সমললৈ যাওক

আজেৰবাইজানী লোককথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আজেৰবাইজানৰ ডাকটিকটত লোককথাৰ প্ৰতিফলন, ২০১৯

আজেৰবাইজানী লোককথা (ইংৰাজী: Azerbaijani folklore) হৈছে আজেৰবাইজান জনগোষ্ঠীৰ লোক পৰম্পৰা।[1]

উৎপত্তি

[সম্পাদনা কৰক]

আজাৰবাইজানৰ লোককথা বহু দিশত অন্য তুৰ্কী জনগোষ্ঠীৰ সৈতে একেই। ডেডে কোৰ্কুট, কোৰোগ্লু, আব্বাছ আৰু গুলগাজ, আস্লি আৰু কৰিম, কথা, হোলাভাৰ, নিচুকনি গীত, উপাখ্যান, সাঁথৰ, প্ৰবাদ আৰু প্ৰৱচন আদি বিভিন্ন বিষয় আজাৰবাইজানৰ লোককথাৰ অন্তৰ্গত।[2] তুৰ্কী আৰু আজেৰবাইজানৰ বহুতো শ্ৰুতিকথাৰ মূলতঃ মানুহৰ বীৰত্ব আৰু প্ৰজ্ঞাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে আৰু ইয়াৰ প্ৰদৰ্শন “ইপিক অৱ কোৰোগ্লু” (Epic of Köroğlu), “বুক অৱ ডেডে কুৰ্কোট” (Book of Dede Korkut) আদি মহাকাব্যত দেখিবলৈ পোৱা যায়।[3][4][5]

কোৰোগ্লু

[সম্পাদনা কৰক]

কোৰোগ্লু (Koroǧlu, আক্ষৰিক অৰ্থ: 'অন্ধৰ পুত্ৰ') হৈছে আজেৰবাইজানত প্ৰচলিত এটি লোককথা। এই কাহিনী আৰম্ভ হয় পিতৃৰ দৃষ্টিশক্তি হেৰুৱাৰ পৰা।[6] সামন্তীয় অধিকাৰী হাছান খানে তুচ্ছ অপৰাধৰ বাবে নিজৰ আস্তাবলৰ বিষয়া আলী কিছিকৰ চকু কাঢ়ি তেওঁক অন্ধ কৰি পেলায়। তেওঁৰেই পুত্ৰ বুলি বিশ্বাস কৰা “কোৰোগ্লু” বা “কোৰোঘ্লু” হৈছে ১৬ শতিকাৰ তুৰ্কী জনগোষ্ঠীৰ এজন অৰ্ধ-ৰহস্যবাদী নায়ক। তুৰ্কী ভাষাত "কোৰোগ্লু" নামৰ অৰ্থ হৈছে "অন্ধৰ পুত্ৰ", "অঙঠাৰ পুত্ৰ" বা "মাটিৰ পুত্ৰ" (মাটিয়ে মৃত্যুক বুজায়)। আজাৰবাইজানী ভাষাত তেওঁৰ প্ৰকৃত নাম আছিল “ৰ'ভশ্বেন” (Rövşən), তুৰ্কী ভাষাত “ৰুচেন আলী” (Ruşen Ali) আৰু তুৰ্কমেন ভাষাত “ৰ'ৱশ্বেন আলি” (Röwşen Aly)। এই শব্দটো আছিল পাৰ্চী ভাষাৰ “ৰৌছন” (رُوشن Rowšan অৰ্থাৎ পোহৰ বা উজ্জ্বল) শব্দৰ পৰা আমদানী কৰা শব্দ।[7][8]

ডেডে কোৰ্কুট

[সম্পাদনা কৰক]

ডেডে কোৰ্কুট (Dede Korkut) বা কোৰ্কুট হৈছে আজেৰবাইজানী শ্ৰুতিকথাৰ আখ্যান আৰু মহাকাব্য পৰম্পৰাত বৰ্ণিত বগা দাড়ি থকা এজন বুঢ়া ৰক্ষক। ষোড়শ শতিকাৰ শেষৰ ফালৰ দুখন পাণ্ডুলিপিৰ পৰাই ডেডে কোৰকুটৰ গ্ৰন্থখন আধুনিক বিশ্বত জনাজাত হৈ পৰে।[7]

বাবা-ই আমিৰ

[সম্পাদনা কৰক]

বাবা-ই আমিৰ হৈছে আজেৰবাইজানী লোককথাৰ এটা কমিক চৰিত্ৰ।[9]

বায়াতি

[সম্পাদনা কৰক]

“বায়াতী” হৈছে একপ্ৰকাৰৰ আজেৰবাইজানী লোককবিতা। এই কবিতাবোৰৰ চাৰিটা শাৰী থাকে আৰু প্ৰতিটো শাৰীত সাতটা পদাংশ থাকে। এই কবিতাবোৰে মানুহৰ অনুভূতিক কাব্যিক ৰূপত প্ৰতিনিধিত্ব কৰে। এই ধাৰাটোৰ বয়াতি-বাগলামা (bayati-baglama), বায়াতি দেয়িছমে (bayati deyishme), ভেছফি-হাল (vesfi-hal), পেটিং (petting), হোলাভাৰ (holavar) আদি কেইবাটাও ৰূপ আছে;[10][11] প্ৰকাশভংগী আৰু বিষয়বস্তু অনুসৰি ধাৰাসমূহ এটা আনটোৰ পৰা পৃথক কৰিব পাৰি।

