বিজয় দেৱৰকোণ্ডা
বিজয় দেৱৰকোণ্ডা | |
---|---|
২০১৮ চনত ন'টা ছবিখনৰ বাবে আয়োজিত এখন সংবাদ মেলত দেৱৰকোণ্ডা | |
জন্ম | দেৱৰকোণ্ডা বিজয় সাই ৯ মে', ১৯৮৯ (৩৫ বছৰ)[1] হাইদৰাবাদ, অন্ধ্ৰপ্ৰদেশ, ভাৰত (বৰ্তমানৰ তেলঙ্গানা) |
শিক্ষানুষ্ঠান | বদ্ৰুকা কলেজ অৱ কমাৰ্চ এণ্ড আৰ্টছ |
পেচা |
|
সক্ৰিয় হৈ থকা সময় | ২০১১–বৰ্তমান |
আত্মীয়-স্বজন | আনন্দ দেৱৰকোণ্ডা (ভাইটি) |
দেৱৰকোণ্ডা বিজয় সাই (ইংৰাজী: Deverakonda Vijay Sai; জন্ম: ৯ মে' ১৯৮৯), পেছাগতভাৱে বিজয় দেৱৰকোণ্ডা নামেৰে পৰিচিত,[2] এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ প্ৰধানকৈ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে।[3][4] তেলেগু চলচ্চিত্ৰৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম, তেওঁ ২০১৮ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে। তেওঁ এটা ফিল্মফেয়াৰ বঁটা, এটা নন্দী বঁটা, আৰু দুটা সাইমা বঁটাকে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে।
দেৱৰকোণ্ডাই নুভভিলা (২০১১) ছবিৰে অভিষেক ঘটায় আৰু য়েৱাড়ে সুব্ৰমণ্যম (২০১৫) ছবিত অভিনয়েৰে অভিনেতা ৰূপে নজৰলৈ আহে। ব্লকবাষ্টাৰ ছবি পেল্লি চৌপুলু (২০১৬) আৰু অৰ্জুন ৰেড্ডী (২০১৭)ত অভিনয় কৰি তেওঁ এজন আগশাৰীৰ চলচ্চিত্ৰ অভিনেতা হিচাপে পৰিচয় লাভ কৰে। অৰ্জুন ৰেড্ডী ছবিখনত এগৰাকী অস্থিৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা – তেলেগু লাভ কৰে। মহানটী (২০১৮), গীতা গোবিন্দম (২০১৮), আৰু টেক্সিৱালা (২০১৮) আদি ব্যৱসায়িকভাৱে সফল ছবিৰে তেওঁ নিজকে আৰু অধিক প্ৰতিষ্ঠিত কৰে।[5] এই সফলতাৰ পিছত বিগ বাজেটৰ একচন ছবি লাইগাৰ (২০২২)ৰ দৰে ছবিসমূহ বক্স অফিচত ধাৰাবাহিকভাৱে বিফল হয়।
২০১৯ চনত দেৱৰকোণ্ডাই নিজাকৈ প্ৰডাকচন হাউচ কিং অৱ দ্য হিল এণ্টাৰটেইনমেণ্ট মুকলি কৰে, য’ত মীকু মাথ্ৰামে চেপ্তা (২০১৯) আৰু পুষ্পক বিমানম (২০২১) শীৰ্ষক ছবি দুখন প্ৰযোজনা কৰা হয়।[6][7] চলচ্চিত্ৰ জীৱনৰ বাহিৰেও দেৱৰকোণ্ডাই নিজৰ ফেশ্বন ব্ৰেণ্ড ৰাউডি ৱেৰ ডিজাইন কৰিছে, যিটো ২০২০ চনত মিন্ত্ৰাত আৰম্ভ হৈছিল,[8] আৰু ভলীবল দল হায়দৰাবাদ ব্লেক হকছৰ সহ-মালিক।[9] অসংখ্য সামগ্ৰী তথা ব্ৰেণ্ডৰ চেলিব্ৰিটি এণ্ডাৰছাৰ হোৱাৰ উপৰিও দেৱৰকোণ্ডাই বিভিন্ন মানৱীয় কাম-কাজত সহায়-সহযোগিতা কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]অন্ধ্ৰপ্ৰদেশৰ হাইদৰাবাদ (বৰ্তমান তেলঙ্গানা)ত গোবৰ্ধন ৰাও আৰু মাধৱীৰ গৃহত দেৱৰকোণ্ডা বিজয় সাইৰ জন্ম হৈছিল।[10][11] তেওঁৰ পৰিয়ালটো পূৰ্বৰ মাহবুবনগৰ জিলাৰ (বৰ্তমান নগৰকুৰনুল)ৰ থুম্মানপেটা গাঁৱৰ বাসিন্দা।[10][12] তেওঁৰ পিতৃ এজন টেলিভিছন ধাৰাবাহিক পৰিচালক আছিল যিয়ে সফলতাৰ অভাৱত সেইবোৰ কাম এৰি দিছিল।
বিজয়ে পুত্তপাৰ্থীৰ শ্ৰী সত্য সাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে।[13] ইয়াৰ পিছত তেওঁ হাইদৰাবাদৰ লিটিল ফ্লাৱাৰ জুনিয়ৰ কলেজত ইণ্টাৰমিডিয়েট শিক্ষা গ্ৰহণ কৰে।[14] তেওঁ বদ্ৰুকা কলেজ অৱ কমাৰ্চ এণ্ড আৰ্টছৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে।[12][15] তেওঁৰ কনিষ্ঠ ভাতৃ আনন্দ দেৱৰকোণ্ডাও তেলেগু চলচ্চিত্ৰৰ এগৰাকী অভিনেতা।[16]
কৰ্মজীৱন
[সম্পাদনা কৰক]কৰ্মজীৱনৰ আৰম্ভণি (২০১১–২০১৫)
[সম্পাদনা কৰক]ৰবি বাবুৰ পৰিচালনাত নিৰ্মিত ৰোমাণ্টিক কমেডী ছবি নুভভিলা (২০১১)ত অভিনয়েৰে দেৱৰকোণ্ডাই ছবিজগতত আত্মপ্ৰকাশ কৰিছিল।[17] পিছলৈ তেওঁ ছেখৰ কম্মুলাৰ লাইফ ইজ বিউটিফুল (২০১২) ছবিখনত এটি সৰু চৰিত্ৰত অভিনয় কৰে।[18] পৰিচালক নাগ অশ্বিনৰ সৈতে চিনাকি হোৱাৰ পিছত, তেওঁ অভিনেতা নানীৰ সৈতে ২০১৫ চনৰ অশ্বিনৰ কমিং অফ এজ ছবি য়েৱাড়ে সুব্ৰমণ্যমত সহযোগী চৰিত্ৰ এটিত অভিনয় কৰিছিল।[19] তেলেগু চলচ্চিত্ৰ জগতৰ প্ৰযোজক অশ্বিনী দত্তৰ কন্যা, প্ৰিয়ংকা দত্তই প্ৰযোজনা কৰিছিল এই ছবিখন; প্ৰিয়ংকাই তেওঁক সমৰ্থন কৰিছিল আৰু এবাৰ ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ পিছত প্ৰিয়ংকাৰ ভগ্নী স্বপ্না দত্তই তেওঁক নিজৰ কোম্পানীত চুক্তিবদ্ধ কৰিছিল।[20][21]
