আনন্দ দেৱৰকোণ্ডা
আনন্দ দেৱৰকোণ্ডা | |
---|---|
জন্ম | ১৫ মাৰ্চ, ১৯৯২ (৩২ বছৰ) হাইদৰাবাদ, অন্ধ্ৰপ্ৰদেশ, ভাৰত (বৰ্তমানৰ তেলঙ্গানা, ভাৰত) |
শিক্ষানুষ্ঠান | শ্ৰীনিধি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (বি.টেক) |
পেচা | অভিনেতা |
সক্ৰিয় হৈ থকা সময় | ২০১৯–বৰ্তমান |
আত্মীয়-স্বজন | বিজয় দেৱৰকোণ্ডা (ককায়েক) |
আনন্দ দেৱৰকোণ্ডা (ইংৰাজী: Anand Deverakonda; জন্ম: ১৫ মাৰ্চ ১৯৯২)[1] এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ অভিনীত ছবিসমূহৰ ভিতৰত মিডল ক্লাছ মেল'ডিজ আৰু বেবী উল্লেখযোগ্য।[2]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ভাৰতৰ হাইদৰাবাদত গোৱৰ্ধন ৰাও আৰু তেওঁৰ পত্নী মাধৱীৰ গৃহত আনন্দ দেৱৰকোণ্ডাৰ জন্ম হৈছিল। গোৱৰ্ধন ৰাও আছিল এগৰাকী টেলিভিছন শ্ব’ পৰিচালক, আনহাতে মাধৱী আছিল এগৰাকী চফ্ট-স্কিল টিউটৰ।[3] তেওঁৰ ককায়েক বিজয় দেৱৰকোণ্ডাও তেলেগু ছবিজগতৰ এগৰাকী অভিনেতা। ককায়েকৰ দৰে আনন্দয়ো পুট্টাপাৰ্থীৰ শ্ৰী সত্য সাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িছিল। আনন্দ দেৱেৰাকোণ্ডাই অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰাৰ পাছত ডেলয়টত কিছুদিন কৰ্মৰত আছিল।[4] তেওঁ কেইবছৰমান আমেৰিকাত কাম কৰি ভাৰতলৈ উভতি আহে আৰু চলচ্চিত্ৰ জগতত পূৰ্ণকালীন কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লয়।[5]
কৰ্মজীৱন
[সম্পাদনা কৰক]২০১৯ চনত কেভিআৰ মহেন্দ্ৰৰ দ্বাৰা পৰিচালিত আৰু শিৱত্মিকা ৰাজেশেকাৰ অভিনীত পিৰিয়ড লাভ ষ্ট’ৰী ড’ৰাছানীৰ জৰিয়তে দেৱৰকোণ্ডাই চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। যদিও ছবিখনে ব্যৱসায়িকভাৱে ভাল ফলাফল দেখুৱাব পৰা নাছিল, তথাপিও দেৱৰকোণ্ডাই জি চিনে এৱাৰ্ডছ তেলেগু, ২০২০ত শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা লাভ কৰে।[6][7]
২০২০ চনত আমাজন প্ৰাইম ভিডিঅ'ত পোনপটীয়াকৈ প্ৰিমিয়াৰ হোৱা দেৱৰকোণ্ডাৰ দ্বিতীয়খন বৈশিষ্ট্যপূৰ্ণ ছবি আছিল মিডল ক্লাছ মেল'ডিজ। পিছলৈ ২০২১ চনত তেওঁ পুষ্পক বিমানম শীৰ্ষক ছবিখনত অভিনয় কৰে।[8] কে. ভি. গুহানৰ পৰিচালনাত নিৰ্মিত তেওঁৰ পৰৱৰ্তী ছবি হাইৱে ২০২২ চনৰ ১৯ আগষ্টত আহাত প্ৰিমিয়াৰ হয়।[9] ২০২৩ চনত তেওঁ নতুন যুগৰ ৰোমান্টিক নাট্য ছবি বেবীত অভিনয় কৰে। তেওঁৰ শেহতীয়াকৈ মুক্তি লাভ কৰা ছবিখনৰ নাম হ'ল গম গম গণেশ।[10]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]
এতিয়াও মুক্তি লাভ কৰা নাই |
বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা |
---|---|---|---|
২০১৯ | ড'ৰাছানী | ৰাজু | শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ জি চিনে বঁটা তেলেগু[7] মনোনীত — শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ সাইমা বঁটা – তেলেগু |
২০২০ | মিডল ক্লাছ মেল'ডিজ | ৰাঘৱ | |
২০২১ | পুষ্পক বিমানম | চিত্তিলংকা সুন্দৰ | |
২০২২ | হাইৱে | বিষ্ণু | [9] |
২০২৩ | বেবী | আনন্দ | সন্তোষম শ্ৰেষ্ঠ অভিনেতাৰ বঁটা মনোনীত — শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা – তেলেগু |
২০২৪ | গম গম গণেশ | গণেশ | |
