অ-পদাৰ্থ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অ-পদাৰ্থ  
লেখক নৱকান্ত বৰুৱা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ কল্প-বিজ্ঞানধৰ্মী উপন্যাস
প্ৰকাশ ১৯৮২
মিডিয়া প্ৰকাৰ মুদ্ৰণ

অ-পদাৰ্থ হৈছে অসমীয়া কবি-সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা লিখিত এখনি কল্প-বিজ্ঞানধৰ্মী উপন্যাস। উপন্যাসখন ১৯৮২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম। এখুদ ককাইদেউ হিচাপে জনপ্ৰিয় নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত ১৯২৬ চনৰ ২৯ ডিচেম্বৰত। তেখেতে সাহিত্য অকাডেমি, অসম উপত্যকা বঁটাকে ধৰি একাধিক বঁটা-সন্মান লাভ কৰে। ১৯৭৬ চনত তেখেতক পদ্মভূষণ প্ৰদান কৰা হৈছিল। হে অৰণ্য হে মহানগৰ, কপিলীপৰীয়া সাধু, শিয়ালী পালেগৈ ৰতনপুৰ, ৰাৱণ আদি তেখেতৰ উল্লেখযোগ্য সৃষ্টি।

গ্ৰন্থৰ সংক্ষিপ্ত বিৱৰণ[সম্পাদনা কৰক]

অ-পদাৰ্থ গ্ৰন্থখনৰ কেন্দ্ৰীয় বিষয়ত জৈৱ পদাৰ্থ বিজ্ঞান প্ৰয়োগ কৰি ৰক্তহীন অস্ত্ৰোপচাৰৰ প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ যোৱা এজন চিকিৎসকৰ কাহিনী বৰ্ণিত হৈছে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ চিকিৎসকজনে এক বিধ্বংসী অ-পদাৰ্থ বা এণ্টিমেটাৰ সৃষ্টি কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত চিকিৎসকজন আত্মসমালোচনা আৰু অনুশোচনাতহে দগ্ধ হয় আৰু সেই অ-পদাৰ্থ শক্তিত আত্মজাহ যায়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 বৰুৱা, শান্তনু কৌশিক. "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫৯৩. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.