বিৰাট সাফল্য অৰ্জন (২০১৬–২০১৮)
[সম্পাদনা কৰক]তৰুণ ভাস্কৰৰ পৰিচালনাত নিৰ্মিত ৰোমাণ্টিক কমেডী ছবি পেল্লী চৌপুলুত দেৱৰকোণ্ডাই প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ব্যৱসায়িকভাৱে সফল হোৱা ছবিখনে ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবি – তেলেগু আৰু তেলেগু ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[22][23] ২০১৭ চনত মছলাধৰ্মী ছবি দ্বাৰকাত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ ৰোমাণ্টিক ছবি অৰ্জুন ৰেড্ডীত অভিনয় কৰিছিল। ছবিখনত তেওঁৰ চৰিত্ৰটো সাহসী তথা উগ্ৰ হোৱাৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।[24] কিন্তু তেওঁৰ আত্মবিনাশকাৰী, চুটি স্বভাৱৰ আৰু মদ্যপায়ী অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ চিত্ৰণৰ বাবে সমালোচকৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰাৰ লগতে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা – তেলেগু লাভ কৰিবলৈ সক্ষম হয়।[25][26] ২০১৯ চনত ফিল্ম কম্পেনিয়নে অৰ্জুন ৰেড্ডীত দেৱৰকোণ্ডাৰ অভিনয়ক "১০০ গ্ৰেটেষ্ট পাৰফৰ্মেন্স অৱ দ্য ডিকেড"ত স্থান দিছিল।[27]
২০১৮ চনত একাধিক ছবিত অভিনয় কৰিছিল দেৱেৰাকোণ্ডাই, ইয়াৰে প্ৰথমখন আছিল পলমকৈ মুক্তিপ্ৰাপ্ত ছবি মন্ত্ৰম ভেছাভে, যিখন প্ৰথমতে ২০১৩ চনত মুক্তি পাবলগীয়া আছিল। অভিনেত্ৰী সাৱিত্ৰীৰ জীৱনৰ আধাৰত নিৰ্মিত উল্লেখযোগ্য জীৱনীমূলক ছবি মহানটীত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০১৮ চনত দেৱৰকোণ্ডাৰ সফল ছবিখনে মুক্তি লাভ কৰিছিল। ছবিখন আছিল গীতা আৰ্টছৰ ৰোমাণ্টিক কমেডী ছবি গীতা গোবিন্দম, য’ত তেওঁ ৰশ্মিকা মন্দান্নাৰ বিপৰীতে এগৰাকী কলেজ অধ্যাপকৰ চৰিত্ৰত অভিনয় কৰিছিল। মুক্তিৰ লগে লগে ছবিখনে মিশ্ৰিত-ইতিবাচক সমালোচনা লাভ কৰে, আৰু তেওঁৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি, বিশ্বজুৰি ১৩০ কোটি টকা উপাৰ্জন কৰা বুলি প্ৰমাণিত হয়। ইয়াৰ পিছত তেওঁ আনন্দ শংকৰৰ পৰিচালনাত নিৰ্মিত তামিল ৰাজনৈতিক থ্ৰিলাৰধৰ্মী ন'টা ছবিখনত অভিনয় কৰিছিল, যিখন বক্স অফিচত বিফল হৈছিল।[28] ২০১৮ চনত তেওঁৰ অন্তিমখন ছবি আছিল ইউভি ক্ৰিয়েচনছৰ অতিপ্ৰাকৃতিক কমেডী থ্ৰিলাৰধৰ্মী ছবি টেক্সিৱালা, যিখনে বক্স অফিচত ভাল ফলাফল দেখুৱাইছিল।[29]
কেৰিয়াৰৰ মন্দাৱস্থা (২০১৯–বৰ্তমান)
[সম্পাদনা কৰক]২০১৯ চনত ৰশ্মিকা মন্দান্নাৰ সৈতে ভাৰত কাম্মাৰ ডিয়াৰ কমৰেড নামৰ ৰোমাণ্টিক একচন ছবিত দেৱৰকোণ্ডাক দেখা গৈছিল। পিছত তেওঁ মালৱিকা মোহননে সহ অভিনীত, আনন্দ অন্নমলাই পৰিচালিত হিৰোত চুক্তিবদ্ধ হয় যদিও ছবিখন নিৰ্মাণ আৰম্ভ কৰাৰ পিছত শ্বেলভ্ড কৰাৰ খবৰ আহিছিল।[30] ২০২০ চনত ক্ৰান্তি মাধৱৰ ৰোমাণ্টিক ছবি ৱৰ্ল্ড ফেমাছ লাভাৰত তেওঁ ৰাশি খান্না, কেথেৰিন ট্ৰেছা, ঐশ্বৰ্যা ৰাজেশ, আৰু ইজাবেল লেইটেৰ বিপৰীতে অভিনয় কৰিছিল, ছবিখন নেতিবাচক সমালোচনাৰ সন্মুখীন হৈছিল।[31] ২০২২ চনত তেওঁ হিন্দী–তেলেগু দ্বিভাষিক ছবি লাইগাৰত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালক আছিল পুৰী জগন্নাথ আৰু প্ৰযোজক আছিল কৰণ জোহৰ, এইখন ছবিও অতি নেতিবাচক সমালোচনাৰ সন্মুখীন হৈছিল।[32][33] ইয়াৰ পিছত তেওঁ শিৱ নিৰ্বাণৰ পৰিচালনাত নিৰ্মিত কুশী ছবিখনত অভিনয় কৰে আৰু ইয়ো মিশ্ৰিত সমালোচনাৰ সম্মুখীন হয়।[34] ছবিখন বক্স অফিচত এটি গড় উপাৰ্জনকাৰী ছবিত পৰিগণিত হয়।[35] ২০২৪ চনত দেৱৰকোণ্ডাই বক্স অফিচত বোমা হিচাপে পৰিগণিত হোৱা দ্য ফেমিলি ষ্টাৰ ছবিত অভিনয় কৰে।[36] পিছলৈ একে বছৰতে নাগ অশ্বিনৰ মহাকাব্যিক কল্পবিজ্ঞান চলচ্চিত্ৰ কল্কি ২৮৯৮ এডিত যোদ্ধা অৰ্জুনৰ চৰিত্ৰত তেওঁক কেমিঅ’ ৰূপত দেখা গৈছিল।[37]
অন্যান্য কৰ্মৰাজি
