অসমীয়া লোক-সংস্কৃতিত পূজা-পাতল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া থলুৱা জাতি-জনজাতিৰ মাজত, প্ৰকৃতিয়ে সৃষ্টি কৰা অপায়-অমঙ্গলৰ ফলত মানুহৰ মনত জন্ম দিয়া বিশ্বাসৰ পৰম্পৰাৰে বিপদ-বিঘিণিৰ পৰা উদ্ধাৰ পাবৰ কাৰণে আগবঢ়োৱা পূজা-পাতলৰ লগত অসমীয়া সংস্কৃতিৰ বহুতো ন-পুৰণি সংযোগ নিহিত হৈ আছে। ইয়াৰ বিপৰীতে একশৰণীয়া নামধৰ্মৰ প্ৰবল প্ৰচাৰে বহুতো পূজা-পাতল নিস্তেজ কৰাৰ উপৰিও পূজা-পাতলত বলি বিধান আদিৰ বিলোপ সাধনো কিছু পৰিমাণে কৰিলে। সাধাৰণ অসমীয়াৰ মাজত প্ৰচলিত পূজা-পাতলবোৰৰ ভিতৰত বৈদিক, তান্ত্ৰিক, আৰু শৈৱ পদ্ধতিৰ যিবোৰ পূজা-অৰ্চনা, হোম-যজ্ঞ বিধি-বিধানমতে দেৱমন্দিৰ আৰু গৃহস্থৰ উপাসনা গৃহত চলি আহিছে সেই পূজা-পাতলবোৰৰ বিষয়ে বিষদভাবে এই প্ৰবন্ধটিত সন্নিবিষ্ট কৰা হৈছে।

শীতলা পূজা আৰু আইসবাহ[সম্পাদনা কৰক]

