আনন্দিতা দত্ত তামূলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আনন্দিতা দত্ত তামূলী
জন্ম আনন্দিতা দত্ত
তিতাবৰ, যোৰহাট জিলা, অসম
বাসগৃহ অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
অন্য নাম ভাৰতীয় জলকীয়া ৰাণী
(Indian Chilli Queen)
বংশদ্ভূত অসমীয়া
নাগৰিকত্ব ভাৰতীয়
পেচা গৃহিণী
জনা যায় ভোট জলকীয়া খোৱা আৰু চকুত লগোৱাৰ বাবে
গৃহস্থান তিতাবৰ, যোৰহাট জিলা
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী পঙ্কজ তামূলী
বঁটা, সন্মান, পুৰস্কাৰ আদি লিমকা বুক অফ ৰেকৰ্ডছ

আনন্দিতা দত্ত তামূলী (ইংৰাজী: Anandita Dutta Tamuly) হৈছে অসমযোৰহাট জিলাতিতাবৰৰ এগৰাকী মহিলা।[1][2] এওঁ শুদা চকুত ভোট জলকীয়া ঘঁহি লগাব পাৰে আৰু খাবও পাৰে।[3][4] গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে ভোট জলকীয়াক বিশ্বৰ আটাইতকৈ জ্বলা জলকীয়া বুলি স্বীকৃতি দিছে।[5]

ল'ৰালি কালৰ প্ৰভাৱ[সম্পাদনা কৰক]

আনন্দিতাৰ পাঁচ বছৰ বয়সত জিভাত ফোঁহা ওলাইছিল। সেয়ে মাকে জিভাত জলকীয়াৰ প্ৰলেপ এটা লগাই দিছিল। তেতিয়াৰ পৰাই আনন্দিতাৰ জলকীয়াৰ প্ৰতি এটা ৰুচি গঢ়ি উঠিছিল।[5][2][4] সৰু কালৰপৰাই তেওঁ কেৱল নিমখৰ সৈতে ভোট জলকীয়া খোৱাৰ অভ্যাস গঢ়ি তোলে।[3]

অভিলেখ গঢ়াৰ পথত[সম্পাদনা কৰক]

২০০৬ চনত, আনন্দিতাই দুই মিনিটত ৬০টা ভোট জলকীয়া খাই আৰু এক মিনিটত ১২টা ভোট জলকীয়া শুদা চকুত লগাই লিমকা বুক অফ ৰেকৰ্ডছত (Limca Book of Records) নিজৰ নাম লিখোৱায়।[1] তেতিয়াৰ পৰাই তেওঁ গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছ (Guinness World Records)-ত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তুতি চলায়। ইয়াৰ আগতে ২০০২ চনত দক্ষিণ আফ্ৰিকাৰ অনিতা ক্ৰেফ'ৰ্ডে (Anita Crafford) এক মিনিটত আঠটা হেলাপিন' (jalapenos) খাই অভিলেখ গঢ়ি থৈছিল।[5][4]

ৰিয়েলিটী শ্ব'ত প্ৰদৰ্শন[সম্পাদনা কৰক]

২০০৬ চনৰ ২৯ আগষ্টত জি টিভিৰ ৰিয়েলিটী শ্ব' শ্বাবাছ ইণ্ডিয়া (Shabaash India) আনন্দিতাই ভোট জলকীয়া খোৱা সম্প্ৰচাৰ কৰা হৈছিল।[2]

গিনিছ ৰেকৰ্ডৰ পথত[সম্পাদনা কৰক]

মই বহুত নিৰাশ হৈছোঁ, কাৰণ মই ৫১টা ভোট জলকীয়া খাব পাৰিলোঁ। ২০০৬ চনত, এটা স্থানীয় অনুষ্ঠানৰ বাবে মই দুই মিনিটত ৬০টা ভোট জলকীয়া খাইছিলোঁ। কিন্তু মই নিশ্চিত যে, ইয়াৰ দ্বাৰা মই গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম লিখোৱাব পাৰিম।

— প্ৰেছৰ লগত হোৱা আনন্দিতাৰ কথা-বাৰ্তা[3]

২০০৯ চনৰ ৯ এপ্ৰিলত যোৰহাটৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আনন্দিতাই গিনিছ ৰেকৰ্ডৰ বাবে প্ৰচেষ্টা চলায়। চেনেল ফ'ৰ নামৰ চেনেল এটাৰ অনুষ্ঠানৰ বাবে ব্ৰিটিছ ছেফ গৰ্ডন ৰামচে (Gordon Ramsay)-ই আঁত ধৰিছিল। আনন্দিতাই ২ মিনিটত ৫১টা ভোট জলকীয়া খায় আৰু ২৫টা ভোট জলকীয়া চকুত ঘঁহে।[1][5][4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]