৰ এটি বংশ [4][5]), কোঁচ, কেওট আদি জাতৰ মানুহ আছিল৷ কছাৰী সোণোৱাল সকলে সোৱণশিৰীত, বিহিয়া সোণোৱালসকলে ব্ৰহ্মপুত্ৰ নদীত, কেওট সোণোৱালসকলে বুৰৈ, বৰগাং, পমা, দিছৈ আদি নদীত সোণ কমোৱা কাম কৰিছিল৷ বিহিয়া সকলৰ বাদে আন সোণোৱালৰ ব্ৰহ্মপুত্ৰত সোণ আহৰণৰ অধিকাৰ নাছিল৷[6]
সোণ কমোৱা বা আহৰণ পদ্ধতি
[সম্পাদনা কৰক]নৈৰ যিটো পাৰে গৰা খহনীয়া হয়, তাৰ ঠিক বিপৰীত দিশত চট্ পৰে৷ সোণোৱালসকলে সেই চটৰ বালি পৰীক্ষা কৰি বালিচন্দা দেখিলে তাত সোণ কমাবলৈ ঠিক কৰে আৰু সোণ-খপা সঁজুলি লৈ সোণ কমাবলৈ যায়৷ সোণ কমাবলৈ “দোৰণী’’ আৰু “লেহেতী’’ৰ প্ৰয়োজন হয়৷ চাৰিজন সোনোৱাল মিলি এটা পাইক হয় আৰু প্ৰতি পাইকৰ হাতত এখন দোৰণী থাকে৷ পোনতে পাইকৰ গোটে বাঁহৰ জোংমাৰি এডালেৰে ’চট’ত খোঁচ মাৰি চাই অলপ বালি তুলি আনে সোণৰ চেঁকুৰা থকা দেখিলে তাতে বহা সাজি সোণ খেপিবলৈ ধৰে৷ তেওঁলোকে পোনতে সূঁতিৰ দ ঠাইডোখৰ (সৰু হ’লে বালিৰে, ডাঙৰ হ’লে জেং-জাবৰেৰে) ভেঁটা মাৰে৷ তেনে কৰাত চটৰ ওপৰেদি সোঁতে পাক লৈ ওপৰৰ তৰপটো ধুই নিয়ে আৰু সোণৰ চেঁকুৰা মিহলি হৈ থকা তৰপটো উলিয়াই দিয়াৰ লগে লগে ভেঁটাবোৰ খুলি দিয়ে আৰু পানী আহি আকৌ আগৰ ঠাইত পৰেহি৷ এনে সময়তে লেহেতীৰে সোঁতে ধুই থোৱা বালিবোৰ কঢ়িয়াই আনি কুঁকি এটা থয়৷ তাৰপিছত সেই কুঁকিভৰ্তি বালি দোৰণীত বাকি দিয়ে৷ এজনে ফুটা কলহৰ জলাইদি পানী বাকী দি বালিখিনি ধুবলৈ আৰম্ভ কৰে আৰু এজনে দোৰণীত হাত সুমুৱাই বালিবোৰ লৰাই-চৰাই দি বালিত মিহলি হৈ থকা জাবৰবোৰ আঁতৰাই থাকে৷ দোৰণীত পানী আৰু বালি ভৰ্তি হৈ গ’লে দোৰণীখন একতীয়াকৈ বাকি দিয়ে আৰু দোৰণীৰ তলত সোণমিহলি বালিখিনি ৰৈ যায়৷ তাৰপিছত, দোৰণীখনৰ চেপামৰা সুৰুঙাটোৰ মুখত কৌপাত এখন মেলি দি নিগৰি পৰা সোণ বালিৰ ওপৰত আকৌ কলহৰ জলাৰে পানী চটিয়াই দিয়ে৷ এনে কৰাত বালিবোৰ ওলাই যায় আৰু সোণখিনি কৌপাতত লাগি ধৰে৷ তাৰপিছত কৌপাতৰ পৰা সোণখিনি এৰুৱাই চুঙাত ভৰোৱা হয়৷ চুঙাত ভৰোৱা সোণখিনি পুনৰ দোৰণীত ঢলা হয় আৰু যিমান পৰিমাণৰ সোণ থাকে সিমান পৰিমাণৰ পাৰদ মিহলাই দি পানী ঢলা হয়৷ তেতিয়া সোণখিনি লদা বান্ধে৷ লদা বন্ধা সোণখিনি শামুকৰ খোলাত ভৰাই জুইৰ ওপৰত দি তপতোৱা হয়৷ তাপ পালেই পাৰদখিনি উৰি যায় আৰু খোলাডোখৰ চূণ হয়৷ সোণৰ ভাঁজ-নিভাঁজ পৰীক্ষা কৰিবলৈ লদাটো পানীত পেলাই দি ডুব গ’লে নিভাঁজ আৰু ভাঁহি থাকিলে ভাঁজ থকা বলি ধৰা হয়৷ লদা বোকমাটিৰে লেও দি জুইত পুৰিলে তাৰ চকচকীয়া বৰণ ওলাই পৰে৷[6][7][3]