আশিক কবিতা

[সম্পাদনা কৰক]

আশিক কবিতা (Ashik poetry) হৈছে তুৰ্কী জনগোষ্ঠীসমূহৰ মাজত ব্যাপকভাৱে প্ৰচলিত, আৰু আৰ্মেনিয়ানসকলৰ দৰে আন জনগোষ্ঠীসমূহৰ মাজত গুছান (Gusans) নামেৰে জনাজাত এক প্ৰকাৰৰ লোক কবিতা।[12][13] আশিক নামৰ কবি-গায়কসকলে এবিধ তাঁৰযুক্ত বাদ্যযন্ত্ৰ সংগত কৰি এই কবিতাৰ জৰিয়তে কাহিনী আৰু কিংবদন্তি বৰ্ণনা কৰে।[14] এইদৰেই কোৰোগ্লু আৰু কোৰ্কুটৰ দৰে লোককথা আজিলৈকে সংৰক্ষিত হৈ আছে।[15] বীৰ কোৰোগ্লুৰ দাস্তান হৈছে আটাইতকৈ বিখ্যাত তুৰ্কী আশিক মহাকাব্য। এই কাহিনীবোৰ তৃতীয় ব্যক্তিয়ে বৰ্ণনা কৰে আৰু তেওঁকেই আশিক বুলি কোৱা হয়। আশিক কাহিনী ইয়াৰ উৎপত্তিস্থলৰ পৰা বিভিন্ন অঞ্চললৈ বিষয়বস্তুৰ সামান্য তাৰতম্য ঘটি বিয়পি পৰা দেখা যায়।[16] মধ্যপ্ৰাচ্যত আশিকসকলক কবি, গায়ক, সুৰকাৰ বা সংগীতজ্ঞ হিচাপে গণ্য কৰা হয়। আজেৰবাইজানী ভাষাত আশিকৰ অৰ্থ হৈছে প্ৰকৃতি আৰু তেওঁক জীৱনৰ প্ৰেমী আৰু জাতীয় লোকসংগীত আৰু কবিতাৰ সৃষ্টিকৰ্তা হিচাপে গ্ৰহণ কৰা হয়।[17]

আনুষ্ঠানিক গীত আৰু নৃত্য

[সম্পাদনা কৰক]

আজেৰবাইজানৰ লোককথাৰ মূল বিষয়বস্তু হৈছে প্ৰাকৃতিক শক্তি আৰু তেওঁলোকে শব্দ বা ভংগীমাৰ যোগেদি সেয়া প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। আজেৰবাইজানী লোককথাৰ নাটকীয় ধাৰা প্ৰদৰ্শন কৰা আটাইতকৈ জনপ্ৰিয় আনুষ্ঠানিক গীত আৰু নৃত্য হৈছে কোছা-কোছা (Kosa-Kosa), গোডু-গোডু (Godu-Godu), নভৰুজ (Novruz) আৰু জিদিৰ নবি (Xidir Nabi)।[10]

অতিপ্ৰাকৃতিক সত্তা

[সম্পাদনা কৰক]

আজেৰবাইজানী লোককথাৰ অন্তৰ্গত বেছিভাগ অতিপ্ৰাকৃতিক সত্তা তুৰ্কী পৌৰাণিক কাহিনীৰ আৰু স্থানীয় জনগোষ্ঠীয় বিশ্বাসৰ পৰা সৃষ্টি হোৱা।[18]

মেছে আদম (Meshe Adam) হৈছে আজেৰবাইজানী আৰু কাৰাচাই পৌৰাণিক কাহিনীত বৰ্ণিত পাহাৰীয়া অৰণ্যত বাস কৰা এটা আত্মা।[19] কুলিয়াবানি (Qulyabani) হৈছে মানুহ খায় বুলি বিশ্বাস কৰা এটা দীঘল দাড়ি থকা দৈত্য। ইয়াক মৰুভূমি আৰু কবৰস্থানত বাস কৰা এটা দুষ্ট আত্মা বুলি বিশ্বাস কৰা হয়।[20][21][22] টেপেগ’জ (Tepegoz) হৈছে এটা তুৰ্কী পৌৰাণিক জীৱ।[23][24]

অন্য সংস্কৃতিৰ সৈতে সম্পৰ্ক

[সম্পাদনা কৰক]