অসমত ফাগুন-চ'ত মাহত পছোৱা বতাহ বয় আৰু ধূলিৰে বায়ুমণ্ডল উপচি পৰে। তাৰ লগে লগেই গ্ৰীষ্মৰো আগমন ঘটে, ধূলি, গৰম আৰু বৰষুণে আৱৰা এই বতৰতেই অসমত বসন্ত ৰোগৰ মানুহৰ শৰীৰত দেখা দিয়ে। বসন্ত ৰোগ আই তথা আদ্যশক্তি গোঁসানীৰ দান, বসন্ত আইৰেই এক ৰূপ-এই পবিত্ৰ বিশ্বাসেৰেই বসন্ত ৰোগৰ ভয়াবহতাক সাধাৰণ অসমীয়া মানুহে এক সুন্দৰ ৰূপ প্ৰদান কৰি আহিছে। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে বসন্ত বা আই ঘাইকৈ তিনি বিধ-বৰ আই, মাজু আই আৰু সৰু আই। কিন্তু অসমীয়া লোক বিশ্বাস মতে আই সাত গৰাকী। উজনি অসমত প্ৰচলিত আইনামত আছে উজাইয়ে আহিলে আইৰে সাতেজনী সাতালি পৰ্বত জুৰি। নামনি অসমত প্ৰচলিতা আই নামত আই দহ গৰাকী অথবা বাৰ গৰাকী-শীতলা আই, তিলেনী আই, পানীমলা, ৰংমলা, বাঁহামুৰী, লাভামুৰী,পানীচমেৰী, ধনমালা, মৰুৱা, কাহুৰী, কেটেৰী, হাগুৰী। অসমীয়া মানুহৰ ঘৰৰ কোনোবাজনৰ আই দেখা দিলেই গোটেই ঘৰৰ লোক সকল সজাগ হয়। লগে লগে ঘৰত তাঁতবোৱা, ঢেঁকী দিয়া,ঘৰত বেচি চিঞৰ বাখৰ কৰা, নাচ-গান, হুলস্থূল কৰা আদি নিষেধ কৰি আইৰ প্ৰতি শ্ৰদ্ধা ভক্তি আৰু সমীহ কৰা হয়। পদূলি-চোতাল সাৰি-মচি, ঘৰ-দুৱাৰ মচি-কাচি ৰোগীৰ শয্যাত ধোৱা পৰিষ্কাৰ কাপোৰ পাৰি দিয়া হয়। সেই শয্যাত মাহনিমৰ পাত ৰখাও নিয়ম। শোটা, বাঢ়নী, মেখেলা, চুৰীয়া আদি চুৱা হাতেৰে আই ওলোৱাজনক কেতিয়াও স্পৰ্শ কৰিব নাপায়-তেনে ভুল হ'লে আইৰ দোষ লাগি ঘাটি লাগে বুলি ভৱা হয়। গোটেই ঘৰ ধূপ-ধূণাৰ গোন্ধৰে আমোলমোলাই ৰাখিব লাগে। ৰোগীৰ শয্যাৰ কাষত আগলি কলাপাতৰ ওপৰত ৰখা শৰাই বা বটা এখনত তগৰ, খৰিকাজাই, গোলাপ আদি বগা ফুল সজাই থব লাগে। ওচৰতে এখন সৰু তামুলী পীৰা বগা কাপোৰেৰে সজাই আসন পাতি তাৰ ওপৰত ঘট এটিত এঘট পানী আৰু আমপাত দি , ঘটত এঁৱাসূতা আৰু সেন্দূৰৰ ফোট দি থোৱা নিয়ম আছে। ওচৰতে এগছ মিঠাতেলৰ বন্তি আৰু থুৰীয়া তামোল ৰাখিব লাগে। এই আসন আই নোযোৱা পৰ্যন্ত অৰ্থাৎ ঘৰত আই শেষ নোহোৱালৈকে ভাঙিব নেপায়। পুৱা-গধূলি এই আসনৰ ওচৰতে পুথি পঢ়িব বা নাম গাব লাগে। আই দেখা দিয়াৰ লগে লগেই ঘৰৰ মূল এগৰাকী মানুহে গা ধুই শুদ্ধ বস্ত্ৰ পিন্ধি অথবা তিতা কাপোৰেৰে গোসাঁই ঠাই মচি, গৰু ঘিঁউ বা মিঠাতেলৰ বন্তি এগছি জ্বলাই আগগুৰি কটা তামোল-পাণ আৰু পইচা আঠ অনা বা এটকা টোপোলা বান্ধি আইলৈ বুলি আগবঢ়াই মনতে আই সমবাহ বা শীতলা পূজা কৰিম বুলি সঙ্কল্প কৰে আৰু আই সুপ্ৰসন্না হৈ সন্তানক দয়া কৰি যাব লাগে বুলি প্ৰাৰ্থনা জনাই সেই টোপোলা গোসাঁই থপনাত থৈ দিয়ে। শীতলা পানী বা শীতলাৰ দোল জাৰি দিব জনা মানুহৰ হতুৱাই জাৰি আনি ৰোগীৰ গাত দিলে ৰোগীয়ে শান্তি অনুভব কৰে। শীতলা মন্ত্ৰৰে জাৰি দিয়া পানী ৰোগীৰ মূৰৰ পৰা তললৈ সময়ে সময়ে সানি দিলে গা শীতল পৰে আৰু আই সন্তুষ্ট