[সম্পাদনা কৰক]ফুড ডেলিভাৰী এপ জ'মাট'ৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল বিজয় দেৱৰকোণ্ডা।[38] ২০১৮ চনৰ ১৫ অক্টোবৰত তেওঁ নিজৰ ফেশ্বন ব্ৰেণ্ড ৰাউডি ৱেৰ মুকলি কৰিছিল।[8] পিছলৈ ২০২০ চনত মিন্ত্ৰাত ৰাউডি ৱেৰ মুকলি কৰা হয়।[39]
২০১৯ চনৰ পুলৱামা আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ আগবঢ়োৱা অনুদানকে ধৰি সাহায্য পুঁজিও আগবঢ়াইছে দেৱৰকোণ্ডাই।[40][41][42][43]
দেৱৰকোণ্ডাই ২০১৯ চনৰ এপ্ৰিল মাহত দ্য দেৱৰকোণ্ডা ফাউণ্ডেশ্যন নামৰ এটা অলাভজনক সংস্থাৰ প্ৰতিষ্ঠা কৰে।[44] ২০২০ চনৰ আৰম্ভণিতে ২০২০ চনৰ ভাকো ইণ্ডিয়ান অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰা কিকবক্সাৰ গণেশ আমবাৰীক সহায় কৰিবলৈ ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ ২৪,০০০ টকাৰ অনুদান আগবঢ়ায়।[45]
ক’ভিড-১৯ মহামাৰীৰ সংকটৰ সৈতে যুঁজিবলৈ তেওঁ এক পদক্ষেপ লৈছিল। ফাউণ্ডেশ্যনে তেওঁৰ মধ্যবিত্ত পুঁজি (এমচিএফ)ৰ সহায়ত ১৭ হাজাৰ মধ্যবিত্ত পৰিয়ালক তেওঁলোকৰ গেলামাল আৰু মৌলিক প্ৰয়োজনীয় সামগ্ৰীৰে সফলতাৰে সহায় কৰিছে, ১.৭ কোটি টকা ব্যয় কৰিছে। তেওঁৰ সামূহিক প্ৰচেষ্টাত যোগদান কৰিবলৈ ৮৫০০ৰো অধিক স্বেচ্ছাসেৱকে ১.৫ কোটি টকাৰো অধিক ধন আগবঢ়ায়।[46][47] আয়োজকসকলে ২০২০ চনৰ ২ জুনত এই পদক্ষেপৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লয়।[48][49] দেৱৰকোণ্ডাই ২০২১ চনত মাহবুবনগৰত প্ৰথমটো মাল্টিপ্লেক্স থিয়েটাৰ মুকলি কৰে।[50]
সংবাদ মাধ্যমত
[সম্পাদনা কৰক]দেৱৰকোণ্ডাই কয় যে তেওঁৰ পৰিয়ালৰ লোকসকলে তেওঁলোকে অনুমোদন নিদিয়া কামবোৰৰ প্ৰতিবাৰেই তেওঁক ৰাউডি বুলি কয়। সময়ৰ লগে লগে তেওঁ এই শব্দটো নিজৰ লগতে অনুৰাগীৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।[52][53]
দেৱৰকোণ্ডাই মঞ্চত বা সাক্ষাৎকাৰৰ সময়ত নিজৰ প্ৰকৃত, সৎ আৰু অফিল্টাৰকৃত মতামত প্ৰকাশ কৰাৰ বাবে জনাজাত, যাৰ বাবে তেওঁ বহু জনপ্ৰিয়তা আৰু সমালোচনা লাভ কৰিছে,[54] যিটো ২০১৭ চনত অৰ্জুন ৰেড্ডীৰ অডিঅ’ মুকলি অনুষ্ঠানত দিয়া ভাষণৰ সময়ত দেখা গৈছিল।[55][56][57]
২০১৮ চনৰ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাত দেৱৰকোণ্ডাই ৭২তম স্থান লাভ কৰে।[58] ২০১৮ চনত দ্য টাইমছ মষ্ট ডিজায়াৰেবল মেনত ৪ৰ্থ, ২০১৯ চনত ৩য়, ২০২০ চনত ২য় স্থান লাভ কৰিছিল।[59][60][61] অতিৰিক্তভাৱে ফৰ্বছ ইণ্ডিয়াই তেওঁলোকৰ ৩০ বছৰ অনুৰ্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল,[62] আৰু গুগলৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি তেওঁ সৰ্বাধিক অনুসন্ধান হোৱা দক্ষিণ ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হৈছিল।[63]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]
এতিয়াও মুক্তি লাভ কৰা নাই |
অভিনেতা হিচাপে
[সম্পাদনা কৰক]- সকলোবোৰ চলচ্চিত্ৰ তেলেগু ভাষাতেই আছে, অন্যথা উল্লেখ কৰা হৈছে
বৰ্ষ | শিৰোনাম | ভূমিকা(সমূহ) | টোকা | তথ্য. |
---|---|---|---|---|
২০১১ | নুভভিলা | বিষ্ণু | [64] | |
২০১২ | লাইফ ইজ বিউটিফুল | অজয় | ||
২০১৫ | য়েৱাড়ে সুব্ৰমণ্যম | ঋষি | ||
২০১৬ | পেল্লী চৌপুলু | প্ৰশান্ত | ||
২০১৭ | দ্বাৰকা | এৰা শ্ৰীনু ওৰফে শ্ৰী কৃষ্ণনন্দ স্বামী | [65] | |
অৰ্জুন ৰেড্ডী | ডাঃ অৰ্জুন ৰেড্ডী দেশমুখ | [66] | ||
২০১৮ | য়ে মন্ত্ৰম ভেছাভে | নিখিল "নিকি" | [67] | |
মহানটী | বিজয় এণ্টনী | [68] | ||
গীতা গোবিন্দম | বিজয় গোবিন্দ | লগতে "হোৱাট দ্য লাইফ" গীতটিৰ গায়কো | [69] | |
ন'টা | বৰুণ সুব্ৰমণ্যম | তামিল চলচ্চিত্ৰ; তামিল অভিষেক | [70] | |
ই নাগাৰানিকী ইমাইণ্ডি | নিজে | কেমিঅ’ | [71] | |
টেক্সিৱালা | শিৱা ৰাৱালী | |||
2019 | ডিয়াৰ কমৰেড | চৈতন্য "ববী" কৃষ্ণ | [72] | |
মীকু মাথ্ৰামে চেপ্তা | নিজে | কেমিঅ'; লগতে প্ৰযোজকো | [73] | |
২০২০ | ৱৰ্ল্ড ফেমাছ লাভাৰ | গৌতম আৰু সীনয় "শ্ৰীনু" প্ৰজাপত | দ্বৈত চৰিত্ৰ | [74] |
