সমললৈ যাওক

আজমেৰী হক বাঁধন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আজমেৰী হক বাঁধন

২০২২ চনত বাঁধন
জন্ম ২৮ অক্টোবৰ, ১৯৮৩ (৪১ বছৰ)
ঢাকা, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
শিক্ষা ব্যাচেলৰ অৱ ডেণ্টাল চাৰ্জাৰী
শিক্ষানুষ্ঠান বাংলাদেশ দন্ত চিকিৎসা মহাবিদ্যালয়
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৬–বৰ্তমান
উল্লেখযোগ্য কৰ্ম ৰেহানা মৰিয়ম নূৰ
দাম্পত্যসঙ্গী মশ্ৰুৰ হোছেইন ছিদ্দিকী ছনেট (বি. ২০১০; বিবি. ২০১৪)
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি সম্পূৰ্ণ তালিকাখন চাওক

আজমেৰী হক বাঁধন (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী বাংলাদেশী অভিনেত্ৰী।[1] তেওঁ বাংলাদেশৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰতো অভিনয় কৰে। ২০০৬ চনত লাক্স চেনেল আই ছুপাৰষ্টাৰত ২য় ৰানাৰ্ছ আপ হোৱাৰ পিছত তেওঁ এগৰাকী মডেলৰূপে সকলোৰে নজৰলৈ আহে।[2] পিছলৈ ২০১০ চনত, তেওঁ অভিনেতা ইলিয়াছ কাঞ্চন আৰু অভিনেত্ৰী চম্পাৰ সৈতে নিঝুম অৰণ্যে নামৰ ছবি এখনত অভিনয়েৰে চলচ্চিত্ৰত অভিষেক ঘটায়।[3] তেওঁ টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰে।[4]

৭৪ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ "আন চাৰ্টেইন ৰিগাৰ্ড" শিতানত আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমখন বাংলাদেশী ছবি ৰেহানা মৰিয়ম নূৰ (২০২১)ত অভিনয়েৰে বাঁধনে সফলতা লাভ কৰে।[5] এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, "শ্ৰেষ্ঠ অভিনেত্ৰী" শিতানত চতুৰ্দশ এছিয়া পেচিফিক স্ক্ৰীণ বঁটা (APSA) আৰু নৱ প্ৰতিভা শাখাত হংকং এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ বঁটা লাভ কৰে।[6][7][8]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৮৩ চনৰ ২৮ অক্টোবৰ তাৰিখে বাংলাদেশঢাকাত আজমেৰী হক বাঁধনে জন্মগ্ৰহণ কৰিছিল।[9][10] তেওঁৰ পূৰ্বপুৰুষসকল মূলতঃ মুন্সীগঞ্জৰ বাসিন্দা আছিল।[10] তেওঁ ঢাকা ডেণ্টেল কলেজ এণ্ড হস্পিতালৰ পৰা দন্ত অস্ত্ৰোপচাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।[10]

কৰ্মজীৱন

[সম্পাদনা কৰক]

বাঁধনে কম বয়সতে এখন সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।[11] ছয়টা পাগলা, শুভ বিবাহ, চাঁদ ফুল অমাবস্যা, ৰং আৰু হিবিজিবি নাথিং আদি নাট্য ধাৰাবাহিকত অভিনয় কৰাৰ বাবেও তেওঁ সুপৰিচিত।[12] এগৰাকী দন্ত চিকিৎসক হিচাপেও তেওঁ সুপৰিচিত।[13] বৰ্তমান তেওঁক টেলিভিছন ধাৰাবাহিকসমূহতেই বেছিকৈ দেখা যায়।[14] ভাৰতীয় প্ৰখ্যাত অভিনয় শিল্পী তবু আৰু আলী ফজলৰ সৈতে, বিশাল ভাৰদ্বাজৰ ছবি খুফিয়াত এক বিশিষ্ট চৰিত্ৰত অভিনয়েৰে তেওঁ বলীউডতো আত্মপ্ৰকাশ কৰে।[15]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