হয়। আই কমিলে শীতলা মন্ত্ৰপূত কৰ্পূৰ মিহলি নাৰিকল তেল সানি দিলে আইৰ চোকোৰা সোনকালে , দুখ নিদিয়াকৈ, বেছি খজুৱতি নোহোৱাকৈ সৰি পৰে। শীতলা পূজা কৰিম বুলি মনত ভাবিলে সেই পূজা পুৰোহিতৰ দ্বাৰা মন্দিৰত, আইথানত বা ঘৰতে পতা হয়। এই পূজা সাধাৰণতে পুৱাবেলাহে পাতে। তামৰ ঘটত পানী তুলি ঘট স্থাপন কৰি, মাহ-প্ৰসাদ আৰু বগা পাৰৰ নৈবেদ্য উৰ্চগা কৰি শীতলা পূজা পতা হয়। শীতলাৰ নামত মন্দিৰত বগা পাৰ উৰাই দিয়া নিয়ম আছে। সাধাৰণতে শীতলা পূজাৰ সলনি আইসবাহেই বেছিকৈ পাতে। আই দেখা দিয়াৰ তৃতীয় দিনত, সপ্তম দিনত, নৱম দিনত গৃহস্থৰ সুবিধা অনুযায়ী এই সবাহ পতা হয়। সাধাৰণতে আই দেখা দিয়াৰ তিনিদিনত এঁৱা ছোৱালী তিনিগৰাকী, পাঁচগৰাকী বা সাতগৰাকীক ভক্তি ভাবেৰে শুদ্ধভাবে আছুতীয়াকৈ প্ৰস্তুত কৰা ভোগ ৰোগীৰ কাষত বা গোসাঁই ঘৰত আগলি কলপাতত দি খুওৱা হয়। লগতে আই দেখা দিয়া জনকো একেলগে খাৱলৈ দিয়া হয়। তেওঁলোকক থুৰীয়া তামোল দুখনিকৈ কাটি দিয়া হয় আৰু বগা ফুল কলপাতৰ আগত সজাই দিয়া হয়। নৈবেদ্য আগবঢ়়োৱা গৰাকীয়ে আইক প্ৰাৰ্থনা কৰে যাতে এই নৈবেদ্য গ্ৰহণ কৰি আই সন্তুষ্ট হয়। আই সবাহ সাধাৰণতে আবেলি তিনিমান বজাৰ পৰা সন্ধিয়ালৈকে হয়। গোসাঁইঘৰ থাকিলে গোসাঁই ঘৰতে নহলে মাৰলঘৰ বা চৰা ঘৰতে কোঠা এটি ধুই-মচি পৰিস্কাৰ কৰি তাত আগলি কলাপাতৰ ওপৰত এগছি বন্তি , শৰাই ভৰা বগাফুল থৈ ধূপ-ধূণা জ্বলাই দিয়া হয়। মগু, বুট, কল, কুঁহিয়াৰ, নাৰিকল, অমিতা আদি ফল-মূল, থুৰিওৱা তিনিখনি তামোল, অকণমান আৰৈ চাউল দি সজোৱা প্ৰতিখনি শৰাইতে আৰৈ চাউলৰ কেঁচা পিঠাগুড়িৰ মিঠৈও দিয়া হয়। এই সকলোবিলাক অতি পৰিস্কাৰ-পৰিচ্ছন্ন ভাবে, আচুতীয়াকৈ, ধোৱা কানি-কাপোৰ পিন্ধা, কাকো স্পৰ্শ নকৰা তিৰোতা মানুহে কৰে। মচা-কোচা ঠাইত ধোৱা কলপাতৰ ওপৰত শৰাই থৈ শৰাইখন আকৌ আগলি কলপাত বা ফুলজালি কটা কলপাত দি ঢাকি দিয়া হয়। শৰাই তিনিখনি বা পাঁচখনি সজোৱা হয়। আই ওলোৱাজনৰ কাহ থাকিলে কাহুৰী আইৰ প্ৰতি কঠালপাত সাত, ন, বা এঘাৰ খিলাত জালুক, নিমখ দিয়া শুকান কৰাইগুড়ি আৰু মাহ-প্ৰসাদ আগবঢ়োৱা হয়। আদ্যশক্তি মহামায়াই আই ভগৱতী। আইৰ কাৰণে শৰাই সঁফুৰা সজাই, ভক্তিভাবে গোপিনীসকল গোট খাই সেৱা কৰি আইৰ নাম ললেই আই সন্তুষ্ট হয়। আইৰ নাম গোৱাৰ লগে লগে সকলো ভয় শঙ্কা আঁতৰি যায়, মন যুৰ পৰি যায়। আইৰ নামৰ শুকুলা পিঠাগুড়ি আগবঢ়াই গোপিনীয়ে দোষ ক্ষমাবলৈ সন্তানক উদ্ধাৰ কৰিবলৈ প্ৰাৰ্থনা জনায়। তিনিটা, পাঁচোটা বা সাতোটা নাম গোৱাৰ পাছত সন্তানৰ হৈ মাতৃয়ে, স্বামীৰ হৈ স্ত্ৰীয়ে বা আপোনজনে লোণ, অৰিহণা আৰু তামোল-পাণ শৰাইত থৈ আঁঠুকাঢ়ি, গলবস্ত্ৰ হৈ সেৱা কৰে। একেঘৰতে বা একেজনৰে গাত বহুদিনলৈ আই থাকিলে বাঁহৰ মূঢ়াৰ ওচৰত পায়সৰ ভোগ দিবলৈ বিধান দিয়ে।[1]