২০২১ | জাতি ৰত্নলু | নীলা চাৰ্ট পিন্ধা ল'ৰাজন | কেমিঅ' | [75] |
পুষ্পক বিমানম | প্ৰযোজ্য নহয় | কেৱল প্ৰযোজক | [76] | |
২০২২ | লাইগাৰ | লায়ন টাইগাৰ বলৰাম আগৰৱাল আৰু সাশ্বৱথ আগৰৱাল (লাইগাৰ) (দ্বৈত চৰিত্ৰ) | তেলেগু-হিন্দী দ্বিভাষিক চলচ্চিত্ৰ; হিন্দী অভিষেক | [33] |
২০২৩ | কুশী | বিপ্লৱ | [77] | |
২০২৪ | দ্য ফেমিলি ষ্টাৰ | গোৱৰ্ধন | [78] | |
কল্কি ২৮৯৮ এডি | অৰ্জুন | কেমিঅ' | [79] | |
ভিডি১২ | ঘোষণা হ’ব | চিত্ৰগ্ৰহণ | [80] |
টিভি শ্ব’
[সম্পাদনা কৰক]বৰ্ষ | শ্ব' | ভূমিকা | চেনেল | টোকা |
---|---|---|---|---|
২০১৭ | বিগ বছ ১ | নিজে | ষ্টাৰ মা | অতিথি |
২০১৯ | বিগ বছ ৩ | নিজে | অতিথি |
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]বৰ্ষ | বঁটা | শিতান | শিৰোনাম | ফলাফল | তথ্য. |
---|---|---|---|---|---|
২০১৫ | নন্দী বঁটা | বিশেষ জুৰীৰ বঁটা | য়েৱাড়ে সুব্ৰমণ্যম | বিজয়ী | [81] |
২০১৭ | জি গোল্ডেন এৱাৰ্ড | শ্ৰেষ্ঠ অভিনেতা | অৰ্জুন ৰেড্ডী | বিজয়ী | [82] |
২০১৮ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | শ্ৰেষ্ঠ অভিনেতা – তেলেগু | বিজয়ী | [83] | |
২০১৮ | দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | শ্ৰেষ্ঠ অভিনেতা (তেলেগু) | মনোনীত | [84] | |
২০১৯ | গীতা গোবিন্দম | মনোনীত | [85] | ||
শ্ৰেষ্ঠ অভিনেতা (সমালোচক) – তেলেগু | বিজয়ী | [86] | |||
২০১৯ | ফিল্মফেয়াৰ বঁটা দক্ষিণ | শ্ৰেষ্ঠ অভিনেতা – তেলেগু | মনোনীত | [87] | |
২০২২ | দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | যুৱ আইকন দক্ষিণ (পুৰুষ) | প্ৰযোজ্য নহয় | বিজয়ী | [88] |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "বিজয় দেৱৰকোণ্ডাই সহায় কৰিছে ১৭ হাজাৰতকৈ অধিক পৰিয়ালক". ETV Bharat. https://www.etvbharat.com/amp/assamese/assam/sitara/bollywood/vijay-deverakonda-helps-ps-over-17000-families-through-his-fund/assam20200604200732209। আহৰণ কৰা হৈছে: ১৮ আগষ্ট ২০২৪.
- ↑ Shalini J. R. (9 May 2018). "Vijay Deverakonda celebrates his birth in a unique way". Archived from the original on 11 January 2019. https://web.archive.org/web/20190111045330/https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/vijay-devarakonda-celebrates-his-birthday-in-a-unique-way/articleshow/64093479.cms.
- ↑ "Did Numerology Change In 'The Deverakonda's Name Affect WFL Prospects?". 14 February 2020. Archived from the original on 11 October 2020. https://web.archive.org/web/20201011223839/https://english.sakshi.com/tollywood/2020/02/14/did-numerology-change-in-vijay-deverakondas-name-affect-wfl-prospects.
- ↑ Chowdhary (17 February 2015). "This film came at the right time". Archived from the original on 26 June 2019. https://web.archive.org/web/20190626191639/https://www.thehindu.com/todays-paper/tp-features/tp-metroplus/this-film-came-at-the-right-time/article6902995.ece.
- ↑ Vyjayanthi Network (15 January 2015). "Yevade Subramanyam Theatrical Trailer – Nani, Malavika Nair". Archived from the original on 24 February 2018. https://web.archive.org/web/20180224071041/https://www.youtube.com/watch?v=_pqngUO_pP4। আহৰণ কৰা হৈছে: 30 August 2017.
- ↑ "Vijay Deverakonda: I want to create a platform for new talent". The Indian Express. 5 November 2019. Archived from the original on 13 January 2020. https://web.archive.org/web/20200113104249/https://indianexpress.com/article/entertainment/telugu/vijay-deverakonda-i-want-to-create-a-platform-for-new-talent-6103938/.