বাঁধন এগৰাকী ১৩ বছৰীয়া কন্যা সন্তানৰ মাতৃ। তেওঁৰ কন্যাৰ নাম মিচেল আমানী ছায়েৰা।[16] ২০১৮ চনত, ঢাকাৰ দ্বাদশ জিলা আৰু অধিবেশন আদালতৰ সহকাৰী ন্যায়াধীশে দিয়া ৰায়দান অনুসৰি, বাঁধনে ছায়েৰাৰ অভিভাৱকত্ব লাভ কৰিছিল।[17]

সক্ৰিয়তা

[সম্পাদনা কৰক]

মহিলাৰ অধিকাৰ আৰু মানসিক স্বাস্থ্য সম্পৰ্কীয় বিষয়সমূহকে ধৰি বিভিন্ন সামাজিক কাম-কাজৰ সৈতে বাঁধন জড়িত। ব্ৰিটিছ কাউন্সিলৰ উদ্যোগত অনুষ্ঠিত হোৱা ৱাউ ফেষ্টিভেলত তেওঁ নাৰীৰ অধিকাৰ আৰু সামাজিক পৰিৱৰ্তনৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছিল।[18] ৰাষ্ট্ৰসংঘৰ মহিলাৰ সামাজিক কাম-কাজৰ অংশ হিচাপে তেওঁ বৈবাহিক ধৰ্ষণৰ বিৰুদ্ধে মাত মাতিছিল।[19]

চলচ্চিত্ৰপুঞ্জী

[সম্পাদনা কৰক]
২৭তম কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানৰ সময়ত বাঁধন

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষ চলচ্চিত্ৰ চৰিত্ৰ টোকা তথ্য.
২০১০ নিঝুম অৰণ্যে নীলা অভিষেক চলচ্চিত্ৰ [20]
২০২১ ৰেহানা মৰিয়ম নূৰ ৰেহানা মৰিয়ম নূৰ [21]
২০২৩ খুফিয়া হিনা ৰহমান ওৰফে "অক্টোপাছ" অভিষেক হিন্দী চলচ্চিত্ৰ [22]

ৱেব ধাৰাবাহিক

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম চৰিত্ৰ প্লেটফৰ্ম টোকা
২০২১ ৰবীন্দ‌্ৰনাথ এখানে কখনো খেতে আসেননি মুস্কান জুবেৰী হইচই [23]
২০২২ গুটি সুলতানা চৰকি [24]

টিভি শ্ব’ আৰু নাটক

[সম্পাদনা কৰক]
  • মেঘে ঢাকা শহৰ[25]
  • ছয়টা পাগলা[26]
  • শুভ বিবাহ[26]
  • ৰং[27]
  • ভালোবাসা কাৰে কয়[28]