লেহেতী
[সম্পাদনা কৰক]লেহেতীখন কাঠৰ আৰু ধেনুভিৰীয়াকৈ সজা হয়৷ দীঘলে ডেৰহাত, পথালিয়ে এহাত৷ গাত পথালিকৈ চাৰিহতীয়া দীঘল নাল এডাল লগোৱা থাকে৷ ভিতৰৰ ফালে দুটা বিন্ধাৰ মাজেৰে দুডাল জৰী সুমুৱাই লৈ দুটা মানুহে জৰীত ধৰি লেহেতীখন বালিত চোঁচৰায়৷[6]
দোৰণী
[সম্পাদনা কৰক]দোৰণীখন মাছ ধৰা চেপাটোৰ দৰে৷ কাঠেৰে নিৰ্মাণ কৰা দোৰণীখন দীঘলে তিনিহাত, পথালিয়ে এহাত আৰু ওখই এবেগেত৷ এমূৰে তিনিআঙুলমান বহল সুৰুঙা এটা থাকে৷ [6]
শিয়া
[সম্পাদনা কৰক]দিনটোত ৪০-৫০ কুঁকি বালি দোৰণীত পেলাই ধোৱা হ’লে তাক শিয়া বোলে৷ এশিয়াত এৰতি সোণ কমাব পাৰিলেই সোণোৱালৰ মনত পৰিশ্ৰম সাৰ্থক হোৱাৰ আনন্দ জাগে৷[6]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ Gait, Sir Edward (2008). A history Of Assam. EBH Publishers. পৃষ্ঠা. 272. ISBN 978-93-86302-39-7.
- ↑ ডেকা, ড° প্ৰণৱজ্যোতি (২০১৬). সোণৰ চামুচ মুখত লৈ. বান্ধৱ. পৃষ্ঠা. ২২২-২২৬.
- 1 2 শইকীয়া, ড°ৰক্তিম ৰঞ্জন (২০২২). প্ৰাক-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস. অসম পাব্লিছিং কোম্পানী. পৃষ্ঠা. ৯০. ISBN 978-93-92305-41-2.
- ↑ Dalton, Edward Tuite (1872) (en ভাষাত). Descriptive Ethnology of Bengal. Office of the superintendent of government printing. পৃষ্ঠা. 521. https://books.google.com/books?id=9wxWAAAAcAAJ&dq=bihiya+ahom&pg=PA77.
- ↑ Hannay, S.F (1848). "Journal of the Asiatic Society of Bengal" (en ভাষাত). Journal of the Asiatic Society of Bengal (Calcutta: Asiatic Society of Bengal): 468. "In the present time the Sooteeahs are called Hindoo Sooteeahs, and Ahom Sooteeahs, the last named being those with whom the Ahoms or Saums intermarried at an early date. The class of the Assam population known as Beheeahs in upper Assam, also consider themselves belonging to the Hindu Sooteeah family.".
- 1 2 3 4 5 বৰবৰুৱা, হিতেশ্বৰ (১৯৮১). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৪৯৪. ISBN 978-93-84733-87-2.
- ↑ শৰ্মা, মৃগেন (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্পৰ ইতিহাস. জাগৰণ সাহিত্য প্ৰকাশন. পৃষ্ঠা. ১০. ISBN 978-93-93342-23-2.