- ↑ "Vijay Deverkonda Turns Producer, Announces Debut Production Meeku Maathrame Cheptha". News18. 29 August 2019. Archived from the original on 13 January 2020. https://web.archive.org/web/20200113104249/https://www.news18.com/news/movies/vijay-deverkonda-turns-producer-announces-film-with-meeku-maathrame-cheptha-2289531.html.
- ↑ 8.0 8.1 Vyas (17 July 2018). "Vijay Devarakonda's Rowdy Wear On Top". www.thehansindia.com. Archived from the original on 9 February 2022. https://web.archive.org/web/20220209201323/https://www.thehansindia.com/posts/index/Cinema/2018-07-17/Vijay-Devarakondas-Rowdy-Wear-On-Top/398856। আহৰণ কৰা হৈছে: 9 February 2022.
- ↑ Bandyopadhyay (23 January 2023). "Vijay Deverakonda Becomes Co-owner of Hyderabad Black Hawks Team in Prime Volleyball League". Archived from the original on 1 October 2023. https://web.archive.org/web/20231001211224/https://www.news18.com/news/entertainment/vijay-deverakonda-becomes-co-owner-of-hyderabad-black-hawks-team-in-prime-volleyball-league-6897565.html.
- ↑ 10.0 10.1 "Vijay Deverakonda Interview, Talking Movies With iDream". iDream Telugu Movies. 27 February 2017. https://www.youtube.com/watch?v=yYuwoLPkK4w&t=30m44s। আহৰণ কৰা হৈছে: 27 November 2021.
- ↑ Ravi, Murali (4 January 2020). "Vijay Deverakonda changes his name! To what?". Tollywood. Archived from the original on 11 October 2020. https://web.archive.org/web/20201011223839/https://www.tollywood.net/vijay-deverakonda-changes-his-name-to-what/.
- ↑ 12.0 12.1 Dundoo, Sangeetha Devi (30 August 2017). "Fearless in front of the camera". The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/on-a-high-with-arjun-reddy-vijay-deverakonda-discusses-what-makes-him-an-uninhibited-actor/article19586423.ece.
- ↑ Arjun Reddy Hero Vijay Deverakonda Exclusive Interview || Frankly With TNR #74, https://www.youtube.com/watch?v=rgdAuD9AeiQ, আহৰণ কৰা হৈছে: 9 February 2022
- ↑ "Celebrity Education Qualification: Vijay Deverakonda is a Commerce Graduate, Pressured by Family to Pursue MBA". News18. 18 August 2022. https://www.news18.com/news/education-career/celebrity-education-qualification-vijay-deverakonda-is-a-commerce-graduate-pressured-by-family-to-pursue-mba-5774083.html.
- ↑ "Celebrity Education Qualification: Vijay Deverakonda is a Commerce Graduate, Pressured by Family to Pursue MBA". News18. 18 August 2022. https://www.news18.com/news/education-career/celebrity-education-qualification-vijay-deverakonda-is-a-commerce-graduate-pressured-by-family-to-pursue-mba-5774083.html.
- ↑ Dundoo, Sangeetha Devi (18 November 2020). "Anand Deverakonda: 'I haven't done anything heroic so far'". The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/anand-deverakonda-gets-talking-about-his-new-telugu-film-middle-class-melodies/article33124083.ece.
- ↑ "Vijay Devarakonda made his debut with Nuvvila". The Times of India. 4 September 2020. https://timesofindia.indiatimes.com/entertainment/tamil/movies/did-you-know/vijay-devarakonda-made-his-debut-with-nuvvila/articleshow/65993069.cms.
- ↑ "Vijay Deverakonda to star in Anand Shankar's next". The News Minute. 2 March 2018. https://www.thenewsminute.com/article/vijay-deverakonda-star-anand-shankars-next-77296.
- ↑ Chowdhary, Y. Sunita (9 February 2015). "An eye for story". The Hindu. http://www.thehindu.com/features/metroplus/an-eye-for-story/article6874716.ece.
- ↑ Vyjayanthi Network (21 February 2015). "Swapna Dutt Speech – Yevade Subramanyam Audio Launch Live – Nani, Malavika Nair". https://www.youtube.com/watch?v=oSstKbH8NQg। আহৰণ কৰা হৈছে: 30 August 2017.
- ↑ Radiokhushi. "'Evade Subramanyam' says Nani". www.radiokhushi.com. Archived from the original on 30 August 2017. https://web.archive.org/web/20170830054500/http://www.radiokhushi.com/news/details/1501/Evade-Subramanyam-says-Nani। আহৰণ কৰা হৈছে: 30 August 2017.
- ↑ "64th National Film Awards 2017". Directorate of Film Festivals. http://www.dff.nic.in/images/Documents/35_64th_NFA_2016_Catalogue.pdf। আহৰণ কৰা হৈছে: 24 August 2020.
- ↑ "The Times Group". epaperbeta.timesofindia.com. Archived from the original on 27 August 2017. https://web.archive.org/web/20170827004228/http://epaperbeta.timesofindia.com/Article.aspx?eid=31809&articlexml=VIJAY-DEVERAKONDA-SIGNS-HIS-NEXT-08062015108013। আহৰণ কৰা হৈছে: 30 August 2017.
- ↑ "Arjun Reddy movie review: Vijay Devarakonda-starrer heralds a new chapter in Telugu cinema". Firstpost. 25 August 2017. http://www.firstpost.com/entertainment/arjun-reddy-movie-review-vijay-devarakonda-starrer-heralds-a-new-chapter-in-telugu-cinema-3972675.html। আহৰণ কৰা হৈছে: 26 December 2021.
- ↑ "Women's groups protest against 'Arjun Reddy' in Vijayawada, demand ban on film's screening". The News Minute. 1 September 2017. http://www.thenewsminute.com/article/womens-groups-protest-against-arjun-reddy-vijayawada-demand-ban-films-screening-67695.
- ↑ "Arjun Reddy movie review: Intense, raw and unbelievably honest. 5 stars". Hindustan Times. 26 August 2017. http://www.hindustantimes.com/movie-reviews/arjun-reddy-movie-review-intense-raw-and-unbelievably-honest-5-stars/story-kSroTBJoqiGlTBavkdlVeK.html.
- ↑ "100 Greatest Performances of the Decade". 100 Greatest Performances of the Decade. https://www.filmcompanion.in/best-of-the-decade/100-best-performances-indian-cinema.html। আহৰণ কৰা হৈছে: 26 November 2019.