আজেৰবাইজানী লোককথাই পাৰ্চী শ্ৰুতিকথা আৰু তুৰ্কী শ্ৰুতিকথাৰ উপাদান আহৰণ কৰা দেখা যায়।[25]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Yeni ədəbiyyat tariximizin ilk cildləri Archived July 10, 2011, at the Wayback Machine
  2. Ismaely, Iraj (2012) (en ভাষাত). Modern Azerbaijanian Prose. Trafford Publishing. ISBN 978-1-4669-4602-6. https://books.google.com/books?id=3ZJuy-8CuS8C&dq=azeri+folklore+samples&pg=PR9. 
  3. “Koroğlu”ya ümumtürk məhəbbəti
  4. Азербайджанская литература 5-18 вв.
  5. "Mother-of-All-Books": Dada Gorgud
  6. Hasan Javadi, "KOROĞLU i. LITERARY TRADITION" in Encyclopedia Iranica
  7. 7.0 7.1 Chadwick, Nora K.; Zhirmunsky, Victor; Zhirmunskiĭ, Viktor Maksimovich (2010-06-03) (en ভাষাত). Oral Epics of Central Asia. Cambridge University Press. ISBN 978-0-521-14828-3. https://books.google.com/books?id=ZcHYoSVrT6gC&dq=the+epic+of+koroglu+in+azerbaijan&pg=PA300. 
  8. "Koroglu, Literary Tradition". Encyclopedia Iranica. https://iranicaonline.org/articles/kroglu-i-literary-tradition.  "The Oḡuz Turkic versions of the Köroǧlu story are known among the Azerbaijanis, the Turks of Anatolia, and the Turkmen, and they are most similar to each other regarding language and plot."
  9. Rhyne, George N. (2000) (en ভাষাত). The Supplement to the Modern Encyclopedia of Russian, Soviet and Eurasian History: Avicenna - Bashkin, Matvei Semenovich. Academic International Press. ISBN 978-0-87569-142-8. https://books.google.com/books?id=GUtpAAAAMAAJ&q=azeri+folklore. 
  10. 10.0 10.1 "Azerbaijan". www.azerbaijan.az. http://www.azerbaijan.az/_Culture/_Literature/_literature_e.html। আহৰণ কৰা হৈছে: 2018-04-29. 
  11. Ălăkbărov, Fărid (2006) (en ভাষাত). Azerbaijan: Medieval Manuscripts, History of Medicine, Medicinal Plants. Nurlan. https://books.google.com/books?id=Y4seAQAAIAAJ&q=azeri+folklore. 
  12. Gōsān by Mary Boyce. Encyclopædia Iranica
  13. Yang, Xi (5 February 2019). "History and Organization of the Anatolian Ašuł/Âşık/Aşıq Bardic Traditions". In Özdemir, Ulas; Hamelink, Wendelmoet; Greve, Martin. Diversity and Contact Among Singer-Poet Traditions in Eastern Anatolia. Ergon Verlag. পৃষ্ঠা. 20. ISBN 978-3956504815. https://books.google.com/books?id=oHGaDwAAQBAJ। আহৰণ কৰা হৈছে: 6 August 2020. 
  14. The Concise Garland Encyclopedia of World Music, Volume 2. Routledge. 2013. ISBN 978-1136095948. https://books.google.com/books?id=a90rBgAAQBAJ. 
  15. Moisenko, Rena (1949) (en ভাষাত). Realist music: 25 Soviet composers. Meridian Books. ISBN 978-0-7614-2011-8. https://books.google.com/books?id=NCez3ZuV3NoC&q=ashug+activity&pg=PA94. 
  16. Mitchell, Colin P. (2011-03-03) (en ভাষাত). New Perspectives on Safavid Iran: Empire and Society. Taylor & Francis. ISBN 978-1-136-99194-3. https://books.google.com/books?id=1uCaELAsv3MC&dq=the+epic+of+koroglu+in+azerbaijan&pg=PA91. 
  17. (en ভাষাত) Viltis. International Institute of Wisconsin. 1982. https://books.google.com/books?id=TITYAAAAMAAJ&q=ashug+poetry. 
  18. Leeming, David A., ed (2001). "Turko-Mongol Mythology". A Dictionary of Asian Mythology. প্ৰকাশক Oxford and New York: Oxford University Press. doi:10.1093/acref/9780195120523.001.0001. ISBN 9780199891177. https://www.oxfordreference.com/view/10.1093/acref/9780195120523.001.0001/acref-9780195120523-e-469. 
  19. Мифы народов мира. Энциклопедия. Т.1. «Советская энциклопедия», 1991. আই.এচ.বি.এন. 978-5-85270-016-2
  20. Кавказская мифология/Азербайджанская мифология — гюль-ябани
  21. "Old fears in Turkish culture". http://ilargia.franceserv.eu/index.php/articles-posts/etudes-studies/42-old-fears-in-turkish-culture. 
  22. "Monsters of Turkish mythology appear in 'Night Travelers'". Daily Sabah. https://www.dailysabah.com/arts-culture/2019/10/08/monsters-of-turkish-mythology-appear-in-night-travelers. 
  23. C. S. Mundy (1956). "Polyphemus and Tepegöz". Bulletin of the School of Oriental and African Studies খণ্ড 18 (2): 279–302. doi:10.1017/s0041977x00106858. 
  24. Təpəgöz Archived July 6, 2011, at the Wayback Machine
  25. Anaz Radio Voice of South Azerbaijan: Folklor Archived March 6, 2012, at the Wayback Machine