ঘোষণা হ’ব | ডুৱেট | ঘোষণা হ’ব | চিত্ৰগ্ৰহণ |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Anand Deverakonda celebrates his birthday with Vijay Deverakonda and their parents; PICS" (en ভাষাত). PINKVILLA. 2022-03-15. Archived from the original on 2023-03-15. https://web.archive.org/web/20230315142029/https://www.pinkvilla.com/entertainment/south/anand-deverakonda-celebrates-his-birthday-vijay-deverakonda-and-their-parents-pics-1046164। আহৰণ কৰা হৈছে: 2023-03-15.
- ↑ "Anand Deverakonda: Will Let Audience Decide What Kind Of An Actor I am". Outlook India. 2021-11-23. Archived from the original on 2021-11-22. https://web.archive.org/web/20211122142706/https://www.outlookindia.com/website/story/entertainment-news-anand-deverakonda-will-let-audience-decide-what-kind-of-an-actor-i-am-dont-want-to-command-it/402056.
- ↑ "Anand Deverakonda: Vijay and I Developed Interest In Cinema Because Of Our Father". Outlook India. 2021-12-13. https://www.outlookindia.com/website/story/entertainment-news-anand-deverakonda-vijay-and-i-developed-interest-in-cinema-because-of-our-father/404957.
- ↑ "Vijay Deverakonda, Anand opens up about brother things in super candid interview". Telangana Today. 2021-10-27. https://telanganatoday.com/vijay-deverakonda-anand-opens-up-about-brother-things-in-super-candid-interview.
- ↑ "Vijay Deverakonda reviews brother Anand's Dorasani: The storytelling was beautiful to watch". India Today. 13 July 2019. https://www.indiatoday.in/movies/regional-cinema/story/vijay-deverakonda-reviews-brother-anand-s-dorasani-the-storytelling-was-beautiful-to-watch-1568140-2019-07-13.
- ↑ Dundoo, Sangeetha Devi (9 November 2021). "Anand Deverakonda: Vijay had warned me early on that it wouldn't be easy". The Hindu. https://www.thehindu.com/entertainment/movies/anand-deverakonda-vijay-had-warned-me-early-on-that-it-wouldnt-be-easy/article37394467.ece.
- ↑ 7.0 7.1 "Zee Cine awards Telugu 2020: Samantha Akkineni, Chiranjeevi and Nani win top laurels". Hindustan Times. 2020-01-12. https://www.hindustantimes.com/regional-movies/zee-cine-awards-telugu-2020-samantha-akkineni-chiranjeevi-and-nani-win-top-laurels/story-IIb1IjGUKhrdscXkxVOI2I.html.
- ↑ "Anand Deverakonda: Pushpaka Vimanam is right blend of fun and organic emotions". 11 November 2021. https://indianexpress.com/article/entertainment/telugu/anand-deverakonda-pushpaka-vimanam-is-right-blend-of-fun-and-organic-emotions-7618235/.
- ↑ 9.0 9.1 "Anand Deverakonda wraps up 'Highway'". Telangana Today. 9 October 2021. https://telanganatoday.com/anand-deverakonda-wraps-up-highway.
- ↑ "'Baby' trailer: Anand Deverakonda and Vaishnavi Chaitanya se ..". The Times of India. 8 July 2023. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/baby-trailer-anand-deverakonda-and-vaishnavi-chaitanya-set-to-steal-hearts-in-this-heartwarming-romantic-tale/articleshow/101589595.cms?from=mdr.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- আনন্দ দেৱৰকোণ্ডা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।