- ↑ "'NOTA' Worldwide Closing Collections – Disaster". Telugu360.com. 27 October 2018. https://www.telugu360.com/nota-worldwide-closing-collections-disaster/.
- ↑ "Taxiwaala Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/taxiwaala/movie-review/66664880.cms.
- ↑ "Vijay Deverakonda's Hero shelved". Cinema Express. 23 July 2019. https://www.cinemaexpress.com/stories/news/2019/jul/23/vijay-deverakondas-hero-shelved-13160.html.
- ↑ "Vijay Deverakonda's new film rolls out!". Deccanchronicle.com. 21 October 2018. https://www.deccanchronicle.com/entertainment/tollywood/211018/vijay-deverakondas-new-film-rolls-out.html। আহৰণ কৰা হৈছে: 17 August 2019.
- ↑ "Ananya Panday to star opposite Vijay Devarakonda in Puri Jagannadh's next". New Indian Express. 20 February 2020. https://www.newindianexpress.com/entertainment/hindi/2020/feb/20/ananya-panday-to-star-opposite-vijay-devarakonda-in-puri-jagannadhs-next-2106120.html। আহৰণ কৰা হৈছে: 5 June 2020.
- ↑ 33.0 33.1 "Vijay Deverakonda-Ananya Panday's film titled 'Liger', Karan Johar shares 'punching' first look". Daily News & Analysis. 18 January 2021. https://www.dnaindia.com/entertainment/report-vijay-deverakonda-ananya-panday-film-titled-liger-karan-johar-shares-punching-first-look-2868796। আহৰণ কৰা হৈছে: 18 January 2021.
- ↑ "Vijay Deverakonda And Samantha Ruth Prabhu Starrer Kushi Gets Mixed Reactions". ABP News. 1 September 2023. https://news.abplive.com/entertainment/movies/kushi-twitter-review-vijay-deverakonda-and-samantha-ruth-prabhu-starrer-gets-mixed-reactions-1626845.
- ↑ Sharma, Dishya (26 September 2023). "Netflix Pays THIS Amount To Acquire Digital Rights Of Vijay Deverakonda, Samantha Ruth Prabhu's Kushi: Report". news18. https://www.news18.com/movies/netflix-pays-this-amount-to-acquire-digital-rights-of-vijay-deverakonda-samantha-ruth-prabhus-kushi-report-8593071.html.
- ↑ Raju, Sirigadhi (19 October 2023). "Vijay Deverakonda, Parasuram, Dil Raju-Sirish's VD13/SVC54 titled as "Family Star", Title Teaser Out now". Hans India. https://www.thehansindia.com/cinema/vijay-deverakonda-parasuram-dil-raju-sirishs-vd13svc54-titled-as-family-star-title-teaser-out-now-830978.
- ↑ Mukherjee, Aninidita (28 June 2024). "Vijay Deverakonda shines as Arjun in 'Kalki 2898 AD', fans call his cameo 'powerful'". India Today. https://www.indiatoday.in/movies/regional-cinema/story/vijay-deverakonda-arjun-kalki-2898-ad-prabhas-fans-praise-cameo-2559665-2024-06-28। আহৰণ কৰা হৈছে: 10 July 2024.
- ↑ "Vijay Deverakonda as Zomato brand ambassador – TV9". TV9 Telugu. 22 August 2019. https://www.youtube.com/watch?v=SQzjp60hUeo.
- ↑ "Actor Vijay Deverakonda launches his fashion brand 'Rowdy Wear' on Myntra". The News Minute. 12 February 2020. https://www.thenewsminute.com/article/actor-vijay-deverakonda-launches-his-fashion-brand-rowdy-wear-myntra-117989.
- ↑ "Kerala floods: Vijay Devarakonda contributes to CM's flood relief fund". The New Indian Express. 13 August 2018. https://www.newindianexpress.com/entertainment/malayalam/2018/aug/13/kerala-floods-vijay-devarakonda-contributes-to-cms-flood-relief-fund-1856897.html। আহৰণ কৰা হৈছে: 27 April 2020.
- ↑ TelanganaToday. "Actor Vijay Devarakonda donates Rs 25 lakh to CM's Relief Fund". Telangana Today. https://telanganatoday.com/actor-vijay-devarakonda-donates-rs-25-lakh-cms-relief-fund। আহৰণ কৰা হৈছে: 27 April 2020.
- ↑ HansIndia (16 February 2019). "Vijay Devarakonda's Donation for Martyrs' Families". www.thehansindia.com. https://www.thehansindia.com/posts/index/Cinema/2019-02-16/Vijay-Devarakondas-Donation-for-Martyrs-Families/496050। আহৰণ কৰা হৈছে: 27 April 2020.
- ↑ "Amid heavy rainfall and floods, Vijay Devarakonda donates 10 lakhs to Telangana CM relief fund". The Times of India. 21 October 2020. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/amid-heavy-rainfall-and-floods-vijay-devarakonda-donates-50-lakhs-to-telangana-cm-relief-fund/articleshow/78770335.cms। আহৰণ কৰা হৈছে: 21 October 2020.
- ↑ "Vijay Deverakonda helps over 17,000 families through his Middle-Class Fund" (en ভাষাত). National Herald. 4 June 2020. https://www.nationalheraldindia.com/entertainment/vijay-deverakonda-helps-over-17000-families-through-his-middle-class-fund। আহৰণ কৰা হৈছে: 1 July 2020.
- ↑ "Kickboxer Ganesh won gold medal with Deverakonda foundation financial support – idlebrain.com news". www.idlebrain.com. http://www.idlebrain.com/news/today/ganesh-goldmedal-deverakonda-support.html। আহৰণ কৰা হৈছে: 27 April 2020.
- ↑ "Vijay Deverakonda's foundation raises Rs 1.7 crore amid lockdown, shuts down operations from June 2" (en ভাষাত). Hindustan Times. 5 June 2020. https://www.hindustantimes.com/regional-movies/vijay-deverakonda-s-foundation-raises-rs-1-7-crore-amid-lockdown-shuts-down-operations-from-june-2/story-6iQviW4UUCirbNudhWHi4H.html। আহৰণ কৰা হৈছে: 1 July 2020.