পানীতোলা সবাহ[সম্পাদনা কৰক]

খেতিয়কৰ খেতি পথাৰত যেতিয়া খৰাং হৈ খেতি পথাৰত চিৰাল ফাট দিয়ে তেতিয়া কোনো কোনো সম্প্ৰদায়ৰ মাজত(বিশেষকৈ চুতীয়া সম্প্ৰদায়ৰ মাজত) খেতিৰ বাবে বৰষুণ কামনা কৰি জেঠমাহত তিনিদিন ধৰি এই সবাহ পতা হয়। অঙ্গখুত নথকা অপুষ্পিতা কুমাৰী তিনিজনী (মাক-দেউতাক থকা ছোৱালী)ৰে তিনিটা এঁৱাঘটৰ পৰা ৰাইজ আৰু গায়ন-বায়নৰ লগত গৈ পানী তোলেগৈ। প্ৰথমদিনা পানী তুলি আনি নামঘৰৰ ওচৰত থকা বৰগছৰ গুৰিত তিনিবাৰ প্ৰদক্ষিণ কৰি পানী তিনিঘট নামঘৰত থৈ দিয়ে। পাছদিনা পুৱা বৰগছৰ গুৰিত পানী ঢালি দি আকৌ আগদিনাৰ দৰে পানী তোলেগৈ। সেইদিনাও আগৰদিনাৰ দৰে নামঘৰত থৈ দিয়েগৈ। তৃতীয় দিনাও সেইদৰে বৰগছৰ গুৰিত পানী ঢালি দি ওৰে দিন ওৰে ৰাতি গায়ন-বায়নেৰে নাম কীৰ্তন কৰা হয়। এই সবাহত পকামিঠৈ নিদিষ্ট নৈবেদ্য, মাহ-প্ৰসাদৰ শৰাই সজাই লোৱা হয়। ৰাতিৰ নামত ভীম চৰিতৰ পদ আদিৰে ভাও দিয়াও হয়। বহুৱা আদি ওলাই আনন্দমুখৰ পৰিবেশ সৃষ্টি কৰি তোলে সকলোৱে।

লখিমী সবাহ[সম্পাদনা কৰক]

শস্য অভিপতি শ্ৰীময়ী লক্ষ্মী দেৱী পথাৰৰ ধান দাই খেতিয়কে ঘৰলৈ নিয়াৰ পাছত পথাৰৰ পৰা অন্তৰ্ধান হয় আৰু কোনোৱা থিয় পৰ্বতত গৈ স্থিতি লয়গৈ বুলি লোক বিশ্বাস আছে। প্ৰজাৰ প্ৰতি অসন্তুষ্ট নহলে বৰ্ষাঋতুৰ লগে লগে লক্ষ্মী দেৱী বৰষুণ হৈ আকৌ পথাৰলৈ নামি আহে। এই বিশ্বসাৰ ভেটিত খেতিৰ ভৰপক দিয়াৰ আগতেই জেঠ-আহাৰ মাহত লখিমীক আদৰিবলৈ গাঁৱৰ জীয়াৰী-বোৱাৰীয়ে নাম গাই পানী তুলিবলৈ যায়। পানী তুলিবলৈ যাওঁতে ধানেৰে ভৰি থকা দৱলি এটা, কলপটুৱাৰ দোৰোলা এটা আৰু জাকৈ এখন লগত লৈ যায়। কোনোবা পুখুৰী, বিল খালত চাকি এগছি, তামোল-পাণ এটা দি সেৱা কৰি জকাইৰে তিনি চাব মাৰি পানীৰ পৰা জাবৰ-জোঁথৰ যি উঠি আহে জাকৈৰে তুলি কলপটুৱাৰ দোৰোলাত ভৰাই লৈ আহি নামঘৰ তিনিবাৰ প্ৰদক্ষিণ কৰি সেই জাৱৰ-জোঁথৰ থপনাৰ আগত আগবঢ়াই, দুৱলিৰ ধানেৰে সানি ঘৰে ঘৰে ভগাই লয়। জাবৰৰ লগত মাছ আহিলে শুভ বুলি গণ্য কৰা হয়। এনে প্ৰসাদ ঘৰত থলে ঘৰলৈ প্ৰচুৰ শস্য আহে বুলি লোক বিশ্বাস কৰা হয়। আহোম সকলো এই পূজা ভাগ নিজাববীয়াকৈ হলে ভড়াঁলৰ আগত আৰু ৰাজহুৱাকৈ হলে নামঘৰৰ মুকলি ঠাইত পাতে। তেওঁলোকে আহুলখিমীক আদৰে বাঁহ আৰু টকৌ পাতেৰে সজা চাংঘৰত ফুল, তামোল, কল, পিঠাগুড়ি, কুকুৰা আৰু সুৰাৰে। আহুলখিমীৰ চাংঘৰৰ ওচৰতে হুচুংখোড়ালৈও পূজা আগবঢ়োৱা হয়। এই হুচুংখোড়া লক্ষ্মীদেৱীৰে পিতৃ বুলি আহোম সকলৰ মাজত বিশ্বাস আছে। তদুপৰি খেতিয়ক সকলে ঘৰলৈ প্ৰথম ধান অনাৰ আগে আগে ঘৰৰ গিহিনীয়ে লখিমী বুলি এথোক ধান আগলি কলপাত আৰু ফুলাম গামোচাৰে বান্ধি মূৰত তুলি পথাৰৰ পৰা ঘৰলৈ আনে আৰু ভড়াঁলৰ মুখতে বা ওচৰৰে চকোৱাত নতুবা বৰঘৰৰ বেৰতে খুঁচি থয়হি। লখিমী আনোতে পাছলৈ চাব নাপায় আৰু মুখেৰেও মাতিব নাপায়। পথাৰৰ সকলো ধান আনি ভড়াঁলত সুমুৱাই শেষ হলে ভাল দিন এটা চাই মাহ-প্ৰসাদ আগবঢ়াই প্ৰাৰ্থনা কৰে আৰু সেই আনি থোৱা ধানৰ থোকৰ লগতে বাকী ধান বোৰ লখিমী উৰুলি আদি দি ভড়াঁলত সুমুওৱা হয়। সেইদিনা গাঁৱৰ বা চুবুৰীয়া আন মানুহক পা-পইচা, বা ধান চাউল আদি দিব নাপায়। লখিমী সুমুওৱাৰ পাছত এমাহলৈ ভড়াঁল খুলিব নাপায় বুলি লোক বিশ্বাস আছে।