চলচ্চিত্ৰ জুৰীৰ কাৰ্য্যকলাপ

[সম্পাদনা কৰক]
  • জুৰী সদস্য, আই এম টুম’ৰ’ চলচ্চিত্ৰ মহোৎসৱ, ব্ৰাছেলছ[29]
  • জুৰী সদস্য, এছিয়ান চলচ্চিত্ৰ প্ৰতিযোগিতা, ১৫ তম বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ভাৰত[30]
বৰ্ষ বঁটা শিতান কৰ‌্ম ফলাফল
২০২১ হইচই বঁটা অসাধাৰণ নৱাগতা অভিনেত্ৰী ৰবীন্দ‌্ৰনাথ এখানে কখনো খেতে আসেননি বিজয়ী
এছিয়া পেচিফিক স্ক্ৰীণ বঁটা শ্ৰেষ্ঠ অভিনয় (অভিনেত্ৰী) ৰেহানা মৰিয়ম নূৰ বিজয়ী
বাংলাদেশৰ ৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা শ্ৰেষ্ঠ অভিনেত্ৰী ৰেহানা মৰিয়ম নূৰ বিজয়ী
২০২২ ৩৭তম চিনেমা জোভে ভেলেন্সিয়া (স্পেইন) শ্ৰেষ্ঠ অভিনেত্ৰী ৰেহানা মৰিয়ম নূৰ বিজয়ী
২০২৪ মেৰিল-প্ৰথম আলো বঁটা ২০২৩ শ্ৰেষ্ঠ অভিনেত্ৰী গুটি বিজয়ী[31]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. Shazu, Shah Alam (2024-10-28). "My daughter wishes for someone special in my life: Badhan" (en ভাষাত). The Daily Star. https://www.thedailystar.net/entertainment/tv-film/news/my-daughter-wishes-someone-special-my-life-badhan-3738796. 
  2. "Badhon on playing Muskan Zuberi in Srijit Mukherji's thriller adaptation" (en ভাষাত). The Daily Star. 2021-01-09. https://www.thedailystar.net/arts-entertainment/news/badhon-playing-muskan-zuberi-srijit-mukherjis-thriller-adaptation-2024529. 
  3. "Nijhum Oronney (2010)" (en-US ভাষাত). IMDb. https://www.imdb.com/title/tt5517762/। আহৰণ কৰা হৈছে: 2021-07-11. 
  4. "New series "Bhalobasha Kare Koy" begins today on ntv" (en ভাষাত). The Daily Star. 2017-12-04. https://www.thedailystar.net/arts-entertainment/tv/new-series-bhalobasha-kare-koy-begins-today-ntv-1499602. 
  5. "Badhon: There is more to this journey than awards". Dhaka Tribune. 2021-07-17. https://www.dhakatribune.com/showtime/2021/07/17/badhon-there-is-more-to-this-journey-than-awards. 
  6. "Prime Minister confers National Film Awards 2021" (en ভাষাত). The Daily Star. 2023-03-09. https://www.thedailystar.net/entertainment/tv-film/news/prime-minister-confers-national-film-awards-2021-3267001. 
  7. "Rehana Maryam Noor bags 2 awards at Asia Pacific Screen Awards" (en ভাষাত). Daily Sun. https://www.daily-sun.com/post/587417/Rehana-Maryam-Noor-bags-2-awards-at-Asia-Pacific-Screen-Awards. 
  8. "Hong Kong Asian Film Festival: 'Rehana Maryam Noor' bags New Talent Award". Dhaka Tribune. 2021-11-15. https://www.dhakatribune.com/showtime/2021/11/15/hong-kong-asian-film-festival-rehana-maryam-noor-bags-new-talent-award. 
  9. (bn ভাষাত)Prothom Alo. 2023-10-29. https://www.prothomalo.com/entertainment/dhallywood/q6vp1eb7jy. 
  10. 10.0 10.1 10.2 "শুভ জন্মদিন বাঁধন". Protidiner Bangladesh. 2022-10-28. https://protidinerbangladesh.com/entertainment/7792/শুভ-জন্মদিন-বাঁধন। আহৰণ কৰা হৈছে: 2024-10-28. 
  11. Hossain, Amina (2020-04-04). "Azmeri Haque Badhon" (en ভাষাত). The Daily Star. https://www.thedailystar.net/showbiz/news/azmeri-haque-badhon-1889326. 
  12. "Badhon". The Daily Star (Dhaka). https://www.thedailystar.net/showbiz/femme-fabulous/badhon-1479328. 
  13. (bn ভাষাত)Manab Zamin (Dhaka). http://www.mzamin.com/details-archive2016.php?mzamin=48891. 
  14. "Badhon's first love letter". The Daily Star (Dhaka). https://www.thedailystar.net/arts-entertainment/tv/badhons-first-love-letter-1320415. 