- ↑ India-West, R. M. VIJAYAKAR/Special to. "Vijay Deverakonda's Foundation Helped Over 17,700 Working Class Families With Essentials" (en ভাষাত). India West. Archived from the original on 3 July 2020. https://web.archive.org/web/20200703201402/https://www.indiawest.com/entertainment/bollywood/vijay-deverakonda-s-foundation-helped-over-17-700-working-class-families-with-essentials/article_0ff152be-a81d-11ea-bdc5-273f4e2a2148.html। আহৰণ কৰা হৈছে: 1 July 2020.
- ↑ Network, Newsmeter (5 June 2020). "If Sood helped migrants return home, Deverakonda ensures people don't be hungry" (en-US ভাষাত). NewsMeter. https://newsmeter.in/the-deverakonda-foundation-ensures-people-dont-be-sleep-empty-stomach/। আহৰণ কৰা হৈছে: 1 July 2020.
- ↑ Govardhan, Maragani (26 December 2022). "Vijay Deverakonda Free Vacation: ఫ్యాన్స్కు విజయ్ బంపర్ ఆఫర్.. ఫ్రీగా హాలీడేకు పంపిస్తున్న రౌడీ హీరో" (te ভাষাত). Hindustan Times. https://telugu.hindustantimes.com/entertainment/vijay-deverakonda-offers-free-holiday-packages-for-fans-on-name-of-devera-santa-121672043371544.html.
- ↑ "Vijay Devarakonda Proudly Announces The Opening Of His First Theatre In Mahbubnagar". Pragativadi News. 21 September 2021. https://pragativadi.com/vijay-devarakonda-proudly-announces-the-opening-of-his-first-theatre-in-mahbubnagar/.
- ↑ "Vijay Devarakonda joins hands with Myntra for 'Rowdy Wear'". Telangana Today. 12 February 2020. https://telanganatoday.com/vijay-devarakonda-joins-hands-with-myntra-for-rowdy-wear.
- ↑ "Homegrown actor Vijay Deverakonda redefines 'Rowdy'". The Indian Express. 17 July 2018. https://www.newindianexpress.com/entertainment/telugu/2018/jul/17/homegrown-actor-vijay-deverakonda-redefines-rowdy-1844400.html। আহৰণ কৰা হৈছে: 4 August 2019.
- ↑ "Vijay Devarakonda likes to call it 'Rowdy'". First post. 5 October 2018. http://www.firstpost.com/entertainment/with-nota-vijay-devarakonda-is-all-set-to-conquer-tamil-audiences-what-makes-the-young-star-so-popular-5322251.html/amp। আহৰণ কৰা হৈছে: 4 August 2019.
- ↑ Focus, Filmy (24 August 2017). "Arjun Reddy speech, Is it a publicity drama? – Filmy Focus" (en-US ভাষাত). https://filmyfocus.com/arjun-reddy-speech-is-it-a-publicity-drama/। আহৰণ কৰা হৈছে: 2 May 2020.
- ↑ (en ভাষাত) Vijay Devarakonda Ultimate Speech | Arjun Reddy Audio Launch || Vijay Devarakonda || Shalini, https://www.youtube.com/watch?v=qBgg-oZKTik, আহৰণ কৰা হৈছে: 29 April 2020
- ↑ "Vijay's zany speech marks 'Arjun Reddy' pre-release event – Telugu News". IndiaGlitz.com. 21 August 2017. https://www.indiaglitz.com/vijay-zany-speech-marks-arjun-reddy-pre-release-event-telugu-news-193775। আহৰণ কৰা হৈছে: 29 April 2020.
- ↑ "I don't like to be modest, says Vijay Devarakonda". The New Indian Express. Archived from the original on 1 November 2019. https://web.archive.org/web/20191101183813/http://www.newindianexpress.com/entertainment/telugu/2017/aug/23/i-dont-like-to-be-modest-says-vijay-devarakonda-1646855.html। আহৰণ কৰা হৈছে: 29 April 2020.
- ↑ "2018 Celebrity 100". Forbes India. http://www.forbesindia.com/lists/2018-celebrity-100/1735/1। আহৰণ কৰা হৈছে: 5 December 2018.
- ↑ "Meet India's most desirable dudes" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/vicky-kaushal-is-the-times-most-desirable-man-of-2018/articleshow/69361561.cms.
- ↑ "Times 50 Most Desirable Men: Here are the stars who bagged the place in the coveted list" (en ভাষাত). www.timesnownews.com. 22 August 2020. https://www.timesnownews.com/the-buzz/article/times-50-most-desirable-men-here-are-the-stars-who-bagged-the-place-in-the-coveted-list/641041। আহৰণ কৰা হৈছে: 6 August 2021.
- ↑ "The Times Most Desirable Man of 2020: Sushant Singh Rajput – Philosopher, dreamer, charmer" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/the-times-most-desirable-man-of-2020-sushant-singh-rajput-philosopher-dreamer-charmer/articleshow/83239123.cms.
- ↑ "Vijay Deverakonda – Forbes India Magazine" (en ভাষাত). Forbes India. http://www.forbesindia.com/thirtyprofile2019/vijay-deverakonda/1755/21। আহৰণ কৰা হৈছে: 11 November 2019.
- ↑ "Vijay Deverakonda is the most-searched South Indian actor in 2019" (en ভাষাত). https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/vijay-deverakonda-is-the-most-searched-south-indian-actor-in-2019/articleshow/72490028.cms.
- ↑ "5 Telegu movies starring Vijay Deverakonda you can watch now on Prime Video, Zee5 and more" (en-IN ভাষাত). Vogue India. 25 March 2020. https://www.vogue.in/culture-and-living/content/telegu-movies-vijay-deverakonda-watch-on-prime-video-zee5-and-sunnxt.
- ↑ "Never thought I could dance: Vijay Deverakonda" (en ভাষাত). Deccan Chronicle. 26 August 2016. https://www.deccanchronicle.com/entertainment/tollywood/260816/never-thought-i-could-dance-vijay-deverakonda.html.
- ↑ "Complete Winners List of BGM 2018". 17 June 2018. https://www.behindwoods.com/tamil-movies-cinema-news-16/winners-list-of-behindwoods-gold-medal-awards-2018.html। আহৰণ কৰা হৈছে: 24 June 2018.
- ↑ Dundoo, Sangeetha Devi (9 March 2018). "'Ye Mantram Vesave' review: Backlog best forgotten" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/entertainment/movies/ye-mantram-vesave-backlog-best-forgotten/article23000492.ece.