গো-পূজা[সম্পাদনা কৰক]

অসমীয়া চত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনটো গৰু-বিহুৰ দিন হিচাপে সমগ্ৰ অসমতে পালন কৰা হয়। সেইদিনা পুৱাতেই জাতিলাও, বেঙেনা, কেৰেলা, বৰ থেকেৰা, কেঁচা হালধি আদি চকল চকল কৰি কাটি বাঁহৰ চাতবাৰিত গাঁথি লৈ, প্ৰতি গৃহস্থই নিজৰ গৰু নৈ, বিল বা পুখুৰী আদিলৈ লৈ যায় আৰু গৰু শিঙত সৰিয়হৰ তেল দি কপালত মাহ-হালধিৰে ফোট দি, গাতো মাহ-হালধিৰে মালিচ কৰি স্নান কৰায়। লগতে নতুন পঘাও মাহ-হালধিৰে নোওৱা হয়। গৰু গালৈ চাতবাৰিৰ লাও, বেঙেনা আদি দলিয়াই লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু বুলি শুবাশিস বৰিষণ কৰি গৰু পথাৰত মেলি দিয়া হয়। ধোৱা-পখলা নতুন পঘাৰ মাজে মাজে এঁৱা সূতা, তুলসীৰ পাত বান্ধি দিয়াও হয়। আবেলি দীঘলতি , মাখিয়তী গছৰ পাতেৰে গৰুৰ গাত আলফুলকৈ কোবাই---দীঘলতি দীঘপাত মাখি মাৰো জাত জাত বুলি মুখেৰে কৈ কৈ মহ, মাখি খেদি ঘৰলৈ লৈ অনা হয়। নতুনকৈ প্ৰস্তুত কৰা লাও পিঠা(পিঠাগুড়ি গুৰ জাতিলাওৰে কৰা পিঠা) আৰু মিঠৈ খুওৱা হয়। সন্ধিয়া গৰুক আমনি দিয়া মহ-মাখি খেদাবলৈ পদূলি মুখত, চোতালত আৰু গোহালিত তুঁহ, মাখিয়তী , বিহলঙনী, মৰলিয়া, ঔ-টেঙাপাত, ধানখেৰ আদিৰে জাগ দিয়া হয়। ঘৰলৈ প্ৰথম গৰু আহিলে গৰুক লক্ষ্মী বুলি ভাবি গৰুৰ ভৰি ধুৱাই, গাটো মচি দিয়ে আৰু লোণ খুৱাই আদৰণি জনোৱা হয়।

অগ্নি পূজা[সম্পাদনা কৰক]

খেতিয়কে পথাৰৰ পৰা নতুন ধান আৰু শস্য ঘৰ চপোৱাৰ পাছতেই অগ্নি দেৱতাক ভোগ দিয়া পূজা পাতা হয়। এই অগ্নিতেই প্ৰথম পিঠা দিয়া হয়। মাঘবিহুত উৰুকাৰ নিশা ৰাতিটো কটাই দোকমোকালিতে স্নান কৰি অগ্নিক মন্ত্ৰ মাতি সেৱা কৰা হয়। দীপান্দিতা অনুষ্ঠানতো অগ্নিক পূজা কৰা হয়। অগ্নিক সাক্ষী কৰিয়েই বিয়া , চকলং , হোম,যজ্ঞ আদি অনুষ্ঠিত কৰা হয়। বিবাহ অনুষ্ঠানত অগ্নিক সাক্ষী কৰি ৭বাৰ প্ৰদক্ষিণ কৰিলেহে বিবাহ সম্পন্ন হয়। আগ্নিলৈ ভৰি টোঁৱাবও নাপায়। ভৰি মেলি জুই ফুৱালে অগ্নিৰ দোষ লাগে বুলি লোক বিশ্বাস আছে, সেই বাবে জুই ফুওৱাৰ পাছত অগ্নিক সেৱা কৰা হয়। সেয়ে অগ্নিক দেৱতাৰূপে মানি চলা হয়। অগ্নি ঘৰত বা কাষত থাকিলে দেও-ভূত আঁতৰি যায় বুলি লোক বিশ্বাস কৰা হয়। সেয়ে প্ৰসূতিৰ ওচৰত ডাঙৰকৈ জুই ধৰি ৰখা হয়। সৰু সৰু লৰা-ছোৱালীৰ মুখ লগা হলে জুইত জলকীয়া দি মুখ লগা ভঙা হয়।