  15. "Azmeri Haque Badhon to make Bollywood debut with Vishal Bhardwaj's 'Khufia'" (en ভাষাত). The Business Standard. 2021-10-14. https://www.tbsnews.net/glitz/azmeri-haque-badhon-make-bollywood-debut-vishal-bhardwajs-khufia-315853. 
  16. Shazu, Shah Alam (2022-10-06). "'Saira is my powerhouse': Badhan on daughter's birthday" (en ভাষাত). The Daily Star. https://www.thedailystar.net/entertainment/tv-film/news/saira-my-powerhouse-badhan-daughters-birthday-3136556। আহৰণ কৰা হৈছে: 2024-10-29. 
  17. "Badhon receives guardianship of daughter Saira". Dhaka Tribune. 2018-04-30. https://archive.dhakatribune.com/showtime/2018/04/30/badhon-receives-guardianship-daughter-saira. 
  18. "WOW Bangladesh returns for 2023" (en ভাষাত). The WOW Foundation. https://thewowfoundation.com/latest/wow-bangladesh-returns-for-2023। আহৰণ কৰা হৈছে: 2024-01-30. 
  19. "Unesco roundtable: Media houses yet to be women friendly" (en ভাষাত). The Daily Star. 2023-09-01. https://www.thedailystar.net/news/bangladesh/news/unesco-roundtable-media-houses-yet-be-women-friendly-3408301. 
  20. "Nijhum Oronney" (en-US ভাষাত). GoldPoster. https://www.goldposter.com/movie/10984643/। আহৰণ কৰা হৈছে: 2023-11-09. 
  21. Bhowal, Tiasa (9 July 2021). "Bangladeshi actress Azmeri Haque takes over Cannes in Dhakai Jamdani saree. See pics". India Today. https://www.indiatoday.in/lifestyle/fashion/story/bangladeshi-actress-azmeri-haque-takes-over-cannes-in-dhakai-jamdani-saree-see-pics-1825959-2021-07-09. 
  22. "Badhon makes Bollywood debut" (en ভাষাত). Daily Sun. https://www.daily-sun.com/printversion/details/716105. 
  23. Sharif, Rakaat (2021-06-02). "Srijit Mukherji praises Badhon" (en ভাষাত). The Daily Star. https://www.thedailystar.net/showbiz/news/srijit-mukherji-praises-badhon-2103385. 
  24. "Badhon to portray as drug dealer in 'Guti'" (en-US ভাষাত). The Bangladesh Today. https://thebangladeshtoday.com/?p=52458। আহৰণ কৰা হৈছে: 2023-11-09. 
  25. "Three generations in Mehghey Dhaka Shohor". The Daily Star News (Dhaka). https://www.thedailystar.net/three-generations-in-mehghey-dhaka-shohor-63553. 
  26. 26.0 26.1 (bn ভাষাত)Jaijaidin (Dhaka). http://www.jaijaidinbd.com/?view=details&archiev=yes&arch_date=06-04-2015&feature=yes&type=single&pub_no=1153&cat_id=3&menu_id=70&news_type_id=1&index=1. 
  27. "Badhon thanks media industry in 2018". Dhaka Tribune (Dhaka). https://www.dhakatribune.com/showtime/2018/01/02/badhon-thanks-media-industry-2018/. 
  28. "New series "Bhalobasha Kare Koy" begins today on ntv". The Daily Star (Dhaka). https://www.thedailystar.net/arts-entertainment/tv/new-series-bhalobasha-kare-koy-begins-today-ntv-1499602. 
  29. "Jury | I Am Tomorrow Film Festival | 2023 | Brussels | Europe" (en ভাষাত). I Am Tomorrow. https://www.iamtomorrow.eu/jury। আহৰণ কৰা হৈছে: 2024-01-30. 
  30. "BIFFES". www.biffes.org. https://www.biffes.org/। আহৰণ কৰা হৈছে: 2024-01-30. 
  31. "'Mohanagar 2', 'Aam Kathaler Chhuti' dominate Meril-Prothom Alo Awards 2023" (en ভাষাত). The Daily Star. 2024-05-24. https://www.thedailystar.net/entertainment/tv-film/news/mohanagar-2-aam-kathaler-chhuti-dominate-meril-prothom-alo-awards-2023-3617876. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]