- ↑ "Nag Ashwin on Mahanati: The film is very honest" (en ভাষাত). The Indian Express. 8 May 2018. https://indianexpress.com/article/entertainment/telugu/keerthy-suresh-nag-ashwin-mahanati-5168288/.
- ↑ Dundoo, Sangeetha Devi (15 August 2018). "'Geetha Govindam' review: The good guy takes over" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/geetha-govindam-review-this-vijay-deverakonda-film-is-an-antithesis-to-arjun-reddy/article24696712.ece.
- ↑ "NOTA trailer: Vijay Devarakonda's Tamil debut sees him as a reluctant politician fighting a corrupt system" (en ভাষাত). Firstpost. 6 September 2018. https://www.firstpost.com/entertainment/nota-trailer-vijay-devarakondas-tamil-debut-sees-him-as-a-reluctant-politician-fighting-a-corrupt-system-5129711.html। আহৰণ কৰা হৈছে: 26 December 2021.
- ↑ Pecheti, Prakash (29 June 2018). "Ee Nagaraniki Emaindi: Tharun Bhascker is back with yet another thorough entertainer". Telangana Today. https://telanganatoday.com/ee-nagaraniki-emaindi-tharun-bhascker-is-back-with-yet-another-thorough-entertainer.
- ↑ "Dear Comrade will not see Hindi version". New Indian Express. 13 July 2019. Archived from the original on 14 July 2019. https://web.archive.org/web/20190714154608/http://www.newindianexpress.com/entertainment/telugu/2019/jul/13/dear-comrade-will-not-see-hindi-version-2003232.html.
- ↑ "Vijay Deverakonda's debut production venture titled 'Meeku Maathrame Cheptha'". The News Minute. 29 August 2019. https://www.thenewsminute.com/article/vijay-deverakondas-debut-production-venture-titled-meeku-maathrame-cheptha-108058.
- ↑ "Vijay Devarakonda's World Famous Lover". Telugu 360 Indian. 17 September 2019. https://www.telugu360.com/vijay-devarakondas-world-famous-lover/.
- ↑ "Keerthy Suresh opens up about her cameo in Naveen Polishetty starrer Jathi Ratnalu". https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/keerthy-suresh-opens-up-about-her-cameo-in-naveen-polishetty-starrer-jathi-ratnalu/articleshow/81493283.cms.
- ↑ "Vijay Deverakonda attends pre-release event of Pushpaka Vimanam: 'Anand Deverakonda has delivered a terrific performance'". The Indian Express. 8 November 2021. https://indianexpress.com/article/entertainment/telugu/vijay-deverakonda-pre-release-event-anand-deverakonda-pushpaka-vimanam-7612227/.
- ↑ "Vijay Deverakonda And Team Of 'Kushi' Welcome Fighter' Samantha As She Resumes Shooting | See Pics" (en ভাষাত). English Jagran. 9 March 2023. https://english.jagran.com/entertainment/vijay-deverakonda-and-team-of-kushi-welcome-fighter-samantha-ruth-prabhu-as-she-resumes-shooting-see-pics-10068226। আহৰণ কৰা হৈছে: 10 March 2023.
- ↑ "VD 13 wraps 50 per cent of its shoot". Cinema Express. 27 September 2023. https://www.cinemaexpress.com/telugu/news/2023/sep/27/vd-13-wraps-50-percentof-its-shoot-48060.html.
- ↑ "Kalki 2898 AD Release and Review Live Updates: Prabhas confirms Dulquer Salmaan and Vijay Deverakonda's cameos in Nag Ashwin film". The Indian Express. 26 June 2024. https://indianexpress.com/article/entertainment/bollywood/kalki-2898-ad-release-review-live-updates-prabhas-deepika-padukone-amitabh-bachchan-kamal-haasan-box-office-9416091/.
- ↑ "Vijay Deverakonda begins shooting for 'VD 12'". The Times of India. ANI. 17 June 2023. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/vijay-deverakonda-begins-shooting-for-vd-12/articleshow/101060393.cms.
- ↑ Vasireddy, Amrutha (15 November 2017). "Nandi awards: Nandi Awards Winners List: AP government announces Nandi awards for 2014–2016" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/city/hyderabad/13-nandi-awards-for-baahubali/articleshow/61655551.cms.
- ↑ Hooli, Shekhar H. (1 January 2018). "Zee Telugu Golden Awards 2017 winners list and photos" (en ভাষাত). www.ibtimes.co.in. https://www.ibtimes.co.in/zee-telugu-golden-awards-2017-winners-list-photos-755196.
- ↑ "Winners of the 65th Jio Filmfare Awards (South) 2018". Filmfare. 16 June 2018. https://www.filmfare.com/features/winners-of-the-65th-jio-filmfare-awards-south-2018_-28887.html। আহৰণ কৰা হৈছে: 10 January 2021.
- ↑ Hooli, Shekhar H. (5 August 2018). "SIIMA Awards 2018 – Telugu, Kannada nomination list out: Date, place of 7th edition revealed" (en ভাষাত). IB Times. https://www.ibtimes.co.in/siima-awards-2018-telugu-kannada-nomination-list-out-date-place-7th-edition-revealed-777016.
- ↑ "SIIMA Awards 2019: Here's a complete list of nominees" (en ভাষাত). The Times of India. 19 July 2019. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/siima-awards-2019-heres-a-complete-list-of-nominees/articleshow/70287216.cms.
- ↑ Iyenger, Anusha (17 August 2019). "SIIMA Awards 2019 full winners list: Trisha Krishnan, Dhanush, Varalaxmi Sarathkumar take home trophies". Times Now. https://www.timesnownews.com/entertainment/south-gossip/article/siima-awards-2019-full-winners-list-vijay-deverakonda-keerthy-suresh-yash-win-big/470065.
- ↑ "Nominations for the 66th Filmfare Awards (South) 2019". Filmfare. 10 December 2019. https://www.filmfare.com/features/nominations-for-the-66th-filmfare-awards-south-2019_-37931.html। আহৰণ কৰা হৈছে: 10 January 2021.
- ↑ "SIIMA 2022: Check full list of winners". Deccan Herald. 19 September 2022. https://www.deccanherald.com/dh-galleries/photos/siima-2022-check-full-list-of-winners-1144404#1। আহৰণ কৰা হৈছে: 24 December 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Vijay Devarakonda সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিজয় দেৱৰকোণ্ডা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত বিজয় দেৱৰকোণ্ডা
- বিজয় দেৱৰকোণ্ডা সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য