শিলপূজা[সম্পাদনা কৰক]

ব্ৰাহ্মণ সকলৰ প্ৰভাৱ থকা অসমৰ সত্ৰসমূহত আৰু বহুত অসমীয়া মানুহৰ গোঁসাই ঘৰত শালগ্ৰাম শিলা পূজা প্ৰাচীন কালৰে পৰা দেখা যায়। সেই শালগ্ৰামৰ নিত্যস্নান আৰু চন্দন, ফুল, তুলসী দি প্ৰতিদিনে পূজা কৰা হয়। গৃহস্থৰ ঘৰত থকা শালগ্ৰামৰ স্নান আৰু পূজা নোহোৱালৈকে গৃহস্থই আহাৰ গ্ৰহণ কৰিব নাপায়। শালগ্ৰামত প্ৰথমতে মাহ-প্ৰসাদৰ নৈবেদ্য আৰু বিশেষ কাৰ্য উপলক্ষে ভোগ আদিও দিয়া হয়। পূজা ভাগত তাম, তুলসী আৰু শালগ্ৰাম যি পাত্ৰৰ জলত একত্ৰিত হয় সেই জল পৰম পবিত্ৰ বুলি গণ্য কৰা হয়। বিশেষত্ব এয়ে যে শালগ্ৰাম শিলা গণ্ডকী নৈতহে পোৱা যায় আৰু শালগ্ৰামৰ গাত শিৱ, বিষ্ণু, দুৰ্গা আদি বুজোৱা বিশেষ বিশেষ ৰন্ধ্ৰৰ চিহ্ন থাকে। কামাখ্যা ধামত যোনিচিহ্ন থকাৰ উপৰিও অসমৰ হাবিয়ে বননিয়ে শিৱলিঙ্গ থকা অজস্ৰ থান আছে। অম্বুবাচী, শিৱৰাত্ৰি পূজাও এই শালগ্ৰামৰেই এক পূজা। উমানন্দ, মহাভৈৰব, শিৱদৌল, শ্বিলঙৰ মহাদেউ খোলা তিনিচুকীয়াৰ শিৱমন্দিৰ, নেঘেৰিটিংৰ মন্দিৰ, দেওপানী মন্দিৰ আদিত শালগ্ৰাম পূজাৰ অৰ্চনা কৰা হয়। এই পূজাত জল, বেলপাত, ধুতুৰাফুল, দোৰোণফুল আৰু ভাং বিশেষ ভাবে ব্যৱহাৰ কৰা হয়। এই পূজাত পাৰ, হাঁহ, ছাগলী, কেতিয়াবা মহও বলি দিয়া হয়। শিলঘাটৰ দুইমুনি শিলা, উত্তৰ গুৱাহাটীৰ বিষ্ণুপদ অশ্বক্লান্ত আৰু বশিষ্ঠাশ্ৰমৰ অৰুন্ধতী আদিতো শালগ্ৰাম পূজা অনুষ্ঠিত হয়।

জলপূজা[সম্পাদনা কৰক]

পানীত জল নাৰায়ণ আৰু জলকুঁৱৰী থাকে বুলি অসমীয়া লোক বিশ্বাস আছে। কেতিয়াবা পানী আনিবলৈ যাঁওতে বা নৈৰ পাৰত ফুৰোতে বা অন্য কেনেবাকৈ জলকুঁৱৰীৰ দোষ লাগে, তেতিয়া নানান অসুখ হোৱা দেখা যায়। মঙ্গল চাওঁতাই মঙ্গল চাই জলকুঁৱৰীৰ দোষ বুলি বিধান দিলে পিঠাগুড়ি, চেনি-গাখীৰৰ নৈবেদ্য আগবঢ়াই আয়তী সকলে গৈ নৈ বা বিল, পুখুৰী আদিৰ পাৰত পূজা দি নাম গালে জলকুঁৱৰীৰ দোষ খণ্ডন হয় বুলি কোৱা হয়। জলকোঁৱৰৰও দোষ লাগে বুলি বিশ্বাস আছে। জল কোঁৱৰ -জলকোঁৱৰীৰ দোষৰ বিষয়ে সঠিক প্ৰমাণ পোৱা যায়--কমলা কুঁৱৰীৰ আখ্যানত। অসমীয়া বিয়া নামতো জলনাৰায়ণৰ প্ৰভাব আছে। বিয়াৰ পানী তোলোতে জলনাৰায়ণৰ উদ্দেশ্যে তামোল-পাণ বা থুৰিওৱা তামোল আগবঢ়াই সেৱা কৰা হয়। নৈ পাৰ হলে পইচা বা তামোল দি সেৱা কৰা নিয়ম এতিয়াও বিদ্যামান। দলং আদি নিৰ্মাণ কৰোঁতে জলদেৱতাক প্ৰথমে পূজা-পাতল দিয়ে আৰম্ভ কৰা দেখা যায়। ব্ৰহ্মপূত্ৰক জীৱন্ত দেৱতা বুলি বিশ্বাস কৰা হয়। বানপানী হে ব্ৰহ্মপূত্ৰই ৰূদ্ৰমূৰ্তি ধাৰণ কৰিলে ব্ৰহ্মপূত্ৰই গাভৰু পৰ্বতক বিয়া কৰিবলৈ হিল-দল ভাঙি আহা বুলি বিশ্বাস কৰা হয়। তদুপৰি মাছ মৰিয়া সকলে পানীত প্ৰথমে মাছ মাৰিবলৈ লওতে জলদেৱতাৰ পূজা কৰা হয়। মৰিগাওঁ জিলাৰ মায়ং অঞ্চলত বিলত গাৰো-গাৰোনীৰ পূজাৰ আনুষাঙ্গিক দ্ৰব্য আৰু অন্নৰ ভোগেৰে দি পানীত উটাই দিয়া হয়, বিশ্বস যে লগত দিয়া বন্তি গছ উটি গৈ যি ঠাইতে নুমায়, সেই ঠাইত মাছ মাৰিলে মাছ ভালকৈ পোৱা যায়। জলখাই দেৱতাৰ দোষ লাগিলে কলগছৰ ভুৰ, বগা পাৰ এযোৰ, ফুল, চাকি-বন্তি, ভোগ সজাই পানীত উটাই দিলে দোষ খণ্ডন হয় বুলি লোক বিশ্বাস। লিখক:ড॰ নিৰ্মল প্ৰভা বৰদলৈ, গ্ৰন্থ :“অসমৰ লোক-সংস্কৃতি“, পৃষ্ঠা নং: ৮৭

ধুমুহা পূজা[সম্পাদনা কৰক]

বৰষুণ লগত ধুমাহ সাধাৰণতে বৰ্ষা ঋতুতেই হয়। বছৰৰ প্ৰায় ৫,৬ মাহ মান বৰষুণ হয়। বাহগ বিহুৰ আগে আগে হোৱা প্ৰচণ্ড ধুমুহাক কাল্পনিক এক কাহিনীৰে সুন্দৰ ৰূপ দি কোৱা হয়---বৰদৈচিলা আৰু সৰুদৈচিলা নামৰ দুজনী বাই-ভনী বিহু খাবলৈ উধাতু খাই মাকৰ ঘৰলৈ যায় আৰু হিল-দল ভাঙি যোৱাৰ বেগতে গছ-গছনি সকলো উভালি পৰা ধুমুহা হয়। সেই ধুমুহা শান্ত কৰিবলৈ অসমীয়া মানুহে নিজৰ ঘৰৰ চোতালত পীৰা পাৰি, তাৰ ওপৰত আৰ্চী, ফণি দি থয় আৰু বৰদৈচিলা তাতে বহি শান্ত হৈ মূৰ ফণিয়াই ধীৰে-সুস্থিৰে যাত্ৰা কৰে মাকৰ ঘৰৰ অভিমুখে। তৰোপৰি ধুমুহা প্ৰতিৰোধ কৰিবলৈ কোনো কোনো লোকে মন্ত্ৰ ব্যৱহাৰ কৰা দেখা যায়। সেই মন্ত্ৰ (দেৱ দেৱ মহাদেৱ নীলগ্ৰীৱ জঁটাধৰ, বাতবৃষ্টি হৰং দেৱ মাহাদেৱ নমত্তুতে) নাহৰ গছৰ পাতত লিখি ঘৰৰ মূধচত চত-বহাগৰ সংক্ৰান্তিৰ দিনা খুঁচি থলে ধুমুহাই সন্তুষ্ট হৈ অনিষ্ট নকৰে বুলি বিশ্বাস কৰা হয়।

বৃক্ষ পূজা[সম্পাদনা কৰক]

বৃক্ষ পূজাৰ ভিতৰত তুলসী পূজাই প্ৰধান। আহিন-কাতিৰ সংক্ৰান্তিৰ দিনা প্ৰতিঘৰ অসমীয়াৰ ঘৰতে তুলসীৰ ভেটি কৰি তুলসী গছ ৰোৱা হয়। পুৰণি তুলসী গছ থাকিলেও নতুন তুলসী এজোপা হলেও ৰুই লোৱাতো নিয়ম। তুলসীৰ ভেটি মচি, ভেটিৰ সমুখত এটা কল-পুলি ৰুই তাত বন্তি জ্বলাই , মাহ-প্ৰসাদ, নৈবেদ্য দি সেই দিনা সন্ধিয়া নামকীৰ্তন কৰা হয়। সেইদিনা সন্ধিয়াৰ পৰা এমাহলৈ তুলসীৰ গুৰিত বন্তি প্ৰজ্বলন কৰিব লাগে, কোনো কোনোৱে আকাশ বন্তিও দিয়া দেখা যায়। আৰু পুৱা তুলসী ভেটি মচি পৰিষ্কাৰ কৰা হয়। এই কামবোৰ অসমীয়া নাৰীয়ে বৰ পবিত্ৰ কাম বুলি গণ্য কৰে। তুলসী পাতেৰে ছতিওৱা পানীয়ে ঘৰ শুদ্ধ কৰে। দেহ, মন, বাসস্থান আদিৰ শুদ্ধকৰণ বা প্ৰায়শ্চিত্ততো তুলসী পাতৰ ব্যৱহাৰ কৰা হয়। আঁহত, বট, জৰী, আম, ডিমৰু--এই পঞ্চপল্লৱ, ঘট স্থাপন কৰা প্ৰতি পূজাতেই জলপূৰ্ণ ঘটৰ মুখত দিৱলৈ প্ৰয়োজন হয়। ঘটৰ মুখত গোটা নাৰিকল আৰু বেল দিয়াও দেখা যায়। অদডশ্য পৰম শক্তিৰ প্ৰতীক ৰূপেই এই পঞ্চপল্লৱ সহিতে জলপূৰ্ণ ঘটক পূজা কৰা হয়। শাৰদীয় দুৰ্গাপূজাত নৱপত্ৰিকা (অপৰাজিতা, ডালিম, মানকচু, কচু, গছ, ধান হালধি, আশোক, জয়ন্তী আৰু কলগছ) স্থাপন কৰা হয়। আঁহত গছক বিষ্ণু জ্ঞান কৰি গছৰ গুৰিত বহুতে সন্ধিয়া চাকি দিয়ে। এয়া বৃক্ষ পূজাৰেই নামান্তৰ। বড়োসকলৰ মাজত সিজু গছ পূজা কৰাৰ প্ৰথা অতীজৰ পৰা দেখা যায়। পুত্ৰহীন কোনো ব্ৰাহ্মণে আঁহত গছক পুত্ৰৰূপে প্ৰতিষ্ঠা কৰি লগুণ দি পুণ্য আহৰণ কৰে বুলি বিশ্বাস কৰে। বিয়া নোহোৱাকৈ থকা ছোৱালীৰ বিবাহ সম্পৰ্কীয় কিবা দোষ থাকিলে খণ্ডন হৱলৈ প্ৰথমে কলগছক বিয়া দিয়া প্ৰথা গ্ৰাম্যাঞ্চলত দেখা যায়। অসমীয়া তোলনি বিয়াত চাৰিদিনীয়া আৰু সাতদিনীয়া স্নানৰ পাছত নতুনকৈ ৰোৱা নিখুঁত কলপুলি এটাক স্বামীৰূপে সেৱা কৰা হয় আৰু লাগনী গছলৈ চাই উৰ্ব্বৰতাৰ আকাংক্ষাৰে প্ৰণাম জনোৱা হয়।

টোকা[সম্পাদনা কৰক]

লিখক:ড॰ নিৰ্মল প্ৰভা বৰদলৈ, গ্ৰন্থ :“অসমৰ লোক-সংস্কৃতি“, পৃষ্ঠা নং: ৭২

  1. গ্ৰন্থ : অসমৰ লোক-সংস্কৃতি | লেখক : ড॰ নিৰ্মল প্ৰভা বৰদলৈ | পৃষ্ঠা নং : ৭৩